ক১
বাইবেল অনুবাদৰ সিদ্ধান্ত
বাইবেল হিব্ৰু, অৰামী আৰু গ্ৰীক ভাষাত লিখা হৈছিল। আজি গোটেই বাইবেল বা ইয়াৰ কিছুমান কিতাপ ৩,০০০ তকৈ বেছি ভাষাত উপলব্ধ আছে। যিবোৰ ভাষাত বাইবেল লিখা হৈছিল, সেইবোৰ ভাষা বাইবেল পঢ়া বেছিভাগ লোকে বুজি নাপায়, সেইবাবে তেওঁলোকক অনুবাদ কৰা বাইবেলৰ প্ৰয়োজন হয়। কিন্তু প্ৰশ্ন হয় যে বাইবেলৰ অনুবাদ কি কি সিদ্ধান্তৰ অনুসৰি কৰা উচিত আৰু পবিত্ৰ বাইবেল নতুন জগত অনুবাদ কেনেকৈ সেই সিদ্ধান্তবোৰ মনত ৰাখি প্ৰস্তুত কৰা হৈছে?
কিছুমান লোকে হয়তো ভাবে যে যদি বাইবেলৰ প্ৰতিটো পদৰ অনুবাদ আক্ষৰিকভাৱে কৰা হয়, তেনেহʼলে পঢ়োঁতাসকলে সেই কথাই জানিব পাৰিব, যি মূল ভাষাবোৰত লিখা হৈছিল। কিন্তু আচলতে এইদৰে কৰিলে বেছিভাগ পদৰ সঠিক অৰ্থ ওলাই নপৰিব। ইয়াৰ কিছুমান কাৰণলৈ মন কৰক:
প্ৰতিটো ভাষাৰ নিজৰ ব্যাকৰণ আৰু শব্দসম্ভাৰ থাকে আৰু নিজস্ব বাক্য গঠন থাকে আৰু এয়া আন ভাষাতকৈ একেবাৰে বেলেগ হয়। হিব্ৰু ভাষাৰ প্ৰফেচাৰ এচ. আৰ. ড্ৰাইভাৰে লিখিছে যে “এটা ভাষাৰ ব্যাকৰণ আৰু সেই ভাষাৰ মূল উৎস আন ভাষাতকৈ কেৱল বেলেগ থাকে এনে নহয়, ইয়াৰ পৰিৱৰ্তে . . . চিন্তাধাৰাক বাক্যলৈ পৰিৱৰ্তন কৰাৰ উপায়ো বেলেগ থাকে।” প্ৰতিটো ভাষাত চিন্তা কৰাৰ এক নিজস্ব উপায় থাকে। প্ৰফেচাৰ ড্ৰাইভাৰে এয়াও কৈছে, “সেইবাবে সকলো ভাষাত বাক্য গঠন একেধৰণৰ নহয়।”
বাইবেল লিখিবলৈ ব্যৱহাৰ কৰা হিব্ৰু, অৰামী আৰু গ্ৰীক ভাষাৰ লগত বৰ্তমান সময়ৰ কোনো ভাষাৰ শব্দ আৰু ব্যাকৰণ হুবহু মিল নাখায়। সেইবাবে, বাইবেলৰ প্ৰতিটো পদ আক্ষৰিকভাৱে অনুবাদ কৰিলে, সেই অনুবাদ বুজি পোৱা নাযাব আৰু কেতিয়াবা কেতিয়াবা হয়তো তাৰ ভুল অৰ্থ ওলাব পাৰে।
এটা শব্দৰ বহুতো অৰ্থ হʼব পাৰে আৰু এটা বাক্যত সেই শব্দৰ যি অৰ্থ হয়, বেলেগ বাক্যত সেই শব্দৰেই একেবাৰে বেলেগ অৰ্থ হʼব পাৰে।
কিছুমান পদত হিব্ৰু বা গ্ৰীক ভাষাৰ আক্ষৰিকভাৱে অনুবাদ কৰিব পাৰে, কিন্তু এনে কৰাৰ সময়ত অনুবাদকসকলে বহুত সাৱধান হোৱা উচিত।
তলত কিছুমান উদাহৰণ দিয়া হৈছে, যিয়ে দেখুৱায় যে যদি আক্ষৰিকভাৱে অনুবাদ কৰা হয়, তেনেহʼলে কেনেকৈ ভুল অৰ্থ ওলাব পাৰে:
বাইবেলৰ মূল ভাষাবোৰত “শুৱা” আৰু “শুই যোৱা” শব্দৰ অৰ্থ সঁচাকৈ টোপনি যোৱা বা মৃত্যুৰ টোপনি যোৱাও হʼব পাৰে। (মথি ২৮:১৩; পাঁচনিৰ কৰ্ম্ম ৭:৬০) যিবোৰ পদত ‘টোপনিৰ’ অৰ্থ মৃত্যু হয়, তাত বাইবেলৰ অনুবাদকসকলে ‘মৃত্যুৰ টোপনি গʼল’ বুলি লিখিব পাৰে। এইদৰে কৰিলে বৰ্তমান সময়ৰ লোকসকলে এনে পদবোৰ পঢ়ি ভুল অৰ্থ নুবুজিব।—১ কৰিন্থীয়া ৭:৩৯; ১ থিচলনীকীয়া ৪:১৩; ২ পিতৰ ৩:৪.
ইফিচীয়া ৪:১৪ পদত পাঁচনি পৌলে এটা বাক্যাংশ ব্যৱহাৰ কৰিছে, যাৰ আক্ষৰিক অনুবাদ হৈছে, “মানুহবিলাকৰ পাশাখেলত।” আচলতে এয়া এক প্ৰাচীন জতুৱা ঠাঁচ হয়, যাৰ অৰ্থ হৈছে পাশাখেলত আনক বিশ্বাসঘাত কৰা। বেছিভাগ ভাষাত যদি এই জতুৱা ঠাঁচৰ এটা এটা শব্দ অনুবাদ কৰা হয়, তেনেহʼলে ইয়াৰ কোনো অৰ্থ নোলাব। কিন্তু যদি এইদৰে কোৱা হয় ‘মানুহে তেওঁলোকক ফুচুলায়,’ তেনেহʼলে তাৰ অৰ্থ স্পষ্টকৈ বুজিব পাৰি।
ৰোমীয়া ১২:১১ পদত এটা গ্ৰীক বাক্যাংশ ব্যৱহাৰ কৰা হৈছে, যাৰ আক্ষৰিক অৰ্থ হৈছে “পবিত্ৰ শক্তি উতলা।” অসমীয়া ভাষাত এই বাক্যাংশৰ সঠিক অৰ্থ ওলাই নপৰে। সেইবাবে, এই বাইবেলত ইয়াৰ অনুবাদ “পবিত্ৰ শক্তিৰে পৰিপূৰ্ণ হৈ উৎসাহী হোৱা” বুলি কৰা হৈছে।
আক্ষৰিকভাৱে অনুবাদ: “আত্মাত দৰিদ্ৰবিলাক”
সঠিক অনুবাদ: “যিসকলে জানে যে তেওঁলোকক ঈশ্বৰৰ নিৰ্দেশনাৰ প্ৰয়োজন আছে”
বিখ্যাত পাহাৰীয়া উপদেশত যীচুৱে কোৱা কিছুমান কথাৰ অনুবাদ প্ৰায়েই এইদৰে কৰা হয়: “আত্মাত দৰিদ্ৰবিলাক ধন্য।” (মথি ৫:৩, অসমীয়া—O.V.) কিন্তু বেছিভাগ ভাষাত এইদৰে আক্ষৰিকভাৱে অনুবাদ কৰিলে মূল ভাষাৰ সঠিক অৰ্থ ওলাই নপৰে আৰু কিছুমান ভাষাত আত্মাত দৰিদ্ৰবিলাকে মানসিক সন্তুলন হেৰুৱা অথবা দুৰ্বল আৰু কোনো বিষয়ত স্থিৰে থাকিব নোৱাৰা মানুহক বুজাব পাৰে। যীচুৱে ইয়াত কি শিকাব বিচাৰিছিল? আনন্দত থাকিবলৈ তেওঁলোকৰ এই কথাৰ অনুভৱ হʼব লাগিব যে তেওঁলোকক ঈশ্বৰৰ নিৰ্দেশনাৰ প্ৰয়োজন আছে, কেৱল খোৱা-বোৱাৰ প্ৰয়োজনীয়তা পূৰ কৰিলে আনন্দ পোৱা নাযায়। (লূক ৬:২০) সেইবাবে, কিছুমান বাইবেলত ইয়াৰ অনুবাদ এইদৰে কৰা হৈছে: “যিসকলে জানে যে তেওঁলোকক ঈশ্বৰৰ নিৰ্দেশনাৰ প্ৰয়োজন আছে” বা “যিসকলে জানে যে তেওঁলোকক ঈশ্বৰৰ প্ৰয়োজন আছে।” এইদৰে অনুবাদ কৰিলে ইয়ে মূল ভাষাৰ সঠিক অৰ্থ দিয়ে।—মথি ৫:৩; দ্য নিউ টেষ্টামেণ্ট ইন মডাৰ্ণ ইংলিছ।
বহুতো পদত এটা গ্ৰীক শব্দৰ অনুবাদ “ঈৰ্ষা” কৰা হৈছে অৰ্থাৎ কোনো সমন্ধীয় লোকে বিশ্বাসঘাত কৰিলে খং উঠা বা আনৰ বস্তু দেখি তেওঁলৈ ঈৰ্ষা কৰা। (পাঁচনিৰ কৰ্ম্ম ৫:১৭; ৰোমীয়া ১৩:১৩) কিন্তু আন পদবোৰত সেই গ্ৰীক শব্দৰ ব্যৱহাৰ এটা ভাল গুণৰ কাৰণে কৰা হৈছে। যেনে, যীচু আৰু আন বিশ্বাসী সেৱকসকলে ঈশ্বৰ আৰু তেওঁৰ উপাসনাৰ প্ৰতি দেখুৱা “উৎসাহৰ” বাবেও ব্যৱহাৰ কৰা হৈছে।—যোহন ২:১৭; ২ কৰিন্থীয়া ৯:২.
মথি ৬:১৭ পদত যি গ্ৰীক শব্দৰ অনুবাদ “মুখ” কৰা হৈছে, তাৰ বহুতো অৰ্থ আছে: “চাই,” “গোটেই,” “ওচৰত আহিবলৈ” আৰু আন বহুতো উপায়েৰে ইয়াক ব্যৱহাৰ কৰা হৈছে।—মথি ১৬:৩; পাঁচনিৰ কৰ্ম্ম ১৭:২৬; ১ থিচলনীকীয়া ২:১৭.
এই কথাবোৰ মনত ৰাখি আমি বুজি পাওঁ যে বাইবেল অনুবাদ কৰাৰ সময়ত মূল ভাষাৰ কোনো এটা শব্দৰ কাৰণে প্ৰতিবাৰে এটাই শব্দ ব্যৱহাৰ কৰা সঠিক নহʼব। এজন অনুবাদকে ভাবি-চিন্তি নিৰ্ণয় লʼব লাগিব যে মূল পাঠত যি লিখা আছে, তাৰ সঠিক অনুবাদ কৰিবলৈ তেওঁ নিজৰ ভাষাত কোনটো শব্দ ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ উপৰিও, বাক্যৰ গঠনো তেওঁৰ ভাষাৰ ব্যাকৰণৰ নিয়মৰ অনুসৰি হোৱা উচিত যাতে অনুবাদ কৰা বাক্যটো পঢ়িবলৈ সহজ হয়।
কিন্তু লগতে পদত যি লিখা আছে, তাক বেলেগ শব্দত কোৱাৰ সময়ত নিজৰ ইচ্ছাৰে সাল-সলনি কৰা উচিত নহয়। যিজন অনুবাদকে মূল পাঠক নিজৰ ইচ্ছাৰে অনুবাদ কৰে, তেওঁ তাৰ ভুল অনুবাদ কৰিব পাৰে। কেনেকৈ বাৰু? তেওঁ হয়তো মূল পাঠৰ প্ৰকৃত অৰ্থত নিজৰ চিন্তাধাৰা মিলাব বা মূল পাঠৰ কিছুমান প্ৰয়োজনীয় তথ্য উলিয়াই দিব। সেইবাবে, যি বাইবেলৰ মূল পাঠক নিজৰ শব্দৰে বুজোৱা হয় বা নিজ ইচ্ছাৰে অনুবাদ কৰা হয়, সেয়া যদিও পঢ়িবলৈ সহজ হয়, কিন্তু সেয়া পঢ়িলে এজন ব্যক্তিয়ে সেই বাৰ্তা নাপাব যি মূল পাঠত দিয়া হৈছে।
এজন অনুবাদকে যিবোৰ ধাৰ্মিক শিক্ষা দৃঢ়তাৰে পালন কৰে, সেইবোৰ শিক্ষাও তেওঁৰ অনুবাদৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। উদাহৰণস্বৰূপে, মথি ৭:১৩ পদত কৈছে, “যি দুৱাৰে আৰু যি বাটে সৰ্বনাশলৈ নিয়ে, সেই দুৱাৰ বহল।” কিছুমান অনুবাদকে তেওঁলোকৰ ধৰ্মীয় দৃষ্টিভংগীৰ বাবে ইয়াক “সৰ্বনাশৰ” ঠাইত “নৰক” শব্দ ব্যৱহাৰ কৰিছিল। আনহাতে, গ্ৰীক ভাষাত যি শব্দ ব্যৱহাৰ হৈছে, তাৰ সঠিক অৰ্থ হৈছে “সৰ্বনাশ।”
বাইবেলৰ অনুবাদকসকলে এই কথাৰ ওপৰতো ধ্যান দিয়া উচিত যে বাইবেলখন সাধাৰণ লোকসকলৰ ভাষাত লিখা হৈছিল। যেনে, খেতিয়ক, ৰখীয়া আৰু মাছমৰীয়া। (নহিমিয়া ৮:৮, ১২; পাঁচনিৰ কৰ্ম্ম ৪:১৩) সেইবাবে, বাইবেলৰ ভাল অনুবাদ সেয়াই হয়, যি পঢ়িলে নম্ৰ লোকসকলে বাইবেলৰ বাৰ্তা সহজে বুজি পায়, লাগিলে তেওঁলোকে যিয়েই পৰিৱেশত ডাঙৰ-দীঘল নহওক কিয়। সাধাৰণ লোকসকলে প্ৰায়েই ব্যৱহাৰ নকৰা শব্দবোৰ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে এনে শব্দ ব্যৱহাৰ কৰা ভাল হʼব, যি বেছিকৈ ব্যৱহাৰ কৰা হয় আৰু সহজে বুজি পোৱা যায়।
বাইবেলৰ বহুতো অনুবাদকে নিজৰ অনুবাদৰ পৰা ঈশ্বৰৰ নাম ‘যিহোৱা’ উলিয়াই দিছে। সেইবাবে, বৰ্তমান সময়ৰ অনুবাদত এই নাম পোৱা নাযায়। কিন্তু বাইবেলৰ প্ৰাচীন হস্তলিপিবোৰত এই নাম দিয়া হৈছে। কিছুমান অনুবাদত এই নামৰ ঠাইত “প্ৰভু”ৰ দৰে উপাধিবোৰ লিখা হৈছে আৰু কিছুমান অনুবাদত এই সত্যতাক লুকুৱাই দিয়া হৈছে যে ঈশ্বৰৰ এটা নামো আছে। উদাহৰণস্বৰূপে, যোহন ১৭:২৬ পদত যীচুৰ যি প্ৰাৰ্থনা উল্লেখ আছে, ইয়াৰ অনুবাদ কিছুমান বাইবেলত এইদৰে কৰা হৈছে, “মই তোমাৰ বিষয়ে তেওঁলোকক জনালোঁ।” আৰু যোহন ১৭:৬ পদত লিখা আছে, “যিসকলক মোক দিলা, সেইসকলৰ আগত মই তোমাক প্ৰকাশ কৰিলোঁ।” কিন্তু যীচুৰ প্ৰাৰ্থনাৰ সঠিক অনুবাদ হৈছে, “মই তোমাৰ নাম তেওঁলোকক জনালোঁ” আৰু “তুমি এই জগতৰ মাজৰ পৰা যিসকলক মোক দিলা, সেই সকলৰ আগত মই তোমাৰ নাম প্ৰকাশ কৰিলোঁ।”
নতুন জগত অনুবাদৰ প্ৰথম ইংৰাজী সংস্কৰণৰ পৰিচয়ত এয়া লিখা আছিল, “আমি শাস্ত্ৰৰ অনুবাদ নিজৰ শব্দত কৰা নাই। এই গোটেই অনুবাদত আমাৰ এয়েই চেষ্টা আছিল যে আমি যিমান পাৰোঁ, সিমান আক্ষৰিকভাৱে আমি অনুবাদ কৰোঁ আৰু মূল ভাষাৰ যিবোৰ জতুৱা ঠাঁচৰ অনুবাদ বৰ্তমান সময়ৰ ইংৰাজীৰ জতুৱা ঠাঁচৰ লগত মিল খায় আৰু আমি যি কʼবলৈ চেষ্টা কৰি আছোঁ, সেয়া অস্পষ্ট কৰি নুতোলে, সেইবোৰ ব্যৱহাৰ কৰা হৈছে।” সেইবাবে, ‘নতুন জগত বাইবেল অনুবাদ সমিতিয়ে’ যিমান পাৰে সিমান এই অনুবাদত এনে শব্দ বা শব্দসমূহ ব্যৱহাৰ কৰিছে, যি মূল হিব্ৰু আৰু গ্ৰীক পাঠৰ প্ৰণালীৰ লগত মিল আছে। লগতে তেওঁলোকে এয়াও ধ্যান দিলে যে এনে প্ৰণালী ব্যৱহাৰ কৰি পদবোৰ পঢ়ি আখজা যেন নালাগে বা যিবোৰ শব্দৰ সঠিক অৰ্থ ওলাই নাহে, তাত সেয়া ব্যৱহাৰ নকৰিলে। সেইবাবে, এই বাইবেল সহজে পঢ়িব পাৰি আৰু পঢ়োঁতাজনে সম্পূৰ্ণ বিশ্বাস ৰাখিব পাৰে যে ঈশ্বৰে নিজৰ প্ৰেৰণাৰে যি বাৰ্তা লিখাইছিল, সেয়া এই বাইবেলত সঠিক অনুবাদ কৰা হৈছে।—১ থিচলনীকীয়া ২:১৩.