অধ্যায় ১৫
আপোনাৰ কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হওক
“প্ৰত্যেক মানুহে . . . তেওঁৰ সকলো পৰিশ্ৰমত সুখভোগ কৰে।”—উপদেশক ৩:১৩.
১-৩. (ক) বৰ্তমান সময়ত বহুতোলোকে কামৰ বিষয়ে কেনে অনুভৱ কৰে? (খ) কামৰ বিষয়ে বাইবেলৰ দৃষ্টিভংগী কি আৰু এই অধ্যায়ত আমি কি কি প্ৰশ্ন আলোচনা কৰিম?
বৰ্তমান সময়ত জগতৰ বহুতোলোকে পৰিশ্ৰম কৰি আনন্দ উপভোগ নকৰে। বহু সময় ধৰি কাম কৰাৰ পাছতো তেওঁলোকে আনন্দিত নহয়। প্ৰতিদিনে কামলৈ যাবলৈ তেওঁলোকে ইচ্ছা নকৰে। যিসকলে কামৰ বিষয়ে এনে মনোবৃত্তি ৰাখে, তেওঁলোকক কামৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ আৰু তেওঁলোকে কৰা কামত সন্তুষ্টি পাবলৈ কেনেকৈ উৎসাহিত কৰিব পাৰি?
২ বাইবেলে কঠোৰ পৰিশ্ৰমৰ প্ৰতি উচিত দৃষ্টিভংগী ৰাখিবলৈ উৎসাহিত কৰে। বাইবেলে বৰ্ণনা কৰিছে যে কাম কৰা আৰু তাৰ ফল পোৱাই হৈছে আমাৰ বাবে এক আশীৰ্বাদ। ৰজা চলোমনে এইদৰে লিখিছিল: “প্ৰত্যেক মানুহে যে ভোজন-পান আৰু তেওঁৰ সকলো পৰিশ্ৰমত সুখভোগ কৰে, ইও ঈশ্বৰৰ দান।” (উপদেশক ৩:১৩) যিহোৱা ঈশ্বৰে আমাক ভাল পায় আৰু সদায় আমাৰ ভালৰ বাবে চিন্তা কৰে। আমি আমাৰ কামত সন্তুষ্টি লাভ কৰা আৰু আমাৰ পৰিশ্ৰমৰ ফল উপভোগ কৰাটো ঈশ্বৰে বিচাৰে। ঈশ্বৰৰ প্ৰেমত থাকিবলৈ হʼলে আমি কামৰ প্ৰতি ঈশ্বৰৰ দৃষ্টিভংগী আৰু তেওঁৰ সিদ্ধান্ত অনুসৰি জীৱন-যাপন কৰা উচিত।—উপদেশক ২:২৪; ৫:১৮ পঢ়ক।
৩ এই অধ্যায়ত আমি চাৰিটা প্ৰশ্ন আলোচনা কৰিম: আমি কেনেকৈ কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দ বিচাৰি পাম? কেনেধৰণৰ কাম সত্য খ্ৰীষ্টানসকলৰ বাবে উচিত নহয়? আমি আমাৰ দৈনন্দিন কাম-কাজ আৰু উপাসনাৰ লগত জড়িত থকা বিষয়বোৰৰ মাজত কেনেকৈ ভাৰসাম্যতা বজাই ৰাখিব পাৰোঁ? আৰু আমি সকলোৱে কৰিবলগীয়া গুৰুত্বপূৰ্ণ কাম কি? আহক আমি সমগ্ৰ জগতৰ ভিতৰৰ কঠোৰ পৰিশ্ৰম কৰা দুজন ব্যক্তি, যিহোৱা ঈশ্বৰ আৰু যীচু খ্ৰীষ্টৰ বিষয়ে আলোচনা কৰোঁ।
মহান কাৰিকৰ আৰু কুশল কাৰিকৰ
৪, ৫. বাইবেলে কেনেকৈ বৰ্ণনা কৰিছে যে যিহোৱা হৈছে এজন পৰিশ্ৰমী ঈশ্বৰ?
৪ যিহোৱা ঈশ্বৰ হৈছে মহান কাৰিকৰ। আদিপুস্তক ১:১ পদে বৰ্ণনা কৰে: “আদিতে ঈশ্বৰে আকাশ-মণ্ডল আৰু পৃথিবী সৃষ্টি কৰিলে।” ঈশ্বৰে পৃথিৱীৰ সৃষ্টিৰ কাম সম্পূৰ্ণ কৰাৰ পাছত এইদৰে কৈছিল, “অতি উত্তম।” (আদিপুস্তক ১:৩১) আন এক অৰ্থত কʼবলৈ গʼলে, যিহোৱা ঈশ্বৰ নিজৰ সৃষ্টিত সম্পূৰ্ণ সন্তুষ্ট। যিহোৱা হৈছে “পৰম-ধন্য” ঈশ্বৰ, তেওঁ নিশ্চয় নিজৰ কঠোৰ পৰিশ্ৰমৰ ফল দেখি অতি আনন্দিত।—১ তীমথিয় ১:১১.
৫ আমাৰ পৰিশ্ৰমী ঈশ্বৰ যিহোৱাই কাম কৰিবলৈ কেতিয়াও বন্ধ কৰা নাই। পৃথিৱী আৰু সকলো বস্তু সৃষ্টি কৰাৰ বহু বছৰৰ পাছতো যীচু খ্ৰীষ্টই এইদৰে কৈছিল, “মোৰ পিতৃয়ে এতিয়ালৈকে কৰ্ম্ম কৰি আছে।” (যোহন ৫:১৭) তেওঁৰ পিতৃয়ে কি কাম কৰি আছে? তেওঁ স্বৰ্গত থাকে। তেওঁ পৃথিৱীত থকা লোকসকলক উচিত পথ দেখুৱাৰ বাবে আৰু তেওঁলোকৰ যত্ন লোৱাৰ বাবে নিজকে ব্যস্ত ৰাখে। তেওঁ এক “নতুন সৃষ্টি” অৰ্থাৎ এনে কিছুমান লোকক পবিত্ৰ আত্মাৰে অভিষিক্ত কৰিছে, যিসকলে যীচু খ্ৰীষ্টৰ লগত স্বৰ্গৰপৰা শাসন কৰিব। (২ কৰিন্থীয়া ৫:১৭) ইয়াৰ উপৰিও, যিহোৱা ঈশ্বৰে মানৱজাতিৰ বাবে থকা উদ্দেশ্যক পূৰ্ণ কৰিবলৈ কাৰ্য্য কৰি আহিছে। ঈশ্বৰৰ উদ্দেশ্য হৈছে তেওঁক প্ৰেম কৰা লোকসকলে নতুন পৃথিৱীত অনন্ত জীৱন জীয়াই থকাৰ সুযোগ পোৱা। (ৰোমীয়া ৬:২৩) যিহোৱা ঈশ্বৰে নিজৰ পৰিশ্ৰমৰ ফল দেখি অতি আনন্দিত। লাখ লাখ লোকে ৰাজ্যৰ শুভবাৰ্ত্তা শুনি ঈশ্বৰৰ প্ৰতি আকৰ্ষিত হৈছে আৰু জীৱনত বহুতো পৰিৱৰ্তন কৰি ঈশ্বৰৰ প্ৰেমত থাকিবলৈ সক্ষম হৈছে।—যোহন ৬:৪৪.
৬, ৭. কঠোৰ পৰিশ্ৰম কৰাৰ বিষয়ে যীচু খ্ৰীষ্টই কেনে উদাহৰণ ৰাখিছে?
৬ কঠোৰ পৰিশ্ৰম কৰাৰ বিষয়ে যীচু খ্ৰীষ্টৰ এক ভাল নাম আছে। পৃথিৱীত মানৱৰূপে জন্ম লোৱাৰ আগতে “স্বৰ্গত আৰু পৃথিবীত” সকলো বস্তু সৃষ্টি কৰাৰ সময়ত, তেওঁ ঈশ্বৰৰ এজন “প্ৰধান কাৰ্য্যকাৰিণী” হিচাপে কাম কৰিছিল। (হিতোপদেশ ৮:২২-৩১; কলচীয়া ১:১৫-১৭) পৃথিৱীলৈ অহাৰ পাছতো যীচু খ্ৰীষ্টই কঠোৰ পৰিশ্ৰম কৰিছিল। সৰুৰেপৰা তেওঁ বাঢ়ৈৰ কাম ইমানেই ভালদৰে শিকিছিল যে লোকসকলৰ মাজত তেওঁ “বাঢ়ৈ” নামেৰে পৰিচিত হৈছিল।a (মাৰ্ক ৬:৩) এই কামৰ বাবে যথেষ্ট কষ্ট আৰু বিভিন্ন ধৰণৰ দক্ষতাৰ প্ৰয়োজন আছিল। কাৰণ সেইসময়ত কোনোধৰণৰ কাঠৰ মিল, কাঠৰ দোকান বা বিদ্যুত চালিত যন্ত্ৰ-পাতি নাছিল। যীচু খ্ৰীষ্টই নিজৰ প্ৰয়োজন অনুসৰি কাঠ বিচাৰি ওলাই যোৱাৰ বিষয়ে আপুনি কল্পনা কৰিব পাৰিবনে? হয়তো গছজোপা কটাৰ পাছত, নিজৰ কাম কৰা ঠাইলৈ কাঠবোৰ টানি টানি আনিবলগীয়া হৈছিল। যীচু খ্ৰীষ্টই ঘৰ নিৰ্মাণ কৰা কাৰ্য্যত ব্যস্ত হৈ থকা আপুনি দেখা পাইছেনে? তেওঁ ঘৰৰ বীম, দুৱাৰ আৰু কিছুমান চকী-মেজ তৈয়াৰ কৰিছে। যীচুৱে নিজৰ ব্যক্তিগত অভিজ্ঞতাৰপৰা বুজিব পাৰিছিল যে কঠোৰ পৰিশ্ৰমে মনক আনন্দিত কৰে।
৭ শুভবাৰ্ত্তা ঘোষণা কাৰ্য্যতো যীচুৱে কঠোৰ পৰিশ্ৰম কৰিছিল। চাৰে তিনি বছৰ ধৰি তেওঁ এই গুৰুত্বপূৰ্ণ কাৰ্য্যত ব্যস্ত আছিল। তেওঁ যিমান পাৰে সিমান লোকক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে শুভবাৰ্ত্তা জনাবলৈ কঠোৰ পৰিশ্ৰম কৰিছিল। ৰাতিপুৱাৰেপৰা ৰাতিলৈকে তেওঁ এই কাৰ্য্যত ব্যস্ত আছিল। (লূক ২১:৩৭, ৩৮; যোহন ৩:২) “তেওঁ নগৰে নগৰে গাঁৱে গাঁৱে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা ঘোষণা আৰু প্ৰচাৰ” কৰিছিল। (লূক ৮:১) যীচু খ্ৰীষ্টই ধুলিৰে ভৰা ৰাস্তাত, খালী ভৰিৰে শ শ কিলোমিটাৰ খোজকাঢ়ি বিভিন্ন লোকক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে জনাইছিল।
৮, ৯. যীচু খ্ৰীষ্টই কেনেকৈ তেওঁৰ কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হৈছিল?
৮ যীচুৱে ঘোষণা কাৰ্য্যত পৰিশ্ৰম কৰাৰ ফলত হোৱা পৰিণাম দেখি আনন্দিত হৈছিলনে? তেওঁ নিশ্চয় আনন্দিত হৈছিল। ঈশ্বৰৰ ৰাজ্যৰ সত্যৰ বীজ তেওঁ সিচিছিল আৰু দাবৰ বাবে পকা শস্য তৈয়াৰ কৰিছিল। ঈশ্বৰৰ ৰাজ্যৰ বাবে কৰা কামে যীচুক ইমানেই শক্তি দিছিল যে তেওঁ আনকি এই কামৰ বাবে খোৱা-বোৱাও ত্যাগ কৰিবলৈ সাজু আছিল। (যোহন ৪:৩১-৩৮) কল্পনা কৰক যে এই পৃথিৱীত যীচু খ্ৰীষ্টই নিজৰ সেৱা কাৰ্য্য পৰিশ্ৰমেৰে সম্পূৰ্ণ কৰাৰ বাবে তেওঁ পিতৃক এইদৰে কʼব পাৰিছিল: “তুমি মোক যি কৰ্ম্ম কৰিবলৈ দিছিলা, মই তাক সিদ্ধ কৰি, পৃথিবীত তোমাক মহিমান্বিত কৰিলোঁ।”—যোহন ১৭:৪.
৯ সঁচাকৈ, নিজৰ কঠোৰ পৰিশ্ৰমত সন্তুষ্টি লাভ কৰা লোকসকলৰ বাবে যিহোৱা ঈশ্বৰ আৰু যীচু খ্ৰীষ্টই এক ভাল উদাহৰণ ৰাখিছে। যিহোৱাৰ প্ৰতি থকা প্ৰেমে আমাক “ঈশ্বৰৰ অনুকাৰী” হৈ থাকিবলৈ উৎসাহিত কৰে। (ইফিচীয়া ৫:১) ইয়াৰ উপৰিও যীচুৰ প্ৰতি থকা প্ৰেমে আমাক “খ্ৰীষ্টৰ খোজৰ অনুগামী” হʼবলৈ অনুপ্ৰাণিত কৰে। (১ পিতৰ ২:২১) গতিকে আহক আমি অলপ সময় আলোচনা কৰোঁ যে কেনেকৈ আমাৰ কঠোৰ পৰিশ্ৰমৰ মাজত আমি আনন্দ বিচাৰি পাম।
আমাৰ কঠোৰ পৰিশ্ৰমৰ মাজত কেনেকৈ আনন্দ বিচাৰি পাম
আপোনাৰ কামৰ মাজত আনন্দ বিচাৰি পাবলৈ বাইবেলৰ সিদ্ধান্তবোৰে আপোনাক সহায় কৰিব
১০, ১১. আমাৰ কামত সঠিক মনোবৃত্তি ৰাখিবলৈ কি কথাই আমাক সহায় কৰিব?
১০ জীৱিকাৰ বাবে কাম-কাজ কৰাটো সত্য খ্ৰীষ্টানসকলৰ জীৱনৰ এক ভাগ হয়। আমি আমাৰ কাম-কাজৰপৰা সন্তুষ্টি আৰু আনন্দ পোৱাটো বিচাৰোঁ। কিন্তু যদি আমাৰ চাকৰি বা কাম কৰাৰ সময়ত অসুবিধা হয় বা আমাৰ পছন্দৰ নহয়, তেনেহʼলে কামত সন্তুষ্টি বিচাৰি পোৱাটো কঠিন হʼব পাৰে। এনে পৰিস্থিতিত আমাৰ কঠোৰ পৰিশ্ৰমৰ মাজত কেনেকৈ আনন্দ বিচাৰি পাম?
১১ সঠিক মনোবৃত্তি আহৰণ কৰাৰ যোগেদি। আমি সদায় আমাৰ পৰিস্থিতি পৰিৱৰ্তন কৰিব নোৱাৰোঁ, কিন্তু আমি আমাৰ মনোবৃত্তিক পৰিৱৰ্তন কৰিব পাৰোঁ। কামৰ বিষয়ে ঈশ্বৰৰ দৃষ্টিভংগী কি তাক ধ্যান দিয়াৰ যোগেদি আমাক কামৰ প্ৰতি সঠিক মনোবৃত্তি ৰাখিবলৈ সহায় কৰিব। উদাহৰণস্বৰূপে, যদি আপুনি পৰিয়ালৰ মুৰব্বী হয়, তেনেহʼলে চিন্তা কৰক যে আপোনাৰ চাকৰি বা কামটো আপোনাৰ পছন্দৰ নহʼবও পাৰে, কিন্তু ইয়াৰ যোগেদি আপুনি পৰিয়ালৰ প্ৰয়োজনীয় চাহিদাবোৰ পূৰ কৰিবলৈ সক্ষম হৈছে। নিজৰ পৰিয়ালৰ লোকসকলক যত্ন লোৱাটো যিহোৱা ঈশ্বৰৰ দৃষ্টিত সাধাৰণ বিষয় নহয়। তেওঁৰ বাক্যই বৰ্ণনা কৰিছে যে যিজনে নিজৰ পৰিয়ালৰ প্ৰয়োজনীয়তাবোৰ যোগান ধৰিবলৈ ব্যৰ্থ হৈছে, তেওঁ “অবিশ্বাস কৰা লোকতকৈয়ো অধম।” (১ তীমথিয় ৫:৮) যদি আপুনি এই কথা মনত ৰাখে যে আপোনাৰ কামৰ যোগেদি ঈশ্বৰে দিয়া দায়িত্ব পূৰ কৰিবলৈ সক্ষম হৈছে, তেনেহʼলে ইয়ে আপোনাক আপোনাৰ কামত আনন্দ আৰু ইয়াক ভালদৰে কৰিবলৈ এক উদ্দেশ্য বিচাৰি পাব, যিটো সাধাৰণতে আপোনাৰ সহকৰ্মীয়ে বিচাৰি নাপায়।
১২. পৰিশ্ৰমী আৰু সদাচাৰী হৈ কাম কৰি থাকিলে কি কি আশীৰ্বাদ লাভ কৰিব পাৰি?
১২ পৰিশ্ৰমী আৰু সদাচাৰী হোৱাৰ যোগেদি। কঠোৰ পৰিশ্ৰম কৰা আৰু নিজৰ কাম ভালদৰে কৰিবলৈ শিকিলে বহুতো আশীৰ্বাদ পাব পাৰি। নিয়োগকৰ্তাসকলে পৰিশ্ৰমী আৰু দক্ষতা থকা লোকসকলক সন্মান কৰে। (হিতোপদেশ ১২:২৪; ২২:২৯) সত্য খ্ৰীষ্টান হিচাপে আমিও কামৰ প্ৰতি সদাচাৰ হোৱা উচিত। আমি আমাৰ নিয়োগকৰ্তাৰ টকা-পইচা, বস্তু বা সময় চুৰ কৰা উচিত নহয়। (ইফিচীয়া ৪:২৮) আগৰ অধ্যায়ত আমি শিকিছিলোঁ যে সদাচাৰী হোৱাৰ বাবে বহুতো আশীৰ্বাদ আছে। যিজন কৰ্মচাৰীৰ সদাচাৰী বুলি সুনাম থাকে, তেওঁক নিয়োগকৰ্তাই বিশ্বাস কৰে। আমাৰ নিয়োগকৰ্তাই আমাৰ কঠোৰ পৰিশ্ৰম কৰা উদাহৰণক ধ্যান দিয়ক বা নিদিয়ক, কিন্তু আমি এই কথাত সন্তুষ্টি লাভ কৰিব পাৰিম যে “আমাৰ সদবিবেক” আছে আৰু আমি আমাৰ মৰমিয়াল ঈশ্বৰ যিহোৱাক আনন্দিত কৰিবলৈ সক্ষম হৈছোঁ।—ইব্ৰী ১৩:১৮; কলচীয়া ৩:২২-২৪.
১৩. কৰ্মক্ষেত্ৰত আমাৰ উদাহৰণে কি পৰিণাম আনিব পাৰে?
১৩ যিহোৱাক মহিমা কৰিব পৰা আচৰণৰ যোগেদি। যেতিয়া আমি সত্য খ্ৰীষ্টান হিচাপে কৰ্মক্ষেত্ৰত আমাৰ ভাল আচৰণ বজাই ৰাখোঁ, তেতিয়া আন লোকসকলে তাক লক্ষ্য কৰিব। এইদৰে কৰিলে কি পৰিণাম হʼব? এনে কৰাৰ যোগেদি আমি “আমাৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰৰ শিক্ষা সকলো বিষয়তে ভুষিত” কৰোঁ। (তীত ২:৯, ১০) সঁচাকৈ, আমাৰ উত্তম আচাৰ-ব্যৱহাৰে আমাৰ উপাসনাৰ সৌন্দৰ্য্যতা বঢ়াব আৰু তেওঁলোক ইয়াৰ প্ৰতি আকৰ্ষিত হʼব। অলপ সময়ৰ বাবে চিন্তা কৰক। কৰ্মক্ষেত্ৰত আপোনাৰ ভাল আচৰণ দেখি আপোনাৰ কোনো সহকৰ্মীয়ে সত্যৰ বিষয়ে শিকিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। তেতিয়া আপুনি কেনে অনুভৱ কৰিব! আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে যে আপোনাৰ আচৰণে যিহোৱা ঈশ্বৰক মহিমান্বিত কৰিছে আৰু তেওঁৰ হৃদয়ক আনন্দিত কৰিছে। ইয়াতকৈ আৰু সন্মানৰ বিষয় কি হʼব পাৰে?—হিতোপদেশ ২৭:১১; ১ পিতৰ ২:১২ পঢ়ক।
চাকৰি বাছনি কৰাৰ সময়ত ভাবি-চিন্তি নিৰ্ণয় লওক
১৪-১৬. চাকৰি বাছনি কৰাৰ সময়ত আমি কি দুটা গুৰুত্বপূৰ্ণ প্ৰশ্ন বিবেচনা কৰা উচিত?
১৪ কেনেধৰণৰ কাম কৰা উচিত বা কেনেধৰণৰ কাম কৰা অনুচিত তাৰ বিষয়ে বাইবেলে বিতংভাৱে বৰ্ণনা কৰা নাই। ইয়াৰ অৰ্থ এইটো নহয় যে আমি যিকোনো কাম বা চাকৰি গ্ৰহণ কৰিব পাৰোঁ। পবিত্ৰ শাস্ত্ৰ বাইবেলৰ সহায়ত আমি এনেধৰণৰ চাকৰি বাছনি কৰিবলৈ সক্ষম হʼম, যিয়ে ঈশ্বৰক সন্তুষ্ট কৰিবলৈ আমাক সহায় কৰিব। ইয়াৰ লগতে ঈশ্বৰক অসন্তুষ্ট কৰিব পৰা চাকৰি গ্ৰহণ কৰাৰপৰা আঁতৰি থাকিবলৈ আমাক সহায় কৰিব। (হিতোপদেশ ২:৬) চাকৰি বাছনি কৰাৰ সময়ত আমি দুটা গুৰুত্বপূৰ্ণ প্ৰশ্ন বিবেচনা কৰা উচিত।
১৫ এই চাকৰিটোত এনে কাম জড়িত আছে নেকি, যাৰ বিষয়ে বাইবেলত স্পষ্টৰূপে অনুচিত বুলি কৈছে? ঈশ্বৰৰ বাক্যই স্পষ্টৰূপে বৰ্ণনা কৰিছে যে চুৰ কৰা, মিছা কথা কোৱা আৰু মূৰ্তি নিৰ্মাণ কৰা অনুচিত। (যাত্ৰাপুস্তক ২০:৪; পাঁচনিৰ কৰ্ম্ম ১৫:২৮; ইফিচীয়া ৪:২৮; প্ৰকাশিত বাক্য ২১:৮) যদি আমাৰ চাকৰিত এনে কাম কৰিবলগীয়া হয়, তেনেহʼলে আমি তেনে চাকৰি বাছনি কৰাৰপৰা আঁতৰি থাকিম। ঈশ্বৰৰ প্ৰতি থকা প্ৰেমে আমাক ঈশ্বৰৰ আজ্ঞা উলংঘন কৰা কোনোধৰণৰ কাম কৰিবলৈ অনুমতি নিদিয়ে।—১ যোহন ৫:৩ পঢ়ক।
১৬ এই চাকৰিটোৱে মোক কিবা বেয়া কামৰ সহভাগী হʼবলৈ আৰু ইয়াক সমৰ্থন কৰিবলৈ উৎসাহিত কৰিব নেকি? ক্ষন্তেকৰ বাবে এই উদাহৰণটো বিবেচনা কৰক। ৰিচেপশনিস্টৰ চাকৰি কৰা ভুল নহয়। কিন্তু যদি এজন খ্ৰীষ্টান ভাই বা ভনীক গৰ্ভপাত কৰা কোনো চিকিৎসালয়ত ৰিচেপশনিস্টৰ চাকৰি কৰাৰ সুযোগ দিয়া হয়, তেনে ক্ষেত্ৰত কি কৰিব পাৰি? নিঃসন্দেহ, তেওঁ গৰ্ভপাত কৰা কাৰ্য্যত প্ৰত্যক্ষভাৱে জড়িত নহয়। কিন্তু তেওঁ কৰা কামে সেই গৰ্ভপাত কৰা চিকিৎসালয়খন পৰিচালনা কৰাত সহায় কৰে। ঈশ্বৰৰ বাক্য অনুসৰি গৰ্ভপাত কৰা অনুচিত। (যাত্ৰাপুস্তক ২১:২২-২৪) যিহোৱা ঈশ্বৰৰ প্ৰতি থকা প্ৰেমৰ বাবে আমি বাইবেলত নিষেধ কৰা এনে কোনো কামত জড়িত হʼব নিবিচাৰোঁ।
১৭. (ক) চাকৰি বাছনি কৰাৰ সময়ত আমি কি গুৰুত্বপূৰ্ণ বিষয় বিবেচনা কৰা উচিত? (“মই এই চাকৰিটো কৰা উচিতনে?” নামৰ বক্সত চাওক।) (খ) যিহোৱা ঈশ্বৰক সন্তুষ্ট কৰিব পৰা নিৰ্ণয় লʼবলৈ আমাৰ বিবেকে কেনেকৈ সহায় কৰিব?
১৭ পোন্ধৰ আৰু ষোল অনুচ্ছেদত উল্লেখ কৰা দুটা প্ৰশ্ন ভালদৰে বিবেচনা কৰিলে আমি চাকৰিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ নিৰ্ণয় লʼবলৈ সক্ষম হʼম। ইয়াৰ উপৰিও, চাকৰি বাছনি কৰাৰ সময়ত আমি আৰু কিছুমান গুৰুত্বপূৰ্ণ বিষয় ভালদৰে বিবেচনা কৰা উচিত।b আমি এইটো আশা কৰা উচিত নহয় যে চাকৰিৰ ক্ষেত্ৰত সন্মুখীন হʼবলগীয়া বিভিন্ন পৰিস্থিতিৰ বিষয়ে বিশ্বাসী আৰু বুদ্ধিমান দাসে আমাক নিৰ্দেশনা দিব। এনে ক্ষেত্ৰত আমাৰ নিজৰ বিচাৰ-বুদ্ধি ব্যৱহাৰ কৰা উচিত। দুই অধ্যায়ত শিকিছিলোঁ যে আমি আমাৰ বিবেকক প্ৰশিক্ষণ দিয়াৰ প্ৰয়োজন আছে। আমি ঈশ্বৰৰ বাক্য অধ্যয়ন কৰা উচিত যাতে আমি তেওঁ দিয়া সিদ্ধান্তবোৰ দৈনন্দিন জীৱনত প্ৰয়োগ কৰিব পাৰোঁ। যেতিয়া আমাৰ “জ্ঞানেন্দ্ৰিয়বোৰ” “অভ্যাস” কৰাৰ বাবে প্ৰশিক্ষিত হʼব তেতিয়া আমাৰ বিবেকে এনেধৰণৰ নিৰ্ণয় কৰিবলৈ সহায় কৰিব, যিয়ে ঈশ্বৰক সন্তুষ্ট কৰিব আৰু তেওঁৰ প্ৰেমত নিজকে ৰাখিবলৈ সহায় কৰিব।—ইব্ৰী ৫:১৪.
কামৰ প্ৰতি ভাৰসাম্যতা বজাই ৰাখক
১৮. আধ্যাত্মিক ভাৰসাম্যতা বজাই ৰখা কিয় সহজ নহয়?
১৮ “শেষ-কালৰ ভয়ঙ্কৰ সময়ত” আধ্যাত্মিক ভাৰসাম্যতা বজাই ৰখা ইমান সহজ নহয়। (২ তীমথিয় ৩:১) এনে সময়ত এটা চাকৰি বিচাৰি পোৱা আৰু তাত বৰ্তি থকা কঠিন হʼব পাৰে। সত্য খ্ৰীষ্টান হিচাপে আমি জানোঁ যে পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰ কৰাৰ বাবে কঠোৰ পৰিশ্ৰম কৰা উচিত। কিন্তু যদি আমি সতৰ্ক নহওঁ, তেনেহʼলে কৰ্মক্ষেত্ৰত সন্মুখীন হোৱা হেঁচা বা বস্তুবাদী মনোভাবে ঈশ্বৰৰ সেৱাৰ লগত জড়িত থকা কাৰ্য্যবোৰত বাধাৰ সৃষ্টি কৰিব পাৰে। (১ তীমথিয় ৬:৯, ১০) কামৰ ক্ষেত্ৰত ভাৰসাম্যতা বজাই ৰাখি আমি কেনেকৈ “যি যি শ্ৰেষ্ঠ” সেইবোৰৰ প্ৰতি সঠিক দৃষ্টিভংগী ৰাখিব পাৰোঁ? আহক আমি অলপ সময় ইয়াৰ বিষয়ে আলোচনা কৰোঁ।—ফিলিপীয়া ১:৯.
১৯. যিহোৱা ঈশ্বৰক কিয় সম্পূৰ্ণৰূপে ভৰসা কৰিব পাৰি আৰু তেওঁক ভৰসা কৰিলে আমি কি কৰাৰপৰা আঁতৰি থাকিম?
১৯ সম্পূৰ্ণৰূপে যিহোৱাৰ ওপৰত ভৰসা কৰক। (হিতোপদেশ ৩:৫, ৬ পঢ়ক।) যিহোৱা ঈশ্বৰ ভৰসাৰ যোগ্য নহয়নে? সকলোতকৈ ডাঙৰ বিষয় হʼল যে তেওঁ আমাৰ যত্ন লয়। (১ পিতৰ ৫:৭) আমাৰ প্ৰয়োজনীয়তাবোৰৰ বিষয়ে তেওঁ আমাতকৈ ভালদৰে জানে আৰু আমাৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰাৰ সমৰ্থ ৰাখে। (গীতমালা ৩৭:২৫) সেইবাবে, আমি তেওঁৰ বাক্য ভালদৰে মনোযোগ দিয়া উচিত: “তোমালোকৰ যি আছে, তাতে সন্তুষ্ট হৈ থাকা; কিয়নো তেৱেঁ [ঈশ্বৰ] কৈছে, মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম।” (ইব্ৰী ১৩:৫) বহুতো পূৰ্ণসময়ৰ সেৱকে প্ৰমাণ দিব পাৰে যে জীৱনৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰাৰ ক্ষমতা ঈশ্বৰৰ আছে। যদি আমি সম্পূৰ্ণৰূপে ভৰসা কৰোঁ যে যিহোৱা ঈশ্বৰে আমাৰ যত্ন লʼব, তেনেহʼলে আমি আমাৰ পৰিয়ালৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰাৰ বাবে অযথা চিন্তা কৰাৰপৰা আঁতৰি থাকিম। (মথি ৬:২৫-৩২) আমি আমাৰ কামৰ বাবে আধ্যাত্মিক বিষয় অৰ্থাৎ শুভবাৰ্ত্তা ঘোষণা কৰা আৰু সভাবোৰত উপস্থিত হʼবলৈ কেতিয়াও অৱহেলা কৰা উচিত নহয়।—মথি ২৪:১৪; ইব্ৰী ১০:২৪, ২৫.
২০. নিজৰ চকু নিৰ্মল কৰাৰ অৰ্থ কি আৰু ইয়াক আপুনি কিদৰে কৰিব?
২০ আপোনাৰ চকু নিৰ্মল ৰাখক। (মথি ৬:২২, ২৩ পঢ়ক।) আমাৰ চকু নিৰ্মল ৰখাৰ অৰ্থ হৈছে আমি সৰলভাৱে জীৱন-যাপন কৰা। যদি এজন খ্ৰীষ্টানৰ চকু কেৱল এটা বিষয়ৰ ওপৰত কেন্দ্ৰীভূত হয়, তেনেহʼলে তেওঁৰ জীৱনৰ এটাই উদ্দেশ্য হʼব, যিহোৱা ঈশ্বৰৰ ইচ্ছা পূৰ কৰা। যদি আমাৰ চকু এই উদ্দেশ্যৰ ওপৰত কেন্দ্ৰীভূত হয়, তেনেহʼলে মোটা অংকৰ বেতন পোৱা চাকৰিৰ বাবে আৰু বিলাসিতা জীৱন-যাপন কৰাৰ বাবে লালসা নকৰিম। ইয়াৰ উপৰিও কেতিয়াও শেষ নোহোৱা অত্যাধুনিক আৰু উত্তম বস্তুবোৰ পাবলৈ হাবিয়াহ কৰি নাথাকিম, যিবোৰৰ প্ৰতি বিজ্ঞাপনৰ যোগেদি আমাক বিশ্বাস কৰোৱাবলৈ চেষ্টা কৰে যে এইবোৰৰ অবিহনে আমি জীৱনত কেতিয়াও সুখী হʼব নোৱাৰিম। আপুনি কেনেকৈ নিজৰ চকু নিৰ্মল কৰি ৰাখিব? অযথা ধাৰ বা ঋণ লোৱাৰপৰা আঁতৰি থাকক। জীৱনত অত্যাধিক সাজ-সজ্জাৰ বস্তুবোৰ লোৱাৰপৰা আঁতৰি থাকক, যিবোৰে হয়তো আপোনাৰ বহুমূলীয়া সময় নষ্ট কৰিব পাৰে। বাইবেলৰ এই পৰামৰ্শ পালন কৰক: যদি “অন্ন-বস্ত্ৰ” আছে, তেনেহʼলে তাতে সন্তুষ্ট হওক। (১ তীমথিয় ৬:৮) যিমান দূৰ সম্ভৱ নিজৰ জীৱন সৰল কৰিবলৈ চেষ্টা কৰক।
২১. আমি কিয় নিৰ্ণয় কৰা উচিত যে আমি কোনবোৰ বস্তুক প্ৰথমস্থান দিম আৰু আমাৰ জীৱনত কি বিষয়ক প্ৰথমস্থান দিয়া উচিত?
২১ আধ্যাত্মিক বিষয়বোৰ জীৱনত প্ৰথমস্থান দিয়ক আৰু নিজৰ নিৰ্ণয়ত স্থিৰে থাকক। প্ৰতিদিনে আমাৰ ওচৰত সীমিত সময় থাকে। সেইবাবে কোনবোৰ বিষয়ক আমি প্ৰথমস্থান দিম, তাৰ নিৰ্ণয় লোৱাৰ অতি প্ৰয়োজন। নতুবা কম গুৰুত্বপূৰ্ণ বিষয়বোৰত আমাৰ মূল্যৱান সময় অবাবত নষ্ট হʼব পাৰে আৰু গুৰুত্বপূৰ্ণ বিষয়বোৰৰ বাবে আমাৰ ওচৰত সময় নাথাকিব পাৰে। আমাৰ জীৱনত কি বিষয়ক প্ৰথমস্থান দিয়া উচিত? জগতৰ বহুতোলোকে উচ্চ শিক্ষা লোৱাৰ বিষয়ে অধিক গুৰুত্ব দিয়ে, যাতে তেওঁলোকে জীৱিকাৰ বাবে এক ভাল পথ বিচাৰি পাব পাৰে। কিন্তু যীচু খ্ৰীষ্টই তেওঁৰ অনুগামীসকলক “প্ৰথমে তেওঁৰ ৰাজ্য” বিচাৰিবলৈ পৰামৰ্শ দিছিল। (মথি ৬:৩৩) সঁচাকৈ, সত্য খ্ৰীষ্টান হিচাপে আমি ঈশ্বৰৰ ৰাজ্যক নিজৰ জীৱনত প্ৰথমস্থান দিয়া উচিত। আমাৰ জীৱন-শৈলী অৰ্থাৎ আমি যি বাছনি কৰোঁ, আমাৰ উদ্দেশ্য আৰু আমি কৰা কাৰ্য্য ইয়াক প্ৰতিফলিত কৰা উচিত যে আমি জগতৰ বিষয়বোৰতকৈ ঈশ্বৰৰ ৰাজ্যক প্ৰথমস্থান দি, তেওঁৰ ইচ্ছা পূৰ কৰাটো আমাৰ বাবে গুৰুত্বপূৰ্ণ।
ঘোষণা কাৰ্য্যত পৰিশ্ৰম কৰক
ঘোষণা কাৰ্য্যক জীৱনত প্ৰথমস্থান দি আমি যিহোৱাৰ প্ৰতি প্ৰেম প্ৰকাশ কৰিব পাৰোঁ
২২, ২৩. (ক) সত্য খ্ৰীষ্টানৰ প্ৰধান কাৰ্য্য কি আৰু এই কাৰ্য্য আমাৰ বাবে গুৰুত্বপূৰ্ণ বুলি কেনেকৈ দেখুৱাব পাৰোঁ? (“মোৰ নিৰ্ণয়ে মোৰ জীৱনত আনন্দ আৰু সন্তুষ্টি কঢ়িয়াই আনিলে” নামৰ বক্সত চাওক।) (খ) চাকৰিৰ বিষয়ে আপুনি কি দৃঢ়সংকল্প লৈছে?
