কাহিনী ১০০
বাগিচাত যীচু
ওপৰ তলাত থকা কোঠালিটোৰপৰা ওলাই যীচু আৰু তেওঁৰ পাঁচনিকেইজনে গেৎচিমানী নামৰ বাগিচাখনলৈ যায়। এই বাগিচাখনত তেওঁলোকে আগতে কেইবাবাৰো আহিছে। ইয়াতে যীচুয়ে পাঁচনিকেইজনক জাগি থাকিবলৈ আৰু প্ৰাৰ্থনা কৰি থাকিবলৈ কʼলে। ইয়াৰ পাছত যীচুয়ে তাৰপৰা অলপ আঁতৰি প্ৰাৰ্থনা কৰিবলৈ ধৰিলে।
প্ৰাৰ্থনা শেষ কৰি যীচুয়ে পাঁচনিকেইজনৰ ওচৰলৈ ঘূৰি আহিল। পাঁচনিকেইজনে কি কৰি আছে তোমালোকে জানানে? তেওঁলোকে শুই আছে। যীচুয়ে তেওঁলোকক আকৌ জাগি থাকিবলৈ কʼলে। এইদৰে যীচুয়ে তেওঁলোকক তিনিবাৰকৈ কৈছিল। অন্তিমবাৰো যেতিয়া যীচুয়ে প্ৰাৰ্থনা কৰি ঘূৰি অহাৰ পাছত পাঁচনিকেইজনক শুই থকা পালে, তেতিয়া তেওঁ কʼলে: ‘এনে সময়ছোৱাত তোমালোকে কেনেকৈ টোপনি যাব পাৰা? চোৱা, সময় ওচৰ হʼল আৰু মোক শত্ৰুবিলাকৰ হাতত শোধাই দিয়া হʼব।’
যীচুয়ে এই বাক্য শেষ কৰাৰ লগে লগে এক বৰ ভিৰৰ শব্দ শুনা গʼল। লোকসকলে হাতত তৰোৱাল আৰু লাঠি লৈ আহিছে। এই লোকসকলে লগত অনা আৰিয়াবোৰৰ পোহৰেৰে ঠাইখন উজ্বলি পৰিছে। চাওঁতে চাওঁতে লোকসকলে যীচু আৰু পাঁচনিবিলাকৰ একেবাৰে কাষ চাপিল। হঠাতে ভিৰৰ মাজৰপৰা কোনোবা এজন ওলাই আহি যীচুক চুমা খালে। ব্যক্তিজনে যীচুক চুমা খাই থকা ছবিখনত দেখিছানে? তেওঁ হৈছে ঈষ্কৰিয়োতীয়া যিহূদা। যিহূদাই যীচুক কিয় চুমা খালে তোমালোকে জানানে?
যীচুয়ে যিহূদাক সুধিলে: ‘হে যিহূদা, তুমি চুমাৰে মোক শত্ৰুৰ হাতত শোধাই দিছা নেকি?’ যিহূদাই যীচুক চুমা খোৱাটো এক চিন হয় আৰু তেওঁৰ লগত থকা লোকসকলে ইয়াৰ বিষয়ে ভালদৰে জানে। যিহূদাই যীচুক চুমা খোৱাৰ লগে লগে শত্ৰুবিলাকে তেওঁক ধৰিবলৈ ওচৰ চাপি আহিল। কিন্তু পিতৰে তেওঁলোকক এনে কৰাত বাধা দিব বিচাৰিলে। পিতৰে লগত অনা তৰোৱালখনেৰে ওচৰত থকা মানুহজনক আক্ৰমণ কৰিলে। এই আক্ৰমণত মানুহজনৰ প্ৰাণ কথমপিহে ৰক্ষা পৰিল। কিন্তু তৰোৱালখনৰ কোবত মানুহজনৰ সোঁ কাণখন কাটিল। যীচুয়ে মানুহজনৰ কাণখন চুলে আৰু তাক সুস্থ কৰিলে।
যীচুয়ে পিতৰক কʼলে: ‘তোমাৰ তৰোৱাল পুনৰায় তাৰ ঠাইত থোৱা। মোৰ পিতৃয়ে মোক ৰক্ষা কৰিবলৈ হাজাৰ হাজাৰ স্বৰ্গদূতক পঠাব পাৰে বুলি তুমি নাজানানে?’ হয়, যীচুয়ে সহায় বিচাৰিব পাৰে। কিন্তু যীচুয়ে এনে নকৰে। কিয়নো তেওঁ ভালদৰে জানে যে শত্ৰুবিলাকে তেওঁক আটক কৰাৰ সময় আহি পৰিছে। সেইবাবে যীচুয়ে শত্ৰুবিলাকৰ হাতত নিজকে শোধাই দিলে। ইয়াৰ পাছত যীচুৰ কি হʼল? আহাঁ আমি ইয়াৰ উত্তৰ বিচাৰি চাওঁ।