অধ্যায় ৯
“ব্যভিচাৰৰ পৰা পলোৱা”
“এতেকে তোমালোকে, পৃথিবীত থকা নিজ নিজ অঙ্গ-প্ৰত্যঙ্গস্বৰূপ যি ব্যভিচাৰ, অশুচিতা, কামাভিলাষ, কুঅভিলাষ আৰু লোভ, অৰ্থাৎ দেৱপূজা, সেই সকলোকে মাৰি পেলোৱা।”—কলচীয়া ৩:৫.
১, ২. বিলিয়মে যিহোৱা ঈশ্বৰৰ লোকসকলক ক্ষতি কৰিবলৈ কি ষড়যন্ত্ৰ কৰিছিল?
এজন মাছমৰীয়াই মাছ মাৰিবলৈ নিজৰ পছন্দৰ ঠাইলৈ যায়। তেওঁ এক বিশেষ ধৰণৰ মাছ ধৰাৰ উদ্দেশ্যেৰে সেই ঠাইলৈ গৈছে। সেইবাবে, তেওঁ বৰশীত ভালদৰে টোপ লগাই পানীত পেলাই দিয়ে। কিছুসময়ৰ পাছত বৰশীৰ সূতা টান খায় আৰু বৰশী বেঁকা হৈ পৰে। ব্যক্তিজনে নিজৰ সম্পূৰ্ণ শক্তি ব্যৱহাৰ কৰি বৰশীডাল ওপৰলৈ টানি আনে। ব্যক্তিজনৰ মুখত এক মিচিকীয়া হাঁহি বিৰিঙি উঠে, কাৰণ তেওঁ লগোৱা টোপে কাম কৰিলে।
২ এই উদাহৰণে আমাক বিলিয়ম নামৰ এজন ব্যক্তিৰ বিষয়ে মনত পেলাই দিয়ে। তেওঁ খ্ৰীষ্টপূৰ্ব ১৪৭৩ ঈশ্বৰৰ লোকসকলক এটা টোপ ব্যৱহাৰ কৰি ফান্দত পেলাবলৈ পৰিকল্পনা কৰিছিল। সেইসময়ত ইস্ৰায়েলীসকলে প্ৰতিজ্ঞা কৰা দেশৰ সীমাত থকা মোৱাবৰ সমতল ভূমিত ছাউনি পাতি আছিল। বিলিয়মে নিজকে যিহোৱাৰ ভৱিষ্যতবক্তা বুলি দাবী কৰিছিল। কিন্তু আচলতে তেওঁ এজন লুভীয়া ব্যক্তি আছিল আৰু ইস্ৰায়েলীসকলক শাও দিয়াৰ বাবে তেওঁক অনা হৈছিল। যেতিয়া বিলিয়মে ইস্ৰায়েলীসকলক শাও দিব বিচাৰিছিল, তেতিয়া যিহোৱা ঈশ্বৰে হস্তক্ষেপ কৰিছিল। তেওঁৰ মুখৰপৰা শাও ওলোৱাৰ পৰিৱৰ্তে আশীৰ্বাদহে ওলাইছিল। কিন্তু লুভীয়া বিলিয়মে যিকোনো উপায়েৰে পুৰস্কাৰ লাভ কৰিব বিচাৰিছিল। এই লক্ষ্যত উপনিত হʼবলৈ তেওঁ এটা টোপ ব্যৱহাৰ কৰিবলৈ ষড়যন্ত্ৰ কৰিলে। যদি ইস্ৰায়েলীসকলে প্ৰলোভনত পৰি গভীৰ পাপ কৰে, তেনেহʼলে যিহোৱা ঈশ্বৰে নিজে তেওঁলোকক শাও দিব। সেইবাবে বিলিয়মে মোৱাবৰ যুৱতীসকলক ব্যৱহাৰ কৰি ইস্ৰায়েলীসকলক অনৈতিক কাৰ্য্য কৰিবলৈ প্ৰলোভিত কৰিলে।—গণনা পুস্তক ২২:১-৭; ৩১:১৫, ১৬; প্ৰকাশিত বাক্য ২:১৪.
৩. বিলিয়মৰ ষড়যন্ত্ৰ কাম কৰিছিলনে?
৩ বিলিয়মৰ এই ষড়যন্ত্ৰ সফল হʼলনে? কম বেছি পৰিমাণে সফল হৈছিল। কেইবা হাজাৰ ইস্ৰায়েলীয়ে এই প্ৰলোভনত পৰি “মোৱাবৰ জীয়াৰীবোৰে সৈতে ব্যভিচাৰ” কাৰ্য্যত লিপ্ত হৈছিল। আনকি জননক্ষমতা বা যৌন কাৰ্য্যৰ দেৱতা বালপিয়োৰক উপাসনা কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ পৰিণামস্বৰূপে, প্ৰতিজ্ঞা কৰা দেশৰ দুৱাৰডলিত ২৪,০০০ ইস্ৰায়েলীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। সঁচাকৈ, ই এক ভয়ানক ঘটনা আছিল।—গণনা পুস্তক ২৫:১-৯.
৪. হাজাৰ হাজাৰ ইস্ৰায়েলীয়ে কিয় অনৈতিকতাৰ ফান্দত পৰিছিল?
৪ প্ৰকৃততে কিহৰ বাবে ইস্ৰায়েলীসকলে এই বিপদত পৰিবলগীয়া হয়? বহুতো ইস্ৰায়েলীয়ে যিহোৱাৰপৰা আঁতৰি গৈছিল। তেওঁলোকে নিজৰ হৃদয়ক কঠোৰ কৰি লৈছিল। যিজন ঈশ্বৰে তেওঁলোকক মিচৰৰপৰা উদ্ধাৰ কৰিছিল, জনবসতিহীন ঠাইত আহাৰৰ প্ৰৱন্ধ কৰিছিল আৰু প্ৰতিজ্ঞা কৰা দেশলৈ লৈ গৈছিল, সেই ঈশ্বৰৰ কথা তেওঁলোকে পাহৰি গৈছিল। (ইব্ৰী ৩:১২) সেই ঘটনাক মনত পেলাই পাঁচনি পৌলে এইদৰে লিখিছিল: “তেওঁবিলাকৰ কিছুমানে যেনেকৈ ব্যভিচাৰ কৰাত; একে দিনাই একুৰি তিনি হাজাৰ মানুহ মৰা পৰিল, তেনেকৈ আমি ব্যভিচাৰ নকৰোঁহঁক।”a—১ কৰিন্থীয়া ১০:৮.
৫, ৬. মোৱাবৰ সমতলত ইস্ৰায়েলীসকলে যি পাপ কৰিছিল, সেয়া আমাৰ বাবে কিয় এক গুৰুত্বপূৰ্ণ শিক্ষা?
৫ বৰ্তমান সময়ত ঈশ্বৰৰ লোক হিচাপে আমিও প্ৰতিজ্ঞা কৰা নতুন পৃথিৱীৰ দুৱাৰডলিত আছোঁ। সেইবাবে, গণনাপুস্তক কিতাপত বৰ্ণনা কৰা ঘটনাবোৰৰপৰা আমি বহুতো গুৰুত্বপূৰ্ণ শিক্ষা লাভ কৰিব পাৰোঁ। (১ কৰিন্থীয়া ১০:১১) উদাহৰণস্বৰূপে, প্ৰাচীন সময়ৰ মোৱাবীয়াসকলৰ দৰে বৰ্তমান সময়ত জগতৰ লোকসকলে ব্যাপকৰূপে যৌন অনৈতিকতাত লিপ্ত হৈছে। কিন্তু দুখৰ বিষয় যে প্ৰতিবছৰে হাজাৰ হাজাৰ সত্য খ্ৰীষ্টানেও অনৈতিকতাৰ ফান্দত পৰিছে, যি ফান্দত পৰি বহুতো ইস্ৰায়েলীয়ে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। (২ কৰিন্থীয়া ২:১০) ইয়াৰ উপৰিও জিম্ৰীয়ে যিদৰে এজনী মিদিয়নীয়া তিৰোতাক নিজৰ তম্বুলৈ আনিছিল, ঠিক সেইদৰে বৰ্তমান সময়তো ঈশ্বৰৰ লোকসকলৰ লগত সংগতি কৰা কিছুমান লোকে মণ্ডলীত অনৈতিকতাৰ বেয়া প্ৰভাৱ পেলাইছে।—গণনা পুস্তক ২৫:৬, ১৪; যিহূদা ৪.
৬ মোৱাবৰ সমতলত ইস্ৰায়েলীসকলে সন্মুখীন হোৱা পৰিস্থিতিৰ দৰে বৰ্তমান সময়ত আমিও একে পৰিস্থিতিত আছোঁ বুলি আপুনি বুজিব পাৰিছেনে? নতুন পৃথিৱী যে নিচেই কাষত আছে তাক আপুনি দেখা পাইছেনে? যদি সেয়াই হয়, তেনেহʼলে ঈশ্বৰৰ প্ৰেমত নিজকে ৰাখিবলৈ আপুনি সম্পূৰ্ণ শক্তিৰে এই আজ্ঞা পালন কৰক: “ব্যভিচাৰৰ পৰা পলোৱা।”—১ কৰিন্থীয়া ৬:১৭.
মোৱাবৰ সমতল ভূমি
ব্যভিচাৰ কি হয়?
৭, ৮. “ব্যভিচাৰ” কি হয়? ব্যভিচাৰ কাৰ্য্যত লিপ্ত হৈ থকা ব্যক্তিয়ে কেনেকৈ নিজৰ কাৰ্য্যৰ পৰিণাম সন্মুখীন হয়?
৭ বাইবেলত ব্যভিচাৰ শব্দক (গ্ৰীক, পৰনিʼয়া) অবৈধভাৱে সম্পৰ্ক ৰখাক বুজোৱা হৈছে, যিবোৰ সাধাৰণতে শাস্ত্ৰীয় আধাৰিত বিবাহৰ বাহিৰত হয়। ইয়াত জড়িত আছে অবিবাহিত লোকৰ মাজত যৌন সম্পৰ্ক, মুখ সংগম, পায়ু সংগম আৰু অবিবাহিত লোকৰ যৌন অংগবোৰ দুৰ্ব্যৱহাৰ কৰা। দুজন পুৰুষ বা দুগৰাকী তিৰোতাই নিজৰ ভিতৰতে যৌন কাৰ্য্য কৰা আৰু জীৱ-জন্তুৰ লগত এনে কাৰ্য্য কৰাও ব্যভিচাৰ হয়।b
৮ বাইবেলে স্পষ্টৰূপে বৰ্ণনা কৰিছে যে এজন ব্যক্তিয়ে ব্যভিচাৰ কাৰ্য্যত লিপ্ত হৈ থাকিলে খ্ৰীষ্টান মণ্ডলীৰ ভাগ হʼব নোৱাৰে আৰু অনন্ত জীৱন লাভ কৰিব নোৱাৰিব। (১ কৰিন্থীয়া ৬:৯; প্ৰকাশিত বাক্য ২২:১৫) ইয়াৰ উপৰিও এনে ব্যক্তিয়ে নিজৰ কাৰ্য্যৰ পৰিণাম ভুগিবলগীয়া হয়। তেওঁলোকে বিশ্বাস আৰু আত্মসন্মান হেৰুৱায়, বিবাহিত জীৱনত সমস্যাৰ সৃষ্টি হয়, বিবেক দংশন কৰে, নিবিচৰাকৈ গৰ্ভৱতী হয়, বিভিন্ন বেমাৰ আৰু কেতিয়াবা মৃত্যুৰ সন্মুখীন হয়। (গালাতীয়া ৬:৭, ৮ পঢ়ক।) ইমান বিপদজনক পথত চলাৰ কিয় প্ৰয়োজন? কিন্তু দুখৰ বিষয় যে আজি বহুতোলোকে আগলৈ পৰিণাম কি হʼব তাৰ বিষয়ে চিন্তা নকৰাকৈ ভুল পদক্ষেপ লয়। সাধাৰণতে, সেইবোৰৰ আৰম্ভণি পৰ্নগ্ৰাফিৰ পৰা হয়।
পৰ্নগ্ৰাফি—অনৈতিকতাৰ প্ৰথম পদক্ষেপ
৯. কিছুমান লোকে পৰ্নগ্ৰাফি চোৱাটো ক্ষতিকৰ নহয় বুলি দাবী কৰাটো সত্যনে? বৰ্ণনা কৰক।