২২ আমি জানোঁ যে আমি শেষ কালৰ শেষ সময়ছোৱাত জীয়াই আছোঁ। সেইবাবে, আমাক সম্পূৰ্ণৰূপে ঘোষণা আৰু শিষ্য বনোৱা কাৰ্য্যত মনোযোগ দিয়া উচিত। এয়াই হৈছে সত্য খ্ৰীষ্টানসকলৰ প্ৰধান কাম। (মথি ২৪:১৪; ২৮:১৯, ২০) আমি যীচুৰ দৰে জীৱন ৰক্ষা কৰিব পৰা কাৰ্য্যত সম্পূৰ্ণৰূপে জড়িত থাকিব বিচাৰোঁ। আমি কেনেকৈ দেখুৱাব পাৰোঁ যে আমাৰ বাবে এই কাৰ্য্য অতি গুৰুত্বপূৰ্ণ? যিহোৱা ঈশ্বৰৰ বেছি ভাগ লোকে মণ্ডলীৰ প্ৰচাৰক হিচাপে মনে-প্ৰাণে ঘোষণা কাৰ্য্যত ভাগ লয়। কিছুমান লোকে অগ্ৰগামী বা মিছনাৰী সেৱা কৰাৰ বাবে জীৱনত সাল-সলনি কৰিছে। এই আধ্যাত্মিক লক্ষ্যৰ গুৰুত্ব বুজি পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীক পূৰ্ণসময়ৰ সেৱা কৰিবলৈ উৎসাহিত কৰিছে। ঘোষণা কাৰ্য্যত পৰিশ্ৰম কৰাৰ ভাল পৰিণাম তেওঁলোকে দেখিবলৈ পাইছেনে? তেওঁলোকে নিশ্চয় দেখিবলৈ পাইছে। মনে-প্ৰাণে যিহোৱা ঈশ্বৰক সেৱা কৰাৰ বাবে তেওঁলোকে জীৱনত আনন্দ, সন্তোষ আৰু বহুতো আশীৰ্বাদ লাভ কৰিছে।—হিতোপদেশ ১০:২২ পঢ়ক।
২৩ আমাৰ মাজৰ বহুতোলোকে নিজৰ পৰিয়ালৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰাৰ বাবে চাকৰিত বহু সময় কটাবলগীয়া হয়। মনত ৰাখিব যে আমি আমাৰ কামৰপৰা আনন্দ পোৱাটো যিহোৱা ঈশ্বৰে বিচাৰে। আমি আমাৰ মনোভাব আৰু কাৰ্য্যবোৰ তেওঁৰ দৃষ্টিভংগী আৰু তেওঁৰ সিদ্ধান্ত অনুসৰি চলাৰ যোগেদি আমাৰ কামৰ মাজত আনন্দ বিচাৰি পাম। গতিকে আহক আমি আমাৰ চাকৰিত ইমানেই ব্যস্ত হৈ নপৰোঁ, যাতে আমি আমাৰ প্ৰধান কাৰ্য্য অৰ্থাৎ ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা ঘোষণা কৰিবলৈ পাহৰি যাম। এই কাৰ্য্যক আমাৰ জীৱনত প্ৰথমস্থান দিয়াৰ যোগেদি আমি যিহোৱাৰ প্ৰতি প্ৰেম প্ৰকাশ কৰিব পাৰোঁ আৰু এইদৰে কৰিলে আমি নিজকে তেওঁৰ প্ৰেমত ৰাখিবলৈ সক্ষম হʼম।
a যি গ্ৰীক শব্দৰ অনুবাদ “বাঢ়ৈ” কৰা হৈছে, তাক “কাঠৰ কাম কৰা অৰ্থাৎ যিকোনো ধৰণৰ চকী-মেজ তৈয়াৰ কৰা বা ঘৰ নিৰ্মাণ কৰা লোকৰ বাবে সাধাৰণতে ব্যৱহাৰ কৰা হয়।”
b চাকৰি বাছনি কৰাৰ সময়ত কি কি কথাৰ ওপৰত ধ্যান দিয়া উচিত, তাৰ বিষয়ে অধিক জানিবলৈ ১৯৯৯, ১৫ এপ্ৰিল প্ৰহৰীবুৰুজৰ (ইংৰাজী) পৃষ্ঠা ২৮-৩০ আৰু ১৯৮২, ১৫ জুলাই প্ৰহৰীবুৰুজৰ (ইংৰাজী) পৃষ্ঠা ২৬ চাওক।