কাহিনী ১০৯
কৰ্ণীলিয়ৰ লগত পিতৰৰ সাক্ষাৎ
পিতৰ আৰু তেওঁৰ বন্ধুকেইজন থিয় হৈ আছে। কিন্তু মানুহজনে পিতৰক কিয় প্ৰণিপাত কৰিছে? তেওঁ এনে কৰা উচিতনে? তেওঁ কোন হয় তোমালোকে জানানে?
মানুহজনৰ নাম হৈছে কৰ্ণীলিয়। তেওঁ ৰোমান সৈন্যবাহিনীৰ এজন বিষয়া। কৰ্ণীলিয়ই পিতৰক চিনি নাপায়। কিন্তু কৰ্ণীলিয়ৰ ঘৰলৈ পিতৰক মাতি আনিবলৈ তেওঁক নিৰ্দ্দেশনা দিয়া হৈছিল। এই সকলো ঘটনা কেনেকৈ ঘটিল? আহাঁ আমি ইয়াৰ বিষয়ে চালি-জাৰি চাওঁ।
আৰম্ভণিতে যীচুক অনুকৰণ কৰা লোকসকল যিহূদী আছিল। কিন্তু কৰ্ণীলিয় যিহূদী নাছিল। তথাপিও তেওঁ ঈশ্বৰক ভাল পাইছিল, তেওঁলৈ প্ৰাৰ্থনা কৰিছিল আৰু লোকসকলৰ বাবে বহুতো ভাল কাম কৰিছিল। এদিনাখনৰ কথা। আবেলি সময়ত এজন স্বৰ্গদূতে কৰ্ণীলিয়ক দেখা দিলে আৰু কʼলে: ‘তোমাৰ কাৰ্য্যত ঈশ্বৰে সন্তুষ্ট হৈছে আৰু তেওঁ তোমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিব। কেইজনমান মানুহ পঠাই পিতৰ নামৰ মানুহজনক মাতি পঠোৱা। তেওঁ যাফোত সাগৰৰ তীৰত বাস কৰা চিমোন নামৰ মানুহজনৰ ঘৰত আছে।’
লগে লগে কৰ্ণীলিয়ই পিতৰক মাতি আনিবলৈ কেইজনমান মানুহ পঠালে। পাছদিনাখন, এই লোকসকলে যাফো নগৰৰ ওচৰ পোৱাৰ সময়ত, পিতৰে চিমোনৰ ঘৰৰ ছাদত বহি আছিল। তাত ঈশ্বৰে এক আচৰিত কাৰ্য্য কৰিলে। পিতৰে দৰ্শনত স্বৰ্গৰপৰা এখন ডাঙৰ কাপোৰ নামি অহা দেখিলে। কাপোৰখনত সকলো প্ৰজাতিৰ জীৱ-জন্তু আছে। ঈশ্বৰে ইস্ৰায়েলীসকলক দিয়া নিয়ম অনুসৰি এই জীৱ-জন্তুবোৰ অশুচি আছিল আৰু তেওঁলোকে এইবোৰ খাব নোৱাৰে। কিন্তু পিতৰে এই কথা শুনিবলৈ পালে: ‘হে পিতৰ, উঠা আৰু এইবোৰ মাৰি খোৱা।’
কিন্তু পিতৰে উত্তৰ দিলে: ‘হে প্ৰভু, এনে নহওক। কিয়নো মই এনে অশুচি বস্তু কেতিয়াও খোৱা নাই।’ পিতৰক কোৱা হʼল: ‘ঈশ্বৰে যিহকে শুচি কৰিলে, তাক তুমি অশুচি বুলি নকʼবা।’ এইদৰে তিনিবাৰকৈ ঘটিল। হঠাতে হোৱা এই ঘটনাটোৰ বিষয়ে পিতৰে চিন্তা কৰি থাকোঁতেই, কৰ্ণীলিয়ই পঠোৱা লোককেইজন তাত উপস্থিত হয়। তেওঁলোকে চিমোনৰ ঘৰত পিতৰৰ বিষয়ে সুধিলে।
ছাদৰপৰা পিতৰে নামি আহি কʼলে: ‘তোমালোকে যিজনক বিচাৰিছা, সেইজনা ময়েই। তোমালোক কিয় ইয়ালৈ আহিলা?’ স্বৰ্গদূতে পিতৰক মাতি আনিবলৈ কৰ্ণীলিয়ক দিয়া আদেশৰ বিষয়ে মানুহকেইজনে পিতৰক বৰ্ণনা কৰিলে। তেওঁলোকৰ কথা শুনি পিতৰে যাবলৈ মান্তি হʼল। পাছদিনাখন পিতৰ আৰু তেওঁৰ কেইজনমান বন্ধুৱে কৰ্ণীলিয়ক সাক্ষাৎ কৰিবলৈ কৈচৰিয়ালৈ যাত্ৰা কৰিলে।
কৰ্ণীলিয়ই সম্বন্ধীয় আৰু বন্ধুসকলক নিজৰ ঘৰত একগোট কৰিছে। কৰ্ণীলিয়ৰ ঘৰত পিতৰে উপস্থিত হোৱাৰ লগে লগে তেওঁক দেখা কৰিবলৈ কৰ্ণীলিয় ওলাই আহে। ছবিখনত দেখুৱাৰ দৰে কৰ্ণীলিয়ই পিতৰক প্ৰণিপাত কৰিছে। কিন্তু পিতৰে তেওঁক কʼলে: ‘উঠা, ময়ো মানুহহে।’ বাইবেলে বৰ্ণনা কৰিছে যে মানুহক প্ৰণিপাত কৰা আৰু উপাসনা কৰাটো উচিত নহয়। আমি কেৱল যিহোৱা ঈশ্বৰকহে উপাসনা কৰা উচিত।
কৰ্ণীলিয়ৰ ঘৰত গোট খোৱা লোকসকলৰ আগত পিতৰে ঈশ্বৰৰ বিষয়ে বৰ্ণনা কৰিবলৈ ধৰিলে। পিতৰে কʼলে: ‘ঈশ্বৰক সেৱা কৰিবলৈ ইচ্ছা কৰা সকলো লোকক তেওঁ গ্ৰহণ কৰে বুলি মই নিশ্চয়কৈ বুজি পাইছোঁ।’ পিতৰে বৰ্ণনা কৰি থাকোঁতেই, ঈশ্বৰে এই লোকসকলৰ ওপৰত পবিত্ৰ আত্মা দিয়ে। পবিত্ৰ আত্মা পোৱাৰ ফলত তেওঁলোকে বিভিন্ন ভাষাত কথা কʼবলৈ ধৰিলে। ইয়াকে দেখি পিতৰৰ লগত অহা যিহূদী শিষ্যকেইজনে বিস্ময় মানিলে। তেওঁলোকে আগতে ভাবিছিল যে ঈশ্বৰে কেৱল যিহূদীসকলকহে ভাল পায়। এই ঘটনাই তেওঁলোকক শিক্ষা দিয়ে যে ঈশ্বৰৰ দৃষ্টিত এটা জাতিৰ তুলনাত আনটো শ্ৰেষ্ঠ নহয়। এই কথা আমিও মনত ৰখা উচিত, নহয়নে?