ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • jt পৃষ্ঠা ২৫-২৬
  • তেওঁলোকৰ বিশ্বজুৰি সংগঠন আৰু কাৰ্য্য

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • তেওঁলোকৰ বিশ্বজুৰি সংগঠন আৰু কাৰ্য্য
  • যিহোৱাৰ সাক্ষীসকল—তেওঁলোক কোন? তেওঁলোকে কি বিশ্বাস কৰে?
  • মিল থকা বিষয়
  • শাখা কাৰ্য্যালয়ত কি কাম কৰা হয়?
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
  • যিহোৱাৰ সাক্ষীবিলাকে কেনেকৈ সংগঠিত হয়?
    ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
যিহোৱাৰ সাক্ষীসকল—তেওঁলোক কোন? তেওঁলোকে কি বিশ্বাস কৰে?
jt পৃষ্ঠা ২৫-২৬

তেওঁলোকৰ বিশ্বজুৰি সংগঠন আৰু কাৰ্য্য

বৰ্তমান সময়ত ২৩৫ খনৰো অধিক দেশত সাক্ষী দিয়া কাৰ্য্যত নিৰ্দ্দেশনা দিবলৈ বহুতো যোগাযোগৰ মাধ্যম ব্যৱহাৰ কৰা হৈছে। এই কাৰ্য্যৰ বাবে নিউয়ৰ্কৰ ব্ৰুকলীন চহৰত অৱস্থিত মুখ্য কাৰ্য্যালয়ত থকা প্ৰশাসন গোষ্ঠীয়ে প্ৰমুখ নিৰ্দ্দেশনা প্ৰদান কৰে। প্ৰত্যেক বছৰে পৃথিৱীৰ বিভিন্ন ভাগত থকা শাখা প্ৰতিনিধিসকলক দিহা-পৰামৰ্শ দিবলৈ প্ৰশাসন গোষ্ঠীয়ে তেওঁলোকক নিযুক্ত কৰে। শাখা কাৰ্য্যালয়ৰ অন্তৰ্গত থকা দেশবোৰক চোৱা-চিতা কৰিবলৈ তিনিৰ পৰা লৈ সাতজন সদস্যৰে গঠিত শাখা সমিতি থাকে। কিছুমান শাখা কাৰ্য্যালয়ত সাহিত্যসমূহ ছপা কৰা হয়, কিছুমান শাখাত দ্ৰুতগতিত চলিত ছপা কৰা যন্ত্ৰ আছে। প্ৰত্যেকখন শাখা কাৰ্য্যালয়ে চোৱা-চিতা কৰিবলৈ তেওঁলোকৰ অন্তৰ্গত দেশ বা প্ৰদেশ থাকে। সেই প্ৰদেশবোৰ জিলা অনুসাৰে বিভক্ত আৰু জিলাবোৰ অঞ্চল অনুসাৰে বিভক্ত কৰা হয়। প্ৰত্যেকখন অঞ্চলত প্ৰায় ২০ টা মণ্ডলী থাকে। এজন জিলা অধ্যক্ষই তেওঁৰ জিলাৰ অন্তৰ্গত থকা অঞ্চলসমূহত ভ্ৰমণ কৰি সাক্ষাৎ কৰে। বছৰত প্ৰত্যেকখন অঞ্চলত দুখনকৈ সন্মিলনৰ আয়োজন কৰা হয়। ইয়াৰ উপৰিও সেই অঞ্চলত থকা প্ৰত্যেকখন মণ্ডলীৰ সাক্ষীসকলক প্ৰচাৰ কাৰ্য্যৰ বাবে সংগঠিত কৰাত সহায় আৰু মণ্ডলীয়ে প্ৰচাৰ কৰা এলেকাসমূহক নিযুক্তি দিবলৈ বছৰত দুবাৰকৈ পৰিব্ৰাজক অধ্যক্ষই মণ্ডলীবোৰত সাক্ষাৎ কৰে।

আপোনাৰ সম্প্ৰদায়ত শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ কেন্দ্ৰ হিচাবে স্থানীয় মণ্ডলীৰ ৰাজ্যগৃহ আছে। প্ৰত্যেকখন মণ্ডলীৰ অন্তৰ্গত থকা সৰু সৰু এলেকাবোৰৰ মানচিত্ৰ তৈয়াৰ কৰা হয়। সেইবোৰত প্ৰত্যেকজন সাক্ষীক নিযুক্তি দিয়া হয়। তেওঁলোকে সেই এলেকাত থকা প্ৰত্যেকখন ঘৰৰ গৃহস্থক ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ চেষ্টা কৰে। প্ৰত্যেকখন মণ্ডলীত প্ৰায় ২০০ জন সাক্ষী ভাই-ভনী আৰু তেওঁলোকক বিভিন্ন কাৰ্য্যত নিযুক্তি কৰিবলৈ প্ৰাচীনসকল থাকে। যিহোৱাৰ সাক্ষীসকলৰ সংগঠনত থকা প্ৰত্যেকজন ব্যক্তিৰ বাবে শুভবাৰ্ত্তা প্ৰচাৰ কৰাতো এক মুখ্য কাৰ্য্য। সেয়েহে এই সাক্ষীসকল বিশ্বৰ মুখ্য কাৰ্য্যালয়, শাখা কাৰ্য্যালয় বা মণ্ডলীত নাথাকক কিয়, তেওঁলোকৰ সকলোৱে ব্যক্তিগতভাৱে আনক ঈশ্বৰৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰে।

তেওঁলোকে কৰা কাৰ্য্যৰ ৰিপৰ্ট শেষত বিশ্বৰ মুখ্য কাৰ্য্যালয়লৈ পঠোৱা হয় আৰু সেইবোৰক এখন বাৰ্ষিক পুস্তকʼত প্ৰকাশ কৰা হয়। ইয়াৰ উপৰিও এই ৰিপৰ্ট জানুৱাৰী ১, প্ৰহৰীবুৰুজ আলোচনীখনতো প্ৰকাশ কৰা হয়। প্ৰত্যেক বছৰে যিহোৱা আৰু তেওঁৰ পুত্ৰ যীচুৰ অধীনত থকা ৰাজ্যৰ কাৰ্য্য সম্পন্ন কৰাৰ বিষয়ে এই দুখন আলোচনীত বিতংকৈ বৰ্ণনা কৰা হয়। এই কেইবছৰত ১,৫০,০০,০০০ জনতকৈও অধিক সাক্ষী আৰু আগ্ৰহী ব্যক্তিসকলে যীচুৰ মৃত্যু স্মৰণী পৰ্ব্বৰ উৎযাপনত উপস্থিত হৈছিল। যিহোৱাৰ সাক্ষীসকলে এবছৰত ১১০,০০,০০,০০০ ঘন্টাতকৈ অধিক সময় শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যত অতিবাহিত কৰে আৰু ২,৫০,০০০ জনতকৈ অধিক নতুন ব্যক্তিসকলে বাপ্তিষ্মা লয়। তদুপৰি, তেওঁলোকে কোটি কোটিখন সাহিত্য আৰু আলোচনী বিতৰণ কৰে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক