ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • bh পৃষ্ঠা ২১৮-পৃষ্ঠা ২১৯
  • প্ৰধান স্বৰ্গদূত মীখায়েল কোন হয়?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰধান স্বৰ্গদূত মীখায়েল কোন হয়?
  • বাইবেলে প্ৰকৃততে কি শিকায়?
  • মিল থকা বিষয়
  • স্বৰ্গদূত কোন হয় আৰু তেওঁলোকে কি কৰে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
বাইবেলে প্ৰকৃততে কি শিকায়?
bh পৃষ্ঠা ২১৮-পৃষ্ঠা ২১৯

অতিৰিক্ত লেখ

প্ৰধান স্বৰ্গদূত মীখায়েল কোন হয়?

মীখায়েল নামৰ এই স্বৰ্গদূতজনৰ বিষয়ে বাইবেলত বৰ বেছিকৈ উল্লেখ নাই। কিন্তু যেতিয়া তেওঁৰ বিষয়ে উল্লেখ কৰা হৈছে, তেতিয়া তেওঁ কিবা নহয় কিবা কৰি থকা সময়ৰ বিষয়ে বৰ্ণনা কৰিছে। উদাহৰণস্বৰূপে, দানিয়েল নামৰ কিতাপখনত দুষ্ট স্বৰ্গদূতবোৰৰ সৈতে তেওঁক যুঁজ কৰি থকাৰ বিষয়ে উল্লেখ কৰিছে। যিহূদা নামৰ কিতাপখনত চয়তানৰ লগত বাদানুবাদ কৰি থকাৰ বিষয়ে বৰ্ণনা কৰিছে আৰু প্ৰকাশিত বাক্য কিতাপত চয়তান আৰু তাক অনুকৰণ কৰা ভূতবোৰৰ লগত হোৱা যুদ্ধৰ বিষয়ে উল্লেখ কৰিছে। মীখায়েল নামৰ অৰ্থ হৈছে, “ঈশ্বৰৰ নিচিনা কোন হয়?” যিহোৱাৰ শাসনক সমৰ্থন কৰি আৰু ঈশ্বৰৰ শত্ৰুবিলাকৰ বিৰুদ্ধে যুদ্ধ কৰি মীখায়েলে তেওঁৰ নাম অনুসৰি কাম কৰিছে। মীখায়েলৰ বিষয়ে ইমানবোৰ আলোচনা কৰাৰ পাছত, এতিয়া প্ৰশ্ন হʼব পাৰে যে প্ৰকৃততে মীখায়েল কোন হয়?

আমি সকলোৱে জানো যে কেতিয়াবা এজন ব্যক্তিৰ, এটাতকৈ অধিক নাম থাকে। উদাহৰণস্বৰূপে, যাকোব নামৰ ব্যক্তিজন, ইস্ৰায়েল নামেৰে আৰু পাঁচনি পিতৰ, চিমোন নামেৰে পৰিচিত আছিল। (আদিপুস্তক ৪৯:১, ২; মথি ১০:২) ঠিক সেইদৰে, বাইবেলে আমাক বৰ্ণনা কৰিছে যে যীচু খ্ৰীষ্টৰ আন এটা নাম হৈছে মীখায়েল। পৃথিৱীলৈ অহাৰ আগত আৰু স্বৰ্গলৈ উভটি যোৱাৰ পাছত তেওঁ এই নামেৰে পৰিচিত। আহক বাইবেলৰপৰা ইয়াৰ কেইটামান প্ৰমাণ চাওঁ।

প্ৰধান স্বৰ্গদূত। ঈশ্বৰৰ বাক্যই মীখায়েলক “প্ৰধান স্বৰ্গদূত” বুলি বৰ্ণনা কৰিছে। (যিহূদা ৯) লক্ষ্য কৰক যে মীখায়েলক প্ৰধান স্বৰ্গদূত হিচাপে কোৱা হৈছে। ইয়াৰ অৰ্থ হৈছে যে প্ৰধান স্বৰ্গদূত মাত্ৰ এজনহে আছে। বাইবেলত প্ৰধান স্বৰ্গদূত বুলি কওঁতে একবচনত উল্লেখ কৰা হৈছে, বহুবচনত নহয়। গতিকে আমি কʼব পাৰোঁ যে এনে ধৰণৰ স্বৰ্গদূত মাত্ৰ এজনহে আছে। এনে লাগে যেন যীচু খ্ৰীষ্টৰ লগত এই নামৰ ঘনিষ্ঠ সম্পৰ্ক আছে। মৃত্যুৰ পাছত পুনৰুত্থান হোৱা প্ৰভু যীচু খ্ৰীষ্টৰ বিষয়ে ১ থিচলনীকীয়া ৪:১৬ পদত এইদৰে বৰ্ণনা কৰিছে: “প্ৰধান স্বৰ্গদূতৰ মাত, আৰু ঈশ্বৰৰ তূৰী-বাদ্যে সৈতে প্ৰভু নিজে স্বৰ্গৰ পৰা নামি আহিব।” ইয়াত উল্লেখ কৰা অনুসৰি যীচুৰ মাতক প্ৰধান স্বৰ্গদূতৰ মাত বুলি বৰ্ণনা কৰিছে। গতিকে এই পদৰ অনুসৰি যীচু খ্ৰীষ্টই হৈছে, প্ৰধান স্বৰ্গদূত অৰ্থাৎ মীখায়েল।

সৈন্য বাহিনীৰ নেতা। বাইবেলত বৰ্ণনা কৰিছে যে “মীখায়েল আৰু তেওঁৰ দূতবিলাকে নাগে সৈতে যুদ্ধ কৰিলে।” (প্ৰকাশিত বাক্য ১২:৭) ইয়াৰ অৰ্থ, মীখায়েল হৈছে বিশ্বাসী স্বৰ্গদূতসকলৰ সৈন্য বাহিনীৰ নেতা। মন কৰিবলগীয়া বিষয় যে প্ৰকাশিত বাক্য কিতাপত যীচুক স্বৰ্গদূতসকলৰ সৈন্য বাহিনীৰ নেতা বুলি উল্লেখ কৰিছে। (প্ৰকাশিত বাক্য ১৯:১৪-১৬) পাঁচনি পৌলে “প্ৰভু যীচু” আৰু ‘পৰাক্ৰম-সাধক দূতবিলাকৰ’ বিষয়ে উল্লেখ কৰিছে। (২ থিচলনীকীয়া ১:৬) বাইবেলে আমাক মীখায়েল আৰু ‘তেওঁৰ দূতবিলাকৰ’ আৰু যীচু আৰু ‘তেওঁৰ দূতবিলাকৰ’ বিষয়ে উল্লেখ কৰিছে। (মথি ১৩:৪১; ১৬:২৭; ২৪:৩১; ১ পিতৰ ৩:২২) আমি মনত ৰখা উচিত যে স্বৰ্গত মীখায়েল আৰু যীচুৰ নামেৰে দুটা সৈন্য বাহিনীৰ দল থকাৰ বিষয়ে বাইবেলত উল্লেখ নাই। গতিকে এইটো যুক্তিসঙ্গত যে মীখায়েল হৈছে স্বৰ্গত থকা যীচু খ্ৰীষ্ট।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক