কাহিনী ৯
নোহৰ জাহাজ
নোহৰ পৰিয়ালত তেওঁৰ পত্নী আৰু তিনিজন লʼৰা আছিল। তেওঁৰ লʼৰাকেইজনৰ নাম হৈছে চেম, হাম আৰু যেফৎ। বোৱাৰীকেইজনীৰ সৈতে নোহৰ পৰিয়ালত মুঠতে আঠজন সদস্য আছিল।
নোহক ঈশ্বৰে এক আচৰিত কাম কৰিবলৈ আজ্ঞা দিলে। তেওঁ নোহক এখন জাহাজ বনাবলৈ কʼলে। এই জাহাজখন অতি বিশাল আৰু এটা বাকচৰ দৰে আছিল। জাহাজখন ‘তিন তলাকৈ’ আৰু ‘তাৰ ভিতৰত কোঠালি’ বনাবলৈ ঈশ্বৰে আজ্ঞা কৰিলে। নোহ, তেওঁৰ পৰিয়াল, জীৱ-জন্তু আৰু খোৱা বস্তু ৰাখিবলৈ এই কোঠালিবোৰ বনোৱা হৈছিল।
জাহাজখনৰ ভিতৰত যাতে পানী নোসোমায়, তাৰ বাবে ঈশ্বৰে নোহক জাহাজখনৰ চাৰিওফালে আলকতৰা লগাবলৈ কʼলে। ঈশ্বৰে কৈছিল: ‘এক জল-প্লাৱনৰ যোগেদি মই গোটেই পৃথিৱীক ধ্বংস কৰিম। জাহাজৰ ভিতৰত নথকা লোকসকলৰ মৃত্যু হʼব।’
ঈশ্বৰৰ আজ্ঞা পালন কৰি, নোহ আৰু তেওঁৰ লʼৰাকেইজনে জাহাজ বনোৱা কামত ব্যস্ত হৈ পৰিল। ইয়াকে দেখি আন লোকসকলে তেওঁলোকক হাঁহি-ঠাট্টা কৰিবলৈ ধৰিলে। এই লোকসকলে নিজৰ বেয়া কামবোৰৰপৰা আঁতৰি নাথাকিল আৰু তেওঁলোকে নোহৰ বাক্যলৈয়ো কাণ নিদিলে।
জাহাজখন ডাঙৰ হোৱাৰ বাবে ইয়াক বনাবলৈ বহুবছৰ লাগিছিল। ইয়াৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত, জাহাজৰ ভিতৰত জীৱ-জন্তুবোৰ আনিবলৈ যিহোৱাই নোহক আজ্ঞা দিলে। কিছুমান জীৱ-জন্তু এযোৰ এযোৰকৈ, কিছুমান জীৱ-জন্তু সাতোটাকৈ আৰু বিভিন্ন জাতৰ চৰাই-চিৰিকটিবোৰ জাহাজৰ ভিতৰত আনিবলৈ কʼলে। ঈশ্বৰৰ আজ্ঞা অনুসৰি নোহে সকলো কাম কৰিলে।
নোহ আৰু তেওঁৰ পৰিয়ালৰ লোকসকলে জাহাজৰ ভিতৰত সোমোৱাৰ পাছত, ঈশ্বৰে জাহাজৰ দুৱাৰখন বন্ধ কৰিলে। জাহাজৰ ভিতৰত নোহ আৰু তেওঁৰ পৰিয়ালৰ লোকসকলে জল-প্লাৱনৰ বাবে অপেক্ষা কৰি থাকিল। কল্পনা কৰাচোন, তুমিও তেওঁলোকৰ লগত অপেক্ষা কৰি আছা। ঈশ্বৰে কোৱাৰ দৰে সঁচাকৈ জল-প্লাৱন হʼবনে?
আদিপুস্তক ৬:৯-২২; ৭:১-৯.