ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lv অধ্যায় ১০ পৃষ্ঠা ১২৬-১৩৭
  • বিবাহ—ঈশ্বৰৰপৰা এক উপহাৰ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বিবাহ—ঈশ্বৰৰপৰা এক উপহাৰ
  • “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • বিয়া কৰাৰ কাৰণ কি?
  • আপোনাৰ বাবে কোন ভাল সংগী হʼব পাৰে?
  • এক সফল বিবাহৰ বাবে আপুনি কেনেকৈ প্ৰস্তুত হʼব?
  • বিবাহক কেনেকৈ স্থায়ী কৰিব পাৰি?
  • বিবাহৰ বাবে সঙ্গী বাছনি কৰাৰ ঈশ্বৰীয় মাৰ্গদৰ্শন
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • বিয়া কৰা আৰু অবিবাহিত হৈ থকাৰ বিষয়ে বাইবেলে কি কয়?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
“ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
lv অধ্যায় ১০ পৃষ্ঠা ১২৬-১৩৭
বিয়াৰ উদশ্যে মিলা-মিচা কৰা পুৰুষ আৰু মহিলা

অধ্যায় ১০

বিবাহ—ঈশ্বৰৰপৰা এক উপহাৰ

“তিনি গুণীয়া ৰচী বেগাই নিছিগে।”—উপদেশক ৪:১২.

১, ২. (ক) নৱ বিবাহিত দম্পতীৰ বিষয়ে আমাৰ মনলৈ কেতিয়াবা কি প্ৰশ্ন আহিব পাৰে? আৰু কিয়? (খ) এই অধ্যায়ত আমি কি কি প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম?

আপুনি বিয়া ঘৰলৈ গৈ কেনে অনুভৱ কৰে? সাধাৰণতে এনেধৰণৰ অনুষ্ঠানবোৰত উপস্থিত হৈ বহুতোলোকে আনন্দ উপভোগ কৰে। দৰা-কইনাৰ সুন্দৰ সাজ-পোছাকে সকলোকে আকৰ্ষিত কৰি তোলে। তেওঁলোকৰ মুখত আনন্দৰ হাঁহি জিলিকি থাকে। এই দিনটোত তেওঁলোকৰ হাঁহিৰ সীমা নাই আৰু এনে লাগে যেন তেওঁলোকৰ ভৱিষ্যত জীৱন আনন্দেৰে ভৰি পৰিব।

২ কিন্তু এই কথা নুই কৰিব নোৱাৰি যে বৰ্তমান সময়ত বিবাহিত জীৱনত প্ৰায়ে বিশৃংখলতা দেখিবলৈ পোৱা যায়। নৱ বিবাহিত দম্পতীৰ জীৱন সুখ আৰু আনন্দেৰে অতিবাহিত হোৱাটো আমি আশা কৰোঁ। কিন্তু আমাৰ মনলৈ কেতিয়াবা এনে প্ৰশ্ন উদ্ভৱ হʼব পাৰে: ‘এই দম্পতী সুখী হʼবনে? তেওঁলোকৰ বিবাহ তিষ্ঠি থাকিবনে?’ এই প্ৰশ্নবোৰৰ উত্তৰ স্বামী-স্ত্ৰীয়ে বিবাহৰ বিষয়ে দিয়া ঈশ্বৰৰ পৰামৰ্শবোৰ কিমান বিশ্বাস কৰে আৰু নিজৰ জীৱনত কেনেকৈ পালন কৰে তাৰ ওপৰত নিৰ্ভৰ কৰিব। (হিতোপদেশ ৩:৫, ৬ পঢ়ক।) ঈশ্বৰৰ প্ৰেমত নিজকে ৰাখিবলৈ তেওঁলোকে এনে কৰাটো প্ৰয়োজন। আহক আমি এতিয়া এই চাৰিটা প্ৰশ্নৰ বাইবেলে কি উত্তৰ দিয়ে তাৰ বিষয়ে চাওঁ: বিয়া কৰাৰ কাৰণ কি? যদি আপুনি বিয়া কৰিবলৈ নিৰ্ণয় লৈছে, তেনেহʼলে কেনে সংগী নিৰ্বাচন কৰা উচিত? বিবাহৰ বাবে আপুনি কেনেকৈ প্ৰস্তুত হʼব? আৰু বিবাহিত জীৱনত আনন্দ বজাই ৰখাৰ বাবে কি কথাই স্বামী-স্ত্ৰীক সহায় কৰিব?

বিয়া কৰাৰ কাৰণ কি?

৩. সৰু-সুৰা কাৰণৰ বাবে বিয়া কৰাটো কিয় বুদ্ধিমানৰ কাম নহʼব?

৩ কিছুমান লোকে বিশ্বাস কৰে যে কেৱল বিয়া কৰিলেহে জীৱনত আনন্দ লাভ কৰিব পাৰি, সংগীৰ অবিহনে জীৱনত সন্তুষ্টি আৰু আনন্দ পোৱা নাযায়। কিন্তু এই কথা সঁচা নহয়। যীচু খ্ৰীষ্ট অবিবাহিত আছিল। অবিবাহিত থকাটো তেওঁ এক উপহাৰৰ লগত তুলনা কৰিছে। যিসকলে তেওঁৰ দৰে অবিবাহিত হিচাপে থাকিব বিচাৰে, যীচুৱে তেওঁলোকক অবিবাহিত হৈ থাকিবলৈ উপদেশ দিছে। (মথি ১৯:১০-১২) পাঁচনি পৌলেও অবিবাহিত থকাৰ কিছুমান লাভৰ বিষয়ে আলোচনা কৰিছে। (১ কৰিন্থীয়া ৭:৩২-৩৮) কিন্তু লক্ষ্য কৰিবলগীয়া কথা যে অবিবাহিত হিচাপে থকাৰ বিষয়ে যীচু বা পৌলে কোনো ধৰা-বন্ধা নিয়ম বান্ধি দিয়া নাছিল। দৰাচলতে “বিয়া কৰিবলৈ নিষেধ” কৰাৰ শিক্ষা ‘ভূতবোৰৰ শিক্ষাৰ’ তালিকাত পৰে। (১ তীমথিয় ৪:১-৩) যিসকল লোকে কোনো বাধা বিঘিনি নোহোৱাকৈ ঈশ্বৰৰ সেৱা কৰিব বিচাৰে, তেওঁলোকৰ বাবে অবিবাহিত জীৱন এক উপহাৰ হʼব পাৰে। গতিকে সৰু-সুৰা কাৰণৰ বাবে, যেনে সমনীয়াৰ চাপৰ বাবে বিয়া কৰাটো বুদ্ধিমানৰ কাম নহʼব।

৪. এক সফল বিবাহে লʼৰা-ছোৱালীক ডাঙৰ-দীঘল কৰাৰ বাবে কেনেকৈ সহায় কৰে?

৪ আনহাতে, বিয়া কৰাৰ কিবা উচিত কাৰণ আছে নেকি? নিশ্চয় আছে। বিবাহ হৈছে ঈশ্বৰৰপৰা এক উপহাৰ। (আদিপুস্তক ২:১৮ পঢ়ক।) সেইবাবে, বিবাহিত জীৱনত কিছুমান সুবিধা আৰু আনন্দও আছে। উদাহৰণস্বৰূপে, এক সফল বিবাহ হৈছে পৰিয়াল জীৱনৰ ভিত্তিমূল। লʼৰা-ছোৱালীৰ এনে পৰিৱেশৰ প্ৰয়োজন যʼত পিতৃ-মাতৃয়ে তেওঁলোকক ডাঙৰ-দীঘল কৰিবলৈ, প্ৰেম, অনুশাসন আৰু পৰামৰ্শ দিব পাৰে। (গীতমালা ১২৭:৩; ইফিচীয়া ৬:১-৪) কিন্তু লʼৰা-ছোৱালীক ডাঙৰ-দীঘল কৰাটোৱেই কেৱল বিয়া কৰাৰ কাৰণ নহয়।

৫, ৬. (ক) উপদেশক ৪:৯-১২ পদৰ অনুসৰি ঘনিষ্ট বন্ধু হোৱাৰ বাবে কি কি লাভ আছে? (খ) এখন বিবাহ কেনেকৈ তিনি গুণীয়া ৰছীৰ দৰে হʼব পাৰে?

৫ এই অধ্যায়ত ব্যৱহাৰ হোৱা মূল শাস্ত্ৰপদৰ আগৰ পদবোৰলৈও ধ্যান দিয়ক: “এজনতকৈ দুজন ভাল, কিয়নো তেওঁবিলাকৰ পৰিশ্ৰমৰ দ্বাৰাই সুফল হয়। কাৰণ তেওঁবিলাক পৰিলে, এজনে নিজৰ সঙ্গীক তুলিব পাৰে। কিন্তু যি জন অকলশৰীয়া, সি পৰিলে, তাৰ সন্তাপ হব; কিয়নো তাক তুলিবলৈ দ্বিতীয় নাই। আকৌ দুজনে একে-লগে শুলে উম পায়; কিন্তু এজনে অকলেই কেনেকৈ উম পাব? আৰু যি অকলশৰীয়া তাক যদিও কোনোৱে পৰাজয় কৰে, তথাপি দুজনে তাৰ প্ৰতিৰোধ কৰিব; আৰু তিনি গুণীয়া ৰছী বেগাই নিছিগে।”—উপদেশক ৪:৯-১২.

৬ প্ৰকৃততে এই শাস্ত্ৰপদবোৰে এজন বন্ধুৰ অৱদান কি তাৰ বিষয়ে তুলি ধৰিছে। নিঃসন্দেহ, স্বামী-স্ত্ৰীৰ মাজতো ঘনিষ্ট বন্ধুত্ব থাকে। শাস্ত্ৰপদবোৰে দেখুৱা অনুসৰি এনেধৰণৰ ঘনিষ্ট সম্পৰ্কই এজনে-আনজনক সহায়-সহযোগিতা, সান্ত্বনা আৰু সুৰক্ষা দিব পাৰে। বিবাহিত জীৱন তেতিয়াহে দৃঢ় হʼব, যেতিয়া দুজনৰ উপৰিও আৰু এজন ব্যক্তি জড়িত থাকিব। শাস্ত্ৰপদে বৰ্ণনা কৰা অনুসৰি দুগুণীয়া ৰছী হয়তো সহজে ছিঙিব পাৰে, কিন্তু যদি তিনিডাল ৰছী একেলগে গোঁঠা হয় তেনেহʼলে সেই ৰছী ছিঙিবলৈ কঠিন হʼব। সেইদৰে স্বামী-স্ত্ৰীৰ উদ্দেশ্য যদি যিহোৱা ঈশ্বৰক সুখী কৰা হয়, তেনেহʼলে তেওঁলোকৰ বিবাহ তিনি গুণীয়া ৰছীৰ দৰে হয়। যিহোৱাৰ প্ৰতি থকা স্বামী-স্ত্ৰীৰ ভক্তিয়ে তেওঁলোকৰ বিবাহক আৰু দৃঢ় কৰি তোলে।

৭, ৮. (ক) যি অবিবাহিত খ্ৰীষ্টানসকলে যৌন ইচ্ছাবোৰৰ বিৰুদ্ধে সংঘৰ্ষ কৰিছে, তেওঁলোকৰ বাবে পৌলে কি পৰামৰ্শ দিছে? (খ) বিবাহৰ বিষয়ে বাইবেলে আমাক কি ব্যৱহাৰিক দৃষ্টিভংগী আগবঢ়াইছে?