৯ বহুতো দেশত গীত, টিভি, বাতৰি কাকত আৰু ইন্টাৰনেটত ব্যাপকভাৱে পৰ্নগ্ৰাফি দেখিবলৈ পোৱা যায়।c কিছুমান লোকে পৰ্নগ্ৰাফি চোৱাটো ক্ষতিকৰ নহয় বুলি দাবী কৰে। কিন্তু ই সত্য নহয়। যিসকল লোকে পৰ্নগ্ৰাফি চায়, তেওঁলোকৰ হস্তমৈথুন কৰাৰ অভ্যাস আৰু ‘অনাদৰযুক্ত কামাভিলাষৰ’ বাবে ইচ্ছা জাগৃত হʼব পাৰে। ইয়াৰ পৰিণামস্বৰূপে, যৌন কাৰ্য্যৰ প্ৰতি আসক্ত, কুঅভিলাষ, বিবাহিত জীৱনত সমস্যা, আনকি বিবাহবিচ্ছেদো হʼব পাৰে।d (ৰোমীয়া ১:২৪-২৭; ইফিচীয়া ৪:১৯) এজন বিশেষজ্ঞই যৌন কাৰ্য্যৰ প্ৰতি থকা আসক্তিক কৰ্কট ৰোগৰ লগত তুলনা কৰিছে। তেওঁ এইদৰে কৈছে যে এই অভ্যাস “বৃদ্ধি পাই থাকে আৰু বিয়পি থাকে। ইয়াৰপৰা হাত সৰা সহজ নহয়। ইয়াক চিকিৎসা কৰা আৰু সুস্থ কৰাও ইমান সহজ নহয়।”
সকলোৱে অহা-যোৱা কৰা ঠাইত ইন্টাৰনেট থকা কম্পিউটাৰটো ৰাখিলে বুদ্ধিমানৰ কাম হʼব
১০. যাকোব ১:১৪, ১৫ পদত বৰ্ণনা কৰা সিদ্ধান্তক আমি কি কি উপায়ে পালন কৰিব পাৰোঁ? (“নৈতিকভাৱে শুদ্ধ হৈ থাকিবলৈ মই কেনেকৈ সহায় পালোঁ” নামৰ বক্সো চাওক।)
১০ যাকোব ১:১৪, ১৫ পদত কি বৰ্ণনা কৰিছে তালৈ ধ্যান দিয়ক: “প্ৰত্যেক জন নিজৰ কু-অভিলাষৰ দ্বাৰাই আকৰ্ষণ কৰা আৰু ফুচুলাই নিয়া হৈ পৰীক্ষিত হয়। তাতে সেই কু-অভিলাষে গৰ্ভধাৰণ কৰি, পাপ প্ৰসৱ কৰে; পাছে পাপ সম্পূৰ্ণ হলে, মৰণ জন্মায়।” সেইবাবে যদি আপোনাৰ মনলৈ বেয়া ভাৱনা আহে তেনেহʼলে তৎক্ষণাত সেইবোৰ মনৰপৰা বাহিৰ কৰক। উদাহৰণস্বৰূপে, যদি অজানিতে অশ্লীল ছবিবোৰলৈ আপোনাৰ চকু যায়, তেনেহʼলে তাৰপৰা লগে লগে চকু আঁতৰাওক নতুবা কম্পিউটাৰ বন্ধ কৰক বা টিভিৰ চ্যানেল পৰিৱৰ্তন কৰক। বেয়া ভাৱনাবোৰে আপোনাক নিয়ন্ত্ৰণ কৰাৰ আগতে, আপুনি সেইবোৰৰপৰা আঁতৰি থাকিবলৈ সকলো পদক্ষেপ লওক।—মথি ৫:২৯, ৩০ পঢ়ক।
১১. বেয়া ভাৱনাবোৰৰ বিৰুদ্ধে যুঁজ কৰাৰ সময়ত আমি কেনেকৈ যিহোৱা ঈশ্বৰৰ ওপৰত ভৰসা কৰিব পাৰোঁ?
১১ যিহোৱা ঈশ্বৰে আমাৰ বিষয়ে আমাতকৈ বেছি জানে। নিশ্চয় কিবা ভালৰ বাবেহে তেওঁ আমাক এই পৰামৰ্শ দিছে: “এতেকে তোমালোকে, পৃথিবীত থকা নিজ নিজ অঙ্গ-প্ৰত্যঙ্গস্বৰূপ যি ব্যভিচাৰ, অশুচিতা, কামাভিলাষ, কুঅভিলাষ আৰু লোভ, অৰ্থাৎ দেৱপূজা, সেই সকলোকে মাৰি পেলোৱা।” (কলচীয়া ৩:৫) এইটো সঁচা যে এনে কৰা কঠিন হʼব পাৰে। কিন্তু মনত ৰাখিব যে স্বৰ্গত এজন আমাৰ মৰমিয়াল আৰু ধৈৰ্য্যশীল ঈশ্বৰ আছে। আমি সহায়ৰ বাবে তেওঁক প্ৰাৰ্থনা কৰিব পাৰোঁ। (গীতমালা ৬৮:১৯) সেইবাবে, যেতিয়া আপোনাৰ মনলৈ বেয়া ভাৱনা আহে, তেতিয়া সহায়ৰ বাবে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰক। ‘শক্তিৰ বাহুল্যতাৰ’ বাবে প্ৰাৰ্থনা কৰক আৰু অন্য বিষয়বোৰত ধ্যান দিবলৈ নিজৰ মনক বাধ্য কৰাওক।—২ কৰিন্থীয়া ৪:৭; ১ কৰিন্থীয়া ৯:২৭; “মই কেনেকৈ বেয়া অভ্যাস ত্যাগ কৰিব পাৰিম?” নামৰ বক্সত চাওক।
১২. আমাৰ ‘হৃদয়’ কি হয় আৰু আমি তাক কিয় ৰক্ষা কৰা উচিত?
১২ জ্ঞানী ৰজা চলোমনে এইদৰে লিখিছিল, “সকলো বস্তুৰ মাজত, সকলোতকৈ তোমাৰ হৃদয়ক অধিক যত্নেৰে ৰক্ষা কৰা; কিয়নো তাৰে পৰাই জীৱন উৎপন্ন হয়।” (হিতোপদেশ ৪:২৩) ‘হৃদয়ৰ’ অৰ্থ হৈছে আমাৰ ভিতৰত থকা ব্যক্তিজন, অৰ্থাৎ ঈশ্বৰৰ দৃষ্টিত আচলতে আমি কেনেধৰণৰ ব্যক্তি। আনৰ দৃষ্টিত আমি কেনেধৰণৰ ব্যক্তি হওঁ সেয়া গুৰুত্বপূৰ্ণ নহয়, কিন্তু আমি অনন্ত জীৱন পাম নে নাপাম তাৰ নিৰ্ণয় যিহোৱা ঈশ্বৰে আমাৰ ভিতৰৰ ব্যক্তি চাইহে লʼব। যদিও ই এক সহজ বিষয় কিন্তু অতি গুৰুত্বপূৰ্ণ। ঈশ্বৰৰ বিশ্বাসী দাস ইয়োবে আমাৰ বাবে এক ভাল উদাহৰণ ৰাখিছিল। তেওঁ কোনো তিৰোতাক যেন বেয়া ভাৱনাৰে নাচায়, তাৰ বাবে নিজৰ চকুৰ সৈতে এক নিয়ম বান্ধিছিল বা চুক্তি কৰিছিল। (ইয়োব ৩১:১) ইয়োবৰ দৰে আন এজন গীতৰচকেও একেই দৃষ্টিভংগী ৰাখিছিল। তেওঁ প্ৰাৰ্থনাত এইদৰে কৈছিল, “অসাৰ দৃষ্টিৰ পৰা মোৰ চকু ঘূৰুৱা।”—গীতমালা ১১৯:৩৭.
দীনাৰ ভুল নিৰ্বাচন
১৩. দীনা কোন আছিল? আমি কিয় কʼব পাৰোঁ যে বান্ধৱী নিৰ্বাচন কৰাৰ ক্ষেত্ৰত তাই ভুল নিৰ্ণয় লৈছিল?
১৩ তিনি অধ্যায়ত আমি শিকিলোঁ যে আমাৰ সংগতিয়ে আমাৰ ওপৰত ভাল বা বেয়া প্ৰভাৱ পেলাব পাৰে। (হিতোপদেশ ১৩:২০; ১ কৰিন্থীয়া ১৫:৩৩ পঢ়ক।) যাকোবৰ জীয়েক দীনাৰ উদাহৰণলৈ ধ্যান দিয়ক। সৰুৰেপৰাই দীনাই পিতৃ-মাতৃৰপৰা ভাল শিক্ষা পোৱাৰ সত্ত্বেও তাই অজ্ঞানৰ দৰে কনানীয়া ছোৱালীবিলাকৰ লগত বন্ধুত্ব কৰিছিল। মোৱাবীয়াসকলৰ নিচিনা কনানীয়াসকলেও অনৈতিকতাৰ বাবে জনাজাত আছিল। (লেবীয়া পুস্তক ১৮:৬-২৫) চিখিম নিজ পিতৃ বংশত “সকলোতকৈ মান্যৱান” পুৰুষ আছিল। তেওঁ আৰু তেওঁৰ লগৰ কনানীয়া পুৰুষসকলে দীনাৰ লগত অতি সহজে যৌন সম্পৰ্ক ৰাখিব পাৰিব বুলি ভাবিছিল।—আদিপুস্তক ৩৪:১৮, ১৯.
১৪. দীনাই নিৰ্বাচন কৰা সংগতিৰ বাবে কি দুখজনক পৰিণাম হৈছিল?
১৪ দীনাই চিখিমক দেখাৰ সময়ত, যৌন সম্পৰ্ক কৰাৰ বিষয়ে তাৰ মনলৈ হয়তো অহা নাছিল। কিন্তু অনৈতিক ভাৱনা জাগৃত হʼলে কনানীয়াসকলে যি কৰে চিখিমেও দীনাৰ লগত তাকেই কৰিলে, যিটো তেওঁলোকৰ বাবে সাধাৰণ কথা আছিল। শেষ মুহূৰ্তত দীনাই হয়তো বাধা দিছিল কিন্তু একো লাভ নহʼল, কাৰণ চিখিমে “ধৰি নি, তায়ে সৈতে শয়ন কৰি তাইক ভ্ৰষ্ট কৰিলে।” ইয়াৰ পাছত চিখিমে হয়তো দীনাক ‘প্ৰেম কৰিছিল,’ কিন্তু দীনাৰ লগত তেওঁ যি কৰিলে তাক পৰিৱৰ্তন কৰিব নোৱাৰিলে। (আদিপুস্তক ৩৪:১-৪ পঢ়ক।) ইয়াৰ বেয়া পৰিণাম কেৱল দীনাই ভুগিছিল এনে নহয়, তাইৰ পৰিয়ালৰ সকলো লোকে ভুগিবলগীয়া হৈছিল। বেয়া সংগতি নিৰ্বাচন কৰাৰ বাবে পাছলৈ এনে কিছুমান ঘটনাৰ সূত্ৰপাত হৈছিল, যাৰ বাবে দীনাৰ পৰিয়ালৰ সুনাম কলংকিত হৈছিল।—আদিপুস্তক ৩৪:৭, ২৫-৩১; গালাতীয়া ৬:৭, ৮.
১৫, ১৬. আমি ঈশ্বৰৰ প্ৰজ্ঞা কেনেকৈ পাব পাৰোঁ? (“ধ্যান কৰাৰ বাবে শাস্ত্ৰপদ” নামৰ বক্সত চাওক।)
১৫ দীনাই নিজৰ ভয়ানক অনুভৱৰপৰা গুৰুত্বপূৰ্ণ শিক্ষা পালে। যিসকল লোকে যিহোৱা ঈশ্বৰক প্ৰেম কৰে আৰু তেওঁৰ আজ্ঞাবোৰ পালন কৰে, তেওঁলোকে জীৱনত ভয়ানক পৰিস্থিতিৰ সন্মুখীন হৈ এনে শিক্ষা লাভ কৰাৰ প্ৰয়োজন নাই। কিয়নো তেওঁলোকে যিহোৱাৰ আজ্ঞা পালন কৰে আৰু “জ্ঞানীবিলাকৰ লগত” সংগতি কৰে। (হিতোপদেশ ১৩:২০ক) এইদৰে তেওঁলোকে “সকলো মঙ্গলৰ পথ বুজিব” পাৰে আৰু জীৱনত অযথা সমস্যা আৰু দুখ-কষ্টবোৰ আহিবলৈ নিদিয়ে।—হিতোপদেশ ২:৬-৯; গীতমালা ১:১-৩.
১৬ যিসকল লোকে ঈশ্বৰৰ প্ৰজ্ঞা লাভ কৰিবলৈ হাবিয়াহ কৰে, তেওঁলোকে নিয়মীয়াকৈ ঈশ্বৰলৈ প্ৰাৰ্থনা কৰে আৰু সদায় ঈশ্বৰৰ বাক্য আৰু বিশ্বাসী বুদ্ধিমান দাসে তৈয়াৰ কৰা প্ৰকাশনবোৰ অধ্যয়ন কৰে। (মথি ২৪:৪৫; যাকোব ১:৫) ইয়াৰ উপৰিও, তেওঁলোকক নম্ৰ হোৱাৰ প্ৰয়োজন আছে। বাইবেলৰ পৰামৰ্শ পালন কৰাৰ বাবে এই গুণ অতি প্ৰয়োজন। (২ ৰাজাৱলি ২২:১৮, ১৯) উদাহৰণস্বৰূপে, এজন খ্ৰীষ্টানে হয়তো মানি লʼব যে তেওঁৰ হৃদয়খন কপটময় আৰু চঞ্চল। (যিৰিমিয়া ১৭:৯) কিন্তু তেওঁ কোনো পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সময়ত বুদ্ধিমতাৰে কাম কৰা নাই আৰু সেইবাবে তেওঁক স্পষ্টৰূপে উপদেশ দিয়া হৈছে, তেতিয়া তেওঁ সেই উপদেশ নম্ৰতাৰে গ্ৰহণ কৰেনে?
১৭. পৰিয়ালত কেনেধৰণৰ পৰিস্থিতি উদ্ভৱ হʼব পাৰে? দেউতাকে কেনেকৈ নিজৰ ছোৱালীজনীক যুক্তি দৰ্শাব পাৰে তাৰ বিষয়ে বৰ্ণনা কৰক।
১৭ যিহোৱা ঈশ্বৰক উপাসনা কৰা এটা পৰিয়ালৰ বিষয়ে কল্পনা কৰক। এই পৰিয়ালৰ ছোৱালীজনীয়ে মণ্ডলীৰ এজন ডেকা ভাইৰ লগত ফুৰিবলৈ যাব বিচাৰে। কিন্তু দেউতাকে নিজৰ গাভৰু ছোৱালীজনীক কোনো অভিভাৱক নোহোৱাকৈ যাবলৈ অনুমতি দিয়া নাই। ছোৱালীজনীয়ে কৈছে: “দেউতা, মোৰ ওপৰত আপোনাৰ বিশ্বাস নাইনে? মই কোনো বেয়া কাম নকৰোঁ!” তাই হয়তো যিহোৱা ঈশ্বৰক প্ৰেম কৰে আৰু তাইৰ মনত কোনো বেয়া ভাৱনাও নাই। তথাপিও তাই ‘[ঈশ্বৰীয়] প্ৰজ্ঞাৰূপ পথত চলিছেনে?’ তাই ‘ব্যভিচাৰৰ পৰা পলাইছেনে?’ বা তাই অজ্ঞানৰ দৰে ‘[নিজৰ] মনত ভাৰসা কৰিছে নেকি?’ (হিতোপদেশ ২৮:২৬) এতিয়া আপুনি চিন্তা কৰক যে এনে পৰিস্থিতিত, ছোৱালীজনীক সঠিক নিৰ্ণয় লʼবলৈ দেউতাকে বাইবেলৰ আৰু কোনবোৰ সিদ্ধান্তৰপৰা বুজাব।—হিতোপদেশ ২২:৩; মথি ৬:১৩; ২৬:৪১ চাওক।
যোচেফ অনৈতিকতাৰপৰা দূৰে থাকিল
১৮, ১৯. যোচেফৰ জীৱনত কি প্ৰলোভন আহিছিল? তেওঁ কেনেকৈ তাৰ সন্মুখীন হৈছিল?
১৮ ঈশ্বৰক ভাল পোৱা এজন ডেকা লʼৰা হৈছে যোচেফ। তেওঁ অনৈতিকতাৰপৰা দূৰে আছিল। যোচেফ হৈছে দীনাৰ মাহীমাকৰ লʼৰা। (আদিপুস্তক ৩০:২০-২৪) যোচেফে বায়েকৰ অজ্ঞানতাৰ বাবে পৰিয়ালৰ লোকসকলে সন্মুখীন হোৱা সমস্যাবোৰৰ বিষয়ে ভালদৰে জানিছিল। নিঃসন্দেহ, এই ঘটনাবোৰে আৰু ঈশ্বৰৰ প্ৰেমত নিজকে ৰাখিবলৈ ইচ্ছা থকাৰ বাবে, মিচৰ দেশত দাস হিচাপে থকাৰ সময়ত তেওঁক সহায় কৰিছিল। মিচৰত থকাৰ সময়ত তেওঁৰ প্ৰভুৰ অৰ্থাৎ যি ঘৰত কাম কৰিছিল, সেই ঘৰৰ মালিকৰ পত্নীয়ে “দিনে দিনে” যোচেফক প্ৰলোভিত কৰিবলৈ চেষ্টা কৰিছিল। যিহেতু তেওঁক দাস হিচাপে মালিকে কিনি লৈছিল, সেইবাবে তেওঁ নিজৰ ইচ্ছামতে কাম এৰি সেই ঠাই ত্যাগ কৰাৰ স্বাধীনতা নাছিল। গতিকে যোচেফে এই পৰিস্থিতি বুদ্ধি আৰু সাহসেৰে সন্মুখীন হোৱাৰ প্ৰয়োজন আছিল। পোটীফৰৰ পত্নীয়ে বাৰে বাৰে তেওঁৰ লগত অনৈতিক সম্বন্ধ ৰাখিবলৈ প্ৰস্তাৱ দিছিল। কিন্তু যোচেফে প্ৰতিবাৰে তাইৰ প্ৰস্তাৱ নাকচ কৰিছিল আৰু অৱশেষত তাইৰ ওচৰৰপৰা পলাই গৈছিল।—আদিপুস্তক ৩৯:৭-১২ পঢ়ক।
১৯ ক্ষন্তেকৰ বাবে চিন্তা কৰক। যদি যোচেফে অনৱৰতে তিৰোতাজনীৰ বিষয়ে ভাবি থকাহেঁতেন বা দিনে-ৰাতিয়ে যৌন কাৰ্য্যৰ বিষয়ে কল্পনা কৰি থকাহেঁতেন, তেনেহʼলে তেওঁ নিষ্ঠা বজাই ৰাখিব পাৰিলেহেঁতেননে? হয়তো নিষ্ঠা বজাই ৰখাত অসুবিধা হʼলহেঁতেন। যোচেফে অনৈতিক বিষয়বোৰ ভাবি থকাৰ পৰিৱৰ্তে যিহোৱা ঈশ্বৰৰ লগত থকা তেওঁৰ সম্পৰ্কক মূল্যৱান বুলি গণ্য কৰিছিল। পোটীফৰৰ পত্নীক কোৱা কথাষাৰৰ পৰা ইয়াক স্পষ্টৰূপে বুজিব পাৰি। তেওঁ কৈছিল: “এই ঘৰত .. . তেওঁ নিদিয়াকৈ মোৰ পৰা একোকে ৰখা নাই; কেৱল আপোনাকহে মোক দিয়া নাই; কাৰণ আপুনি তেওঁৰ ভাৰ্য্যা; এতেকে মই কেনেকৈ এনে মহা-দুষ্কৰ্ম্ম, আৰু ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰিব পাৰোঁ?”—আদিপুস্তক ৩৯:৮, ৯.
২০. যিহোৱা ঈশ্বৰে কেনেকৈ যোচেফৰ ঘটনাবোৰ কৌশলেৰে পৰিচালনা কৰিছিল?
২০ কল্পনা কৰক যে ডেকা যোচেফে নিজৰ পৰিয়ালৰ পৰা দূৰত থকাৰ সত্ত্বেও প্ৰতিদিনে নিষ্ঠা বজাই ৰখাৰ বাবে যিহোৱা ঈশ্বৰে কেনে অনুভৱ কৰিছিল। (হিতোপদেশ ২৭:১১) ইয়াৰ পাছত যিহোৱা ঈশ্বৰে ঘটনাবোৰ কৌশলেৰে পৰিচালনা কৰিছিল, যাৰ ফলত যোচেফ কেৱল বন্দীশালৰ পৰা মুকলি হোৱাই নহয় কিন্তু তেওঁ মিচৰৰ প্ৰধানমন্ত্ৰী আৰু খাদ্য ভঁৰালৰ অধিকাৰী হৈছিল। (আদিপুস্তক ৪১:৩৯-৪৯) গীতমালা ৯৭:১০-ৰ কথাষাৰ কিমান যে সত্য: “হে যিহোৱাক প্ৰেম কৰোঁতাবিলাক, দুষ্টতাক ঘিণ কৰা; তেওঁ তেওঁৰ সাধুবিলাকৰ প্ৰাণ ৰক্ষা কৰে, দুষ্টবোৰৰ হাতৰ পৰা তেওঁবিলাকক উদ্ধাৰ কৰে।”
২১. আফ্ৰিকা দেশৰ এজন ডেকা ভায়ে নৈতিক শুদ্ধতা বজাই ৰাখিবলৈ কেনেকৈ সাহস দেখুৱাইছিল?
২১ যোচেফৰ দৰে বৰ্তমান সময়তো যিহোৱাৰ বহুতো সেৱকে দেখুৱায় যে তেওঁলোকেও ‘বেয়াক ঘিণ কৰে, ভালক ভাল পায়।’ (আমোচ ৫:১৫) আফ্ৰিকা দেশৰ এজন ডেকা ভায়ে মনত পেলাই কয় যে তেওঁ পঢ়ি থকাৰ সময়ত একে শ্ৰেণীৰ এজনী ছোৱালীয়ে নিৰ্লজ্জভাৱে কৈছিল যে যদি তেওঁ গণিতৰ পৰীক্ষাৰ সময়ত তাইক সহায় কৰে, তেনেহʼলে তাৰ বিনিময়ত যৌন সম্পৰ্কৰ বাবে অনুমতি দিব। ভায়ে আগলৈ এইদৰে কয়, “মই লগে লগে তাইৰ প্ৰস্তাৱ নাকচ কৰিছিলোঁ। নিষ্ঠা বজাই ৰখাৰ যোগেদি মই নিজৰ মান-সন্মান ৰাখিব পাৰিলোঁ, যিটো মোৰ বাবে সোণ আৰু ৰূপতকৈও বহুমূলীয়া।” এইটো সঁচা যে পাপ কৰাৰ বাবে “অলপদিনীয়া সুখ” লাভ কৰিব পাৰি, কিন্তু এই ক্ষন্তেকীয়া আনন্দই পাছলৈ বহুতো দুখ-কষ্ট কঢ়িয়াই আনে। (ইব্ৰী ১১:২৫) মনত ৰাখিবলগীয়া কথা যে ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰিলে যি আনন্দ পোৱা যায়, তাৰ তুলনাত এইবোৰ একেবাৰে নগণ্য।—হিতোপদেশ ১০:২২.
দয়ালু ঈশ্বৰৰপৰা সহায় গ্ৰহণ কৰক
২২, ২৩. (ক) যদি এজন খ্ৰীষ্টানে কেতিয়াবা গভীৰ পাপ কৰে, তেনেহʼলে তেওঁৰ বাবে কি আশা আছে? (খ) পাপ কৰা জনৰ বাবে মণ্ডলীত কি সহায় উপলব্ধ আছে?
২২ অসিদ্ধ হোৱাৰ বাবে আমি সকলোৱে শাৰীৰিক ইচ্ছাবোৰৰ বিৰুদ্ধে যুঁজ কৰিবলৈ আৰু ঈশ্বৰৰ দৃষ্টিত যি ভাল তাক কৰিবলৈ সংঘৰ্ষ কৰিবলগীয়া হয়। (ৰোমীয়া ৭:২১-২৫) “আমি যে ধূলি মাথোন” তাক যিহোৱা ঈশ্বৰে জানে। (গীতমালা ১০৩:১৪) কিন্তু যদি এজন খ্ৰীষ্টানে কেতিয়াবা গভীৰ পাপত জড়িত হৈ পৰে, তেতিয়া তেওঁৰ বিষয়ে আমি কি কʼব পাৰোঁ? তেওঁৰ বাবে কোনো আশা নাই নেকি? নিশ্চয় আছে। এইটো সঁচা যে পাপৰ পৰিণাম তেওঁ সন্মুখীন হʼবই লাগিব, যিদৰে দায়ূদে সন্মুখীন হৈছিল। কিন্তু যিসকল লোকে নিজৰ পাপ “স্বীকাৰ কৰি” অন্তৰৰপৰা ক্ষমা বিচাৰে, তেওঁলোকক যিহোৱা ঈশ্বৰে ‘ক্ষমা’ কৰিবলৈ সাজু থাকে।—গীতমালা ৮৬:৫; যাকোব ৫:১৬; হিতোপদেশ ২৮:১৩ পঢ়ক।
২৩ ইয়াৰ উপৰিও যিহোৱা ঈশ্বৰে আমাক সহায় কৰিবলৈ খ্ৰীষ্টান মণ্ডলীত মানুহবিলাকৰ ৰূপত “নানা বৰ” দিছে। এওঁলোক আধ্যাত্মিকভাৱে পৰিপক্ক আৰু আনক সহায় কৰিবলৈ সদায় সাজু থাকে। (ইফিচীয়া ৪:৮, ১২; যাকোব ৫:১৪, ১৫) তেওঁলোকৰ উদ্দেশ্য হৈছে পাপ কৰা লোকসকলক ঈশ্বৰৰ লগত থকা তেওঁলোকৰ ভাঙি যোৱা সম্পৰ্কক পুনৰ স্থাপন কৰিবলৈ আৰু পুনৰ যাতে তেওঁলোকে পাপ নকৰে, তাৰ বাবে “বুদ্ধি উপাৰ্জ্জন” কৰিবলৈ সহায় কৰা।—হিতোপদেশ ১৫:৩২.
“বুদ্ধি উপাৰ্জ্জন” কৰক
২৪, ২৫. (ক) হিতোপদেশ ৭:৬-২৩ পদত বৰ্ণনা কৰা ডেকা লʼৰাজনে কেনেকৈ দেখুৱাইছিল যে তেওঁ ‘নিৰ্ব্বোধ’? (খ) আমি কেনেকৈ “বুদ্ধি উপাৰ্জ্জন” কৰিব পাৰোঁ?
২৪ বাইবেলে ‘নিৰ্ব্বোধ’ লোকসকলৰ বিষয়ে আৰু “বুদ্ধি উপাৰ্জ্জন” কৰা লোকসকলৰ বিষয়ে বৰ্ণনা কৰিছে। (হিতোপদেশ ৭:৭) ঈশ্বৰৰ সেৱাত বেছি অনুভৱ নথকা আৰু আধ্যাত্মিকভাৱে পৰিপক্ক নোহোৱাৰ বাবে এজন ‘নিৰ্ব্বোধ’ ব্যক্তিৰ বুজা শক্তি আৰু সঠিক বিচাৰ কৰাৰ ক্ষমতা হয়তো কম হʼব পাৰে। এনেধৰণৰ ব্যক্তি হিতোপদেশ ৭:৬-২৩ পদত বৰ্ণনা কৰা ডেকা লʼৰাজনৰ দৰে হয়তো অতি সহজে গভীৰ পাপৰ ফান্দত পৰিব পাৰে। কিন্তু, যিজন ব্যক্তিয়ে “বুদ্ধি উপাৰ্জ্জন” কৰে তেওঁ প্ৰাৰ্থনাপূৰ্বক ঈশ্বৰৰ বাক্য অধ্যয়ন কৰে আৰু নিজকে পৰীক্ষা কৰে যে তেওঁ কেনেধৰণৰ ব্যক্তি। অসিদ্ধ হোৱাৰ সত্ত্বেও তেওঁ নিজৰ চিন্তাধাৰা, ইচ্ছা, ভাৱনা আৰু জীৱনৰ লক্ষ্যবোৰত যিহোৱা ঈশ্বৰক আনন্দিত কৰিবলৈ চেষ্টা কৰে। এইদৰে তেওঁ “নিজ প্ৰাণক প্ৰেম কৰে” অথবা নিজৰ বাবে আশীৰ্বাদ কঢ়িয়াই আনে আৰু “তেওঁ মঙ্গল পায়।”—হিতোপদেশ ১৯:৮.
২৫ নিজকে সোধক: ‘ঈশ্বৰৰ মানদণ্ডবোৰ যে সঠিক হয় মই সম্পূৰ্ণৰূপে বিশ্বাস কৰোঁনে? মই হৃদয়ৰপৰা মানি লওঁনে যে ঈশ্বৰৰ মানদণ্ডবোৰৰ অনুসৰি জীৱন অতিবাহিত কৰিলে মই সুখী হʼম?’ (গীতমালা ১৯:৭-১০; যিচয়া ৪৮:১৭, ১৮) যদি আপোনাৰ মনত অলপো সন্দেহ আছে, তেনেহʼলে তাক দূৰ কৰিবলৈ চেষ্টা কৰক। ঈশ্বৰৰ মানদণ্ডবোৰ অমান্য কৰাৰ পৰিণামবোৰৰ বিষয়ে ধ্যানপূৰ্বক চিন্তা কৰক। ইয়াৰ উপৰিও সত্যৰ পথত চলি “যিহোৱা যে মঙ্গলময় তাক আস্বাদ কৰি” চাওক। সত্য, আদৰণীয়, ন্যায়, শুদ্ধ, প্ৰিয় আদি ভাল চিন্তাধাৰাৰে নিজৰ হৃদয় পৰিপূৰ্ণ কৰক। (গীতমালা ৩৪:৮; ফিলিপীয়া ৪:৮, ৯) আপুনি নিশ্চিত হʼব পাৰে যে যিমানেই এইবোৰ বেছিকৈ কৰি থাকিব ঈশ্বৰৰ প্ৰতি আপোনাৰ প্ৰেম সিমানেই গভীৰ হʼব। যিবোৰ বিষয় ঈশ্বৰে ভাল পায়, সেইবোৰ বিষয় আপুনিও ভাল পাব আৰু যিবোৰ বিষয় ঈশ্বৰে বেয়া পায় সেইবোৰ আপুনিও বেয়া পাব। যোচেফৰ বিষয়ে চিন্তা কৰক। তেওঁ সিদ্ধ ব্যক্তি নাছিল। কিন্তু তথাপিও তেওঁ ব্যভিচাৰৰ পৰা পলাবলৈ সক্ষম হৈছিল, কাৰণ তেওঁ নিজকে বহুবছৰ ধৰি গঢ় দিবলৈ যিহোৱা ঈশ্বৰৰ হাতত এৰি দিছিল। কিয় বাৰু? যাতে তেওঁ ঈশ্বৰৰ হৃদয়ক আনন্দিত কৰিব পৰা এজন ব্যক্তি হʼব পাৰে। আমি আশা কৰোঁ যেন আপোনাৰ বিষয়েও এইদৰে হওক।—যিচয়া ৬৪:৮.
২৬. পৰৱৰ্তী অধ্যায়ত কি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হʼব?
২৬ আমাৰ সৃষ্টিকৰ্তাই প্ৰজনন অংগবোৰ আনন্দ কৰাৰ কিবা খেলনা হিচাপে নহয়, কিন্তু আমি ইয়াৰ যোগেদি সন্তান জন্ম দিয়া আৰু বিবাহিত জীৱনত আনন্দ লাভ কৰিবলৈ সৃষ্টি কৰিছে। (হিতোপদেশ ৫:১৮) বিবাহিত জীৱনৰ বিষয়ে ঈশ্বৰৰ দৃষ্টিভংগী কি, তাৰ বিষয়ে পৰৱৰ্তী দুটা অধ্যায়ত আলোচনা কৰা হʼব।
a গণনাপুস্তক কিতাপত মৃতকৰ সংখ্যা ২৪,০০০ বুলি উল্লেখ কৰা হৈছে। ইয়াৰে ভিতৰত ২৩,০০০ লোকক যিহোৱা ঈশ্বৰৰ দ্বাৰা বধ কৰা হৈছিল। ‘লোকবিলাকৰ আটাই মূল মানুহ’ ১,০০০ জনক বিচাৰকসকলে বধ কৰিছিল।—গণনা পুস্তক ২৫:৪, ৫.
b অশুচি কাৰ্য্য আৰু বেয়া চৰিত্ৰৰ অৰ্থ জানিবলৈ যিহোৱাৰ সাক্ষীসকলে প্ৰকাশ কৰা ২০০৬, ১৫ জুলাই প্ৰহৰীবুৰুজৰ (ইংৰাজী) “পাঠকসকলৰ প্ৰশ্ন” শিতানত চাওক।
c ইয়াত ব্যৱহাৰ কৰা “পৰ্নগ্ৰাফিৰ” অৰ্থ হৈছে যৌন অভিলাষক জাগৃত কৰিবলৈ অশ্লীল ছবি চোৱা, কাহিনী পঢ়া, অথবা অনৈতিক কথা-বতৰা বা ৰেকৰ্ডিং শুনা। ইয়াত দুজন বা তাতকৈ অধিক ব্যক্তিৰ মাজত হোৱা যৌন কাৰ্য্যৰ ছবি জড়িত আছে।
d হস্তমৈথুনৰ বিষয়ে “হস্তমৈথুন অভ্যাসৰ ওপৰত জয় লাভ কৰক” নামৰ অতিৰিক্ত লেখত আলোচনা কৰা হৈছে।