ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • my কাহিনী ৯২
  • মৃত লোকক পুনৰ জীৱন দিয়া

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মৃত লোকক পুনৰ জীৱন দিয়া
  • বাইবেলৰ কাহিনী
  • মিল থকা বিষয়
  • যীচুৱে বহুতো চমৎকাৰ কৰিলে
    বাইবেলৰ পৰা শিকোঁ আহা
বাইবেলৰ কাহিনী
my কাহিনী ৯২
যায়ীৰ মৃত জীয়েকক যীচুৱে জীয়াই তুলিলে

কাহিনী ৯২

মৃত লোকক পুনৰ জীৱন দিয়া

ছোৱালীজনীলৈ লক্ষ্য কৰাচোন। তাইৰ বয়স হৈছে ১২ বছৰ। তাইৰ হাতত ধৰি থকা মানুহজন হৈছে যীচু। বিছনাৰ কাষত তাইৰ মাক-দেউতাক থিয় হৈ আছে। তেওঁলোক বৰ আনন্দত থকা যেন লাগিছে, নহয়নে বাৰু? তুমি জানানে তেওঁলোক কিয় ইমান আনন্দত আছে? আহাঁ আমি ইয়াৰ উত্তৰ বিচাৰি চাওঁ।

ছোৱালীজনীৰ দেউতাকৰ নাম হৈছে যায়ীৰ আৰু তেওঁ সমাজৰ এজন গণ্যমান্য ব্যক্তি। এদিনাখন ছোৱালীজনীৰ অসুখ হোৱাত, মাক-দেউতাকে তাইক বিছনাত শুৱাই দিলে। দিনক দিনে তাইৰ অৱস্থা বেয়ালৈ ঢাল খালে। যিকোনো মুহূৰ্ত্তত তাই যেন মৃত্যুক সাবটি লʼব। নিজৰ একমাত্ৰ সন্তানৰ এনে অৱস্থা দেখি মাক-দেউতাক বৰ চিন্তিত হʼল। নিজৰ ছোৱালীজনীৰ জীৱন ৰক্ষা কৰিবলৈ যায়ীৰে যীচুক বিচাৰি ওলাল। যীচুয়ে কৰা আচৰিত কাৰ্য্যবোৰৰ বিষয়ে তেওঁ শুনিছে।

অৱশেষত যায়ীৰে যীচুক বিচাৰি পালে। বহুতোলোকে যীচুক আগুৰি আছে। কিন্তু যায়ীৰে ভিৰৰ মাজেদি যীচুৰ ওচৰত উপস্থিত হয়। তেওঁ যীচুৰ ভৰিত পৰি কাকূতি কৰিলে: ‘মোৰ ছোৱালীজনীৰ অৱস্থা ভাল নহয়। তাই বৰ অসুখত পৰিছে। অনুগ্ৰহ কৰি মোৰ ঘৰলৈ আহি তাইক সুস্থ কৰক।’ যীচুয়ে যায়ীৰৰ ঘৰলৈ আহিব বুলি কথা দিলে।

যীচুয়ে যায়ীৰৰ ঘৰলৈ বুলি যাত্ৰা কৰোঁতে, লোকসকলে তেওঁৰ ওচৰলৈ আহিবলৈ ঠেলা-হেঁচা কৰিলে। হঠাতে যীচু ৰʼল আৰু লোকসকললৈ উদ্দেশ্য কৰি কʼলে: ‘কোনে মোক চুলে?’ নিজৰ শৰীৰৰপৰা শক্তি বাহিৰ হোৱা বুলি যীচুয়ে বুজিব পাৰিলে। কিন্তু এই ভিৰৰ মাজত কোনে তেওঁক চুলে বাৰু? এগৰাকী তিৰোতাই যীচুক চুলে। তাই ১২ বছৰ ধৰি অসুখত ভুগি আছিল। তাই যীচুয়ে পিন্ধা চুলাটোক চুলে আৰু লগে লগে সুস্থ হʼল।

তিৰোতাগৰাকী সুস্থ হোৱাৰ বাবে যায়ীৰে বৰ ভাল পালে। তেওঁ নিজ চকুৰে দেখিলে যে এজন ৰোগীক সুস্থ কৰাটো যীচুৰ বাবে কেনে সহজ। কিন্তু সেইসময়ত এজন মানুহে যায়ীৰক খবৰ দিলে: ‘তোমাৰ ছোৱালী মৰিল। গুৰুক আৰু দুখ নিদিবা।’ এই কথাষাৰ যীচুৰ কাণত পৰিল। যীচুয়ে যায়ীৰক কʼলে: ‘চিন্তা নকৰিবা। তাইৰ একো নহʼব।’

যায়ীৰৰ ঘৰলৈ আহি যীচুয়ে লোকসকলক কান্দি থকা দেখিবলৈ পালে। যীচুয়ে দুখ কৰি থকা লোকসকলক কʼলে: ‘তোমালোকে নাকান্দিবা। ছোৱালীজনী মৰা নাই। তাই টোপনিতহে আছে।’ এই কথা শুনি লোকসকলে তেওঁক ঠাট্টা কৰিবলৈ ধৰিলে। কিয়নো তেওঁলোকে জানে যে যায়ীৰৰ ছোৱালীজনী ইতিমধ্যে মৰিল।

যীচুয়ে নিজৰ তিনিজন পাঁচনি, যায়ীৰ আৰু তেওঁৰ পত্নীক লগত লৈ, মৃত ছোৱালীজনীক ৰখা কোঠালিলৈ গʼল। যীচুয়ে ছোৱালীজনীৰ হাতত ধৰি কʼলে: ‘আইটি, উঠা।’ লগে লগে তাই উশাহ লʼবলৈ ধৰিলে। ছবিখনলৈ চোৱাচোন, তাই কেনেকৈ পুনৰ জীৱিত হʼল! এতিয়া তোমালোকে বুজি পালানে যে কিয় ছোৱালীজনীৰ মাক-দেউতাকে ইমান আনন্দ কৰিছে?

যীচুয়ে কাৰোবাক মৃত্যুৰপৰা জীয়াই তোলাৰ এয়াই প্ৰথম ঘটনা নহয়। বাইবেলত উল্লেখ কৰা অনুসৰি, যীচুয়ে নায়িন নামৰ নগৰখনত থকা এজনী বিধৱাৰ পুত্ৰক প্ৰথমে মৃত্যুৰপৰা জীয়াই তুলিছিল। পাছলৈ যীচুয়ে মৰিয়ম আৰু মাৰ্থাৰ ভায়েক লাজাৰকো পুনৰ জীৱিত কৰে। যেতিয়া যীচুয়ে ঈশ্বৰৰ ৰাজ্যৰ ৰজা হিচাপে শাসন কৰিব, তেতিয়া তেওঁ মৃত লোকসকলক পুনৰ জীৱন দিব। ইয়াৰ বিষয়ে জানি আমি আনন্দিত নহওঁনে?

লূক ৮:৪০-৫৬; ৭:১১-১৭; যোহন ১১:১৭-৪৪.

অধ্যয়নৰ বাবে প্ৰশ্নসমূহ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক