আলোচনাৰ বাবে বাইবেলৰ বিষয়
১. আন্তঃধৰ্মীয়
ক. আন ধৰ্মবোৰৰ সৈতে মিলিত থকাটো ঈশ্বৰৰ সামঞ্জস্যত নহয়
কেৱল এটাই পথ, যি ঠেক আৰু অলপ সংখ্যক লোকহে তাত চলে। ইফি ৪:৪-৬; মথি ৭:১৩, ১৪
মিছা সিদ্ধান্তসমূহে দূষিত কৰে বুলি সতৰ্কবাণী দিয়া হʼল। মথি ১৬:৬, ১২; গালা ৫:৯
আঁতৰি থাকিবলৈ আজ্ঞা দিয়া হʼল। ২ তীম ৩:৫; ২ কৰি ৬:১৪-১৭; প্ৰকা ১৮:৪
খ. “সকলো ধৰ্মই উত্তম” বুলি কোৱা কথাষাৰ সঁচা নহয়
কিছুমান লোকে উৎসাহী, কিন্তু ঈশ্বৰৰ অনুসাৰে নহয়। ৰোম ১০:২, ৩
বেয়াই উত্তমতাক নষ্ট কৰে। ১ কৰি ৫:৬; মথি ৭:১৫-১৭
ভাঁৰিকোৱা ভাববাদীসকলে ধ্বংসক আমন্ত্ৰণ কৰে। ২ পিত ২:১; মথি ১২:৩০; ১৫:১৪
শুদ্ধ উপাসনাৰ বাবে অনন্য ভক্তিৰ আৱশ্যক। দ্বিতী ৬:৫, ১৪, ১৫
২. আৰোগ্যকাৰী, ভিন্ন ভাষা কোৱা
ক. আধ্যাত্মিক আৰোগ্যৰ স্থায়ী লাভসমূহ
আধ্যাত্মিক ৰোগ ধ্বংসাত্মক। যিচ ১:৪-৬; ৬:১০; হোচে ৪:৬
আধ্যাত্মিকৰূপে সুস্থ কৰিবলৈ সৰ্ব্বপ্ৰথমে আজ্ঞা দিয়া হʼল। যোহ ৬:৬৩; লূক ৪:১৮
পাপৰ পৰা মুক্ত; আনন্দ প্ৰদান কৰে। যাকো ৫:১৯, ২০; প্ৰকা ৭:১৪-১৭
খ. ঈশ্বৰৰ ৰাজ্যই স্থায়ী শাৰীৰিক সুস্থতা প্ৰদান কৰিব
যীচুৱে ৰোগীক আৰোগ্য, ঈশ্বৰৰ ৰাজ্যৰ আশীৰ্ব্বাদসমূহক প্ৰচাৰ। মথি ৪:২৩
স্থায়ী আৰোগ্যৰ দ্বাৰা কৰা ঈশ্বৰৰ ৰাজ্যৰ প্ৰতিজ্ঞা। মথি ৬:১০; যিচ ৯:৭
আনকি মৃত্যুকো লুপ্ত কৰা হʼব। ১ কৰি ১৫:২৫, ২৬; প্ৰকা ২১:৪; ২০:১৪
গ. আধুনিক বিশ্বাস আৰোগ্যত ঈশ্বৰৰ স্বীকৃতিৰ প্ৰমাণ পোৱা নাযায়
শিষ্যসকলে অলৌকিকভাৱে নিজকে আৰোগ্য কৰা নাছিল। ২ কৰি ১২:৭-৯; ১ তীম ৫:২৩
পাঁচনিসকলৰ সময়ৰ পিছত অলৌকিক দানসমূহৰ সমাপ্তি হয়। ১ কৰি ১৩:৮-১১
আৰোগ্য হোৱাটোৱে ঈশ্বৰৰ অনুমোদনৰ প্ৰমাণ দাঙি নধৰে। মথি ৭:২২, ২৩; ২ থিচ ২:৯-১১
ঘ. বিভিন্ন ভাষাত কথা কোৱাটো মাত্ৰ এক অস্থায়ী প্ৰবন্ধ আছিল
সেইটো এক চিহ্ন আছিল; বৃহৎ উত্তম বৰ বিচাৰাটো আৱশ্যক আছিল। ১ কৰি ১৪:২২; ১২:৩০, ৩১
পবিত্ৰ আত্মাৰ অলৌকিক বৰসমূহ লুপ্ত হʼব বুলি ভৱিষ্যতবাণী কৰা হৈছিল। ১ কৰি ১৩:৮-১০
মহৎ কামবোৰে ঈশ্বৰৰ অনুগ্ৰহৰ নিশ্চিত প্ৰমাণ দাঙি নধৰে। মথি ৭:২২, ২৩; ২৪:২৪
৩. আত্মা, প্ৰেতাত্মাবাদ
ক. পবিত্ৰ আত্মা কি
ঈশ্বৰৰ সক্ৰিয় শক্তি, ই কোনো ব্যক্তি নহয়। পাঁচ ২:২, ৩, ৩৩; যোহ ১৪:১৭
সৃষ্টি, বাইবেল লিখাত অনুপ্ৰেৰিত আৰু আন আন কাৰ্য্যতো ব্যৱহাৰ কৰা হৈছে। আদি ১:২; যিহি ১১:৫
খ্ৰীষ্টৰ দেহৰ সদস্যসকল উৎপন্ন, অভিষিক্ত কৰা। যোহ ৩:৫-৮; ২ কৰি ১:২১, ২২
বৰ্তমান সময়ত ঈশ্বৰৰ লোকসকলক শক্তিশালী কৰে, নেতৃত্ব দিয়ে। গালা ৫:১৬, ১৮
খ. প্ৰাণশক্তিক আত্মা বুলি কোৱা হয়
জীৱনৰ উৎস উশাহ-নিশাহ লোৱাৰ ওপৰত নিৰ্ভৰশীল। যাকো ২:২৬; ইয়ো ২৭:৩
ঈশ্বৰৰ ওচৰত প্ৰাণশক্তিক নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা আছে। জখ ১২:১
মানৱ আৰু পশু, এই উভয়ৰে প্ৰাণশক্তি মৰে। উপ ৩:১৯, ২০
পুনৰুত্থানৰ আশাৰে ঈশ্বৰলৈ প্ৰাণ সমৰ্পণ কৰা হয়। লূক ২৩:৪৬
গ. প্ৰেতাত্মাবাদ হৈছে পিশাচবোৰৰ কাৰ্য্য, যাৰ পৰা আঁতৰি থকা উচিত
ঈশ্বৰৰ বাক্যই নিষেধাজ্ঞা দিছে। যিচ ৮:১৯, ২০; লেবী ১৯:৩১; ২০:৬, ২৭
ভৱিষ্যতৰ বিষয়ে কোৱাটো প্ৰেতাত্মাবাদৰ কাৰ্য্য; তেনে কাৰ্য্যক নিষেধ কৰা হৈছে। পাঁচ ১৬:১৬-১৮
কেৱল ধ্বংসলৈ পৰিচালিত কৰে। গালা ৫:১৯-২১; প্ৰকা ২১:৮; ২২:১৫
জ্যোতিষীবিদ্যা নিষেধ কৰা হৈছে। দ্বিতী ১৮:১০-১২; যিৰি ১০:২
৪. ক্ৰুচ
ক. যীচুক এজন নিন্দনীয় ব্যক্তিৰূপে যাতনা স্তম্ভত আঁৰি মৃত্যুদণ্ড দিয়া হৈছিল
যীচুক যাতনা স্তম্ভ বা কাঠত আঁৰি মৃত্যুদণ্ড দিয়া হৈছিল। পাঁচ ৫:৩০; ১০:৩৯; গালা ৩:১৩
খ্ৰীষ্টানসকলে নিশ্চয়ে নিন্দাৰূপী যাতনা স্তম্ভ বহন কৰিব লাগিব। মথি ১০:৩৮; লূক ৯:২৩
খ. উপাসনা কৰা উচিত নহয়
যীচুক বধ কৰা কাঠৰ স্তম্ভ প্ৰদৰ্শন কৰাটো হৈছে এটা নিন্দনীয় কাৰ্য্য। ইব্ৰী ৬:৬; মথি ২৭:৪১, ৪২
উপাসনাত ক্ৰুচ ব্যৱহাৰ কৰাটো হৈছে মূৰ্ত্তিপূজাৰ প্ৰতীক। যাত্ৰা ২০:৪, ৫; যিৰি ১০:৩-৫
যীচু আত্মা; এতিয়ালৈকে কাঠৰ স্তম্ভত নাই। ১ তীম ৩:১৬; ১ পিত ৩:১৮
৫. খ্ৰীষ্টৰ পুনৰ আগমন
ক. মানৱজাতিৰ বাবে পুনৰ আগমন অদৃশ্যৰূপে হʼব
শিষ্যসকলক কৈছিল যে জগতে আৰু তেওঁক নেদেখিব। যোহ ১৪:১৯
কেৱল শিষ্যসকলে স্বৰ্গাৰোহণ দেখিছিল; পুনৰ আগমন সেই একেদৰে হব। পাঁচ ১:৬, ১০, ১১
স্বৰ্গত, এক অদৃশ্য আত্মা। ১ তীম ৬:১৪-১৬; ইব্ৰী ১:৩
স্বৰ্গীয় ৰাজ্যৰ ক্ষমতাৰ সৈতে পুনৰ আগমন। দানি ৭:১৩, ১৪
খ. বাস্তৱ ঘটনাবোৰৰ দ্বাৰা চিনাক্ত কৰা
শিষ্যসকলে উপস্থিতিৰ চিহ্ন বিচাৰিছিল। মথি ২৪:৩
জ্ঞান চকুৰে খ্ৰীষ্টানসকলে তেওঁৰ উপস্থিতি “দেখিব।” ইফি ১:১৮, ১৯
বহুতো ঘটনাই উপস্থিতিৰ প্ৰমাণ দিয়ে। লূক ২১:১০, ১১
শত্ৰুবিলাকে ধ্বংসৰ মুখ “দেখিব।” প্ৰকা ১:৭
৬. গীৰ্জা
ক. আধ্যাত্মিক গীৰ্জা, খ্ৰীষ্টৰ নামৰ ওপৰত প্ৰতিষ্ঠিত
মানুহে নিৰ্ম্মিত মন্দিৰত ঈশ্বৰে বাস নকৰে। পাঁচ ১৭:২৪, ২৫; ৭:৪৮
প্ৰকৃত গীৰ্জা হৈছে জীৱন্ত শিলৰ আধ্যাত্মিক মন্দিৰ। ১ পিত ২:৫, ৬
খ্ৰীষ্ট হৈছে প্ৰধান চুকৰ শিল; পাঁচনিসকল, দ্বিতীয় শ্ৰেণীৰ আধাৰশিলা। ইফি ২:২০
ঈশ্বৰক আত্মা আৰু সত্যৰে উপাসনা কৰা উচিত। যোহ ৪:২৪
খ. গীৰ্জা পিতৰৰ ওপৰত স্থাপিত নাছিল
গীৰ্জা পিতৰৰ নামৰ ওপৰত প্ৰতিষ্ঠিত কৰা হৈছে বুলি যীচুৱে কোৱা নাছিল। মথি ১৬:১৮
যীচুক “জীৱনময় শিল” বুলি চিনাক্ত কৰা হʼল। ১ কৰি ১০:৪
পিতৰে যীচুক মুখ্য আধাৰশিলা বুলি চিনাক্ত কৰিলে। ১ পিত ২:৪, ৬-৮; পাঁচ ৪:৮-১২
৭. ঘটনা তালিকা
ক. (সা.যু.) ১৯১৪ চনত অন্যজাতিৰ সময় সমাপ্ত
সা.যু.পূ. ৬০৭ চনত ৰাজকীয় বংশৰ শাসনত ব্যাঘাত জন্মিল। যিহি ২১:২৫-২৭
ৰাজকীয় শাসন পুনৰ স্থাপিত নোহোৱালৈকে “সাত কাল” চলি থাকিল। দানি ৪:৩২, ১৬, ১৭
সাত কাল = ২×৩১/২ সময় অৰ্থাৎ ২×১,২৬০ দিন। প্ৰকা ১২:৬, ১৪; ১১:২, ৩
এবছৰৰ বাবে এদিন। [২,৫২০ বছৰৰে গঠিত] যিহি ৪:৬; গণ ১৪:৩৪
ৰাজকীয় শাসন স্থাপনা নোহোৱালৈকে চলি থাকিল। লূক ২১:২৪; দানি ৭:১৩, ১৪
৮. জীৱন
ক. আজ্ঞাকাৰী মানৱজাতিৰ বাবে অনন্ত জীৱন নিশ্চিত
ঈশ্বৰ, যিজনে কেতিয়াও মিছা নকয়, তেওঁ জীৱনৰ প্ৰতিজ্ঞা কৰিছে। তীত ১:২; যোহ ১০:২৭, ২৮
যিসকলে বিশ্বাস কৰে তেওঁলোকৰ বাবে অনন্ত জীৱন নিশ্চিত। যোহ ১১:২৫, ২৬
মৃত্যুক চিৰকালৰ বাবে লুপ্ত কৰা হʼব। ১ কৰি ১৫:২৬; প্ৰকা ২১:৪; ২০:১৪; যিচ ২৫:৮
খ. স্বৰ্গীয় জীৱন সেইসকলৰ বাবে সীমিত যিসকল খ্ৰীষ্টৰ দেহ
ঈশ্বৰে নিজ ইচ্ছা অনুসৰি সদস্যসকলক মনোনীত কৰে। মথি ২০:২৩; ১ কৰি ১২:১৮
কেৱল ১,৪৪,০০০ জনক পৃথিৱীৰ পৰা লোৱা হʼল। প্ৰকা ১৪:১, ৪; ৭:২-৪; ৫:৯, ১০
আনকি যোহন বাপ্তাইজকো স্বৰ্গীয় ৰাজ্যৰ ভাগী নহʼব। মথি ১১:১১
গ. “অন্য মেৰ” অৰ্থাৎ পাৰ্থিৱ জীৱনৰ বাবে অসীমিত লোকক প্ৰতিজ্ঞা কৰা হৈছে
স্বৰ্গত যীচুৰ সৈতে এক সীমিত সংখ্যক লোক থাকিব। প্ৰকা ১৪:১, ৪; ৭:২-৪
“অন্য মেৰ” খ্ৰীষ্টৰ ভাই নহয়। যোহ ১০:১৬; মথি ২৫:৩২, ৪০
পৃথিৱীত জীয়াই থাকিবলৈ বৰ্তমান সময়ত অনেক লোকক একত্ৰিত কৰা হৈছে। প্ৰকা ৭:৯, ১৫-১৭
অন্যসকলক পৃথিৱীত জীয়াই থাকিবৰ বাবে পুনৰুত্থান কৰা হʼব। প্ৰকা ২০:১২; ২১:৪
৯. তেজ
ক. তেজ সঞ্চাৰণে তেজৰ পবিত্ৰতাক উল্লঙ্ঘন কৰে
ঈশ্বৰে নোহক তেজ পবিত্ৰ বুলি কৈছিল, কিয়নো তেজেই হৈছে জীৱন। আদি ৯:৪, ১৬
মোচিক দিয়া ব্যৱস্থাত তেজ পান কৰাটো নিষেধ কৰিছিল। লেবী ১৭:১৪; ৭:২৬, ২৭
খ্ৰীষ্টানসকলৰ বাবেও সেই আজ্ঞা প্ৰযোজ্য হয়। পাঁচ ১৫:২৮, ২৯; ২১:২৫
খ. ঈশ্বৰৰ ব্যৱস্থা উল্লঙ্ঘন কৰি নিজ জীৱন ৰক্ষা কৰাটো অনুচিত
আজ্ঞা পালন কৰাটো বলিদানতকৈ উত্তম। ১ চমূ ১৫:২২; মাৰ্ক ১২:৩৩
নিজৰ জীৱনক ঈশ্বৰৰ ব্যৱস্থাতকৈ অধিক গুৰুত্ব দিয়াতো বিপদজনক। মাৰ্ক ৮:৩৫, ৩৬
১০. ত্ৰিমূৰ্ত্তি
ক. ঈশ্বৰ হৈছে এজন পিতৃ, ব্যক্তি আৰু বিশ্বৰ সৰ্ব্বপ্ৰধান
ঈশ্বৰ তিনিজন ব্যক্তি নহয়। দ্বিতী ৬:৪; মলা ২:১০; মাৰ্ক ১০:১৮; ৰোম ৩:২৯, ৩০
পুত্ৰক সৃষ্টি কৰা হৈছিল; পূৰ্বতে ঈশ্বৰ অকলে আছিল। প্ৰকা ৩:১৪; কল ১:১৫; যিচ ৪৪:৬
ঈশ্বৰ সৰ্ব্বদাকালৰ বাবে বিশ্বৰ অধিপতি। ফিলি ২:৫, ৬; দানি ৪:৩৫
ঈশ্বৰ সকলোতকৈ শ্ৰেষ্ঠ। ফিলি ২:১০, ১১
খ. পৃথিৱীত অহাৰ পূৰ্বে আৰু পিছতো পুত্ৰ পিতৃৰ অধীন আছিল
স্বৰ্গত পুত্ৰ আজ্ঞাকাৰী, পিতৃৰ দ্বাৰা পঠোৱা হʼল। যোহ ৮:৪২; ১২:৪৯
পৃথিৱীতো আজ্ঞাকাৰী হৈ থাকিল, পিতৃ তেওঁতকৈ মহান। যিহো ১৪:২৮; ৫:১৯; ইব্ৰী ৫:৮
স্বৰ্গত মহিমান্বিত আৰু এতিয়াও পিতৃৰ অধীন। ফিলি ২:৯; ১ কৰি ১৫:২৮; মথি ২০:২৩
যিহোৱা খ্ৰীষ্টৰ মূৰস্বৰূপ আৰু ঈশ্বৰ। ১ কৰি ১১:৩; যোহ ২০:১৭; প্ৰকা ১:৬
গ. ঈশ্বৰ আৰু খ্ৰীষ্টৰ একতা
সদায়ে সম্পূৰ্ণভাৱে একমত। যোহ ৮:২৮, ২৯; ১৪:১০
সেই একমত, স্বামী আৰু স্ত্ৰীৰ মাজত থকাৰ দৰে। যোহ ১০:৩০; মথি ১৯:৪-৬
সকলো বিশ্বাসী ব্যক্তিয়ে সেইদৰে একমত হোৱা উচিত। যোহ ১৭:২০-২২; ১ কৰি ১:১০
চিৰকাললৈ খ্ৰীষ্টৰ দ্বাৰা যিহোৱাক উপাসনা। যোহ ৪:২৩, ২৪
ঘ. ঈশ্বৰৰ পবিত্ৰ আত্মা তেওঁৰ সক্ৰিয় শক্তি
ই এটা শক্তি, এজন ব্যক্তি নহয়। মথি ৩:১৬; যোহ ২০:২২; পাঁচ ২:৪, ১৭, ৩৩
ঈশ্বৰ আৰু খ্ৰীষ্টৰ সৈতে স্বৰ্গত কোনো তৃতীয় ব্যক্তি নাই। পাঁচ ৭:৫৫, ৫৬; প্ৰকা ৭:১০
উদ্দেশ্য সম্পন্ন কৰিবলৈ ঈশ্বৰৰ দ্বাৰা পৰিচালিত। গীত ১০৪:৩০; ১ কৰি ১২:৪-১১
ঈশ্বৰক সেৱা কৰাসকলে এই সক্ৰিয় শক্তি আৰু পথ-প্ৰদৰ্শন পায়। ১ কৰি ২:১২, ১৩; গালা ৫:১৬
১১. দিয়াবল, পিশাচবোৰ
ক. দিয়াবল এজন আত্মিক ব্যক্তি
আমাৰ হৃদয়ত থকা কোনো দুষ্ট গুণ নহয়, কিন্তু প্ৰকৃততে এজন আত্মিক ব্যক্তি। ২ তীম ২:২৬
স্বৰ্গদূতৰ দৰে দিয়াবলো এজন ব্যক্তি। মথি ৪:১, ১১; ইয়ো ১:৬
কুঅভিলাষৰ দ্বাৰা পৰিচালিত হৈ নিজে দিয়াবল হৈ পৰিল। যাকো ১:১৩-১৫
খ. দিয়াবল এই জগতৰ অদৃশ্য শাসক
ঈশ্বৰৰূপে জগতখন তাৰ নিয়ন্ত্ৰণত আছে। ২ কৰি ৪:৪; ১ যোহ ৫:১৯; প্ৰকা ১২:৯
বাদ-বিবাদৰ বিষয়টো নিষ্পত্তি নোহোৱালৈকে সময় দিয়া হৈছে। যাত্ৰা ৯:১৬; যোহ ১২:৩১
অগাধ ঠাইত পেলোৱা হʼব, অৱশেষত বিনষ্ট কৰিব। প্ৰকা ২০:২, ৩, ১০
গ. পিশাচবোৰ হৈছে বিদ্ৰোহী স্বৰ্গদূত
জল-প্লাৱনৰ পূৰ্বেই চয়তানৰ লগত যোগ দিছিল। আদি ৬:১, ২; ১ পিত ৩:১৯, ২০
মৰ্য্যদাহীন, সকলো প্ৰকাৰৰ আশীৰ্ব্বাদৰ পৰা বঞ্চিত কৰা হʼল। ২ পিত ২:৪; যিহূ ৬
ঈশ্বৰৰ বিৰুদ্ধে যুদ্ধ, মানৱজাতিৰ ওপৰত অত্যাচাৰ কৰে। লূক ৮:২৭-২৯; প্ৰকা ১৬:১৩, ১৪
চয়তানৰ সৈতে পিশাচবোৰক ধ্বংস কৰা হʼব। মথি ২৫:৪১; লূক ৮:৩১; প্ৰকা ২০:২, ৩, ১০
১২. দুষ্টতা, জগতৰ সন্তাপ
ক. জগতৰ সন্তাপৰ বাবে কোন দায়ী
বৰ্তমান দুষ্ট শাসনৰ বাবে জগতৰ পৰিস্থিতি বেয়ালৈ ধাল খাইছে। হিতো ২৯:২; ২৮:২৮
জগতৰ অধিপতি হৈছে ঈশ্বৰৰ শত্ৰু। ২ কৰি ৪:৪; ১ যোহ ৫:১৯; যোহ ১২:৩১
দিয়াবলে সন্তাপ আনিছে, সময় একেবাৰে কম। প্ৰকা ১২:৯, ১২
দিয়াবল আৱদ্ধ, তাৰ পাছত প্ৰকৃত শান্তি। প্ৰকা ২০:১-৩; ২১:৩, ৪
খ. কিয় দুষ্টতাক অনুমতি দিয়া হʼল
দিয়াবলে মানুহৰ নিষ্ঠাক লৈ ঈশ্বৰৰ সম্মুখত প্ৰত্যাহ্বান জনালে। ইয়ো ১:১১, ১২
বিশ্বাসীসকলক তেওঁলোকৰ নিষ্ঠা প্ৰমাণিত কৰিবলৈ সুযোগ দিয়া হʼল। ৰোম ৯:১৭; হিতো ২৭:১১
দিয়াবল মিছা প্ৰমাণিত হʼল আৰু বাদ-বিবাদৰ বিষয়টো মীমাংসা কৰা হʼব। যোহ ১২:৩১
বিশ্বাসী ব্যক্তিসকল অনন্ত জীৱনেৰে পুৰস্কৃত হʼব। ৰোম ২:৬, ৭; প্ৰকা ২১:৩-৫
গ. শেষকালৰ দীঘলীয়া সময় এটা কৰুণাময় ব্যৱস্থা
যিদৰে নোহৰ সময়ত হৈছিল, সাৱধানবাণী শুনাবলৈ সময়ৰ আৱশ্যক। মথি ২৪:১৪, ৩৭-৩৯
ঈশ্বৰে ধীৰ নহয়, কিন্তু দয়াশীল। ২ পিত ৩:৯; যিচ ৩০:১৮
বাইবেলে অসতৰ্কতাৰ পৰা বাচিবলৈ আমাক সহায় কৰে। লূক ২১:৩৬; ১ থিচ ৫:৪
সুৰক্ষাৰ বাবে এতিয়াই ঈশ্বৰৰ ব্যৱস্থাক গ্ৰহণ কৰক। যিচ ২:২-৪; চফ ২:৩
ঘ. জগতৰ দুৰৱস্থাক মানুহে সমাধান কৰিব নোৱাৰে
মানুহ ভয়ভিত আৰু বিমোৰত পৰে। লূক ২১:১০, ১১; ২ তীম ৩:১-৫
মানুহ নহয়, কিন্তু ঈশ্বৰৰ ৰাজ্যই সফল হʼব। দানি ২:৪৪; মথি ৬:১০
জীয়াই থাকিবলৈ হʼলে, এতিয়াই সেই ৰজাজনক শান্তিৰ বাবে নিবেদন কৰা উচিত। গীত ২:৯, ১১, ১২
১৩. ধৰ্ম
ক. এটাই মাত্ৰ সত্য ধৰ্ম আছে
এক আশা, এক বিশ্বাস আৰু এক বাপ্তিষ্মা। ইফি ৪:৫, ১৩
শিষ্য বনাবলৈ আজ্ঞা দিয়া হʼল। মথি ২৮:১৯; পাঁচ ৮:১২; ১৪:২১
ইয়াৰ ফলৰ দ্বাৰা চিনাক্ত। মথি ৭:১৯, ২০; লূক ৬:৪৩, ৪৪; যোহ ১৫:৮
সদস্যসকলৰ মাজত প্ৰেম, একতা। যোহ ১৩:৩৫; ১ কৰি ১:১০; ১ যোহ ৪:২০
খ. মিছা ধৰ্ম্মীয় মূলনীতিবোৰক দোষী সাব্যস্ত কৰা হৈছে
যীচুৱে মিছা ধৰ্ম্মীয় মূলনীতিবোৰক দোষী সাব্যস্ত কৰিছিল। মথি ২৩:১৫, ২৩, ২৪; ১৫:৪-৯
বিপথগামী হোৱাৰ পৰা ৰক্ষা পাবলৈ তেনে কৰিলে। মথি ১৫:১৪
যীচুৰ শিষ্য হোৱাৰ বাবে সত্যতাই তেওঁলোকক মুক্ত কৰে। যোহ ৮:৩১, ৩২
গ. যদি এজন ব্যক্তিৰ ধৰ্ম মিছা প্ৰমাণিত হয়, তেন্তে তেওঁ ধৰ্ম পৰিৱৰ্তন কৰা আৱশ্যক
সত্যতাই মুক্তি প্ৰদান; অনেক বিষয়বোৰক মিছা প্ৰমাণিত কৰে। যোহ ৮:৩১, ৩২
ইস্ৰায়েল, আন ব্যক্তিবিলাকে তেওঁলোকে কৰা পূৰ্বৰ উপাসনা ত্যাগ কৰিছিল। যিহো ২৪:১৫; ২ৰাজা ৫:১৭
প্ৰাচীন খ্ৰীষ্টানসকলে তেওঁলোকৰ বিচাৰধাৰা সলনি কৰিছিল। গালা ১:১৩, ১৪; পাচঁ ৩:১৭, ১৯
পৌলে নিজৰ ধৰ্ম পৰিৱৰ্তন কৰিলে। পাঁচ ২৬:৪-৬
গোটেই জগত ভ্ৰান্ত; গতিকে মিছাৰ পৰা মন পালটন কৰা আৱশ্যক। প্ৰকা ১২:৯; ৰোম ১২:২
ঘ. “সকলো ধৰ্ম ভাল” বুলি কʼলেই ঈশ্বৰৰ অনুমোদনৰ নিশ্চয়তা নিদিয়ে
ঈশ্বৰে উপাসনাৰ বাবে নিৰ্দ্ধাৰিত নিয়মৰ স্থিৰ কৰিলে। যোহ ৪:২৩, ২৪; যাকো ১:২৭
ঈশ্বৰৰ ইচ্ছা অনুসৰি নহʼলে তেওঁৰ গ্ৰহণযোগ্য নহয়। ৰোম ১০:২, ৩
“উত্তম কাৰ্য্যও” অগ্ৰাহ্য হʼব পাৰে। মথি ৭:২১-২৩
ফলৰ দ্বাৰা চিনাক্ত কৰা হয়। মথি ৭:২০
১৪. নৰক (হেডিচ্, চিঅʼল)
ক. অগ্নিময় যন্ত্ৰণাৰে পীড়িত কৰা কোনো বাস্তৱিক স্থান নাই
ইয়োবে কষ্টভোগী সেই স্থানলৈ যাবৰ বাবে নিৱেদন কৰিছিল। ইয়ো ১৪:১৩
সেয়া হৈছে এক নিষ্ক্ৰিয় স্থান। গীত ৬:৫; উপ ৯:১০; যিচ ৩৮:১৮, ১৯
যীচুক নৰকৰ পৰা নহয় কিন্তু মানৱ কবৰৰ পৰা পুনৰুত্থান কৰা হʼল। পাঁচ ২:২৭, ৩১, ৩২; গীত ১৬:১০
নৰকে মৃতবিলাকক উভটাই দি নিজে ধ্বংস হʼব। প্ৰকা ২০:১৩, ১৪
খ. অগ্নি হৈছে ধ্বংসৰ প্ৰতীক
মৃত্যুক লুপ্ত কৰাটো অগ্নিৰ দ্বাৰা চিহ্নিত কৰা হৈছে। মথি ২৫:৪১, ৪৬; ১৩:৩০
মন পালটন নকৰা দুষ্ট লোকবিলাকক অগ্নিৰ দ্বাৰা চিৰকালৰ বাবে ধ্বংস কৰা হʼব। ইব্ৰী ১০:২৬, ২৭
চয়তানৰ অগ্নিময় “যাতনা” হৈছে তাৰ চিৰকালৰ মৃত্যু। প্ৰকা ২০:১০, ১৪, ১৫
গ. ধনী ব্যক্তি আৰু লাজাৰৰ বিৱৰণিত অনন্ত যাতনাৰ কোনো প্ৰমাণ পোৱা নাযায়
অব্ৰাহামৰ বোকোচাৰ দৰে অগ্নিও বাস্তৱিক নহয়। লূক ১৬:২২-২৪
অব্ৰাহামৰ অনুগ্ৰহ অন্ধকাৰৰ বিপৰীতেও তুলনা কৰা হৈছে। মথি ৮:১১, ১২
বাবিলৰ ধ্বংসক অগ্নিময় যাতনা বুলি কোৱা হৈছিল। প্ৰকা ১৮:৮-১০, ২১
১৫. পূৰ্বজ উপাসনা
ক. পূৰ্বজ উপাসনা অৰ্থহীন
পূৰ্বজসকল মৃত আৰু অচেতন। উপ ৯:৫, ১০
আদি পূৰ্বজে উপাসনাৰ বাবে অযোগ্য হʼল। ৰোম ৫:১২, ১৪; ১ তীম ২:১৪
ঈশ্বৰে এনে ধৰণৰ উপাসনা নিষেধ কৰিছে। যাত্ৰা ৩৪:১৪; মথি ৪:১০
খ. মানৱক সন্মান কৰিব পাৰি, কিন্তু উপাসনা একমাত্ৰ ঈশ্বৰকহে কৰা উচিত
ডেকা ব্যক্তিসকলে বয়সস্থ লোকসকলক সন্মান কৰা উচিত। ১ তীম ৫:১, ২, ১৭; ইফি ৬:১-৩
কিন্তু একমাত্ৰ ঈশ্বৰকহে উপাসনা কৰা উচিত। পাঁচ ১০:২৫, ২৬; প্ৰকা ২২:৮, ৯
১৬. পৃথিৱী
ক. পৃথিৱীৰ বাবে ঈশ্বৰৰ উদ্দেশ্য
সিদ্ধ মানৱৰ বাবে পৃথিৱীত পৰমদেশ স্থাপন কৰা হৈছিল। আদি ১:২৮; ২:৮-১৫
ঈশ্বৰৰ উদ্দেশ্য অটল। যিচ ৫৫:১১; ৪৬:১০, ১১
শান্তিপ্ৰিয় আৰু সিদ্ধ মানুহৰ দ্বাৰা পৃথিৱীখন পৰিপূৰ্ণ হʼব। যিচ ৪৫:১৮; গীত ৭২:৭; যিচ ৯:৬, ৭
ঈশ্বৰৰ ৰাজ্যই পুনৰ পৰমদেশ স্থাপিত কৰিব। মথি ৬:৯, ১০; প্ৰকা ২১:৩-৫
খ. পৃথিৱীখন কেতিয়াও ধ্বংস বা জনশূন্য নহʼব
বাস্তৱতে পৃথিৱীখন চিৰস্থায়ী। উপ ১:৪; গীত ১০৪:৫
নোহৰ সময়ত পৃথিৱীৰ নহয়, কিন্তু মানৱজাতিৰ ধ্বংস হৈছিল। ২ পিত ৩:৫-৭; আদি ৭:২৩
আৰ্হিবোৰে বৰ্তমান সময়ত ৰক্ষা পোৱাসকলক আশা প্ৰদান কৰে। মথি ২৪:৩৭-৩৯
দুষ্টৰ বিনাশ; “বৰ লোকসমূহৰ” ৰক্ষা। ২ থিচ ১:৬-৯; প্ৰকা ৭:৯, ১৪
১৭. পৰিচাৰক
ক. সকলো খ্ৰীষ্টান পৰিচাৰক হোৱা উচিত
যীচু ঈশ্বৰৰ পৰিচাৰক আছিল। ৰোম ১৫:৮, ৯; মথি ২০:২৮
খ্ৰীষ্টানসকলে তেওঁৰ আৰ্হিক অনুকৰণ কৰে। ১ পিত ২:২১; ১ কৰি ১১:১
পৰিচৰ্য্যা কাৰ্য্য সম্পন্ন কৰিবলৈ প্ৰচাৰ কৰা আৱশ্যক। ২ তীম ৪:২, ৫; ১ কৰি ৯:১৬
খ. পৰিচৰ্য্যাৰ বাবে যোগ্যতাসমূহ
ঈশ্বৰৰ পবিত্ৰ আত্মা আৰু তেওঁৰ বাক্যৰ জ্ঞান থকা প্ৰয়োজন। ২ তীম ২:১৫; যিচ ৬১:১-৩
খ্ৰীষ্টৰ আৰ্হিক অনুকৰণ কৰি প্ৰচাৰ কাৰ্য্য কৰা উচিত। ১ পিত ২:২১; ২ তীম ৪:২, ৫
ঈশ্বৰে তেওঁৰ পবিত্ৰ আত্মা আৰু সংগঠনৰ দ্বাৰা প্ৰশিক্ষণ দিয়ে। যোহ ১৪:২৬; ২ কৰি ৩:১-৩
১৮. প্ৰাৰ্থনা
ক. ঈশ্বৰে মনোযোগ দিয়া প্ৰাৰ্থনাসমূহ
ঈশ্বৰে মানুহৰ প্ৰাৰ্থনালৈ মনোযোগ দিয়ে। গীত ১৪৫:১৮; ১ পিত ৩:১২
অধাৰ্ম্মিকবিলাকে জীৱনধাৰাত পৰিৱৰ্তন নকৰালৈকে ঈশ্বৰে তেওঁলোকৰ প্ৰাৰ্থনা নুশুনে। যিচ ১:১৫-১৭
যীচুৰ নামেৰে প্ৰাৰ্থনা কৰা আৱশ্যক। যোহ ১৪:১৩, ১৪; ২ কৰি ১:২০
ঈশ্বৰৰ ইচ্ছাৰ সৈতে সামঞ্জস্য ৰাখি প্ৰাৰ্থনা কৰা উচিত। ১ যোহ ৫:১৪, ১৫
প্ৰাৰ্থনাৰ বাবে বিশ্বাসৰ আৱশ্যক। যাকো ১:৬-৮
খ. পুনৰাবৃত্তি কৰা অৰ্থহীন, মৰিয়ম বা “সন্তসকললৈ” কৰা প্ৰাৰ্থনা ঈশ্বৰৰ গ্ৰহণযোগ্য নহয়
যীচুৰ নামেৰেহে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰা উচিত। যোহ ১৪:৬, ১৪; ১৬:২৩, ২৪
পুনৰাবৃত্তি কৰি প্ৰাৰ্থনা কৰাটো ঈশ্বৰৰ গ্ৰহণযোগ্য নহয়। মথি ৬:৭
১৯. ভাগ্য নিৰ্দ্ধাৰণ
ক. মানুহৰ ভগ্য নিৰ্দ্ধাৰিত কৰা নাই
ঈশ্বৰৰ উদ্দেশ্য নিশ্চিত। যিচ ৫৫:১১; আদি ১:২৮
ঈশ্বৰৰ সেৱা কৰিবলৈ বাছনি কৰাটো এজন ব্যক্তিৰ নিজা দায়িত্ব। যোহ ৩:১৬; ফিলি ২:১২
২০. পুনৰুত্থান
ক. মৃতসকলৰ বাবে আশা
কবৰত থকা সকলোকে জীয়াই তুলা হʼব। যোহ ৫:২৮, ২৯
যীচুৰ পুনৰুত্থানে ইয়াৰ নিশ্চয়তা প্ৰদান কৰে। ১ কৰি ১৫:২০-২২; পাঁচ ১৭:৩১
পবিত্ৰ আত্মাৰ বিৰুদ্ধে পাপ কৰা ব্যক্তিসকলৰ পুনৰুত্থান নহʼব। মথি ১২:৩১, ৩২
বিশ্বাস কৰাসকলে ইয়াৰ দ্বাৰা আশ্বাস লাভ কৰে। যোহ ১১:২৫
খ. স্বৰ্গ অথবা পৃথিৱীৰ জীৱনলৈ পুনৰুত্থান
আদমত সকলো মৰে; যীচুত সকলোৱে জীৱন পায়। ১ কৰি ১৫:২০-২২; ৰোম ৫:১৯
পুনৰুত্থান হোৱাসকলৰ ভিন্ন প্ৰকৃতিৰ শৰীৰ আছিল। ১ কৰি ১৫:৪০, ৪২, ৪৪
যীচুৰ সৈতে শাসন কৰিবলগীয়া ব্যক্তিসকলৰো তেওঁৰ দৰে শৰীৰ হʼব। ১ কৰি ১৫:৪৯; ফিলি ৩:২০, ২১
শাসন নকৰাসকলে এই পৃথিৱীত থাকিব। প্ৰকা ২০:৪খ, ৫, ১৩; ২১:৩, ৪
২১. পৰিত্ৰাণ
ক. যীচুৰ মুক্তিপণ বলিদানৰ যোগেদি ঈশ্বৰৰ পৰা পৰিত্ৰাণ পোৱা
জীৱনটো হৈছে তেওঁৰ পুত্ৰৰ যোগেদি কৰা ঈশ্বৰৰ দান। ১ যোহ ৪:৯, ১৪; ৰোম ৬:২৩
একমাত্ৰ যীচুৰ বলিদানৰ যোগেদি পৰিত্ৰাণ সম্ভৱ। পাঁচ ৪:১২
“মৃত্যুশয্যাত অনুতাপ” কৰি কোনো লাভ নাই। যাকো ২:১৪, ২৬
মুক্তিলাভৰ বাবে আগ্ৰহেৰে কাৰ্য্য কৰা আৱশ্যক। লূক ১৩:২৩, ২৪; ১ তীম ৪:১০
খ. “এবাৰ ৰক্ষা পোৱা মানে সদায়ে ৰক্ষা পোৱা” বুলি কোৱা কথাষাৰ শাস্ত্ৰসংগত নহয়
পবিত্ৰ আত্মা পোৱাবিলাকেও সত্যতাৰ পৰা বিচলিত হʼব পাৰে। ইব্ৰী ৬:৪, ৬; ১ কৰি ৯:২৭
মিচৰৰ পৰা ৰক্ষা পোৱাৰ স্বত্ত্বেও বহুতো ইস্ৰায়েল ব্যক্তিৰ ধ্বংস হʼল। যিহূদা ৫
মুহূৰ্ত্ততে পৰিত্ৰাণ নহয়। ফিলি ২:১২; ৩:১২-১৪; মথি ১০:২২
যিসকলে সত্যতাৰ পৰা উভটি যায়, তেওঁলোকৰ অৱস্থা আগতকৈও অধিক বেয়া হয়। ২ পিত ২:২০, ২১
গ. “সাৰ্বজনীক পৰিত্ৰাণ” শাস্ত্ৰসংগত নহয়
কিছুমানৰ বাবে মনপালটন কৰাটো অসম্ভৱ। ইব্ৰী ৬:৪-৬
দুষ্ট লোকৰ মৃত্যুত ঈশ্বৰে সন্তোষ নাপায়। যিহি ৩৩:১১; ১৮:৩২
কিন্তু প্ৰেমে অধাৰ্ম্মিকতা সহন নকৰে। ইব্ৰী ১:৯
দুষ্ট লোকৰ ধ্বংস অনিবাৰ্য্য। ইব্ৰী ১০:২৬-২৯; প্ৰকা ২০:৭-১৫
২২. পাপ
ক. পাপ কি
ঈশ্বৰৰ ব্যৱস্থাৰ সিদ্ধ স্তৰৰ উলঙ্ঘন। ১ যোহ ৩:৪; ৫:১৭
মানুহ ঈশ্বৰৰ সৃষ্টি হোৱাৰ বাবে, তেওঁৰ আগত জবাবদিহি। ৰোম ১৪:১২; ২:১২-১৫
ব্যৱস্থাই পাপৰ প্ৰভেদতা বুজাই দি মানুহক সচেতন কৰে। গালা ৩:১৯; ৰোম ৩:২০
সকলোৱে পাপী আৰু ঈশ্বৰৰ সিদ্ধ স্তৰৰ পৰা বঞ্চিত হʼল। ৰোম ৩:২৩; গীত ৫১:৫
খ. আদমে কৰা পাপৰ বাবে কিয় সকলোৱে কষ্ট ভুগীবলগীয়া হৈছে
আদমে সকলোৰ বাবে অসিদ্ধতা আৰু মৃত্যু কঢ়িয়াই আনিলে। ৰোম ৫:১২, ১৮
ঈশ্বৰে মানৱজাতিক সহন কৰি দয়া দেখুৱায়। গীত ১০৩:৮, ১০, ১৪, ১৭
যীচুৰ বলিদানে পাপমোচন কৰে। ১ যোহ ২:২
পাপ আৰু চয়তানৰ সকলোবোৰ কাৰ্য্যক চিৰকালৰ বাবে আঁতৰা কৰা হʼব। ১ যোহ ৩:৮
গ. নিষিদ্ধ ফল খোৱাতো যৌন-সঙ্গম নহয়, কিন্তু আজ্ঞা উলঙ্ঘন কৰা আছিল
হৱাৰ সৃষ্টিৰ পূৰ্বেই সেই নিষিদ্ধ ফলৰ গছজোপাক সৃষ্টি কৰা হৈছিল। আদি ২:১৭, ১৮
আদম আৰু হৱাক সন্তান উৎপন্ন কৰিবলৈ ঈশ্বৰে আজ্ঞা দিছিল। আদি ১:২৮
উৎপন্ন হোৱা সন্তান পাপৰ নহয়, কিন্তু ঈশ্বৰৰ আশীৰ্ব্বাদৰ ফল। গীত ১২৭:৩-৫
হৱাই স্বামীৰ অনুপস্থিতিত পাপ কৰিলে; নিজেই সিদ্ধান্ত লৈছিল। আদি ৩:৬; ১ তীম ২:১১-১৪
মূৰস্বৰূপে আদমে ঈশ্বৰৰ ব্যৱস্থাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে। ৰোম ৫:১২, ১৯
ঘ. পবিত্ৰ আত্মাৰ বিৰুদ্ধে কৰা পাপ কি (মথি ১২:৩২; মাৰ্ক ৩:২৮, ২৯)
আদমৰ পৰা উত্তৰাধিকাৰীৰূপে পোৱাটো সেই ধৰণৰ পাপ নহয়। ৰোম ৫:৮, ১২, ১৮; ১ যোহ ৫:১৭
এজন ব্যক্তিয়ে পবিত্ৰ আত্মাক অসন্তুষ্ট কৰিও ক্ষমা পাব পাৰে। ইফি ৪:৩০; যাকো ৫:১৯, ২০
ইচ্ছাকৃতভাৱে কৰা পাপ কাৰ্য্যই মৃত্যুলৈ পৰিচালিত কৰে। ১ যোহ ৩:৬-৯
ঈশ্বৰে তেনেলোকক ন্যায় আৰু তেওঁলোকক নিজৰ পবিত্ৰ আত্মাৰ পৰা বঞ্চিত কৰে। ইব্ৰী ৬:৪-৮
আমি মন পালটন নকৰা ব্যক্তিৰ বাবে প্ৰাৰ্থনা কৰা উচিত নহয়। ১ যোহ ৫:১৬, ১৭
২৩. প্ৰাণ
ক. প্ৰাণ কি
মানুহ হৈছে এটা প্ৰাণী। আদি ২:৭; ১ কৰি ১৫:৪৫; পাঁচ ২৭:৩৭
জীৱ-জন্তুকো প্ৰাণী বুলি কোৱা হৈছে। গণ ৩১:২৮; প্ৰকা ১৬:৩; লেবী ২৪:১৮
প্ৰাণীৰ তেজ আছে, খাদ্য খাব পাৰে আৰু ইয়াৰ মৃত্যু হয়। যিৰি ২:৩৪; যিহি ১৮:৪
মানুহত জীৱন অৰ্থাৎ প্ৰাণ থকা বুলিও কোৱা হয়। মাৰ্ক ৮:৩৬; যোহ ১০:১৫
খ. প্ৰাণ আৰু আত্মাৰ মাজত থকা পাৰ্থক্যতা
ব্যক্তি বা জীৱ-জন্তুত থকা জীৱনক প্ৰাণ থকা বুলি কোৱা হয়। যোহ ১০:১৫; লেবী ১৭:১১
জীৱন-শক্তিয়ে প্ৰাণীক জীৱিত ৰাখে আৰু সেই শক্তিক “উশাহ” বুলি কোৱা হয়। গীত ১৪৬:৪; ১০৪:২৯
এজন ব্যক্তিৰ মৃত্যু হোৱাত তেওঁৰ জীৱন-শক্তিৰ নিয়ন্ত্ৰণ ঈশ্বৰৰ ওচৰলৈ ঘূৰি যায়। উপ ১২:৭
একমাত্ৰ ঈশ্বৰে জীৱন-শক্তিক সক্ৰিয় কৰিব পাৰে। যিহি ৩৭:১২-১৪
২৪. বাপ্তিষ্মা
ক. এজন খ্ৰীষ্টানৰ আৱশ্যকতা
যীচুৱে আৰ্হি প্ৰস্তুত কৰিলে। মথি ৩:১৩-১৫; ইব্ৰী ১০:৭
অঙ্গীকাৰ বা সমৰ্পণক চিহ্নিত কৰে। মথি ১৬:২৪; ১ পিত ৩:২১
একমাত্ৰ তেওঁলোকৰ বাবেহে, যিসকলে শিক্ষাক বুজি পায়। মথি ২৮:১৯, ২০; পাঁচ ২:৪১
পানীত সম্পূৰ্ণকৈ নিমৰ্জ্জন কৰি উঠোৱাটোৱে হৈছে সঠিক পদ্ধতি। পাঁচ ৮:৩৮, ৩৯; যোহ ৩:২৩
খ. বাপ্তিষ্মাই পাপ আঁতৰ নকৰে
পাপ মোচন কৰিবলৈ যীচুৱে বাপ্তিষ্মা লোৱা নাছিল। ১ পিত ২:২২; ৩:১৮
যীচুৰ তেজেহে পাপ আঁতৰ কৰে। ১ যোহ ১:৭
২৫. বাইবেল
ক. ঈশ্বৰৰ নিশ্বাসিত বাক্য
লিখিবলৈ ঈশ্বৰৰ পবিত্ৰ আত্মাৰ দ্বাৰা মানুহক পৰিচালিত কৰা হৈছিল। ২ পিত ১:২০, ২১
ভৱিষ্যতবাণী অন্তৰ্ভুক্ত আছে: দানি ৮:৫, ৬, ২০-২২; লূক ২১:৫, ৬, ২০-২২; যিচ ৪৫:১-৪
গোটেই বাইবেলখন ঈশ্বৰৰ নিশ্বাসিত আৰু লাভজনক। ২ তীম ৩:১৬, ১৭; ৰোম ১৫:৪
খ. বৰ্তমান সময়ৰ বাবে এক ব্যৱহাৰিক পথ-প্ৰদৰ্শক
বাইবেলৰ সিদ্ধান্তসমূহক আওকাণ কৰাৰ অৰ্থ হৈছে ধ্বংস। ৰোম ১:২৮-৩২
মানুহৰ জ্ঞানে ইয়াৰ স্থান লব নোৱাৰে। ১ কৰি ১:২১, ২৫; ১ তীম ৬:২০
আটাইতকৈ শক্তিশালী শত্ৰুৰ বিৰুদ্ধে প্ৰতিৰক্ষা। ইফি ৬:১১, ১২, ১৭
মানুহক সঠিক পথৰ নিৰ্দেশনা দিয়ে। গীত ১১৯:১০৫; ২ পিত ১:১৯; হিতো ৩:৫, ৬
গ. সকলো জাতি আৰু বংশৰ বাবে লিখা হʼল
বাইবেলৰ লিখনি প্ৰাচ্য দেশত আৰম্ভ হৈছিল। যাত্ৰা ১৭:১৪; ২৪:১২, ১৬; ৩৪:২৭
ঈশ্বৰৰ ব্যৱস্থা কেৱল প্ৰাচ্যসকলৰ বাবেই নহয়। ৰোম ১০:১১-১৩; গালা ৩:২৮
ঈশ্বৰে সকলো জাতিৰ লোকক গ্ৰহণ কৰে। পাঁচ ১০:৩৪, ৩৫; ৰোম ৫:১৮; প্ৰকা ৭:৯, ১০
২৬. বন্ধৰদিন, জন্মদিন
ক. জন্মদিন আৰু বৰদিন প্ৰাচীন খ্ৰীষ্টানসকলে পালন কৰা নাছিল
অখ্ৰীষ্টীয় লোকসকলেহে পালন কৰিছিল। আদি ৪০:২০; মথি ১৪:৬
যীচুৰ মৃত্যু দিন পালন কৰা উচিত। লূক ২২:১৯, ২০: ১ কৰি ১১:২৫, ২৬
মতলীয়া হোৱা উৎসৱবোৰ পালন কৰা উচিত নহয়। ৰোম ১৩:১৩; গালা ৫:২১; ১ পিত ৪:৩
২৭. বিবাহ
ক. বিবাহ বন্ধন সন্মানীয় হোৱা উচিত
খ্ৰীষ্ট আৰু কন্যাৰ সৈতে তুলনা কৰা হৈছে। ইফি ৫:২২, ২৩
বিবাহ শৰ্য্যা শুচি হোৱা উচিত। ইব্ৰী ১৩:৪
দম্পতীসকলক পৃথক নহবলৈ উপদেশ দিয়া হৈছে। ১ কৰি ৭:১০-১৬
একমাত্ৰ পৰ·নিয়া অৰ্থাৎ ব্যভিচাৰ হৈছে বিবাহ-বিচ্ছেদৰ শাস্ত্ৰীয় আধাৰ। মথি ১৯:৯
খ. মূৰস্বৰূপ ব্যৱস্থাক খ্ৰীষ্টানসকলে সন্মান কৰা আৱশ্যক
মূৰস্বৰূপ স্বামীয়ে প্ৰেম আৰু পৰিয়ালৰ প্ৰতি যত্ন লোৱা উচিত। ইফি ৫:২৩-৩১
স্ত্ৰীয়ে স্বামীৰ বশীভূত, তেওঁক প্ৰেম কৰা আৰু আজ্ঞাকাৰী হোৱা উচিত। ১ পিত ৩:১-৭; ইফি ৫:২২
লʼৰা-ছোৱালীয়ে পিতৃ-মাতৃৰ আজ্ঞাধীন হোৱা আৱশ্যক। ইফি ৬:১-৩; কল ৩:২০
গ. লʼৰা-ছোৱালীৰ প্ৰতি খ্ৰীষ্টান পিতৃ-মাতৃৰ দায়িত্ব
লʼৰা-ছোৱালীৰ প্ৰতি প্ৰেম প্ৰতিফলিত, নিজৰ সময় আৰু মনোযোগ দিয়া আৱশ্যক। তীত ২:৪
তেওঁলোকক বিৰক্ত কৰা উচিত নহয়। কল ৩:২১
প্ৰতিপালনত আধ্যাত্মিক আৱশ্যকতা পূৰণ কৰাও সন্মিলিত আছে। ২ কৰি ১২:১৪; ১ তীম ৫:৮
জীৱন নিৰ্বাহৰ বাবে তেওঁলোকক প্ৰশিক্ষণ দিয়া। ইফি ৬:৪; হিতো ২২:৬, ১৫; ২৩:১৩, ১৪
ঘ. কেৱল প্ৰকৃত খ্ৰীষ্টানসকলৰ মাজত বিবাহ হোৱা উচিত
কেৱল “প্ৰভুত” বিবাহ কৰা। ১ কৰি ৭:৩৯; দ্বিতী ৭:৩, ৪; নহি ১৩:২৬
ঙ. বহুবিবাহ শাস্ত্ৰৰ সামঞ্জস্যত নহয়
