কাহিনী ১১৩
ৰোম দেশত পৌল
পৌলৰ হাতত শিকলিডাল লাগি থকা দেখিছানে? তেওঁক পহৰা দি থকা ৰোমান সৈনিকজনলৈ চোৱাচোন। পৌল এতিয়া ৰোম দেশত বন্দী হৈ আছে। ৰোমৰ শাসকৰ নিৰ্ণয়ৰ বাবে পৌলে অপেক্ষা কৰিছে। তেওঁ বন্দী হৈ থকা সময়ছোৱাত লোকসকলে তেওঁক দেখা কৰিব পাৰিছিল।
ৰোমত উপস্থিত হোৱাৰ তিনিদিনৰ পাছত, পৌলে কিছুমান যিহূদী নেতাক দেখা কৰিবলৈ ইচ্ছা কৰে। পৌলৰ অনুৰোধত ৰোমত বাস কৰা বহুতো যিহূদী লোকে তেওঁক দেখা কৰিবলৈ আহে। পৌলে তেওঁলোকক যীচু আৰু ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে বৰ্ণনা কৰে। তেওঁৰ কথা শুনি কিছুমান লোকে বিশ্বাস কৰে আৰু যীচুৰ অনুগামী হৈ পৰে। কিন্তু বহুতোলোকে তেওঁৰ কথাত বিশ্বাস নকৰিলে।
পহৰা দিবলৈ অহা বেলেগ বেলেগ সৈনিকসকলকো পৌলে শুভবাৰ্ত্তাৰ বিষয়ে জনায়। পৌলে ইয়াত দুবছৰলৈকে বন্দী হৈ আছিল আৰু এই সময়ছোৱাত তেওঁ যাকে পাৰে তাকে শুভবাৰ্ত্তা ঘোষণা কৰিছিল। ইয়াৰ পৰিণামস্বৰূপে ৰোমৰ শাসকৰ ঘৰৰ লোকসকলেও শুভবাৰ্ত্তাৰ বিষয়ে শুনিবলৈ পালে। তেওঁলোকৰ কিছুমানে পৌলৰ এই বাৰ্ত্তা বিশ্বাস কৰিলে আৰু যীচুৰ অনুগামী হʼল।
পৌলৰ সন্মুখত বহি থকা ব্যক্তিজন কোন হয় বাৰু? তোমালোকে অনুমান কৰিব পাৰিবানে? তেওঁ হৈছে তীমথিয়। শুভবাৰ্ত্তা ঘোষণা কৰাৰ বাবে তীমথিয়কো বন্দী কৰা হৈছিল, কিন্তু তেওঁক এতিয়া মুকলি কৰা হৈছে। তীমথিয়ে পৌলক সহায় কৰিবলৈ ইয়ালৈ আহিছে। তেওঁ কি লিখিছে তোমালোকে জানানে?
ফিলিপী আৰু ইফিচ নামৰ নগৰকেইখনৰ বিষয়ে তোমালোকৰ মনত আছেনে? আমি ইয়াৰ বিষয়ে ১১০ নম্বৰ কাহিনীটোত শিকিছিলো। পৌলে সেই নগৰকেইখনত খ্ৰীষ্টান মণ্ডলী স্থাপন কৰিবলৈ সহায় কৰিছিল। এতিয়া বন্দী অৱস্থাত পৌলে সেই মণ্ডলীবোৰলৈ চিঠি লিখিছে। এই চিঠিকেইখন ইফিচীয়া আৰু ফিলিপীয়া নামেৰে বাইবেলত পোৱা যায়। ফিলিপী মণ্ডলীত থকা খ্ৰীষ্টানসকলক কি লিখিব লাগে, তাৰ বিষয়ে পৌলে এতিয়া তীমথিয়ক কৈছে।
ফিলিপী মণ্ডলীৰ খ্ৰীষ্টানসকলে পৌলক বৰ যত্ন লৈছিল। বন্দী হৈ থকাৰ সময়ছোৱাত তেওঁলোকে পৌলক এটা উপহাৰ পঠাইছিল। এই উপহাৰৰ বাবে ধন্যবাদ জনাই পৌলে তেওঁলোকলৈ এখন চিঠি লিখিছে। পৌলক উপহাৰ দিবলৈ অহা ব্যক্তিজনৰ নাম আছিল ইপাফ্ৰদীত। কিন্তু ইয়ালৈ আহি তেওঁ বৰ বেয়াকৈ অসুখত পৰে আৰু মৰোঁ মৰোঁ অৱস্থা হয়। এতিয়া তেওঁ সুস্থ হʼল আৰু ঘৰলৈ উভতি যাবলৈ সাজু হৈছে। ফিলিপীলৈ উভতি যোৱাৰ সময়ত ইপাফ্ৰদীতে, পৌল আৰু তীমথিয়ৰ এই চিঠিখন লগত লৈ যাব।
