কাহিনী ৬০
অবীগল আৰু দায়ূদ
দায়ূদক দেখা কৰিবলৈ অহা এই তিৰোতাগৰাকী কোন হয় তুমি জানানে? তাইৰ নাম হৈছে অবীগল। তাই এগৰাকী বুদ্ধিমতী তিৰোতা আৰু তাই দায়ূদক এক বেয়া কাম কৰাৰপৰা বাধা দিয়ে। কিন্তু ইয়াৰ বিষয়ে শিকাৰ আগতে, আহাঁ আমি চাওঁ যে দায়ূদৰ জীৱনত কি কি ঘটিছিল।
দায়ূদে ৰজা চৌলৰ ওচৰৰপৰা পলাই গৈ এটা গুহাত থাকিবলৈ লʼলে। পাছলৈ দায়ূদৰ ককায়েক আৰু পৰিয়ালৰ আন সদস্যসকলেও তেওঁৰ লগত যোগ দিলে। প্ৰায় চাৰিশমান মানুহ দায়ূদৰ লগত আছিল আৰু দায়ূদ তেওঁলোকৰ দলপতি হʼল। ইয়াৰ পাছত দায়ূদে মোৱাবৰ ৰজাৰ ওচৰলৈ গৈ কʼলে: ‘মই বিনয় কৰোঁ, ঈশ্বৰে মোলৈ কি কৰিব তাক নজনালৈকে মোৰ পিতৃ-মাতৃক আপোনালোকৰ মাজত থাকিবলৈ অনুমতি দিয়ক।’ দায়ূদ আৰু তেওঁৰ লগত থকা লোকসকলে পৰ্ব্বতবোৰত লুকাই থাকিল।
এই সকলোবোৰ হোৱাৰ পাছত অবীগলৰ লগত দায়ূদৰ সাক্ষাৎ হয়। অবীগলৰ স্বামীৰ নাম হৈছে নাবল আৰু তেওঁ বহু ধন-সম্পত্তিৰ মালিক। তেওঁৰ ৩,০০০ ভেড়া আৰু ১,০০০ ছাগলী আছে। কিন্তু এই নাবল বৰ কৃপণ। তেওঁৰ পত্নী অবীগল এগৰাকী ধুনীয়া আৰু বুদ্ধিমতী তিৰোতা। নিজৰ বুদ্ধিৰ বলত তাই এবাৰ পৰিয়ালৰ লোকসকলক এক ভয়ংকৰ বিপদৰপৰা ৰক্ষা কৰিছিল। তাই এই কাৰ্য্য কেনেকৈ কৰিলে বাৰু?
দায়ূদ আৰু তেওঁৰ লগত থকা লোকসকলে নাবলৰ প্ৰতি দয়া দেখুৱাইছিল। তেওঁলোকে নাবলৰ ভেড়াবোৰক ৰক্ষা কৰাত সহায় কৰিছিল। এদিনাখন দায়ূদে নিজৰ কেইজনমান লোকক নাবলৰ ওচৰলৈ কিছু সহায় বিচাৰি পঠিয়ালে। সেইসময়ত নাবল আৰু তেওঁৰ লোকসকলে ভেড়াবোৰৰ নোম কাটি আছিল। সেইদিনটো এক পৰ্ব্বৰ দিন হোৱাৰ বাবে নাবলে বহুতো জুতি লগা আহাৰ তৈয়াৰ কৰাইছিল। দায়ূদৰ মানুহকেইজনে নাবলক কʼলে: ‘আমি আপোনাৰ একো অপকাৰ কৰা নাই আৰু আপোনাৰ ভেড়াবোৰো চুৰ কৰা নাই। আমি সেইবোৰ চোৱা-চিতাহে কৰিছোঁ। অনুগ্ৰহ কৰি আমাক অলপ আহাৰ দিয়ক।’
নাবলে তেওঁলোকক হেয়জ্ঞান কৰি কʼলে: ‘তোমালোকৰ নিচিনা মানুহক মই মোৰ আহাৰ কেতিয়াও নিদিওঁ।’ নাবলে দায়ূদৰ বিষয়েও বেয়াকৈ কʼলে। দায়ূদৰ লোকসকলে উভতি গʼল আৰু দায়ূদক সকলো কথা বৰ্ণনা কৰিলে। দায়ূদ খঙত জ্বলি-পকি উঠিল। তেওঁ নিজৰ লোকসকলক কʼলে: ‘প্ৰতিজনে তৰোৱাল বান্ধা।’ নাবল আৰু তেওঁৰ লোকসকলক ইয়াৰ বাবে শাস্তি দিবলৈ দায়ূদে নিজৰ লোকসকলৰ সৈতে যাত্ৰা কৰিলে।
নাবলে দায়ূদৰ লোকসকলক হেয়জ্ঞান কৰি কোৱা কথাবোৰ নাবলৰ এজন দাসে অবীগলক কʼলেহি। লগে লগে অবীগলে কিছুমান আহাৰ যোগাৰ কৰিলে আৰু কেইটামান গাধৰ ওপৰত সেইবোৰ বোজাই যাত্ৰা আৰম্ভ কৰিলে। বাটত তাই দায়ূদক দেখা পালে আৰু গাধৰপৰা নামি তাই দায়ূদক প্ৰণিপাত কৰি কʼলে: ‘মই বিনয় কৰোঁ, মোৰ প্ৰভুৱে সেই দুৰ্জন মানুহ নাবলৰ কথা মনত নাৰাখিব। কিয়নো তেওঁ এজন মূৰ্খ মানুহ হয় আৰু সদায় মূৰ্খৰ দৰে কাম কৰে। অনুগ্ৰহ কৰি আপোনাৰ বেটীয়ে প্ৰভুলৈ অনা এই উপহাৰবোৰ গ্ৰহণ কৰক। আপোনাৰ বেটীৰ অপৰাধ ক্ষমা কৰক।’
দায়ূদে উত্তৰ দিলে: ‘তুমি এগৰাকী বুদ্ধিমতী তিৰোতা। নাবলে কৰা হেয়জ্ঞানৰ বাবে তাক মই বধ কৰিলোহেঁতেন, কিন্তু তুমি মোক তাক বধ কৰাৰপৰা বিৰত ৰাখিলা। তুমি শান্তিৰে ঘৰলৈ যোৱা।’ নাবলৰ মৃত্যুৰ পাছত অবীগল দায়ূদৰ পত্নী হʼল।
১ চমূৱেল ২২:১-৪; ২৫:১-৪৩.