বস্তু-বাহানিৰ বাঢ়ি যোৱা দাম কেনেকৈ সন্মুখীন হʼম
ভাবি-চিন্তি খৰচ কৰক
যেতিয়া বস্তু-বাহানিৰ দাম বাঢ়ে, তেতিয়া আমি চিন্তিত হওঁ আৰু বুজি নাপাওঁ যে কি কৰিম। কিন্তু তেতিয়াও আপুনি কিছুমান পদক্ষেপ লৈ নিজৰ পৰিস্থিতি ভাল কৰিব পাৰে।
এইদৰে কৰাটো কিয় প্ৰয়োজন
যদি আপুনি ভাবি-চিন্তি খৰচ নকৰে, তেনেহʼলে আপোনাৰ টকা-পইচাৰ সমস্যা বাঢ়ি যাব পাৰে। লগতে আপুনি বেছিকৈ চিন্তিত হʼব পাৰে। আপোনাৰ ওচৰত কম টকা-পইচা থাকিলেও এয়া ভালদৰে ব্যৱহাৰ কৰিবলৈ আপুনি বহুত কিছু কৰিব পাৰে।
আপুনি এয়া কেনেকৈ কৰিব পাৰে
আঁঠুৱা চাই ঠেং মেলা। আপোনাৰ যিমান উপাৰ্জন আছে, সেই অনুসৰি যদি আপুনি টকা খৰচ কৰে, তেনেহʼলে আপোনাৰ চিন্তা কম হʼব। আপোনাৰ হাতত কিছু টকা বাচিব, যি আগলৈ প্ৰয়োজনৰ সময়ত আপুনি খৰচ কৰিব পাৰে।
আপুনি যিমান উপাৰ্জন কৰে, সেই অনুসৰি চিন্তা কৰক যে আপুনি কিমান টকা কʼত খৰচ কৰিব। এয়া নিশ্চিত কৰক যে সঁচাকৈ প্ৰয়োজন হোৱা বস্তুবোৰতে আপুনি খৰচ কৰিব। যেতিয়া বস্তু-বাহানিৰ দাম কম-বেছি হয় বা আপোনাৰ উপাৰ্জনত কিবা সাল-সলনি হয়, তেনেহʼলে খৰচ পাতিটো সাল-সলনি কৰক। যদি আপুনি বিবাহিত, তেনেহʼলে কোনো এটা নিৰ্ণয় লোৱাৰ আগতে নিজৰ সংগীৰ লগত কথা পাতক।
এইদৰে কৰি চাওক: ধাৰত বা EMI-ত (ই এম আই) বস্তু-বাহানি কিনাৰ পৰিৱৰ্তে, সেই সময়তে নগদ পইচা দি কিনক। কিছুমান লোকে এইদৰে কৰাৰ বাবে নিজৰ উপাৰ্জন অনুসৰি খৰচ কৰিব পাৰিছে। আনকি বেছিকৈ খৰচ কৰাৰ পৰা আঁতৰি থাকিব পাৰিছে। ইয়াৰ উপৰিও মাজে সময়ে নিজৰ বেংক ষ্টেটমেণ্ট চাওক। আপোনাৰ ওচৰত কিমান টকা আছে, সেয়া জানিলে আপুনি কিমান খৰচ কৰিব পাৰে সেয়া জানিব পাৰিব। খৰচ কম কৰাটো কঠিন হʼব পাৰে, কিন্তু ভাল পৰিকল্পনা কৰিলে আপুনি এইদৰে কৰিব পাৰিব আৰু টকা-পইচাৰ প্ৰতি আপোনাৰ চিন্তাও কম হʼব।
খৰচ কম কৰাটো আপোনাক হয়তো কঠিন লাগিব পাৰে। কিন্তু আপুনি যদি ভাবি-চিন্তি খৰচ কৰে আৰু ভালদৰে হিচাপ ৰাখে, তেনেহʼলে আপুনি বহুত সহায় লাভ কৰিব। এইদৰে টকা-পইচাকলৈ আপুনি বেছি চিন্তিত নহʼব।
নিজৰ চাকৰি সুৰক্ষিত কৰি ৰাখক। ইয়াৰ বাবে আপুনি কিছুমান পদক্ষেপ লʼব পাৰে। যেনে: সময়মতে কাম আৰম্ভ কৰক, কামৰ প্ৰতি সঠিক দৃষ্টিভংগী ৰাখক, কঠোৰ পৰিশ্ৰম কৰক, আনক আগবাঢ়ি সহায় কৰক, সকলোৰে সন্মান কৰক, কামৰ ঠাইৰ নিয়ম মানি চলক আৰু নিজৰ দক্ষতা বঢ়াবলৈ চেষ্টা কৰক।
টকা-পইচা বৰ্বাদ নকৰিব। নিজকে সোধক, ‘মই মোৰ টকা-পইচা প্ৰায়ে অদৰকাৰী বস্তুবোৰত বা বেয়া অভ্যাসবোৰত খৰচ কৰোঁ নে?’ বহুতো লোকে নিজৰ টকা-পইচা ড্ৰাগ্চ লʼবলৈ, জুৱা খেলিবলৈ, চিগাৰেট বা বেছিকৈ মদ খাবলৈ খৰচ কৰে। এই বেয়া অভ্যাসবোৰৰ বাবে তেওঁলোকৰ স্বাস্থ্য বেয়া হয়, লগতে নিজৰ চাকৰি হেৰুৱাই।
প্ৰয়োজনৰ সময়ৰ বাবে কিছু টকা সাঁচি ৰাখক। যদি সম্ভৱ হয়, তেনেহʼলে কিছু টকা সাঁচি ৰাখক যাতে হঠাতে যদি কিবা খৰচ ওলাই বা সমস্যা হয়, তেনেহʼলে এই টকা আপুনি ব্যৱহাৰ কৰিব পাৰে। যেনে, আপোনাৰ বা আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ বেমাৰ হʼব পাৰে, আপুনি নিজৰ চাকৰি হেৰুৱাব পাৰে বা আন কিবা ডাঙৰ সমস্যা হʼব পাৰে। সেইবাবে আপুনি যদি কিছু টকা সাঁচি থৈছে, তেনেহʼলে আপুনি চিন্তিত নহʼব।