ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • g25 নং ১ পৃষ্ঠা ১২-১৩
  • উদাৰশীল হওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • উদাৰশীল হওক
  • সচেতন থাকক!—২০২৫
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • এইদৰে কৰাটো কিয় প্ৰয়োজন
  • আপুনি এয়া কেনেকৈ কৰিব পাৰে
  • সকলোৰে লগত কেনেকৈ ভাল সম্পৰ্ক বজাই ৰাখিব পাৰি?
    সচেতন থাকক!—২০২১
  • সূচীপত্ৰ
    সচেতন থাকক!—২০২৫
  • আনক দিলে বহুত আনন্দ পোৱা যায়
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
সচেতন থাকক!—২০২৫
g25 নং ১ পৃষ্ঠা ১২-১৩
এটা পৰিয়ালে নিজৰ সৰু ঘৰৰ বাহিৰত টেবুলৰ ওচৰত বহি আছে। তেওঁলোকে এজন ব্যক্তিক আলহী মাতিছে, তেওঁলোকে একেলগে আনন্দেৰে আহাৰ খাই আছে।

বস্তু-বাহানিৰ বাঢ়ি যোৱা দাম কেনেকৈ সন্মুখীন হʼম

উদাৰশীল হওক

আমি হয়তো ভাবিব পাৰোঁ যে বস্তু-বাহানিৰ দাম বাঢ়ি থকাৰ সময়ত উদাৰশীল হʼব নোৱাৰোঁ। কিন্তু আপুনি যদি আনক আনন্দেৰে দিয়ে, তেনেহʼলে ইয়াৰ সন্মুখীন হʼব পাৰিব। হয়! আপুনি দুয়োটা কাম কৰিব পাৰে, টকা-পইচাও বচাব পাৰে আৰু উদাৰশীলো হʼব পাৰে।

এইদৰে কৰাটো কিয় প্ৰয়োজন

যেতিয়া আনক সৰু-সুৰা কথাত উদাৰতা দেখুৱাও, তেতিয়া আমি আনন্দ লাভ কৰোঁ আৰু ভাল অনুভৱ কৰোঁ। কিছুমান ডাক্তৰে কয় যে আনক দিয়াটো আমাৰ স্বাস্থ্যৰ বাবে ভাল। আমাৰ চিন্তা আৰু নিৰাশা, ব্লাড প্ৰেচাৰ আৰু আমাৰ গাৰ বিষ কম হয়। লগতে টোপনিও ভাল হয়।

“লোৱাতকৈ দিয়াত বেছি আনন্দ পোৱা যায়।”—পাঁচনিৰ কৰ্ম্ম ২০:৩৫.

যদি আমি আনক টকা-পইচা বা আন উপায়েৰে সহায় কৰোঁ, তেনেহʼলে সহায়ৰ প্ৰয়োজন হোৱাৰ সময়ত আমি সহায় লʼবলৈ সংকোচ নকৰিম। ইংলেণ্ডত থকা হাওৱাৰ্ডে কৈছে, “মই আৰু মোৰ পত্নীয়ে আনক উদাৰতা দেখুৱাবলৈ আৰু তেওঁলোকক সহায় কৰিবলৈ বেলেগ বেলেগ উপায় বিচাৰোঁ। সেইবাবে যেতিয়া আমাক সহায়ৰ প্ৰয়োজন হয়, তেতিয়া আমি সংকোচ নকৰাকৈ তেওঁলোকৰ পৰা সহায় লʼব পাৰোঁ।” কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে উদাৰশীল লোকসকলে কিবা পোৱাৰ উদ্দেশ্যেৰে আনক দিয়ে। যেতিয়া তেওঁলোকে আনক সহায় কৰে, তেতিয়া তেওঁলোকে প্ৰকৃত বন্ধু লাভ কৰে। এনে বন্ধু যিসকলে প্ৰয়োজনৰ সময়ত তেওঁলোকক সহায় কৰিবলৈ আগ বাঢ়ি আহে।

“আনক দি থাকা আৰু লোকসকলে তোমালোককো দিব।”—লূক ৬:৩৮.

আপুনি এয়া কেনেকৈ কৰিব পাৰে

আপোনাৰ ওচৰত যি আছে, সেয়া আনকো দিয়ক। আপোনাৰ ওচৰত বেছি একো নাথাকিলেও, তাৰে পৰা আনক কিবা দিব পাৰে। যেনে, বেছি একো নহয় কিবা খাবলৈ আনক মাতিব পাৰে। আফ্ৰিকাৰ উগাণ্ডাত থকা ডংকণ আৰু তেওঁৰ পৰিয়াল দুখীয়া হয়। তথাপিও তেওঁলোক উদাৰশীল। ডংকণে কৈছে, “প্ৰতি দেওবাৰে মই আৰু মোৰ পত্নীয়ে কাৰোবাক নহয় কাৰোবাক কিবা খাবলৈ মাতো। আনৰ লগত সময় অতিবাহিত কৰি আমাক বহুত ভাল লাগে।”

কিন্তু মনত ৰাখিব যে আপুনি আনক ইমানো দিয়া উচিত নহয় যে আপোনাৰ পৰিয়ালৰ বাবে প্ৰয়োজনীয় বস্তু কম হৈ যায়।—ইয়োব ১৭:৫.

এইদৰে কৰি চাওক: আপুনি কাৰোবাক চাহ বা আন কিবা খাবলৈ মাতিব পাৰে। যদি আপোনাৰ ওচৰত এনে কিবা বস্তু আছে, যি আপোনাৰ প্ৰয়োজন নাই, তেনেহʼলে সেয়া নিজৰ বন্ধু বা চুবুৰীয়াক দিয়ক যাতে সেয়া তেওঁলোকৰ কামত আহে।


আন উপায়েৰে সহায় কৰক। আপোনাৰ ওচৰত টকা-পইচা নাথাকিলেও, আপুনি ভাল উপহাৰ দিব পাৰে। যেনে, আপোনাৰ সময় আৰু প্ৰেম। আমি আনক সহায় কৰিবলৈ সময় উলিয়াব পাৰোঁ আৰু তেওঁলোকৰ যত্ন লওঁ বুলি দেখুৱাব পাৰোঁ। মৰমেৰে কোৱা দুয়াষাৰ কথাও এটা উপহাৰ হয়। সেইবাবে সংকোচ নকৰাকৈ আনক জনাওক যে আপুনি তেওঁক কিমান প্ৰেম কৰে আৰু তেওঁৰ প্ৰতি কৃতজ্ঞ।

এইদৰে কৰি চাওক: ঘৰৰ কিছুমান কাম বা মেৰামতি কৰিবলৈ অথবা কিবা কিনিবলৈ আনক সহায় কৰক। আপোনাৰ কোনো বন্ধুক মেচেজ বা কাৰ্ড লিখি তেওঁৰ খা-খবৰ লওক।

যেতিয়া আপুনি আনন্দ মনেৰে আনক দিয়ে, তেতিয়া আপোনাৰ লোকচান নহʼব। কিন্তু আপোনাৰ আনন্দ বাঢ়ি যাব।

“আনৰ কাৰণে ভাল কাম কৰা আৰু তোমালোকৰ ওচৰত যি আছে, সেয়া আনক ভগাবলৈ নাপাহৰিবা।”—ইব্ৰী ১৩:১৬.

এহাল দম্পতীয়ে এগৰাকী বৃদ্ধ ভনীৰ ঘৰৰ চোতালত সৰি থকা শুকান পাত গোটাই আছে। বৃদ্ধ ভনীগৰাকীয়ে তেওঁলোকক চাহ-কফি দিছে।
ট্ৰে।

“মই আৰু মোৰ পত্নী এখন সৰু ফ্লেটত থাকোঁ, তথাপিও আমাৰ বন্ধুসকলক খাবলৈ মাতি বহুত ভাল লাগে। তেওঁলোকক সহায় কৰি আমি বহুত আনন্দ লাভ কৰোঁ। কেতিয়াবা আমি নিজৰ টকা-পইচা দি, কিন্তু প্ৰায়ে আমি নিজৰ সময় দি তেওঁলোকক সহায় কৰোঁ। আমি বহুবাৰ অনুভৱ কৰিছোঁ যে লোৱাতকৈ বেছি দিয়াত আনন্দ পোৱা যায়।”—ট্ৰে, ইজৰাইল।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক