ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • my কাহিনী ৮০
  • ইস্ৰায়েলীসকলে বাবিল ত্যাগ কৰে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ইস্ৰায়েলীসকলে বাবিল ত্যাগ কৰে
  • বাইবেলৰ কাহিনী
  • মিল থকা বিষয়
  • ঈশ্বৰৰ ওপৰত ভৰসা
    বাইবেলৰ কাহিনী
  • দেৱালত লিখা শব্দ
    বাইবেলৰ পৰা শিকোঁ আহা
বাইবেলৰ কাহিনী
my কাহিনী ৮০
ইসায়েলীসকলে বাবিলৰ দাসৰপৰা ওলাই আহিছ

কাহিনী ৮০

ইস্ৰায়েলীসকলে বাবিল ত্যাগ কৰে

মাদীয়া আৰু পাৰসীবিলাকে বাবিলক অধিকাৰ কৰা প্ৰায় দুবছৰমানেই হʼল। এই সময়ত এক আচৰিত ঘটনা ঘটিল। ইস্ৰায়েলীসকলে বাবিল ত্যাগ কৰিছে! বন্দী অৱস্থাৰপৰা তেওঁলোক কেনেকৈ মুক্ত হʼল? তেওঁলোকক কোনে মুক্তি দিলে বাৰু?

পাৰস্য দেশৰ ৰজা কোৰচে ইস্ৰায়েলীসকলক বন্দী অৱস্থাৰপৰা মুক্ত কৰিলে। ৰজা কোৰচৰ জন্মৰ বহুবছৰ আগতে, যিহোৱাই ভৱিষ্যতবক্তা যিচয়াৰ দ্বাৰা তেওঁৰ বিষয়ে এই কথা কৈছিল: ‘তুমি মোৰ বাঞ্ছা সিদ্ধ কৰিবা। বাবিলক অধিকাৰ কৰিবলৈ তাৰ দুৱাৰবোৰ তোমাৰ বাবে খোলা থাকিব।’ বাবিলক আক্ৰমণ কৰিবলৈ ৰজা কোৰচেই নেতৃত্ব দিছিল। মাদীয়া আৰু পাৰসীবিলাকে মাজনিশা খোলা দুৱাৰেদি বাবিল নগৰত সোমাই ইয়াক অধিকাৰ কৰিলে।

ভৱিষ্যতবক্তা যিচয়াই ইয়াকো ভৱিষ্যতবাণী কৰিছিল যে ৰজা কোৰচে যিৰূচালেম আৰু ইয়াৰ মন্দিৰ পুনৰ নিৰ্ম্মাণ কৰিবলৈ আদেশ দিব। ভৱিষ্যতবাণী কৰাৰ দৰে কোৰচে এই আদেশ দিলেনে? হয়, তেওঁ এই আদেশ দিছিল। ইস্ৰায়েলীসকলক কোৰচে কʼলে: ‘তোমালোকে যিৰূচালেমলৈ যোৱা আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাৰ মন্দিৰ পুনৰ নিৰ্ম্মাণ কৰা।’ ছবিখনত দেখুৱাৰ দৰে ইস্ৰায়েলীসকলে যিৰূচালেমলৈ যাত্ৰা আৰম্ভ কৰিলে।

কিন্তু বাবিলত থকা সকলো ইস্ৰায়েলীৰ বাবে এই যাত্ৰা কৰাটো সম্ভৱ নাছিল। বাবিলৰপৰা যিৰূচালেমৰ দূৰত্ব প্ৰায় ৮০০ কিলোমিটাৰ আৰু ইয়াক পূৰ কৰিবলৈ চাৰিমাহমান লাগিব। কিছুমান লোক বৃদ্ধ আৰু শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছে আৰু তেওঁলোকে ইমান দূৰ যাত্ৰা কৰাটো অসুবিধা হʼব। ইয়াৰ উপৰিও বিভিন্ন কাৰণৰ বাবে কিছুমান লোকে এই যাত্ৰাত যোগ দিব নোৱাৰিব। যি লোকসকলে যিৰূচালেমলৈ যাত্ৰা কৰিব নোৱাৰে, তেওঁলোকক কোৰচে কʼলে: ‘যিৰূচালেম আৰু ঈশ্বৰৰ মন্দিৰ নিৰ্ম্মাণৰ বাবে যোৱা লোকসকলক ৰূপ, সোণ আৰু বেলেগ বেলেগ উপহাৰ দিয়া।’

যিৰূচালেমলৈ যাত্ৰা কৰা ইস্ৰায়েলীসকলক বহুতো উপহাৰ দিয়া হয়। ৰজা নবূখদ্‌নেচৰে যিৰূচালেম আক্ৰমণ কৰি যিহোৱাৰ মন্দিৰৰপৰা যিবোৰ পাত্ৰ বাবিললৈ লৈ আনিছিল, সেই পাত্ৰবোৰ কোৰচ ৰজাই ইস্ৰায়েলীসকলক ওভতাই দিয়ে। ইস্ৰায়েলীসকলে লগত লৈ যাবলৈ বহুতো বস্তু আছিল।

প্ৰায় চাৰিমাহমান দীঘলীয়া যাত্ৰা কৰাৰ পাছত, ইস্ৰায়েলী লোকসকলে সঠিক সময়ত যিৰূচালেমত উপস্থিত হয়। ঠিক ৭০ বছৰৰ আগতে যিৰূচালেম নগৰখন ধ্বংস কৰা হৈছিল আৰু তেতিয়াৰপৰাই ইয়াত কোনো মানুহ বাস কৰা নাছিল। ইস্ৰায়েলী লোকসকলে যদিও নিজৰ দেশলৈ ঘূৰি আহিল, কিন্তু তেওঁলোকৰ বাবে জীৱন ইমান সহজ নহʼব। ইয়াৰ বিষয়ে আমি পৰৱৰ্তী অধ্যায়ত শিকিবলৈ পাম।

যিচয়া ৪৪:২৮; ৪৫:১-৪; ইজ্ৰা ১:১-১১.

অধ্যয়নৰ বাবে প্ৰশ্নসমূহ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক