দুই অধ্যায়
বাইবেল—ঈশ্বৰৰপৰা এখন কিতাপ
বাইবেলখন পৃথিৱীৰ সকলো কিতাপতকৈ কেনেকৈ বেলেগ?
ব্যক্তিগত সমস্যাবোৰ সমাধান কৰিবলৈ বাইবেলে আপোনাক কেনেকৈ সহায় কৰিব?
আপুনি বাইবেলৰ ভৱিষ্যতবাণীবোৰত কিয় ভাৰসা কৰিব পাৰে?
১, ২. বাইবেলখন কেনেকৈ এক ৰোমাঞ্চকৰ উপহাৰ?
আপোনাৰ এনে এটা দিনৰ বিষয়ে মনত পৰেনে, যেতিয়া আপোনাক এজন বন্ধুৱে খুব ধুনীয়া এটা উপহাৰ দিছিল? সম্ভৱত সেই অনুভৱ আপোনাৰ বাবে মাত্ৰ ৰোমাঞ্চকৰ আছিল এনে নহয় কিন্তু বৰ আনন্দৰো আছিল। এই উপহাৰে কিন্তু দিওঁতাজনৰ বিষয়ে এটা কথা কʼব পাৰি যে তেওঁ আপোনাৰ বন্ধুত্বক মূল্যাংকন কৰে। আপুনি নিশ্চয় উপহাৰ দিওঁতাজনক কৃতজ্ঞতা জ্ঞাপন কৰিছিল।
২ বাইবেলখনো ঈশ্বৰৰপৰা এটা উপহাৰ আৰু তাৰ বাবে আমি সদায় তেওঁৰ প্ৰতি কৃতজ্ঞ। এই অদ্বিতীয় কিতাপখনে এনে কিছুমান বিষয় উল্লেখ কৰিছে যিবোৰ অন্য কিতাপত আমি কেতিয়াও বিচাৰি নাপাওঁ। উদাহৰণস্বৰূপে, ইয়াত বৰ্ণনা কৰা আছে যে আকাশৰ তৰাবোৰ, পৃথিৱী, প্ৰথম পুৰুষ আৰু স্ত্ৰীক কেনেকৈ সৃষ্টি কৰা হʼল। আমাৰ দৈনন্দিন চিন্তাধাৰা আৰু জীৱনৰ সমস্যা আদি কেনেকৈ দূৰ কৰিব পাৰি, তাৰ বাবে বাইবেলে আমাক শিক্ষা দিয়ে। বাইবেলে ইয়াকো বৰ্ণনা কৰিছে যে গোটেই পৃথিৱীখনৰ পৰিস্থিতি সুন্দৰ আৰু ভাল কৰাৰ ঈশ্বৰৰ যি উদ্দেশ্য আছিল, তাক তেওঁ কেনেকৈ পূৰ কৰিব। সঁচাকৈ, বাইবেলখন কি যে এক সুন্দৰ উপহাৰ!
৩. যিহোৱাই আমাক বাইবেলখনৰ দ্বাৰা তেওঁ নিজৰ বিষয়ে কি কʼব বিচাৰিছে আৰু ই কিয় হৃদয়স্পৰ্শী?
৩ বাইবেলখন ঈশ্বৰৰপৰা পোৱা হৃদয়স্পৰ্শী উপহাৰো হয়। ইয়াৰ প্ৰত্যেক পদতে যিহোৱাৰ বিষয়ে কিবা নহয় কিবা বৰ্ণনা আছে। এনে এখন কিতাপ উপহাৰ দিয়াৰ অৰ্থ হৈছে যাতে আমি সকলোৱে তেওঁৰ বিষয়ে ভালদৰে জ্ঞান লʼব পাৰোঁ। প্ৰকৃততে বাইবেলখনে আমাক ঈশ্বৰৰ লগত এক ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ সহায় কৰে।
৪. বাইবেলখনৰ বিতৰণৰ বিষয়ে জানি আপোনাৰ কেনে লাগে?
৪ আপোনাৰ ওচৰত বাইবেলখনৰ এটা কপি আছেনে? আজি পৃথিৱীৰ বহুতোলোকৰ ওচৰত বাইবেল আছে। সম্পূৰ্ণ বাইবেলখন বা ইয়াৰ কিছু অংশ প্ৰায় ২,৬০০ ভাষাত ছপা কৰা হৈছে আৰু পৃথিৱীৰ ৯০ শতাংশতকৈও অধিক লোকৰ ওচৰত বাইবেল আছে। প্ৰতি সপ্তাহত গড়ে ১০ লাখতকৈ অধিক লোকে ইয়াক গ্ৰহণ কৰিছে। সম্পূৰ্ণ বাইবেলখন বা ইয়াৰ কিছু অংশ এতিয়ালৈকে কোটি কোটি সংখ্যাত ছপা কৰা হৈছে। সঁচাকৈ, বাইবেলৰ নিচিনা আৰু এনে কোনো কিতাপ নাই।
“নিউ ৱৰ্ল্ড ট্ৰান্চলেশ্ব্যান্ অৱ দ্য হলি স্ক্ৰিপশ্বাৰচ্” বহুতো ভাষাত পোৱা যায়
৫. বাইবেলখন কেনেকৈ “ঈশ্বৰ-নিশ্বাসিত”?
৫ ইয়াৰ উপৰিও বাইবেলখন “ঈশ্বৰ-নিশ্বাসিত।” (২ তীমথিয় ৩:১৬ পঢ়ক।) ইয়াৰ অৰ্থ কি বাৰু? বাইবেলে নিজেই ইয়াৰ উত্তৰ দিছে: “মানুহবিলাকে পবিত্ৰ আত্মাৰ দ্বাৰাই চালিত হৈ, ঈশ্বৰৰ পৰা কথা পাই কলে।” (২ পিতৰ ১:২১) ইয়াক ভালদৰে বুজিবলৈ আহক আমি এটা উদাহৰণলৈ লক্ষ্য কৰোঁ। এজন ব্যৱসায়ীৰ চিঠি-পত্ৰ লিখিবলৈ এজন চেক্ৰেটেৰী থাকিব পাৰে। যেতিয়া চেক্ৰেটেৰীজনক এখন চিঠি লিখিবলৈ কোৱা হয়, তাত ব্যৱসায়ীজনৰহে চিন্তাধাৰা আৰু নিৰ্দ্দেশনাবোৰ উল্লেখ থাকে। গতিকে এই চিঠিখন ব্যৱসায়ীজনৰহে, চেক্ৰেটেৰীৰ নহয়। ঠিক সেইদৰে, বাইবেলত যি বাৰ্ত্তা অন্তৰ্ভূক্ত আছে এইবোৰ ঈশ্বৰৰহে, ইয়াৰ লেখকসকলৰ নহয়। প্ৰকৃততে, গোটেই বাইবেলখন হৈছে “ঈশ্বৰৰ বাক্য।”—১ থিচলনীকীয়া ২:১৩.
পৰস্পৰ সামঞ্জস্য আৰু সঠিক
৬, ৭. বাইবেলৰ কিতাপবোৰত ইখনে-সিখনৰ লগত সামঞ্জস্য থকাটো কিয় লক্ষ্য কৰিবলগীয়া?
৬ সম্পূৰ্ণ বাইবেলখন লিখিবলৈ প্ৰায় ১,৬০০ বছৰ লাগিছিল। ইয়াৰ লেখকসকল বিভিন্ন কালত বাস কৰা লোক আছিল। তেওঁলোক সমাজৰ বিভিন্ন পৃষ্ঠভূমিৰপৰা অহা লোক আছিল। ইয়াৰে কিছুমান খেতিয়ক, মাছমৰীয়া আৰু ভেড়াৰখীয়া আছিল। আন কিছুমান আকৌ ভৱিষ্যতবক্তা, বিচাৰক আৰু ৰজা আছিল। ইয়াৰে ভিতৰত লূক নামৰ শুভবাৰ্ত্তা কিতাপৰ লেখকজন চিকিৎসক আছিল। এই লেখকসকলে বিভিন্ন পৃষ্ঠভূমিৰপৰা অহাৰ সত্ত্বেও বাইবেলখন কিন্তু আৰম্ভণিৰপৰা অন্তলৈকে পৰস্পৰ মিল আছে।
৭ বাইবেলৰ প্ৰথমখন কিতাপে বৰ্ণনা কৰিছে যে মানৱ জাতিৰ সমস্যা কেনেকৈ আৰম্ভ হʼল। বাইবেলৰ শেষৰ কিতাপখনে বৰ্ণনা কৰিছে যে কেনেকৈ এই পৃথিৱীখন এক সুন্দৰ বাগিচালৈ পৰিণত কৰা হʼব। হাজাৰ হাজাৰ বছৰ ধৰি হোৱা ঘটনাবোৰ আৰু ঈশ্বৰৰ উদ্দেশ্য কেনেকৈ পূৰ হʼব, ইয়াৰ বিষয়ে বাইবেলত বৰ্ণনা আছে। বাইবেলৰ ৬৬ খন কিতাপত এক আচৰিতজনকভাৱে ইখনে-সিখনৰ লগত সামঞ্জস্য থকা আমি দেখিবলৈ পাওঁ। ঈশ্বৰৰপৰা পোৱা এখন কিতাপত আমি এনে সামঞ্জস্য নিশ্চয় আশা কৰোঁ, নহয়নে বাৰু!
৮. বাইবেলখন যে বৈজ্ঞানিকভাৱে সঠিক তাৰে কিছুমান উদাহৰণ দিয়ক।
৮ বাইবেলখন বৈজ্ঞানিকভাৱেও সঠিক। বিজ্ঞানে কিছুমান বিষয় আৱিষ্কাৰ কৰাৰ বহু বছৰৰ আগতেই বাইবেলে ইয়াৰ বিষয়ে প্ৰকাশ কৰিছে। উদাহৰণস্বৰূপে, যি সময়ত ইস্ৰায়েলৰ ওচৰ-পাঁজৰৰ জাতিবোৰৰ মাজত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সম্বন্ধে কোনো জ্ঞানেই নাছিল, সেই সময়ত ইস্ৰায়েলীসকলৰ বাবে লেবীয়া পুস্তক নামৰ কিতাপখনত স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে নিয়ম দিয়া হৈছিল। এক সময়ত পৃথিৱীৰ আকৃতিৰ সম্বন্ধে লোকসকলৰ মাজত ভুল ধাৰণা আছিল, কিন্তু পৃথিৱীৰ আকৃতি যে গোলাকাৰ তাৰ বিষয়ে বাইবেলত আগতেই উল্লেখ কৰা হৈছিল। (যিচয়া ৪০:২২) বাইবেলত স্পষ্টৰূপে উল্লেখ কৰিছে যে পৃথিৱীখন ‘শূন্যত ওলমি’ আছে। (ইয়োব ২৬:৭) এইটো ঠিক যে বাইবেলখন বিজ্ঞানৰ কিতাপ নহয়, কিন্তু যেতিয়া বিজ্ঞানৰ লগত জড়িত থকা কোনো বিষয় উল্লেখ কৰে ই একেবাৰে সঠিক হয়। ঈশ্বৰৰ নিশ্বাসিত এখন কিতাপত আমি এনে আশা কৰোঁ, নহয়নে?
৯. (ক) বাইবেলখন কেনেকৈ ঐতিহাসিকভাৱে সঠিক আৰু নিৰ্ভৰযোগ্য? (খ) বাইবেলৰ লেখকসকলৰ ন্যায়পৰায়ণতাৰ বাবে আপুনি এই কিতাপখনৰ বিষয়ে কি ভাবে?
৯ বাইবেলখন ঐতিহাসিকভাৱেও সঠিক আৰু নিৰ্ভৰযোগ্য। কোন সময়ত কি ঘটনা ঘটিছিল, তাৰ বিষয়ে বাইবেলত সঠিক বিৱৰণ দিয়া আছে। এই ঘটনাবোৰৰ লগত জড়িত থকা লোকসকলৰ মাত্ৰ নাম উল্লেখ কৰিছে এনে নহয়, কিন্তু তেওঁলোকৰ বংশাৱলীৰ বিষয়েও বৰ্ণনা কৰা হৈছে।a আপুনি নিশ্চয় লক্ষ্য কৰিছে যে এই পৃথিৱীৰ বুৰঞ্জীবিদসকলে নিজৰ দেশৰ পৰাজয়ৰ বিষয়ে সাধাৰণতে বৰ্ণনা নকৰে। কিন্তু বাইবেলৰ লেখকসকল ইয়াৰ তুলনাত সম্পূৰ্ণ বেলেগ। তেওঁলোক ন্যায়পৰায়ণ আছিল আৰু সেইবাবে তেওঁলোকে নিজৰ দেশৰ পৰাজয়ৰ বিষয়েও উল্লেখ কৰিছে। উদাহৰণস্বৰূপে, গণনা পুস্তক নামৰ কিতাপখনৰ লেখক হৈছে মোচি। তেওঁ নিজে কৰা ভুল আৰু তাৰ বাবে পোৱা অনুশাসনৰ বিষয়েও উল্লেখ কৰিছে। (গণনা পুস্তক ২০:২-১২) এনে ন্যায়পৰায়ণতা বুৰঞ্জীবিদসকলৰ বিৱৰণিত পোৱা নাযায় কিন্তু বাইবেলৰ বিৱৰণিত পোৱা যায়। ইয়াৰ একমাত্ৰ কাৰণ হৈছে বাইবেলখন ঈশ্বৰৰপৰা পোৱা এখন কিতাপ।
ব্যৱহাৰিক প্ৰজ্ঞাৰ এখন কিতাপ
১০. বাইবেলখন ব্যৱহাৰিক কিতাপ বুলি কʼলে আমি কিয় আচৰিত হোৱা উচিত নহয়?
১০ যিহেতু বাইবেল হৈছে ঈশ্বৰৰ নিশ্বাসিত, সেইবাবে “শিক্ষাৰ, অনুযোগৰ, পতিত-উত্থাপনৰ . . . অৰ্থে লাভজনক।” (২ তীমথিয় ৩:১৭) বাস্তৱতে বাইবেলখন হৈছে ব্যৱহাৰিক কিতাপ। ইয়াত দিয়া বিষয়বোৰে প্ৰমাণ কৰে যে ঈশ্বৰে মানৱ স্বভাৱৰ বিষয়ে ভালদৰে জানে। কিয়নো বাইবেলৰ ৰচক যিহোৱা ঈশ্বৰ হৈছে আমাৰ সৃষ্টিকৰ্ত্তা। তেওঁ আমাৰ চিন্তাধাৰা আৰু অনুভূতিৰ বিষয়ে আমাতকৈ বেছি জানে। যিহোৱা ঈশ্বৰে ইয়াকো জানে যে আমি সুখ আৰু আনন্দেৰে থাকিবলৈ কিহৰ আৱশ্যক। তেওঁ জানে যে আমি কোনবোৰ বেয়া পথৰপৰা আঁতৰি থকা উচিত।
১১, ১২. (ক) যীচুৱে মথি নামৰ কিতাপখনত ৫ পৰা ৭ অধ্যায়ত কিহৰ বিষয়ে বৰ্ণনা কৰিছিল? (খ) বাইবেলত অন্য কি কি বিষয় আলোচনা কৰা হৈছে আৰু ইয়াৰ উপদেশবোৰ সকলোৰে বাবে কিয় লাভজনক?
১১ মথি নামৰ কিতাপখনত ৫ পৰা ৭ অধ্যায়ত বৰ্ণনা কৰা যীচুৰ শিক্ষাৰ বিষয়ে লক্ষ্য কৰক। তাৰে কেইটামান হৈছে, প্ৰকৃত আনন্দ কেনেকৈ বিচাৰি পাব পাৰি, হায়-কাজিয়া কেনেকৈ নিষ্পত্তি কৰিব পাৰি, কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে আৰু ধন-সম্পত্তিৰ বিষয়ে কেনে দৃষ্টিভংগী ৰখা উচিত। যীচুৰ এই শিক্ষাবোৰ যেনেকৈ তেওঁৰ সময়ৰ লোকসকলৰ বাবে ব্যৱহাৰিক আছিল, ঠিক সেইদৰে আজিও আমাৰ বাবে এই শিক্ষাবোৰ লাগতিয়াল আৰু ব্যৱহাৰিক।
১২ বাইবেলৰ কিছুমান শিক্ষা আমাৰ দৈনন্দিন জীৱনৰ বাবেও প্ৰযোজ্য। যেনে, পৰিয়াল জীৱন, কাম-কাজ আৰু অন্য লোকসকলৰ লগত আমাৰ সম্পৰ্ক আদি। বাইবেলৰ শিক্ষা সকলো জাতি আৰু জন-জাতিৰ লোকসকলৰ বাবে প্ৰযোজ্য আৰু ইয়াক পালন কৰিলে আমি সকলোৱে লাভৱান হʼব পাৰিম। বাইবেলত পোৱা প্ৰজ্ঞাৰ বিষয়ে যিচয়া নামৰ ভৱিষ্যতবক্তাৰ দ্বাৰা ঈশ্বৰে এইদৰে বৰ্ণনা কৰিছে: “তোমাৰ উপকাৰৰ অৰ্থে তোমাক শিক্ষা দিওঁতা তুমি যাব লগীয়া বাটেদি তোমাক নিওঁতা তোমাৰ ঈশ্বৰ যিহোৱা ময়েই।”—যিচয়া ৪৮:১৭.
ভৱিষ্যতবাণীৰ এখন কিতাপ
বাবিল নগৰৰ ধ্বংসৰ বিষয়ে যিচয়াই ভৱিষ্যতবাণী কৰিছিল
১৩. যিহোৱা ঈশ্বৰে ভৱিষ্যতবক্তা যিচয়াৰ দ্বাৰা বাবিলৰ বিষয়ে কি বৰ্ণনা কৰিছিল?
১৩ বাইবেলত বহুতো ভৱিষ্যতবাণী উল্লেখ আছে আৰু এতিয়ালৈকে ইয়াৰ বেছিভাগেই পূৰ্ণ হৈছে। ইয়াৰে এটা ভৱিষ্যতবাণীলৈ লক্ষ্য কৰক। খ্ৰীষ্টপূৰ্ব অষ্টম শতিকাত বাস কৰা যিচয়া নামৰ ভৱিষ্যতবক্তাজনৰ দ্বাৰা যিহোৱা ঈশ্বৰে বাবিল নামৰ নগৰখন ধ্বংস কৰা হʼব বুলি ভৱিষ্যতবাণী কৰিছিল। (যিচয়া ১৩:১৯; ১৪:২২, ২৩) এই নগৰখন কেনেকৈ ধ্বংস হʼব ইয়াৰ বিষয়ে সঠিক বিৱৰণ দিয়া হৈছিল। ইয়াত উল্লেখ কৰা হৈছিল যে শত্ৰু সৈন্য বাহিনীয়ে বাবিলৰ নৈ শুকান কৰিব আৰু কোনো যুদ্ধ নকৰাকৈ নগৰখন অধিকাৰ কৰিব। মাত্ৰ ইমানেই নহয়, যিচয়া ভৱিষ্যতবাণীত যিজন ৰজাই ইয়াক অধিকাৰ কৰিব তাৰ নামো উল্লেখ কৰিছিল আৰু সেই ৰজাজন হৈছে কোৰচ।—যিচয়া ৪৪:২৭–৪৫:২ পঢ়ক।
১৪, ১৫. বাবিলৰ বিষয়ে যিচয়াই কৰা ভৱিষ্যতবাণী কেনেকৈ পূৰ হʼল?
১৪ যিচয়াই কৰা ভৱিষ্যতবাণীৰ প্ৰায় ২০০ বছৰৰ পাছত অৰ্থাৎ খ্ৰীষ্টপূৰ্ব ৫৩৯ চনত অক্টোবৰ মাহৰ ৫ তাৰিখৰ ৰাতি বাবিল নগৰৰ কাষত এদল সেনাই শিবিৰ পাতিলে। ইয়াৰ সেনাপতি কোন আছিল জানেনে? এজন পাৰস্য দেশৰ ৰজা আৰু তেওঁৰ নাম হৈছে কোৰচ। এয়াই আছিল সেই আচৰিত ভৱিষ্যতবাণীৰ পূৰ হোৱাৰ সময়। ভৱিষ্যতবাণীৰ অনুসৰি, কোনো যুদ্ধ নকৰাকৈ কোৰচৰ সেনাই বাবিল নগৰখন অধিকাৰ কৰিব পাৰিবনে?
১৫ বাবিলত বাস কৰা লোকসকলে ভাবিছিল যে বৰ বৰ প্ৰাচীৰেৰে আগুৰি থকা এই মহান নগৰখনৰ ভিতৰত তেওঁলোক সুৰক্ষিত। বাবিলৰ লোকসকলে সেই ৰাতি এক বৰ মেলৰ আয়োজন কৰি আনন্দত মচগুল হৈ আছিল। কোৰচ ৰজাই ওপৰৰপৰা অহা নদীৰ পানীৰ গতি কৌশলেৰে সলনি কৰিলে যাতে ইয়াৰ পানী নগৰলৈ আহিব নোৱাৰে। চাওঁতে চাওঁতে নদীৰ পানী কম হʼবলৈ ধৰিলে আৰু কোৰচৰ সেনাই ইয়াৰ বুকুয়েদি পাৰ হৈ প্ৰাচীৰৰ কাষ চাপিল। কিন্তু এতিয়া নগৰৰ ভিতৰলৈনো কেনেকৈ যাব? কিবা কাৰণত সেই ৰাতি নগৰৰ দুৱাৰখন খোলা আছিল।
১৬. (ক) যিচয়াই বাবিল নগৰৰ ধ্বংসৰ বিষয়ে কি ভৱিষ্যতবাণী কৰিছিল? (খ) বাবিল নগৰখনত কোনেও আৰু কেতিয়াও বাস নকৰিব, এই বিষয়ে কৰা ভৱিষ্যতবাণী কেনেকৈ পূৰ হʼল?
১৬ বাবিলৰ বিষয়ে এইদৰে ভৱিষ্যতবাণী কৰা হৈছিল: “সেয়ে কেতিয়াও নিবাসস্থান নহব, আৰু পুৰুষানুক্ৰমে কোনেও তাত বাস নকৰিব; আৰবীয়া লোকেও তাত তম্বু নতৰিব, আৰু ভেৰা-ৰখীয়াবিলাকেও সেই ঠাইত নিজ নিজ জাক নুশুৱাব।” (যিচয়া ১৩:২০) ভৱিষ্যতবাণীত মাত্ৰ এই নগৰখনৰ ধ্বংসৰ বিষয়ে বৰ্ণনা কৰিছিল এনে নহয়, কিন্তু ইয়াকো কোৱা হৈছিল যে বাবিল নগৰখনত কোনেও আৰু কেতিয়াও বাস নকৰিব। ইয়াৰ প্ৰমাণ আপুনি আজিও পাব পাৰে। ইৰাক দেশৰ বাগদাদ চহৰৰপৰা প্ৰায় ৮০ কিলোমিটাৰ দূৰত পুৰণি বাবিল নগৰৰ ধ্বংসাৱশেষ দেখিবলৈ পোৱা যায়। ইয়ে প্ৰমাণ কৰে যে যিহোৱা ঈশ্বৰে যিচয়াৰ যোগেদি যি ভৱিষ্যতবাণী কৰিছিল তাৰ পূৰ হোৱা: “মই সংহাৰকস্বৰূপ বাঢ়নীৰে তাক সাৰি পেলাম।”—যিচয়া ১৪:২২, ২৩.
বাবিল নগৰৰ ধ্বংসাৱশেষ
১৭. বাইবেলত উল্লেখ কৰা প্ৰতিজ্ঞাবোৰ পূৰ হোৱা দেখি আমাৰ বিশ্বাস কেনেকৈ মজবুত হয়?
১৭ বাইবেলখন ভৱিষ্যতবাণীৰ কিতাপ হয় বুলি আমাৰ বিশ্বাস মজবুত নকৰেনে? যদি যিহোৱা ঈশ্বৰে অতীতৰ প্ৰতিজ্ঞাবোৰ পূৰ কৰিছে, তেনেহʼলে তেওঁ নিশ্চয় নতুন পৃথিৱীৰ বাবে কৰা প্ৰতিজ্ঞাবোৰো পূৰ কৰিব। (গণনা পুস্তক ২৩:১৯ পঢ়ক।) নিশ্চিতভাৱে আমি তেওঁৰ প্ৰতিজ্ঞাত ভাৰসা কৰিব পাৰোঁ কিয়নো, “যি অনন্ত জীৱন মিছা নোকোৱা ঈশ্বৰে অনাদি কালৰ পূৰ্ব্বে দিবলৈ প্ৰতিজ্ঞা কৰিছিল।”—তীত ১:২.b
“ঈশ্বৰৰ বাক্য জীয়া”
১৮. খ্ৰীষ্টৰ শিষ্য পৌলে, ‘ঈশ্বৰৰ বাক্যৰ’ বিষয়ে কি মন্তব্য কৰিছে?
১৮ আমি এই অধ্যায়ত আলোচনা কৰা বিষয়বোৰে প্ৰমাণ কৰে যে বাইবেলখন হৈছে অদ্বিতীয় কিতাপ। আৰম্ভণিৰপৰা অন্তলৈকে যিবোৰ লিখা আছে ইয়াৰ এটাৰ লগত আনটোৰ সামঞ্জস্য আছে। ইয়াত বিজ্ঞান আৰু ইতিহাসৰ বিষয়ে যি বৰ্ণনা কৰিছে এই সকলোবোৰ সঠিক। বাইবেলত ব্যৱহাৰিক প্ৰজ্ঞা তথা নিৰ্ভৰযোগ্য ভৱিষ্যতবাণী পোৱা যায়। খ্ৰীষ্টৰ এজন শিষ্য পৌলে এইদৰে বৰ্ণনা কৰিছিল: “কিয়নো ঈশ্বৰৰ বাক্য জীয়া, কাৰ্য্য-সাধক, আৰু আটাই দুধৰীয়া তৰোৱালতকৈয়ো চোকা, প্ৰাণ আৰু আত্মা, গাঁঠি আৰু মজ্জা, এই সকলোকে ভেদ কৰালৈকে বিন্ধোতা আৰু মনৰ ভাবনা আৰু অভিপ্ৰায়কো চিনোতা।”—ইব্ৰী ৪:১২.
১৯, ২০. (ক) বাইবেলে আপোনাক নিজকে নিজে পৰীক্ষা কৰিবলৈ কেনেকৈ সহায় কৰে? (খ) ঈশ্বৰে দিয়া উপহাৰ বাইবেলৰ প্ৰতি আপুনি কেনেকৈ কৃতজ্ঞতা দেখুৱাব?
১৯ ঈশ্বৰৰ বাক্য বা ইয়াৰ বাৰ্ত্তাবোৰ পঢ়িলে আমাৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰে। বাইবেলে আমাৰ ব্যক্তিগত জীৱনক ভালদৰে পৰীক্ষা কৰিবলৈ সহায় কৰে। ‘মই ঈশ্বৰক প্ৰেম কৰোঁ’ বুলি আমি দাবী কৰিব পাৰোঁ। কিন্তু আমি লক্ষ্য কৰা উচিত যে বাইবেলৰ ব্যৱস্থা অনুসৰি আমি আমাৰ জীৱন অতিবাহিত কৰিছোঁ নে নাই। কিয়নো ইয়ে প্ৰমাণ কৰিব যে প্ৰকৃততে আমাৰ হৃদয়ত কি আছে।
২০ নিঃসন্দেহ, বাইবেলখন হৈছে ঈশ্বৰৰ কিতাপ। এই কিতাপখন পঢ়া আৰু অধ্যয়ন কৰাৰ লগতে ইয়াৰ প্ৰতি আদৰ দেখুৱা উচিত। ঈশ্বৰৰ এই উপহাৰক পৰীক্ষা কৰাৰ দ্বাৰা আমি ইয়াৰ প্ৰতি গভীৰ আদৰ দেখুৱাব পাৰোঁ। এইদৰে আপুনি মানৱ জাতিৰ বাবে ঈশ্বৰৰ উদ্দেশ্যৰ বিষয়ে গভীৰ জ্ঞান আহৰণ কৰিব পাৰিব। ঈশ্বৰৰ উদ্দেশ্য কি আৰু ই কেনেকৈ পূৰ হʼব, ইয়াৰ বিষয়ে পৰৱৰ্তী অধ্যায়ত আলোচনা কৰা হʼব।
a উদাহৰণস্বৰূপে, লূক ৩:২৩-৩৮ পদত আপুনি যীচুৰ সম্পূৰ্ণ বংশাৱলীৰ বিষয়ে পঢ়িবলৈ পাব।
b বাইবেলৰ বহুতো ভৱিষ্যতবাণীৰ ভিতৰত বাবিল নগৰৰ ধ্বংসৰ বিষয়ে কৰা ভৱিষ্যতবাণীৰ পূৰ্ণতা মাত্ৰ এটা উদাহৰণহে আমি আলোচনা কৰিলোঁ। অন্য কিছুমান উদাহৰণ হৈছে তূৰ আৰু নীনবিৰ বিষয়ে কৰা ভৱিষ্যতবাণী। (যিহিষ্কেল ২৬:১-৫; চফনিয়া ২:১৩-১৫) ইয়াৰ উপৰিও, দানিয়েল নামৰ ভৱিষ্যতবক্তাজনে ভৱিষ্যতবাণী কৰিছিল যে বাবিল নগৰখন ধ্বংস হোৱাৰ পাছত পৃথিৱীত এটাৰ পাছত এটা বিশ্বশক্তি উদ্ভৱ হʼব। ইয়াৰ ভিতৰত মাদিয়া-পাৰস্য আৰু যাবনো জড়িত আছে। (দানিয়েল ৮:৫-৭, ২০-২২) যীচু খ্ৰীষ্টত পূৰ্ণ হোৱা বহুতো ভৱিষ্যতবাণীৰ বিষয়ে “যীচু খ্ৰীষ্ট—প্ৰতিজ্ঞা কৰা মচীহ” নামৰ অতিৰিক্ত লেখত চাওক।