আদমৰ কেৱল এগৰাকী পত্নী আছিল। আদি ২:১৮, ২২-২৫
যীচুৱে খ্ৰীষ্টানসকলৰ বাবে নিৰ্দ্ধাৰিত স্তৰ পুনৰ স্থাপন কৰিলে। মথি ১৯:৩-৯
প্ৰাচীন সময়ৰ প্ৰকৃত খ্ৰীষ্টানসকলে বহুবিবাহ কৰা নাছিল। ১ কৰি ৭:২, ১২-১৬; ইফি ৫:২৮-৩১
২৮. বিৰোধিতা, নিৰ্য্যাতন
ক. খ্ৰীষ্টানসকলে বিৰোধিতাৰ সম্মুখীন হোৱাৰ কাৰণ
যীচু ঘৃণাৰ পাত্ৰ হʼল, বিৰোধিতাৰ সম্বন্ধে ভৱিষ্যতবাণী কৰা হৈছিল। যোহ ১৫:১৮-২০; মথি ১০:২২
সঠিক সিদ্ধান্তবোৰত বিশ্বাসী হৈ থকাৰ বাবে জগতে ঘৃণা কৰে। ১ পিত ৪:১, ৪, ১২, ১৩
এই যুগৰ দেৱতা অৰ্থাৎ চয়তানে ঈশ্বৰৰ ৰাজ্যৰ বিৰোধ কৰে। ২ কৰি ৪:৪; ১ পিত ৫:৮
খ্ৰীষ্টানসকলে ভয়ভিত নহয়, কিয়নো ঈশ্বৰে তেওঁলোকক সমৰ্থন কৰে। ৰোম ৮:৩৮, ৩৯; যাকো ৪:৮
খ. ঈশ্বৰৰ পৰা আঁতৰ কৰিবলৈ স্ত্ৰীয়ে স্বামীক অনুমতি দিয়া উচিত নহয়
পূৰ্বেই সতৰ্ক কৰা হʼল যে আনে তাইক মিছা সংবাদ দিব পাৰে। মথি ১০:৩৪-৩৮; পাঁচ ২৮:২২
পত্নীয়ে ঈশ্বৰ আৰু খ্ৰীষ্টত ভাৰসা কৰা উচিত। যোহ ৬:৬৮; ১৭:৩
বিশ্বাসৰ দ্বাৰা স্বামীক ৰক্ষাও কৰিব পাৰে। ১ কৰি ৭:১৬; ১ পিত ৩:১-৬
স্বামী হৈছে মূৰস্বৰূপ; কিন্তু উপাসনাৰ বাবে নিৰ্দেশ দিব নোৱাৰে। ১ কৰি ১১:৩; পাঁচ ৫:২৯
গ. স্বামীয়ে স্ত্ৰীক ঈশ্বৰৰ সেৱাত বাধা জন্মাবলৈ দিয়া উচিত নহয়
পত্নী আৰু লʼৰা-ছোৱালীক প্ৰেম আৰু তেওঁলোকৰ জীৱনৰ প্ৰতি আগ্ৰহী হোৱা উচিত। ১ কৰি ৭:১৬
নিৰ্ণয় আৰু প্ৰতিপালন কৰাৰ দায়িত্ব আছে। ১ কৰি ১১:৩; ১ তীম ৫:৮
সত্যতাত দৃঢ় হৈ থকা ব্যক্তিসকলক ঈশ্বৰে প্ৰেম কৰে। যাকো ১:১২; ৫:১০, ১১
শান্তিৰ অৰ্থে সত্যতাৰ পৰা পিছ হুহঁকি যোৱা কাৰ্য্যই ঈশ্বৰক অসন্তুষ্ট কৰে। ইব্ৰী ১০:৩৮
পৰিয়ালটোক পৰমদেশৰ আনন্দলৈ পৰিচালিত কৰা। প্ৰকা ২১:৩, ৪
২৯. বিশ্ৰামবাৰ
ক. বিশ্ৰামবাৰ খ্ৰীষ্টানসকলৰ বাবে নহয়
যীচুৰ মৃত্যুৰ আধাৰত সেই ব্যৱস্থা লোপ পালে। ইফি ২:১৫
বিশ্ৰামবাৰ খ্ৰীষ্টানসকলৰ বাবে নহয়। কল ২:১৬, ১৭; ৰোম ১৪:৫, ১০
বিশ্ৰামবাৰ বা তেনেদৰে আনবোৰ উৎসৱ পালন কৰাটো নিষেধ কৰা হʼল। গালা ৪:৯-১১; ৰোম ১০:২-৪
বিশ্বাস আৰু আজ্ঞাকাৰীতা বজাই ৰাখাৰ দ্বাৰা ঈশ্বৰৰ বিশ্ৰামত প্ৰবেশ কৰা। ইব্ৰী ৪:৯-১১
খ. প্ৰাচীন ইস্ৰায়েলসকলেহে বিশ্ৰামবাৰ পালন কৰা আৱশ্যক আছিল
মিচৰৰ পৰা মুক্তি পোৱাৰ পিছত প্ৰথমবাৰৰ বাবে বিশ্ৰামদিন পালন কৰা। যাত্ৰা ১৬:২৬, ২৭, ২৯, ৩০
স্বাভাৱিক ইস্ৰায়েলসকলৰ বাবে ই এক বিশেষ চিহ্ন আছিল। যাত্ৰা ৩১:১৬, ১৭; গীত ১৪৭:১৯, ২০
বিশ্ৰাম-কাল মোচিৰ ব্যৱস্থাৰ এক আৱশ্যকতা আছিল। যাত্ৰা ২৩:১০, ১১; লেবী ২৫:৩, ৪
বিশ্ৰামবাৰ পালন কৰাটো প্ৰকৃত খ্ৰীষ্টানসকলৰ বাবে প্ৰয়োজন নাই। ৰোম ১৪:৫, ১০; গালা ৪:৯-১১
গ. ঈশ্বৰৰ বিশ্ৰামবাৰ (সৃষ্টি “সপ্তাহৰ” সপ্তমদিন)
এই বিশ্ৰামবাৰ পৃথিৱীত থকা সকলো বস্তুৰ সৃষ্টিৰ সমাপ্তিত আৰম্ভণ হয়। আদি ২:২, ৩; ইব্ৰী ৪:৩-৫
যীচুৱে পৃথিৱীত থকা সময়ছোৱাৰ পিছতো চলি থাকিল। ইব্ৰী ৪:৬-৮; গীত ৯৫:৭-৯, ১১
খ্ৰীষ্টানসকলে নিজৰ কৰ্ম্মৰ পৰা বিশ্ৰাম কৰিলে। ইব্ৰী ৪:৯, ১০
পৃথিৱীত ঈশ্বৰৰ ৰাজ্যৰ কাৰ্য্য সম্পূৰ্ণ হʼলে ইয়াৰ সমাপ্তি হʼব। ১ কৰি ১৫:২৪, ২৮
৩০. মৃত্যু
ক. মৃত্যুৰ কাৰণ
সিদ্ধ, অনন্তজীৱন জীয়াই থকাৰ আশাৰে মানৱক সৃষ্টি কৰা হৈছিল। আদি ১:২৮, ৩১
অৱজ্ঞাকাৰীতাই মৃত্যু কঢ়িয়াই আনিলে। আদি ২:১৬, ১৭; ৩:১৭, ১৯
পাপ আৰু মৃত্যু আদমৰ সকলো সন্তানলৈ বিয়পি পৰিল। ৰোম ৫:১২
খ. মৃতজনাৰ অৱস্থা
আদমক জীয়া প্ৰাণী হিচাবে সৃষ্টি কৰিছিল, তেওঁক এটা প্ৰাণ দিয়া নাছিল। আদি ২:৭; ১ কৰি ১৫:৪৫
মানুহ অৰ্থাৎ প্ৰাণী মৰে। যিহি ১৮:৪; যিচ ৫৩:১২; ইয়ো ১১:২০
মৃতজনা অচেতন, একোকেই নাজানে। উপ ৯:৫, ১০; গীত ১৪৬:৩, ৪
মৃতজনা নিদ্ৰিত অৱস্থাত, পুনৰুত্থানৰ বাবে অপেক্ষা কৰিছে। যোহ ১১:১১-১৪, ২৩-২৬; পাঁচ ৭:৬০
গ. মৃতজনাৰ সৈতে কথোপকথন কৰাটো অসম্ভৱ
মৃতজনা আত্মাৰূপে ঈশ্বৰৰ সৈতে জীৱিত নাথাকে। গীত ১১৫:১৭; যিচ ৩৮:১৮
মৃতজনাৰ সৈতে কথোপকথনৰ চেষ্টা নকৰিবলৈ সতৰ্ক কৰা হৈছে। যিচ ৮:১৯; লেবী ১৯:৩১
প্ৰেতাত্মাবাদ আৰু মায়াকৰ্ম্ম নিষেধ কৰিছে। দ্বিতী ১৮:১০-১২; গালা ৫:১৯-২১
৩১. মিছা ভাৱবাদীসকল
ক. মিছা ভাৱবাদীসকলৰ সমন্ধে ভৱিষ্যতবাণী কৰা; পাঁচনিসকলৰ সময়ত বিদ্যমান হৈছিল
মিছা ভাৱবাদীসকলক চিনাক্ত কৰা লক্ষণসমূহ। দ্বিতী ১৮:২০-২২; লূক ৬:২৬
ভৱিষ্যতবাণী কৰা হৈছিল; তেওঁলোকক কৰ্ম-ফলৰ দ্বাৰা চিনাক্ত কৰা হয়। মথি ২৪:২৩-২৬; ৭:১৫-২৩
৩২. প্ৰতিমাবোৰ
ক. উপাসনাত মূৰ্ত্তি ব্যৱহাৰ কৰা কাৰ্য্যই ঈশ্বৰক নিন্দা কৰে
ঈশ্বৰৰ প্ৰতিমূৰ্ত্তি বনোৱাটো অসম্ভৱ। ১ যোহ ৪:১২; যিচ ৪০:১৮; ৪৬:৫; পাঁচ ১৭:২৯
মূৰ্ত্তিবোৰৰ বিৰুদ্ধে প্ৰকৃত খ্ৰীষ্টানসকলক সাৱধান কৰা হৈছে। ১ কৰি ১০:১৪; ১ যোহ ৫:২১
ঈশ্বৰক আত্মা আৰু সত্যৰে উপাসনা কৰা উচিত। যোহ ৪:২৪
খ. মূৰ্ত্তি পূজাই ইস্ৰায়েলসকলৰ বাবে ভয়াবহ পৰিস্থিতি কঢ়িয়াই আনিলে
মূৰ্ত্তি পূজা ইহুদীসকলৰ বাবে নিষেধ আছিল। যাত্ৰা ২০:৪, ৫
সেইবোৰে শুনিব বা কʼব নোৱাৰে; সেইবোৰৰ বনাওঁতাসকলো সেইবোৰৰ দৰে। গীত ১১৫:৪-৮
ফান্দত পেলাই আৰু ধ্বংস কঢ়িয়াই আনে। গীত ১০৬:৩৬, ৪০-৪২; যিৰি ২২:৮, ৯
গ. “তুলনাত্মক” উপাসনা অনুমতি নিদিয়ে
ঈশ্বৰে স্বয়ং “তুলনাত্মক” উপাসনাৰ অগ্ৰাহ্য কৰিলে। যিচ ৪২:৮
একমাত্ৰ ঈশ্বৰেই হৈছে “প্ৰাৰ্থনা শুনোতা।” গীত ৬৫:১, ২
৩৩. মৰিয়মৰ উপাসনা
ক. মৰিয়ম যীচুৰ পাৰ্থিৱ মাতৃ, কিন্তু “ঈশ্বৰৰ মাতৃ” নহয়
ঈশ্বৰৰ কোনো আৰম্ভণী নাই। গীত ৯০:২; ১ তীম ১:১৭
মৰিয়মে যীচুৰ পাৰ্থিৱ অৱস্থাতত তেওঁৰ অৰ্থাৎ ঈশ্বৰৰ পুত্ৰৰ মাতৃ আছিল। লূক ১:৩৫
খ. মৰিয়ম “চিৰকুমাৰী” নাছিল
যোচেফৰ সৈতে তাইৰ বিবাহ হৈছিল। মথি ১:১৯, ২০, ২৪, ২৫
যীচুৰ উপৰিও তেওঁলোকৰ আন লʼৰা-ছোৱালী আছিল। মথি ১৩:৫৫, ৫৬; লূক ৮:১৯-২১
তেতিয়া তেওঁলোকে যীচুৰ “আধ্যাত্মিক ভাই” নাছিল। যোহ ৭:৩, ৫
৩৪. মুক্তিপণ
ক. যীচুৰ মানৱ জীৱন “সকলোৰ বাবে মুক্তিপণৰূপে” দান কৰা হʼল
মুক্তিপণৰূপে যীচুৱে নিজৰ জীৱন দান কৰিলে। মথি ২০:২৮
বোৱতী তেজে পাপ ক্ষমা কৰে। ইব্ৰী ৯:১৪, ২২
চিৰকালৰ বাবে এটা বলিদানেই যথেষ্ঠ আছিল। ৰোম ৬:১০; ইব্ৰী ৯:২৬
লাভসমূহ আপোনা-আপুনি নাহে; প্ৰচেষ্টা কৰা আৱশ্যক। যোহ ৩:১৬
খ. সমতুল্য মূল্য আছিল
আদমক সিদ্ধৰূপে সৃষ্টি কৰা হৈছিল। দ্বিতী ৩২:৪; উপ ৭:২৯; আদি ১:৩১
পাপ কৰাত স্বয়ং নিজৰ আৰু লʼৰা-ছোৱালীৰ বাবে সিদ্ধতা হেৰুৱালে। ৰোম ৫:১২, ১৮
সন্তানবোৰ উপায়হীন; এজন আদমতুল্য ব্যক্তিৰ আৱশ্যক। গীত ৪৯:৭; দ্বিতী ১৯:২১
যীচুৰ সিদ্ধ মানৱ জীৱন এক মুক্তিপণ আছিল। ১ তীম ২:৫, ৬; ১ পিত ১:১৮, ১৯
৩৫. যিহোৱা, ঈশ্বৰ
ক. ঈশ্বৰৰ নাম
“ঈশ্বৰ” হৈছে অনিৰ্দ্দিষ্ট উপাধি; আমাৰ প্ৰভুৰ এটা ব্যক্তিগত নাম আছে। ১ কৰি ৮:৫, ৬
আমি তেওঁৰ নাম পবিত্ৰকৰণ হʼবলৈ প্ৰাৰ্থনা কৰা উচিত। মথি ৬:৯, ১০
ঈশ্বৰৰ নাম হৈছে যিহোৱা। গীত ৮৩:১৮; যাত্ৰা ৬:২, ৩; ৩:১৫; যিচ ৪২:৮
সেই নামটো কিং জেমচ্, যাত্ৰা ৬:৩ পদত (ডুৱে, ফুটনোটত)। গীত ৮৩:১৮; যিচ ১২:২; ২৬:৪
যীচুৱে সেই উল্লেখনীয় নামটো প্ৰকাশ কৰিলে। যোহ ১৭:৬, ২৬; ৫:৪৩; ১২:১২, ১৩, ২৮
খ. ঈশ্বৰৰ অস্তিত্ব
ঈশ্বৰক বাস্তৱিকৰূপে দৃষ্টি কৰি জীৱিত থকাটো অসম্ভৱ। যাত্ৰা ৩৩:২০; যোহ ১:১৮; ১ যোহ ৪:১২
ঈশ্বৰক বিশ্বাস কৰিবলৈ দেখি পোৱাৰ প্ৰয়োজন নাই। ইব্ৰী ১১:১; ৰোম ৮:২৪, ২৫; ১০:১৭
সৃষ্টিৰ দ্বাৰা ঈশ্বৰক জনা যায়। ৰোম ১:২০; গীত ১৯:১, ২
ভাৱিষ্যতবাণীৰ পূৰ্ণতাই ঈশ্বৰৰ অস্তিত্বৰ প্ৰমাণ দিয়ে। যিচ ৪৬:৮-১১
গ. ঈশ্বৰৰ গুণসমূহ
ঈশ্বৰ প্ৰেম। ১ যোহ ৪:৮, ১৬; যাত্ৰা ৩৪:৬; ২ কৰি ১৩:১১; মীখা ৭:১৮
বুদ্ধিত শ্ৰেষ্ঠ। ইয়ো ১২:১৩; ৰোম ১১:৩৩; ১ কৰি ২:৭
তেওঁ ন্যায়পৰায়ণ আৰু ন্যায় কৰে। দ্বিতী ৩২:৪; গীত ৩৭:২৮
তেওঁ সৰ্ব্বশক্তিমান, সকলো শক্তিৰ মূল। ইয়ো ৩৭:২৩; প্ৰকা ৭:১২; ৪:১১
ঘ. সকলোৱে একেজনা ঈশ্বৰক সেৱা কৰা নাই
উত্তম যেন লগা পথ সকলো সময়ত সঠিক নহʼবও পাৰে। হিতো ১৬:২৫; মথি ৭:২১
কেৱল দুটা পথ, এটাই জীৱনলৈ পৰিচালিত কৰে। মথি ৭:১৩, ১৪; দ্বিতী ৩০:১৯
ঈশ্বৰ অনেক কিন্তু সত্য ঈশ্বৰ মাত্ৰ এজনাহে। ১ কৰি ৮:৫, ৬; গীত ৮২:১
জীৱনৰ বাবে সত্য ঈশ্বৰক জনাটো অত্যাৱশ্যক। যোহ ১৭:৩; ১ যোহ ৫:২০
৩৬. যিহোৱাৰ সাক্ষী
ক. যিহোৱাৰ সাক্ষীসকলৰ আৰম্ভণী
যিহোৱাই স্বয়ং তেওঁৰ সাক্ষীসকলৰ পৰিচয় দিছে। যিচ ৪৩:১০-১২; যিৰি ১৫:১৬
হেবলৰ পৰাই বিশ্বাসী সাক্ষীসকলৰ আৰম্ভণ হৈছিল। ইব্ৰী ১১:৪, ৩৯; ১২:১
যীচু এজন বিশ্বাসী আৰু সত্য সাক্ষী আছিল। যোহ ১৮:৩৭; প্ৰকা ১:৫; ৩:১৪
৩৭. যীচু
ক. যীচু ঈশ্বৰৰ পুত্ৰ আৰু নিযুক্ত ৰজা
ঈশ্বৰৰ প্ৰথমজাত, সকলো বস্তু তেওঁৰ দ্বাৰা সৃষ্টি হʼল। প্ৰকা ৩:১৪; কল ১:১৫-১৭
স্ত্ৰীৰ পৰা মানুহৰূপে জন্ম, স্বৰ্গদূতসকলতকৈ নিম্ন কৰা হৈছিল। গালা ৪:৪; ইব্ৰী ২:৯
ঈশ্বৰৰ পবিত্ৰ আত্মাৰে জন্ম লাভ, স্বৰ্গীয়জীৱনৰ বাবে নিৰূপিত। মথি ৩:১৬, ১৭
স্বৰ্গত মানৱপূৰ্বে অস্তিত্বত থকা স্থানতকৈ অধিক উচ্চস্থান লাভ কৰা। ফিলি ২:৯, ১০
খ. পৰিত্ৰাণৰ বাবে যীচু খ্ৰীষ্টত বিশ্বাস কৰা অতি আৱশ্যক
খ্ৰীষ্ট অব্ৰাহামৰ প্ৰতিজ্ঞাত বংশ আছিল। আদি ২২:১৮; গালা ৩:১৬
একমাত্ৰ যীচুৱে হৈছে মহাপুৰোহিত আৰু মুক্তিপণ। ১ যোহ ২:১, ২; ইব্ৰী ৭:২৫, ২৬; মথি ২০:২৮
ঈশ্বৰ আৰু খ্ৰীষ্টৰ আজ্ঞাকাৰীতা হৈ জীৱন লাভ কৰা। যোহ ১৭:৩; পাঁচ ৪:১২
গ. যীচুত বিশ্বাস কৰাৰ উপৰিও অধিক কিছু কৰা আৱশ্যক
বিশ্বাসৰ সৈতে কাৰ্য্যও সন্মিলিত আছে। যাকো ২:১৭-২৬; ১:২২-২৫
আজ্ঞা পালন কৰি তেওঁৰ আৰ্হিক অনুকৰণ কৰা আৱশ্যক। যোহ ১৪:১২, ১৫; ১ যোহ ২:৩
প্ৰভুৰ নাম লোৱা সকলোৱে ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ নকৰিব। মথি ৭:২১-২৩
৩৮. ৰাজ্য
ক. ঈশ্বৰৰ ৰাজ্যই মানৱজাতিৰ বাবে কি কৰিব
ঈশ্বৰৰ প্ৰধান উদ্দেশ্য হৈছে তেওঁৰ ইচ্ছা পূৰ কৰা। মথি ৬:৯, ১০; গীত ৪৫:৬; প্ৰকা ৪:১১
ৰজা আৰু বিধি-ব্যৱস্থাৰ সৈতে এখন চৰকাৰ। যিচ ৯:৬, ৭; ২:৩; গীত ৭২:১, ৮
দুষ্ট লোকৰ ধ্বংস, গোটেই পৃথিৱীত শাসন কৰিব। দানি ২:৪৪; গীত ৭২:৮
১,০০০ বছৰৰ শাসনকালত মানৱজাতিক পুনৰাই সিদ্ধতা, পৰমদেশ। প্ৰকা ২১:২-৪; ২০:৬
খ. খ্ৰীষ্টৰ শত্ৰুবোৰ সক্ৰিয় হৈ থকাৰ সময়তে অভিযান আৰম্ভ হোৱা
পুনৰুত্থান হোৱাৰ পিছত খ্ৰীষ্টই দীৰ্ঘকাললৈকে অপেক্ষা কৰিব লাগিছিল। গীত ১১০:১; ইব্ৰী ১০:১২, ১৩
ক্ষমতাপ্ৰাপ্ত হৈ চয়তানৰ বিৰুদ্ধে যুদ্ধ। গীত ১১০:২; প্ৰকা ১২:৭-৯; লূক ১০:১৮
স্বৰ্গত ঈশ্বৰৰ ৰাজ্য স্থাপিত হোৱাৰ পিছত পৃথিৱীত সন্তাপ আৰম্ভ হয়। প্ৰকা ১২:১০, ১২
বৰ্তমান সময়ত হোৱা সমস্যাবোৰৰ অৰ্থ হৈছে ঈশ্বৰৰ ৰাজ্যৰ পক্ষ লোৱাৰ সময়। প্ৰকা ১১:১৫-১৮
গ. ঈশ্বৰৰ ৰাজ্য মানুহৰ ‘হৃদয়ত’ বা প্ৰচেষ্টাৰ দ্বাৰা নহয়
ঈশ্বৰৰ ৰাজ্য স্বৰ্গত স্থাপিত, কিন্তু পৃথিৱীত নহয়। ২ তীম ৪:১৮; ১ কৰি ১৫:৫০; গীত ১১:৪
যীচুৱে ফৰীচীসকলক সম্বোধন কৰিছিল; সেই ৰাজ্য ‘হৃদয়ত’ নহয়। লূক ১৭:২০, ২১
এই ৰাজ্য পৃথিৱীৰ কোনো এক অংশত নহয়। যোহ ১৮:৩৬; লূক ৪:৫-৮; দানি ২:৪৪
মানৱ চৰকাৰ, জগতৰ নিৰ্দ্ধাৰিত স্তৰবোৰৰ সলনি কৰা। দানি ২:৪৪
৩৯. শেষ কাল
ক. “জগতৰ শেষ” বুলিলে কি বুজায়
ৰীতি-ব্যৱস্থাৰ শেষ। মথি ২৪:৩; ২ পিত ৩:৫-৭; মাৰ্ক ১৩:৪
পৃথিৱীৰ নহয় কিন্তু দুষ্ট ব্যৱস্থাৰ শেষ। ১ যোহ ২:১৭
ধ্বংসৰ পূৰ্বেই শেষ কাল আৰম্ভ হʼব। মথি ২৪:১৪
ধাৰ্ম্মিকসকল ৰক্ষা পাব; পৰৱৰ্তীত এক নতুন ব্যৱস্থা স্থাপন হোৱা। ২ পিত ২:৯; প্ৰকা ৭:১৪-১৭
খ. শেষকালৰ চিহ্নবোৰৰ সমন্ধে সতৰ্ক হোৱা উচিত
আমাক নিৰ্দ্দেশনা দিয়াৰ বাবে ঈশ্বৰে চিহ্নবোৰ প্ৰদান কৰিলে। ২ তীম ৩:১-৫; ১ থিচ ৫:১-৪
জগতে সেই চিহ্নবোৰৰ গুৰুত্বতাক বুজিবলৈ বিফল হয়। ২ পিত ৩:৩, ৪, ৭; মথি ২৪:৩৯
ঈশ্বৰে পলম নকৰে, কিন্তু সতৰ্ক কৰিছে। ২ পিত ৩:৯
পৰ দি সচেতন থকাৰ বাবে পুৰস্কাৰ লাভ কৰা। লূক ২১:৩৪-৩৬
৪০. সৃষ্টি
ক. বিজ্ঞানে প্ৰমাণবোৰৰ সৈতে সন্মত; ক্ৰমবিকাশবাদ মিছা প্ৰমাণিত হয়
সৃষ্টিৰ ক্ৰম ব্যৱস্থাৰ সৈতে বিজ্ঞান সন্মত। আদি ১:১১, ১২, ২১, ২৪, ২৫
“বিধে বিধে” কৰা ঈশ্বৰৰ ব্যৱস্থাই সত্যতাক দাঙি ধৰে। আদি ১:১১, ১২; যাকো ৩:১২
খ. সৃষ্টিৰ দিনবোৰ ২৪ ঘন্টীয়া দিন নাছিল
“দিন” সাধাৰণতে সময়ৰ কালক বুজায়। আদি ২:৪
ঈশ্বৰৰ দৃষ্টিত এক দিন দীৰ্ঘ সময় হʼব পাৰে। গীত ৯০:৪; ২ পিত ৩:৮
৪১. স্বৰ্গ
ক. কেৱল ১,৪৪,০০০ জনহে স্বৰ্গলৈ যায়
এক সীমিত সংখ্যা; খ্ৰীষ্টৰ সৈতে ৰজা হʼব। প্ৰকা ৫:৯, ১০; ২০:৪
যীচু আগৰণুৱা আছিল; অন্য ব্যক্তিসকলক সেই সময়ৰ পৰা বাছনি কৰা হয়। কল ১:১৮; ১ পিত ২:২১
বহুতো লোকে পৃথিৱীত জীয়াই থাকিব। গীত ৭২:৮; প্ৰকা ২১:৩, ৪
১,৪৪,০০০ জনৰ বিশেষ স্থান আছে, আনসকলৰ তেনে নাই। প্ৰকা ১৪:১, ৩; ৭:৪, ৯
৪২. স্মৰণীয় পৰ্ব্ব, মাচ্
ক. প্ৰভুৰ সন্ধ্যা ভোজৰ উদ্যাপন
নিস্তাৰ-পৰ্ব্ব, বছৰত এবাৰ পালন কৰা হৈছিল। লূক ২২:১, ১৭-২০; যাত্ৰা ১২:১৪
বলিদানৰূপী খ্ৰীষ্টৰ মৃত্যুৰ দিনটোক স্মৰণ কৰা হয়। ১ কৰি ১১:২৬; মথি ২৬:২৮
স্বৰ্গীয় আশা থকাসকলে প্ৰভুৰ সন্ধ্যা ভোজ গ্ৰহণ কৰে। লূক ২২:২৯, ৩০; ১২:৩২, ৩৭
এজন ব্যক্তিয়ে কেনেকৈ জানিব যে তেওঁৰ স্বৰ্গীয় জীৱনৰ আশা আছে। ৰোম ৮:১৫-১৭
খ. মাচ্ অশাস্ত্ৰীয়
পাপমোচনৰ বাবে বোৱতী তেজৰ আৱশ্যক। ইব্ৰী ৯:২২
খ্ৰীষ্টই হৈছে নতুন নিয়মৰ একমাত্ৰ মধ্যস্থ। ১ তীম ২:৫, ৬; যোহ ১৪:৬
খ্ৰীষ্ট স্বৰ্গত আছে; যাজকবৰ্গই তেওঁক তললৈ আনিব নোৱাৰে। পাঁচ ৩:২০, ২১
খ্ৰীষ্টৰ বলিদানক পুনৰাবৃত্তি কৰা প্ৰয়োজন নাই। ইব্ৰী ৯:২৪-২৬; ১০:১১-১৪
৪৩. সাক্ষী কাৰ্য্য
ক. সকলো প্ৰকৃত খ্ৰীষ্টানে সাক্ষী দিয়া আৰু শুভবাৰ্ত্তা প্ৰচাৰ কৰা আৱশ্যক
অনুমোদন পাবলৈ যীচুক ৰাজহুৱাভাৱে স্বীকাৰ কৰা উচিত। মথি ১০:৩২
ঈশ্বৰৰ বাক্যক পালন কৰোঁতা হৈ বিশ্বাস প্ৰদৰ্শন কৰা উচিত। যাকো ১:২২-২৪; ২:২৪
নতুন ব্যক্তিসকলো শিক্ষক হোৱা উচিত। মথি ২৮:১৯, ২০
ৰাজহুৱাভাৱে কৰা ঘোষণাই পৰিত্ৰাণ কঢ়িয়াই আনে। ৰোম ১০:১০
খ. লোকসকলক বাৰম্বাৰভাৱে সাক্ষাৎ কৰা আৰু সাক্ষী দি থকাৰ প্ৰয়োজন
এই কাল শেষ হোৱাৰ সম্বন্ধে অৱশ্যেই সতৰ্কবাণী ঘোষণা কৰা আৱশ্যক। মথি ২৪:১৪
যিৰিমিয়াই অনেক বছৰ ধৰি যিৰূচালেমত ধ্বংসৰ বিষয়ে ঘোষণা কৰিছিল। যিৰি ২৫:৩
প্ৰাচীন সময়ৰ প্ৰকৃত খ্ৰীষ্টানসকলৰ দৰে, আমিও সাক্ষী দিয়া কাৰ্য্য বন্ধ কৰা উচিত নহয়। পাঁচ ৪:১৮-২০; ৫:২৮, ২৯
গ. ৰক্তপাতৰ দোষী হোৱাৰ পৰা মুক্ত হʼবলৈ সাক্ষী দিয়া আৱশ্যক
আহিবলগীয়া বিনাশৰ সম্বন্ধে সতৰ্ক কৰা আৱশ্যক। যিহি ৩৩:৭; মথি ২৪:১৪
এনেদৰে নকৰিলে ৰক্তপাতৰ দোষী কৰা হʼব। যিহি ৩৩:৮, ৯; ৩:১৮, ১৯
পৌলে ৰক্ত দোষৰ পৰা মুক্ত; সম্পূৰ্ণ সত্যতা প্ৰচাৰ কৰিলে। পাঁচ ২০:২৬, ২৭; ১ কৰি ৯:১৬
সাক্ষী দিওঁতা আৰু শুনোতা, এই উভয়ে ৰক্ষা পাব। ১ তীম ৪:১৬; ১ কৰি ৯:২২
৪৪. হৰমাগিদোন
ক. দুষ্টতাক ধ্বংস কৰিবলৈ ঈশ্বৰৰ যুদ্ধ
হৰমাগিদোনৰ বাবে সকলো জাতিক একত্ৰিত কৰা হʼল। প্ৰকা ১৬:১৪, ১৬
ঈশ্বৰে তেওঁৰ পুত্ৰ আৰু স্বৰ্গদূতবোৰৰ দ্বাৰা যুদ্ধ কৰিব। ২ থিচ ১:৬-৯; প্ৰকা ১৯:১১-১৬
কেনেকৈ সেই যুদ্ধৰ পৰা আমি ৰক্ষা পাব পাৰোঁ। চফ ২:২, ৩; প্ৰকা ৭:১৪
খ. ঈশ্বৰৰ প্ৰেম উপেক্ষা নহয়
জগত অতিশয় ভ্ৰষ্ট হৈছে। ২ তীম ৩:১-৫
ঈশ্বৰ ধৈৰ্য্যশীল, কিন্তু ন্যায়ৰ বাবে অৱশ্যেই কাৰ্য্য কৰিব। ২ পিত ৩:৯, ১৫; লূক ১৮:৭, ৮
ধাৰ্ম্মিকতাৰ সমৃদ্ধিশীল হʼবলৈ দুষ্টতাৰ ধ্বংস হোৱা আৱশ্যক। হিতো ২১:১৮; প্ৰকা ১১:১৮