বন্দী হৈ থকাৰ সময়ছোৱাত পৌলে আৰু দুখন চিঠি লিখে। এই চিঠিকেইখনো বাইবেলত পোৱা যায়। ইয়াৰে এখন চিঠি তেওঁ কলচী নগৰত থকা খ্ৰীষ্টানসকলক উদ্দেশ্য কৰি লিখিছিল। এই চিঠিখনক বাইবেলত কি নাম দিয়া হৈছে তোমালোকে জানানে? ইয়াৰ নাম হৈছে কলচীয়া। আন এখন চিঠি তেওঁ কলচী নগৰতেই বাস কৰা, ফিলীমন নামৰ এজন বন্ধুক লিখিছিল। চিঠিখনত পৌলে ফিলীমনৰ দাস, ওনীচিমৰ বিষয়ে উল্লেখ কৰিছিল।
ওনীচিমে ফিলীমনৰ ওচৰৰপৰা পলাই ৰোম দেশলৈ আহিছিল। ওনীচিমে কেনেবাকৈ পৌলে বন্দী হৈ থকাৰ বিষয়ে জানিব পাৰিলে। তেওঁ পৌলক দেখা কৰিবলৈ আহিল আৰু পৌলে তেওঁক শুভবাৰ্ত্তাৰ বিষয়ে জনালে। অতি কম সময়ৰ ভিতৰত ওনীচিমে যীচুৰ অনুগামী হৈ পৰিল। এতিয়া নিজৰ মালিক ফিলীমনৰ ওচৰৰপৰা পলাই অহাৰ বাবে ওনীচিমৰ বেয়া লাগিছে। পৌলে ফিলীমনক লিখা চিঠিখনত কি উল্লেখ কৰিছিল তোমালোকে জানানে?
ওনীচিমক ক্ষমা কৰিবলৈ পৌলে ফিলীমনক চিঠিখনত লিখিছিল। পৌলে লিখিছিল: ‘ওনীচিমক মই তোমাৰ ওচৰলৈ ঘূৰাই পঠাইছোঁ। তেওঁ কেৱল তোমাৰ দাসহে নহয়, কিন্তু এজন খ্ৰীষ্টীয় ভায়ো হয়।’ উভতি যোৱাৰ সময়ত ওনীচিমে কলচীৰ মণ্ডলীৰ বাবে এখন চিঠি আৰু ফিলীমনৰ বাবে এখন চিঠি লগত লৈ যায়। ওনীচিমে যীচুৰ এজন অনুগামী হোৱাৰ বাবে ফিলীমনে নিশ্চয় আনন্দিত হৈছিল।
ফিলিপীয়া মণ্ডলী আৰু ফিলীমনক লিখা চিঠিকেইখনত, পৌলে এক ভাল খবৰ উল্লেখ কৰে। তেওঁ ফিলিপীয়াসকলক লিখিছিল: ‘মই তোমালোকৰ তালৈ তীমথিয়ক পঠাইছোঁ। কিছুদিনৰ পাছত ময়ো আহিম।’ ফিলীমনক পৌলে লিখিছিল: ‘মোৰ বাবে এক ঠাই যুগুত কৰি ৰাখিবা।’
পৌলে মুকলি হোৱাৰ পাছত, বিভিন্ন ঠাইবোৰত থকা খ্ৰীষ্টান ভাই-ভনীসকলক দেখা কৰিবলৈ গৈছিল। কিন্তু অতি সোনকালে পৌলক আকৌ ৰোমত বন্দী কৰা হয়। পৌলে জানিছিল যে এইবাৰ তেওঁক মৃত্যুদণ্ড দিয়া হʼব। সেইবাবে তেওঁ তীমথিয়লৈ এখন চিঠি লিখি সোনকালে আহিবলৈ মাতি পঠাইছিল। পৌলে চিঠিখনত লিখিছিল: ‘মই এতিয়ালৈকে ঈশ্বৰৰ প্ৰতি বিশ্বাসী হৈ আছোঁ আৰু ইয়াৰ বাবে ঈশ্বৰে মোক নিশ্চয় পুৰস্কাৰ দিব।’ ইয়াৰ পাছত পৌলৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ কিছুবছৰৰ পাছত ৰোমানসকলে যিৰূচালেম ধ্বংস কৰে।
ইয়াৰ উপৰিও বাইবেলত আৰু বহুতো কথা উল্লেখ আছে। যিহোৱা ঈশ্বৰে পাঁচনি যোহনক বাইবেলৰ শেষৰ কিতাপকেইখন লিখিবলৈ প্ৰেৰিত কৰিছিল। যোহনে প্ৰকাশিত বাক্য নামৰ কিতাপখনো লিখিছিল। প্ৰকাশিত বাক্য কিতাপখনে আমাক ভৱিষ্যতৰ বিষয়ে বৰ্ণনা কৰে। আহাঁ আমি ভৱিষ্যতে হʼবলগীয়া কিছুমান ঘটনাৰ বিষয়ে শিকোঁ।