ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • my কাহিনী ৮৬
  • তৰাৰ দ্বাৰা পৰিচালিত

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • তৰাৰ দ্বাৰা পৰিচালিত
  • বাইবেলৰ কাহিনী
  • মিল থকা বিষয়
  • যিহোৱাই যীচুক বচালে
    বাইবেলৰ পৰা শিকোঁ আহা
বাইবেলৰ কাহিনী
my কাহিনী ৮৬
জ্যোতিষীসকলে এটা উজ্বল তৰাক অনুকৰণ কৰিছ

কাহিনী ৮৬

তৰাৰ দ্বাৰা পৰিচালিত

মানুহজনে আঙুলিয়াই থকা তৰাটোলৈ লক্ষ্য কৰাচোন। আন তৰাবোৰৰ তুলনাত এই তৰাটো উজ্জ্বল নহয়নে? এই মানুহকেইজন পূব দিশৰ কোনোবা এখন দেশৰপৰা আহিছে আৰু তেওঁলোকে তৰাবোৰৰ বিষয়ে অধ্যয়ন কৰে। তেওঁলোকৰ বিশ্বাস যে এই নতুন তৰাটোৱে তেওঁলোকক এক বিশেষ ব্যক্তিৰ ওচৰলৈ লৈ যাব।

বৈৎলেহম নগৰৰ আকাশত এটা উজ্বল তৰা

এই মানুহকেইজনে যিৰূচালেমত উপস্থিত হৈ লোকসকলক সুধিবলৈ ধৰিলে: ‘যিহূদীবিলাকৰ যি ৰজা জন্মিল তেওঁ কʼত?’ ইস্ৰায়েলীসকলক “যিহূদী” বুলিও কোৱা হয়। মানুহকেইজনে আৰু কʼলে: ‘পূব দিশত থকা সময়ত আমি শিশুটোৰ বাবে ওলোৱা তৰাটোক দেখিছিলো। আমি তেওঁক উপাসনা কৰিবলৈ আহিছোঁ।’

সেইসময়ত যিৰূচালেমৰ ৰজা আছিল হেৰোদ। এই বিষয়ে শুনিবলৈ পাই তেওঁ বৰ চিন্তিত হʼল। আন এজন ৰজাই তেওঁৰ স্থান লোৱাটো তেওঁ বিচৰা নাই। সেইবাবে তেওঁ প্ৰধান পুৰোহিতসকলক মতাই আনি সুধিলে: ‘খ্ৰীষ্ট কোন ঠাইত জন্ম হʼব?’ তেওঁলোকে উত্তৰ দিলে: ‘শাস্ত্ৰত বৰ্ণনা কৰিছে যে তেওঁ বৈৎলেহমত জন্ম হʼব।’

তেতিয়া হেৰোদে পূব দিশৰপৰা অহা লোককেইজনক মতাই আনি কʼলে: ‘তোমালোকে গৈ সেই লʼৰাটিৰ বিষয়ে বিচাৰ লোৱাগৈ আৰু তেওঁক পালে মোক খবৰ দিবা। কিয়নো ময়ো তেওঁক উপাসনা কৰিব বিচাৰোঁ।’ কিন্তু প্ৰকৃততে হেৰোদে লʼৰাটোক হত্যা কৰিব বিচাৰিছিল।

এই মানুহকেইজনে যিৰূচালেম ত্যাগ কৰাৰ লগে লগে তৰাটো আকৌ দেখা গʼল। তৰাটো তেওঁলোকৰ আগে আগে গৈ থাকিল আৰু বৈৎলেহমত থকা লʼৰাটোৰ ঘৰৰ ওপৰত ৰʼল। মানুহকেইজনে ঘৰৰ ভিতৰত সোমাই মৰিয়ম আৰু যীচুক দেখা পালে। তেওঁলোকে লগত অনা উপহাৰবোৰ যীচুক দিলে। কিন্তু সপোনৰ দ্বাৰা যিহোৱাই তেওঁলোকক হেৰোদৰ ওচৰলৈ যাবলৈ মানা কৰিলে। সেইবাবে তেওঁলোকে আন এক বাটেদি নিজৰ দেশলৈ উভতি গʼল।

পূব দিশৰপৰা অহা মানুহকেইজনে নিজ দেশলৈ উভতি যোৱাৰ খবৰ পাই, ৰজা হেৰোদৰ বৰ খং উঠিল। সেইবাবে ৰজাই বৈৎলেহমত থকা দুবছৰ আৰু তাতকৈ কম বয়সৰ লʼৰাবোৰক বধ কৰিবলৈ আদেশ দিলে। কিন্তু যিহোৱা ঈশ্বৰে যোচেফক এক সপোনৰ দ্বাৰা আগতীয়াকৈ ইয়াৰ বিষয়ে সাৱধান কৰিলে। লগে লগে যোচেফে পত্নী আৰু যীচুৰ সৈতে মিচৰ দেশলৈ যাত্ৰা কৰিলে। ৰজা হেৰোদৰ মৃত্যুৰ পাছত, যোচেফে পৰিয়ালৰ সৈতে পুনৰ নাচৰতলৈ ঘূৰি আহিল। ইয়াতে যীচু ডাঙৰ-দীঘল হʼবলৈ ধৰিলে।

সেই নতুন তৰাটোক কোনে উজ্জ্বলাই তুলিছিল বাৰু তুমি কʼব পাৰিবানে? তৰাটো দেখাৰ পাছত মানুহকেইজনে যিৰূচালেমলৈ যোৱাৰ কথাটো তোমাৰ নিশ্চয় মনত আছে। চয়তানে ঈশ্বৰৰ পুত্ৰক বধ কৰিব বিচাৰিছিল। চয়তানে ইয়াকো জানিছিল যে যিৰূচালেমৰ ৰজা হেৰোদেও ঈশ্বৰৰ পুত্ৰক বধ কৰিব বিচাৰিব। নিশ্চয় চয়তানেই এই তৰাটো উজ্জ্বলাই তুলিছিল।

মথি ২:১-২৩; মীখা ৫:২.

অধ্যয়নৰ বাবে প্ৰশ্নসমূহ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক