কাহিনী ৮৯
মন্দিৰ পৰিষ্কাৰ
যীচুলৈ লক্ষ্য কৰাচোন। তেওঁ বৰ খঙত থকা যেন লাগিছে, নহয়নে বাৰু? তেওঁ কিয় ইমান খং কৰিছে তোমালোকে জানানে? ঈশ্বৰৰ মন্দিৰত থকা এই লুভীয়া লোকসকলৰ বাবে যীচুয়ে খং কৰিছে। তেওঁলোকে মন্দিৰত উপাসনা কৰিবলৈ অহা লোকসকলৰপৰা অসৎভাৱে ধন উপাৰ্জন কৰিছে।
ছবিখনত তোমালোকে গৰু, ভেড়া আৰু কপৌ আদি জীৱ-জন্তুবোৰ দেখিছানে? এই লোকসকলে মন্দিৰৰ ভিতৰত জীৱ-জন্তুবোৰ বিক্ৰী কৰিছে। তেওঁলোকে কিয় জীৱ-জন্তুবোৰ বিক্ৰী কৰিছে তোমালোকে জানানে? কিয়নো মন্দিৰত ঈশ্বৰলৈ বলিদান আগবঢ়াবলৈ ইস্ৰায়েলীসকলক জীৱ-জন্তুবোৰৰ প্ৰয়োজন আছিল।
ঈশ্বৰৰ ব্যৱস্থা অনুসৰি এজন ব্যক্তিয়ে যদি কিবা বেয়া কাম কৰে, তেনেহʼলে তেওঁক ঈশ্বৰলৈ বলিদান আগবঢ়োৱাৰ প্ৰয়োজন আছিল। ইয়াৰ উপৰিও বছৰৰ বিভিন্ন সময়ছোৱাতো তেওঁলোকে ঈশ্বৰলৈ বলিদান কৰিছিল। বলিদান কৰিবলৈ ইস্ৰায়েলীসকলে জীৱ-জন্তুবোৰ কʼত পাব?
কিছুমান ইস্ৰায়েলীৰ ঘৰত চৰাই আৰু জীৱ-জন্তু আছিল। নিজৰ ঘৰত থকা এই জীৱ-জন্তুবোৰ তেওঁলোকে বলিদান হিচাপে আগবঢ়াইছিল। কিন্তু বহুতো ইস্ৰায়েলীৰ ঘৰত কোনো চৰাই বা জীৱ-জন্তু নাছিল। কিছুমান ইস্ৰায়েলীয়ে আকৌ যিৰূচালেম মন্দিৰৰপৰা বহুত দূৰৈত বাস কৰিছিল। সেইবাবে তেওঁলোকে বলিদান কৰিবলৈ চৰাই বা জীৱ-জন্তুবোৰ লগত লৈ অনাটো অসম্ভৱ আছিল। যিৰূচালেম মন্দিৰলৈ আহি এই লোকসকলে নিজৰ প্ৰয়োজন অনুসৰি চৰাই বা জীৱ-জন্তু কিনি লৈছিল। কিন্তু মন্দিৰত এই ব্যৱসায়ীসকলে জীৱ-জন্তুবোৰ অধিক দামত বিক্ৰী কৰিছিল। তেওঁলোকে উপাসনা কৰিবলৈ অহা লোকসকলক ঠগিছিল। ইয়াৰ উপৰিও ঈশ্বৰৰ মন্দিৰৰ ভিতৰত এনে ব্যৱসায় কৰাটো উচিত নাছিল।
ব্যৱসায়ীসকলে এনে কৰাৰ বাবে যীচুৰ বৰ খং উঠিল। তেওঁ ব্যৱসায়ীসকলৰ টেবুলবোৰ লুটিয়াই পেলালে আৰু টেবুলত থকা মুদ্ৰাবোৰ চাৰিওফালে সিঁচৰিত হৈ পৰিল। ইয়াৰ পাছত তেওঁ এডাল চাবুকেৰে মন্দিৰৰপৰা জীৱ-জন্তুবোৰক বাহিৰ কৰিলে। কপৌ বিক্ৰী কৰা লোকসকলক তেওঁ আদেশ দিলে: ‘এইবোৰ ইয়াৰপৰা লৈ যোৱা। মোৰ পিতৃৰ ঘৰ বেপাৰৰ ঘৰ নকৰিবা!’
যীচুৰ লগত তেওঁৰ কিছুমান শিষ্যও মন্দিৰত আছে। যীচুৰ এই কাৰ্য্য দেখি তেওঁলোক বৰ আচৰিত হʼল। ঈশ্বৰৰ পুত্ৰৰ বিষয়ে শাস্ত্ৰত লিখা এই কথাষাৰ শিষ্যসকলৰ মনত পৰিল: ‘তোমাৰ গৃহলৈ মোৰ যি উৎসাহ, সেয়ে মোক গ্ৰাস কৰিব।’
নিস্তাৰ-পৰ্ব্বৰ সময়ত যীচু যিৰূচালেমত আছে। ইয়াত তেওঁ বহুতো আচৰিত কাৰ্য্য কৰে। ইয়াৰ পাছত যীচুয়ে যিহূদিয়াৰপৰা গালীললৈ উভতি গʼল। গালীললৈ যাওঁতে তেওঁ চমৰিয়া নামৰ ঠাইখনৰ মাজেদি যাত্ৰা কৰিছিল। চমৰিয়াত কি হʼল, আহাঁ আমি তাৰ বিষয়ে শিকোঁ।