৭ কেৱল বিবাহ বান্ধোনৰ ভিতৰতহে যৌন ইচ্ছা পূৰ কৰাৰ সঠিক ব্যৱস্থা হয়। বিবাহিত স্বামী-স্ত্ৰীৰ মাজতহে যৌন সম্পৰ্কৰ আনন্দ লোৱাৰ বিষয়ে বাইবেলে বৰ্ণনা কৰিছে। (হিতোপদেশ ৫:১৮) বাইবেলে যি সময়ছোৱাক “ডেকা-কাল” বুলি কৈছে, সেই সময়ছোৱাত সাধাৰণতে লʼৰা-ছোৱালীৰ যৌন ইচ্ছা জাগৃত হʼবলৈ আৰম্ভ হয়। কিন্তু ডেকা-কাল পাৰ হোৱাৰ পাছতো যৌন ইচ্ছাক নিয়ন্ত্ৰণ কৰা কঠিন হʼব পাৰে। যদি এজন ডেকাই এই ইচ্ছাবোৰৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব নোৱাৰে তেনেহʼলে ঘৃণনীয় বা অনুচিত কাৰ্য্যত জড়িত হʼব পাৰে। পাঁচনি পৌলে অবিবাহিত লোকসকলক এইদৰে উপদেশ দিছে, “যদি ইন্দ্ৰিয় দমন কৰিব নোৱাৰে, তেন্তে বিয়া কৰক; কিয়নো কামাগ্নিয়ে দহাতকৈ বিয়া কৰোৱাই ভাল।”—১ কৰিন্থীয়া ৭:৯, ৩৬; যাকোব ১:১৫.

৮ এজন ব্যক্তিয়ে বিয়া কৰাৰ যিয়ে কাৰণ নহওক কিয়, তেওঁ কিন্তু বিবাহিত জীৱনৰ বাস্তৱিকতাৰ বিষয়ে মনত ৰখা উচিত। পৌলে বৰ্ণনা কৰা অনুসৰি বিয়া কৰা লোকসকললৈ “শাৰীৰিক ক্লেশ ঘটিব।” (১ কৰিন্থীয়া ৭:২৮) বিবাহিত লোকসকলে সেই সমস্যাবোৰ সন্মুখীন হয়, যিবোৰ অবিবাহিতসকলে সন্মুখীন নহয়। কিন্তু যদি আপুনি বিয়া কৰিব বিচাৰে তেনেহʼলে কেনেকৈ সমস্যাবোৰ কম কৰিব পাৰিব আৰু আনন্দ বেছি উপভোগ কৰিব পাৰিব? এটা উপায় হৈছে বুদ্ধিমানেৰে সংগী নিৰ্বাচন কৰা।

আপোনাৰ বাবে কোন ভাল সংগী হʼব পাৰে?

৯, ১০. (ক) পৌলে উদাহৰণৰ যোগেদি কেনেকৈ বুজাইছে যে অবিশ্বাসীসকলৰ লগত ঘনিষ্ট সম্পৰ্ক গঢ়ি তোলা বিপদজনক হয়? (খ) বাইবেলৰ পৰামৰ্শ হেয়জ্ঞান কৰি বিশ্বাসত নথকা এজনৰ লগত বিয়া কৰিলে পৰিণাম কি হʼব?

৯ বিয়া কৰাৰ বাবে কেনেধৰণৰ সংগী নিৰ্বাচন কৰা উচিত তাৰ বিষয়ে পৌলে ঈশ্বৰৰ দ্বাৰা প্ৰেৰিত হৈ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লিখিছিল: “বিশ্বাস নকৰাবিলাকে সৈতে তোমালোক অসমানভাবে যোঁতা নহবা।” (২ কৰিন্থীয়া ৬:১৪) তেওঁৰ এই উদাহৰণ খেতি-বাতি কৰা লোকসকলে সহজে বুজিব পাৰিছিল। যদি হাল বোৱাৰ সময়ত এটা গৰুৰ লগত দুৰ্বল আৰু সৰু জন্তু এটা যোঁতা হয়, তেনেহʼলে দুয়োটাই কষ্ট পাব। ঠিক সেইদৰে, বিবাহৰ ক্ষেত্ৰত এজন বিশ্বাসী আৰু আনজন অবিশ্বাসী হʼলে তেওঁলোকৰ মাজত অশান্তি আৰু মতবিৰোধ থাকিব। এজন সংগীয়ে যদি যিহোৱা ঈশ্বৰৰ প্ৰেমত থাকিব বিচাৰে আৰু আন জনে যদি সেই বিষয়ে আগ্ৰহ নেদেখুৱাই তেনেহʼলে তেওঁলোকৰ জীৱনৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ বেলেগ বেলেগ হʼব আৰু ইয়াৰ পৰিণামস্বৰূপে তেওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হʼব। সেইবাবে পৌলে খ্ৰীষ্টানসকলক “কেৱল প্ৰভুত” বিয়া কৰিবলৈ পৰামৰ্শ দিছে।—১ কৰিন্থীয়া ৭:৩৯.

১০ কিছুমান অবিবাহিত খ্ৰীষ্টানে এনে মীমাংসাত উপনিত হৈছে যে বৰ্তমান সময়ত অকলশৰীয়া থকাতকৈ অসমানভাৱে যোঁতা লোৱাই ভাল। কিছুমান ভাই-ভনীয়ে বাইবেলৰ পৰামৰ্শক হেয়জ্ঞান কৰি এনে এজন ব্যক্তিৰ লগত বিবাহ পাশত আৱদ্ধ হৈছে যিজনে যিহোৱা ঈশ্বৰক সেৱা নকৰে। বেছিভাগ সময়ত এনে নিৰ্ণয় লোৱাৰ বাবে পৰিণাম দুখজনক হয়। এনেধৰণৰ লোকসকলে অনুভৱ কৰিব পাৰিছে যে তেওঁলোকে এনে এজন ব্যক্তিক বিয়া কৰাইছে, যাৰ লগত তেওঁলোকে জীৱনৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ আলোচনা কৰিব নোৱাৰে। এতিয়া তেওঁলোকে যি অকলশৰীয়া অনুভৱ কৰে, সেয়া বিবাহৰ আগত অনুভৱ কৰা অকলশৰীয়াতকৈও বহু বেছি। কিন্তু আনন্দৰ কথা যে বৰ্তমান সময়ত হাজাৰ হাজাৰ অবিবাহিত খ্ৰীষ্টানে এই ঈশ্বৰীয় পৰামৰ্শ বিশ্বাস কৰে আৰু সম্পূৰ্ণ নিষ্ঠাৰে ইয়াক পালন কৰে। (গীতমালা ৩২:৮ পঢ়ক।) তেওঁলোকে এই আশাৰে অবিবাহিত হৈ থাকে যে এদিন নহয় এদিন তেওঁলোকে যিহোৱা ঈশ্বৰক উপাসনা কৰা সেৱকসকলৰ মাজত এজন সংগী বিচাৰি পাব আৰু তেতিয়াহে তেওঁলোকে বিয়া কৰিব।

১১. বুদ্ধিমানেৰে সংগী নিৰ্বাচন কৰিবলৈ কি কথাই আপোনাক সহায় কৰিব? (“মোৰ জীৱন-সংগীৰ মাজত মই কি গুণ বিচৰা উচিত?” নামৰ বক্সতো চাওক।)

১১ এইটো সঁচা যে যিহোৱা ঈশ্বৰৰ প্ৰতিজন সেৱকে নিজে নিজেই ভাল সংগী হৈ নুঠে। যদি আপুনি বিয়া কৰাৰ কথা ভাবিছে, তেনেহʼলে আপোনাৰ দৰে একে ব্যক্তিত্বৰ, ঈশ্বৰৰ সেৱাত আপোনাৰ দৰে আধ্যাত্মিক লক্ষ্য ৰখা আৰু আপোনাৰ দৰে যিহোৱা ঈশ্বৰক ভাল পোৱা সংগী বিচাৰক। এই বিষয়ে বিশ্বাসী বুদ্ধিমান দাসে বিভিন্ন প্ৰকাশনৰ যোগেদি বহুতো পৰামৰ্শ আগবঢ়াইছে। যদি আপুনি প্ৰাৰ্থনাপূৰ্বক শাস্ত্ৰীয় পৰামৰ্শবোৰৰ ওপৰত বিবেচনা কৰে, তেনেহʼলে ই আপোনাৰ বাবে বুদ্ধিমানৰ কাম হʼব আৰু এনে কৰাৰ যোগেদি আপুনি জীৱনৰ গুৰুত্বপূৰ্ণ নিৰ্ণয় লʼবলৈ সক্ষম হʼব।a—গীতমালা ১১৯:১০৫ পঢ়ক।

১২. বহুতো দেশত সংগী বিচৰাৰ কি প্ৰথা আছে? বাইবেলৰ কোনটো উদাহৰণে কিছুমান নিৰ্দেশনা আগবঢ়ায়?

১২ বহুতো দেশত পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীৰ বাবে সংগী নিৰ্বাচন কৰা দেখিবলৈ পোৱা যায়। তেওঁলোকে বিশ্বাস কৰে যে এনেধৰণৰ গুৰুত্বপূৰ্ণ বাছনিৰ বাবে সন্তানতকৈ পিতৃ-মাতৃৰ প্ৰজ্ঞা আৰু অভিজ্ঞতা বেছি। পিতৃ-মাতৃয়ে আয়োজন কৰা বিবাহ প্ৰায়ে সফল হোৱা দেখিবলৈ পোৱা যায়। বাইবেলৰ সময়তো অভিভাৱকে আয়োজন কৰা বিবাহ সফল হৈছিল। উদাহৰণস্বৰূপে, অব্ৰাহামে ইচ্‌হাকৰ বাবে এজনী উপযুক্ত কন্যা বিচাৰিবলৈ নিজৰ দাসক যি উপদেশ দিছিল সেয়া বৰ্তমান সময়ত নিজৰ সন্তানৰ বাবে সংগী নিৰ্বাচন কৰাৰ ক্ষেত্ৰত পিতৃ-মাতৃক সহায় কৰিব। ছোৱালীজনীৰ পিতৃ-মাতৃৰ ধন-সম্পত্তি আৰু সমাজত তাইৰ কিমান নাম আছে সেইবোৰ অব্ৰাহামে চোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ ইচ্‌হাকৰ বাবে এনে এজনী কন্যা বিচাৰিবলৈ দৃঢ়সংকল্প আছিল যিয়ে যিহোৱা ঈশ্বৰক উপাসনা কৰে।b—আদিপুস্তক ২৪:৩, ৬৭.

মোৰ জীৱন-সংগীৰ মাজত মই কি গুণ বিচৰা উচিত?

সিদ্ধান্ত: “দুয়ো এক-দেহ হব।”—মথি ১৯:৫.

নিজকে সোধক

  • বিবাহ কৰাৰ আগতে “ডেকা-কাল পাৰ” হোৱাৰ কিয় প্ৰয়োজন?—১ কৰিন্থীয়া ৭:৩৬; ১৩:১১; মথি ১৯:৪, ৫.

  • যদিও বিবাহৰ বাবে উপযুক্ত বয়স হৈছে, তথাপিও কিছু সময় অবিবাহিত হৈ থকা মোৰ বাবে কিয় লাভজনক হʼব পাৰে?—১ কৰিন্থীয়া ৭: ৩২-৩৪, ৩৭, ৩৮.

  • যদি মই বিবাহ কৰাৰ বাবে নিৰ্ণয় লওঁ, তেনেহʼলে এনে সংগী বিচৰাটো কিয় গুৰুত্বপূৰ্ণ, যাৰ যিহোৱা ঈশ্বৰক বিশ্বাসেৰে সেৱা কৰাৰ নাম আছে?—১ কৰিন্থীয়া ৭:৩৯.

  • ভাবী স্বামীৰ মাজত কি কি গুণ থকাৰ প্ৰয়োজন, তাৰ বিষয়ে জানিবলৈ এজনী ভনীক এই পদবোৰে কেনেকৈ সহায় কৰিব?—গীতমালা ১১৯:৯৭; ১ তীমথিয় ৩:১-৭.

  • হিতোপদেশ ৩১:১০-৩১ পদৰ বৰ্ণনাই এজন ভাইক জীৱন-সংগী নিৰ্বাচন কৰিবলৈ কেনেকৈ সহায় কৰিব?

এক সফল বিবাহৰ বাবে আপুনি কেনেকৈ প্ৰস্তুত হʼব?

১৩-১৫. (ক) হিতোপদেশ ২৪:২৭ পদৰ সিদ্ধান্তই বিয়া কৰিবলৈ বিচৰা এজন পুৰুষক কেনেকৈ সহায় কৰিব? (খ) বিয়া কৰিবলৈ প্ৰস্তুত হোৱাৰ সময়ত এজনী ছোৱালীয়ে কি কৰিব পাৰে?

১৩ যদি আপুনি বিবাহৰ বিষয়ে সঁচাকৈ গভীৰভাৱে চিন্তা কৰিছে, তেনেহʼলে নিজকে এই প্ৰশ্ন সোধক, ‘মই বিয়া কৰিবলৈ সাজুনে?’ ইয়াৰ উত্তৰ কেৱল প্ৰেম, যৌন ইচ্ছা, বন্ধুত্ব বা সন্তান প্ৰতিপালন সম্বন্ধে আপোনাৰ অনুভূতিৰ ওপৰত নিৰ্ভৰ নকৰে। ইয়াৰ পৰিৱৰ্তে এনে কিছুমান লক্ষ্য আছে যিবোৰ বিবাহ কৰিব বিচৰা পুৰুষ বা মহিলাই চিন্তা কৰা উচিত।

১৪ বিয়া কৰিব বিচৰা এজন পুৰুষে এই সিদ্ধান্তৰ বিষয়ে ভালদৰে চিন্তা কৰা উচিত: “মুকলিতে তোমাৰ কাম কাৰ্য্য ঠিক কৰা, আৰু পথাৰতে তাক সিদ্ধ কৰা; পাছেহে তোমাৰ ঘৰ-বাৰী পাতিবা।” (হিতোপদেশ ২৪:২৭) ইয়াৰ অৰ্থ কি? পুৰণি সময়ত যদি এজন পুৰুষে ‘ঘৰ-বাৰী পাতিব’ বিচাৰে অৰ্থাৎ বিয়া কৰাৰ যোগেদি পৰিয়াল জীৱন আৰম্ভ কৰিব বিচাৰে, তেনেহʼলে তেওঁ নিজকে এইদৰে সোধাৰ প্ৰয়োজন আছিল, ‘মই মোৰ পত্নীৰ যত্ন লʼবলৈ প্ৰস্তুত আছোঁনে আৰু যদি পাছত লʼৰা-ছোৱালী হয় তেনেহʼলে তেওঁলোকৰ যত্ন লʼবলৈ প্ৰস্তুত আছোঁনে?’ তেওঁ প্ৰথমে কাম কৰা অৰ্থাৎ নিজৰ খেতি-বাতিৰ যত্ন লোৱাৰ প্ৰয়োজন আছিল। বৰ্তমান সময়তো এই সিদ্ধান্ত আমাৰ বাবে প্ৰযোজ্য। যদি এজন পুৰুষে বিয়া কৰিব বিচাৰে, তেনেহʼলে পৰিয়ালৰ দায়িত্ব লোৱাৰ বাবে নিজকে প্ৰস্তুত কৰা উচিত। যেতিয়ালৈকে তেওঁ শাৰীৰিকভাৱে সমৰ্থ হৈ থাকে তেতিয়ালৈকে কাম কৰাৰ প্ৰয়োজন। ঈশ্বৰৰ বাক্যই বৰ্ণনা কৰিছে যে যিজন পুৰুষে নিজৰ পৰিয়ালৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক প্ৰয়োজনীয়তাবোৰৰ প্ৰতি যত্ন নলয়, তেনেহʼলে তেওঁ বিশ্বাসত নথকা লোকতকৈয়ো অধম।—১ তীমথিয় ৫:৮ পঢ়ক।

১৫ ঠিক সেইদৰে, যেতিয়া এজনী ছোৱালীয়ে বিয়া কৰিবলৈ নিৰ্ণয় লয়, তেতিয়া তাই জীৱনৰ গধুৰ দায়িত্ববোৰ লোৱাৰ বাবে সন্মত হয়। বাইবেলে এনেকুৱা কিছুমান দক্ষতা বা গুণৰ বিষয়ে বৰ্ণনা কৰিছে যিবোৰ স্বামীক সহায় কৰিবলৈ বা ঘৰ-দুৱাৰৰ যত্ন লʼবলৈ এগৰাকী পত্নীক প্ৰয়োজন হʼব পাৰে। (হিতোপদেশ ৩১:১০-৩১) যি পুৰুষ বা স্ত্ৰীয়ে প্ৰস্তুত নোহোৱাকৈ বিবাহ পাশত আৱদ্ধ হয়, তেনেহʼলে তেওঁলোকে বিবাহৰ গুৰুত্বপূৰ্ণ দায়িত্ববোৰ লʼবলৈ সাজু নাথাকে। তেওঁলোক সাধাৰণতে স্বাৰ্থপৰ হয় আৰু ভাবী সংগীৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰাত ব্যৰ্থ হয়। এই সকলোৰে ভিতৰত গুৰুত্বপূৰ্ণ বিষয় হʼল যে যিসকলে বিয়া কৰাৰ কথা চিন্তা কৰিছে, তেওঁলোকে নিজৰ বিবাহিত জীৱনত ঈশ্বৰৰ বাক্য পালন কৰিবলৈ নিজকে প্ৰস্তুত কৰাৰ প্ৰয়োজন আছে।

১৬, ১৭. যিসকলে বিবাহৰ বাবে প্ৰস্তুতি কৰিছে তেওঁলোকে কি শাস্ত্ৰীয় সিদ্ধান্তবোৰৰ ওপৰত ধ্যান দিয়া উচিত?

১৬ বিবাহৰ বাবে প্ৰস্তুত কৰাৰ লগত জড়িত আছে ঈশ্বৰে স্বামী আৰু স্ত্ৰীৰ বাবে দিয়া দায়িত্ববোৰৰ ওপৰত গভীৰভাৱে ধ্যান কৰা। ঘৰৰ মুৰব্বীৰ অৰ্থ কি, তাক এজন পুৰুষে ভালদৰে জনা উচিত। পৰিয়ালৰ মুৰব্বী হোৱাৰ বাবে তেওঁক স্বেচ্ছাচাৰী হʼবলৈ অনুমতি নিদিয়ে। ইয়াৰ পৰিৱৰ্তে, যীচু খ্ৰীষ্টই যিদৰে মুৰব্বীৰ দায়িত্ব পালন কৰিছিল, ঠিক সেইদৰে স্বামীও কৰা উচিত। (ইফিচীয়া ৫:২৩) এগৰাকী তিৰোতায়ো পত্নীৰ দায়িত্ব কি, তাক ভালদৰে বুজা উচিত। তাই “স্বামীৰ বিধানৰ” অধীনত থাকিবলৈ প্ৰস্তুতনে? (ৰোমীয়া ৭:২) ইতিমধ্যে তাই যিহোৱা ঈশ্বৰ আৰু যীচু খ্ৰীষ্টৰ অধীনত আছে। (গালাতীয়া ৬:২) পৰিয়ালত স্বামীৰ অধীনত থকাটো তাইৰ বাবে আন এক বিধান হʼব। এতিয়া প্ৰশ্ন হʼব পাৰে যে এজন অসিদ্ধ মানুহৰ অধিকাৰৰ তলত থাকি তাই অধীনতা দেখুৱাব পাৰিবনে? যদি এগৰাকী তিৰোতাক কাৰোবাৰ অধীনত থকাটো ভাল নালাগে, তেনেহʼলে তাই বিয়া কৰাৰপৰা দূৰে থকাই উচিত হʼব।

১৭ ইয়াৰ উপৰিও, স্বামীয়ে স্ত্ৰীৰ আৰু স্ত্ৰীয়ে স্বামীৰ বিশেষ প্ৰয়োজনীয়তাবোৰৰ প্ৰতি যত্ন লোৱাৰ বাবে প্ৰস্তুত থকা উচিত। (ফিলিপীয়া ২:৪ পঢ়ক।) পৌলে লিখিছিল: “তোমালোকেও প্ৰতিজনে নিজ নিজ ভাৰ্য্যাক সেই দৰে নিজৰ নিচিনাকৈ প্ৰেম কৰা; কিন্তু ভাৰ্য্যাই স্বামীলৈ ভয় [“গভীৰ সন্মান,” NW ] ৰাখক।” ঈশ্বৰৰ দ্বাৰা অনুপ্ৰাণিত হৈ পৌলে বুজিব পাৰিছিল যে স্বামী-স্ত্ৰী দুয়োজনৰে নিজৰ নিজৰ বিশেষ প্ৰয়োজনীয়তা আছে। পত্নীয়ে তেওঁক গভীৰ সন্মান কৰে বুলি স্বামীয়ে অনুভৱ কৰা প্ৰয়োজন আৰু পত্নীয়েও অনুভৱ কৰা উচিত যে স্বামীয়ে তাইক বহুত প্ৰেম কৰে।—ইফিচীয়া ৫:২১-৩৩.

বিয়াৰ উদ্দেশ্যে মিলা-মিচা কৰাৰ সময়ত বহুতো পুৰুষ আৰু মহিলাই এজন অভিভাৱক উপস্থিত থকাৰ বাবে ব্যৱস্থা কৰে

১৮. বিয়া কৰাৰ উদ্দেশ্যেৰে মিলা-মিচা কৰাৰ সময়ত এজন পুৰুষ আৰু মহিলাই কিয় আত্মসংযম বজাই ৰখা উচিত?

১৮ বিয়াৰ আগত মিলা-মিচা কৰা সময়খিনি কেৱল আনন্দ ফূৰ্তি কৰাৰ সময় বুলি ভবা উচিত নহয়। এই সময়ছোৱাত এজন পুৰুষ আৰু মহিলাই শিকা উচিত যে কেনেকৈ এজনে-আনজনৰ লগত সঠিকভাৱে আচৰণ কৰিব আৰু তেওঁলোক দুয়োজনে বিয়া পতাটো বুদ্ধিমানৰ কাম হʼব নে নহয় তাৰ নিৰ্ণয় লোৱা। এই সময়ত আত্মসংযম বজাই ৰখাৰ প্ৰয়োজন। শাৰীৰিকভাৱে ঘনিষ্ঠ সম্পৰ্ক ৰখাৰ বাবে প্ৰলোভিত হʼব পাৰে। এনে অনুভৱ স্বাভাৱিক। কিন্তু যদি তেওঁলোকে এজনে-আনজনক সঁচাকৈ প্ৰেম কৰে, তেনেহʼলে তেওঁলোকে ঈশ্বৰৰ লগত থকা সংগীৰ সম্পৰ্ক বিচ্ছিন্ন কৰিব পৰা যিকোনো কাৰ্য্যৰপৰা আঁতৰি থাকিব। (১ থিচলনীকীয়া ৪:৬) সেইবাবে যদি আপুনি বিবাহৰ আগত মিলা-মিচা কৰিছে, তেনেহʼলে আত্মসংযম বজাই ৰাখক। আপুনি বিয়া পাতক বা নাপাতক এই গুণৰ বাবে আপুনি গোটেই জীৱন উপকৃত হʼব।

বিবাহক কেনেকৈ স্থায়ী কৰিব পাৰি?

১৯, ২০. বিবাহৰ বিষয়ে এজন খ্ৰীষ্টানৰ দৃষ্টিভংগী জগতৰ লোকসকলৰপৰা কেনেকৈ বেলেগ হোৱা উচিত? উদাহৰণ দিয়ক।

১৯ যদি এহাল দম্পতীয়ে তেওঁলোকৰ বিবাহক স্থায়ী কৰিব বিচাৰে, তেনেহʼলে এজনে-আনজনক কৰা প্ৰতিশ্ৰুতিৰ বিষয়ে সঠিক দৃষ্টিভংগী ৰখাৰ প্ৰয়োজন আছে। উপন্যাস বা চিনেমাবোৰত সাধাৰণতে বিবাহৰ যোগেদি কাহিনীৰ সমাপ্তি হয়, যিটো সকলোৱে আশা কৰে। কিন্তু বাস্তৱ জীৱনত বিবাহৰ সম্বন্ধ কোনো সমাপ্তি নহয়, ই আৰম্ভণিহে। বিবাহৰ সম্বন্ধক স্থায়ীৰূপে ৰখাৰ উদ্দেশ্যেৰে যিহোৱা ঈশ্বৰে এই ব্যৱস্থা আৰম্ভ কৰিছিল। (আদিপুস্তক ২:২৪) কিন্তু দুখৰ বিষয় যে আজি জগতৰ লোকসকলে এনে দৃষ্টিভংগী নাৰাখে। কিছুমান সংস্কৃতিত বিবাহক “দুডাল ৰছীৰে বন্ধা গাঁঠিৰ” লগত তুলনা কৰা হৈছে। তেওঁলোকে হয়তো অনুভৱ কৰিব নোৱাৰে যে এই উদাহৰণে বিবাহৰ বিষয়ে কেনেকৈ এক সাধাৰণ দৃষ্টিভংগী তুলি ধৰিছে। কেনেকৈ বাৰু? এটা ভাল গাঁঠি হৈছে যি কটকটীয়াকৈ বান্ধি থয়, কিন্তু প্ৰয়োজন হʼলে তাক সহজে খুলিবও পাৰি।

২০ আজি বহুতোলোকে বিবাহক এনে দৃষ্টিভংগীৰে চায় আৰু ইয়াক অস্থায়ী সম্বন্ধ বুলি বিবেচনা কৰে। তেওঁলোকে সহজে এই বন্ধনত আৱদ্ধ হয়, কাৰণ তেওঁলোকে ভাবে যে বিবাহৰ যোগেদি তেওঁলোকৰ সকলো প্ৰয়োজনীয়তা পূৰ হʼব। কিন্তু সমস্যাৰ সন্মুখীন হʼলে তেওঁলোকৰ বিবাহৰ সম্বন্ধক যেতিয়াই বিচাৰে, তেতিয়াই শেষ কৰিব পাৰিব বুলি আশা কৰে। বিবাহৰ বাবে বাইবেলে যি দৃষ্টান্ত দিছে তাক মনত ৰাখক। বাইবেলে বিবাহক ৰছীৰ লগত তুলনা কৰিছে। পানী জাহাজৰ বাবে ব্যৱহাৰ কৰা ৰছীবোৰ এনেদৰে তৈয়াৰ কৰা হয়, যাতে প্ৰচণ্ড ধুমুহাৰ মাজতো ই নিছিঙে আৰু গাঁঠিবোৰ খুলি নপৰে। ঠিক সেইদৰে, বিবাহৰ সম্বন্ধক স্থায়ীৰূপে থাকিবলৈ ব্যৱস্থা কৰা হৈছে। যীচুৱে কৈছিল, “ঈশ্বৰে যাক যোগ কৰি দিলে, তাক মানুহে বিয়োগ নকৰক।” (মথি ১৯:৬) যদি আপুনি বিয়া কৰিব বিচাৰে, তেনেহʼলে আপোনাকো এই দৃষ্টিভংগী ৰখা উচিত। এতিয়া প্ৰশ্ন হʼব পাৰে যে এনেধৰণৰ প্ৰতিশ্ৰুতিয়ে বিবাহক এক গধুৰ বোজা কৰি তোলে নেকি? কেতিয়াও নহয়।

২১. এজন স্বামী আৰু স্ত্ৰীয়ে এজনে-আনজনৰ প্ৰতি কেনে দৃষ্টিভংগী ৰখা উচিত আৰু কি কথাই তেওঁলোকক এনে কৰিবলৈ সহায় কৰিব?

২১ স্বামী আৰু স্ত্ৰী দুয়োজনে এজনে-আনজনৰ প্ৰতি সঠিক দৃষ্টিভংগী ৰখা উচিত। যদি তেওঁলোকে এজনে-আনজনৰ ভাল গুণবোৰৰ ওপৰত ধ্যান দিয়ে, তেনেহʼলে তেওঁলোকৰ বিবাহিত জীৱন সুখ আৰু আনন্দেৰে ভৰি পৰিব। এজন সংগীৰ দোষ-ত্ৰুটিবোৰ আওকাণ কৰি তেওঁৰ ভাল গুণবোৰ ধ্যান দিয়া সম্ভৱনে? ইয়াৰ উত্তৰ পাবলৈ যিহোৱা ঈশ্বৰৰ উদাহৰণলৈ ধ্যান দিয়ক। তেওঁ কেতিয়াও সত্যতাৰপৰা চকু আঁতৰ নকৰে, কিন্তু তেতিয়াও আমি তেওঁৰ ওপৰত বিশ্বাস কৰোঁ যে তেওঁ আমাৰ ভাল গুণবোৰলৈ লক্ষ্য কৰে। গীতৰচকে ঈশ্বৰক কৈছিল, “হে যিহোৱা, তুমি অপৰাধ ধৰিলে, কোনে তিষ্ঠিব পাৰে?” (গীতমালা ১৩০:৩) স্বামী আৰু স্ত্ৰী দুয়োজনে এজনে-আনজনৰ ভাল গুণবোৰৰ ওপৰত ধ্যান দিয়া আৰু এজনে-আনজনক ক্ষমা কৰা উচিত।—কলচীয়া ৩:১৩ পঢ়ক।

২২, ২৩. বৰ্তমান সময়ৰ বিবাহিত লোকসকলৰ বাবে অব্ৰাহাম আৰু চাৰা কেনেকৈ এক ভাল উদাহৰণ ৰাখিলে?

২২ যিমানেই সময় পাৰ হৈ গৈ থাকিব সিমানেই বিবাহিত জীৱন আনন্দ আৰু সুখেৰে ভৰি পৰিব। বাইবেলে অব্ৰাহাম আৰু চাৰাৰ বৃদ্ধ বয়সৰ সময়ছোৱা তুলি ধৰিছে। তেওঁলোকেও জীৱনত বহুতো দুখ-কষ্ট আৰু সমস্যাৰ সন্মুখীন হʼবলগীয়া হৈছিল। কল্পনা কৰক যে চাৰাই যেতিয়া ৬০ বছৰ বয়স পাৰ কৰিছিল, তেতিয়া তাই চহকী ঊৰ চহৰত থকা নিজৰ সুন্দৰ ঘৰ-দুৱাৰ ত্যাগ কৰি জীৱনৰ বাকী সময়ছোৱা তম্বুত কটাবলগীয়া হৈছিল। কিন্তু তেতিয়াও তাই নিজৰ স্বামীৰ অধীনত আছিল, যি তাইৰ মূৰস্বৰূপ আছিল। তাই সহকাৰী হিচাপে অব্ৰাহামক নিৰ্ণয়বোৰ লʼবলৈ সহায় কৰিছিল। স্বামীৰ প্ৰতি থকা চাৰাৰ এই অধীনতা ওপৰে-ওপৰে নাছিল। তাই নিজৰ ‘মনতো’ অব্ৰাহামক প্ৰভু বুলি সম্বোধন কৰিছিল। (আদিপুস্তক ১৮:১২; ১ পিতৰ ৩:৬) অব্ৰাহামৰ প্ৰতি থকা তাইৰ এই সন্মান হৃদয়ৰপৰা আহিছিল।

২৩ ইয়াৰ অৰ্থ এইটো নহয় যে অব্ৰাহাম আৰু চাৰা সকলো বিষয়তে একমত আছিল। এবাৰ তাই দিয়া পৰামৰ্শই অব্ৰাহামক “অতিশয় অসন্তুষ্ট” কৰিছিল। কিন্তু তেতিয়াও যিহোৱাৰ নিৰ্দেশনা অনুসৰি অব্ৰাহামে নম্ৰতাৰে চাৰাৰ কথা শুনিছিল আৰু পাছলৈ এই পৰামৰ্শই পৰিয়ালৰ বাবে লাভজনক বুলি প্ৰমাণিত হৈছিল। (আদিপুস্তক ২১:৯-১৩) নৱ বিবাহিত দম্পতী আৰু বহুবছৰ ধৰি বিবাহিত হৈ থকা স্বামী আৰু স্ত্ৰীয়েও অব্ৰাহাম আৰু চাৰাৰপৰা বহু কিছু শিকিব পাৰে।

২৪. কেনেধৰণৰ বিবাহে যিহোৱা ঈশ্বৰৰ বাবে সন্মান কঢ়িয়াই আনিব আৰু কিয়?

২৪ বৰ্তমান সময়ত খ্ৰীষ্টান মণ্ডলীতো হাজাৰ হাজাৰ সুখী বিবাহিত দম্পতী আছে। পত্নীয়ে স্বামীক গভীৰ সন্মান কৰে। স্বামীও নিজৰ পত্নীক প্ৰেম আৰু আদৰ কৰে। তেওঁলোক দুয়োজনে জীৱনৰ সকলোবোৰ বিষয়তে যিহোৱাৰ ইচ্ছা পূৰ কৰিবলৈ একেলগে কাম কৰে। যদি আপুনি বিয়া কৰিব বিচাৰে, তেনেহʼলে বুদ্ধিমতাৰে সংগী নিৰ্বাচন কৰক। বিবাহৰ বাবে ভালদৰে প্ৰস্তুত কৰক আৰু বিবাহৰ যোগেদি যাতে যিহোৱাৰ বাবে সন্মান কঢ়িয়াই আনিব পাৰি, তাৰ বাবে শান্তিপূৰ্ণ পৰিৱেশ গঢ়ি তোলক। যদি আপুনি এইদৰে কৰে তেনেহʼলে ইয়ে আপোনাক ঈশ্বৰৰ প্ৰেমত নিজকে ৰাখিবলৈ সহায় কৰিব।

a যিহোৱাৰ সাক্ষীসকলৰ দ্ধাৰা প্ৰকাশিত পৰিয়াল সুখৰ ৰহস্য (ইংৰাজী) কিতাপৰ ২ অধ্যায়ত চাওক।

b কিছুমান কুলপিতৃৰ এজনীতকৈ বেছি পত্নী আছিল। কুলপিতৃ আৰু ইস্ৰায়েলীসকলৰ এই কাৰ্য্যক যিহোৱা ঈশ্বৰে সহন কৰিছিল। যিহোৱা ঈশ্বৰে বহুবিবাহৰ আৰম্ভ কৰা নাছিল, কিন্তু তেওঁ ইয়াক নিয়ন্ত্ৰণ কৰিছিল। সত্য খ্ৰীষ্টানসকলে জানে যে যিহোৱা ঈশ্বৰে তেওঁৰ উপাসকসকলক বহুবিবাহৰ বাবে অনুমতি নিদিয়ে।—মথি ১৯:৯; ১ তীমথিয় ৩:২.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক