কাহিনী ৭৮
দেৱালত আখৰ
ইয়াত কি হৈছে বাৰু? লোকসকলে এক ডাঙৰ ভোজ পাতিছে। বাবিলৰ ৰজাই এই ভোজৰ বাবে এহেজাৰ লোকক নিমন্ত্ৰণ কৰিছে। যিৰূচালেমত থকা যিহোৱাৰ মন্দিৰৰপৰা অনা সোণ আৰু ৰূপৰ পাত্ৰবোৰ তেওঁলোকে ব্যৱহাৰ কৰিছে। কিন্তু হঠাতে এটা ঘটনা ঘটিল। এখন মানুহৰ হাত বতাহত ভাহি পৰিল আৰু দেৱালত লিখিবলৈ ধৰিলে। ইয়াকে দেখি সকলো লোকে ভয়ত পেপুৱা লাগিল।
বাবিলৰ ৰজাজনৰ নাম হৈছে বেল্চচৰ আৰু তেওঁ নবূখদ্নেচৰৰ নাতিয়েক। হঠাতে হোৱা ঘটনাটোৰ তত ধৰিব নোৱাৰি, ৰজা বেল্চচৰে তেওঁৰ ৰাজ্যত থকা বুদ্ধিমান লোকসকলক মাতি অনালে। ৰজাই তেওঁলোকক কʼলে: ‘যিকোনো মানুহে এই লিখনি পাঠ কৰিব আৰু ইয়াৰ অৰ্থ মোক জনাব, তেওঁক বহুতো উপহাৰ দিয়া হʼব আৰু তেওঁ এই ৰাজ্যৰ তৃতীয়জন গুৰুত্বপূৰ্ণ ব্যক্তি হʼব।’ কিন্তু ৰজাৰ বুদ্ধিমান লোকসকলৰ মাজৰ কোনেও এই আখৰখিনি পঢ়িব নোৱাৰিলে আৰু ইয়াৰ অৰ্থ বুজাই দিব নোৱাৰিলে।
ৰজাৰ মাকে লোকসকলৰ হাহাকাৰ শুনি ভোজন-পান কৰা কোঠালিলৈ আহিল। তাই ৰজাক কʼলে: ‘আপুনি চিন্তিত নহʼব। পবিত্ৰ দেৱতাবিলাকৰ উপাসনা কৰোঁতা এজন পুৰুষ আপোনাৰ ৰাজ্যত আছে। আপোনাৰ ককাদেউতাক নবূখদ্নেচৰে তেওঁক সকলো বুদ্ধিমান লোকৰ ওপৰত অধ্যক্ষ নিযুক্ত কৰিছিল। তেওঁৰ নাম হৈছে দানিয়েল। সেই দানিয়েলক মতা যাওক। তেওঁ আপোনাক ইয়াৰ অৰ্থ বুজাই দিব।’
লগে লগে দানিয়েলক মাতি অনা হʼল। দানিয়েলে ৰজাৰ কোনো উপহাৰ গ্ৰহণ নকৰিলে। বেল্চচৰৰ ককাদেউতাক নবূখদ্নেচৰে কিয় নিজৰ শাসন হেৰুৱাবলগীয়া হয়, তাৰ বিষয়ে দানিয়েলে ৰজাক বৰ্ণনা কৰিবলৈ আৰম্ভ কৰিলে। দানিয়েলে ৰজাক কʼলে: ‘নবূখদ্নেচৰ অহংকাৰী আছিল আৰু সেইবাবে যিহোৱাই তেওঁক শাস্তি দিলে।’
দানিয়েলে বেল্চচৰক কʼলে: ‘এই সকলো জানিও আপুনি নবূখদ্নেচৰৰ দৰে অহংকাৰ কৰিছে। আপুনি যিহোৱাৰ মন্দিৰৰ পাত্ৰবোৰত দ্ৰাক্ষাৰস পান কৰিলে। আপুনি সৰ্ব্বশক্তিমান সৃষ্টিকৰ্ত্তা ঈশ্বৰক সমাদৰ নকৰি, কাঠ আৰু শিলৰ দেৱতাবোৰক প্ৰশংসা কৰিলে। সেইবাবে ঈশ্বৰে হাত পঠাই এই আখৰবোৰ লিখিলে।
‘দেৱালত লিখা আখৰবোৰ হৈছে, মিনে, মিনে, তিকেল আৰু উফৰ্চীন।
‘মিনেৰ অৰ্থ হৈছে গণিত অৰ্থাৎ ঈশ্বৰে আপোনাৰ ৰাজ্য গণনা কৰিলে। তিকেলৰ অৰ্থ হৈছে জোখা হʼল। আপোনাক তৰ্জুত জোখা হʼল আৰু কম পোৱা গʼল। উফৰ্চীনৰ অৰ্থ হৈছে ভগ্ন। আপোনাৰ ৰাজ্য ভাঙি মাদীয়া আৰু পাৰসীবিলাকক দিয়া হৈছে।’
দানিয়েলে ৰজা বেল্চচৰক এই কথা কৈ থকাৰ সময়তে, মাদীয়া আৰু পাৰসীবিলাকে বাবিলক আক্ৰমণ কৰিলে। তেওঁলোকে নগৰখন দখল কৰি ৰজা বেল্চচৰক বধ কৰিলে। দেৱালত লিখা আখৰবোৰ সেইৰাতিয়ে পূৰ হʼল। কিন্তু বাবিলত বন্দী হৈ থকা ইস্ৰায়েলীসকলৰ কি হʼব? ইয়াৰ বিষয়ে আমি আগলৈ শিকিবলৈ পাম। কিন্তু দানিয়েলৰনো কি হʼল? আহাঁ আমি ইয়াৰ উত্তৰ বিচাৰি চাওঁ।
দানিয়েল ৫:১-৩১.