ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lv পৃষ্ঠা ২৫১-পৃষ্ঠা ২৫৩
  • বিবাহ বিচ্ছেদ আৰু পৃথকে থকাৰ বিষয়ে বাইবেলৰ দৃষ্টিভংগী

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বিবাহ বিচ্ছেদ আৰু পৃথকে থকাৰ বিষয়ে বাইবেলৰ দৃষ্টিভংগী
  • “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
  • মিল থকা বিষয়
  • পাঠকসকলৰ প্ৰশ্ন
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
“ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
lv পৃষ্ঠা ২৫১-পৃষ্ঠা ২৫৩

অতিৰিক্ত লেখ

বিবাহ বিচ্ছেদ আৰু পৃথকে থকাৰ বিষয়ে বাইবেলৰ দৃষ্টিভংগী

বিবাহিত লোকসকলে এজনে-আনজনৰ প্ৰতি বিশ্বাসী হৈ থকাৰ বিষয়ে কৰা শপত অনুসৰি জীৱন নিৰ্বাহ কৰাটো যিহোৱা ঈশ্বৰে বিচাৰে। প্ৰথম পুৰুষ আৰু তিৰোতাক বিবাহ পাশত আৱদ্ধ কৰাৰ সময়ত যিহোৱা ঈশ্বৰে এইদৰে কৈছিল: “মানুহে . . . নিজ তিৰোতাত আসক্ত হব, আৰু সিবিলাক দুয়ো একদেহ হব।” পাছলৈ যীচু খ্ৰীষ্টয়ো এই একে কথাকে দুহাৰি এইদৰে কৈছিল: “এতেকে ঈশ্বৰে যাক যোগ কৰি দিলে, তাক মানুহে বিয়োগ নকৰক।” (আদিপুস্তক ২:২৪; মথি ১৯:৩-৬) সেইবাবে, যিহোৱা ঈশ্বৰ আৰু যীচু খ্ৰীষ্টই বিবাহ বন্ধনক জীৱনজোৰা এক বান্ধোন বুলি গণ্য কৰে আৰু এই বান্ধোন তেতিয়া শেষ হয়, যেতিয়া কোনো এজন সংগীৰ মৃত্যু হয়। (১ কৰিন্থীয়া ৭:৩৯) যিহেতু বিবাহ হৈছে এক পবিত্ৰ বন্ধন, সেইবাবে বিবাহ বিচ্ছেদক সাধাৰণ বিষয় বুলি লোৱা উচিত নহয়। শাস্ত্ৰৰ কোনো আধাৰ নোহোৱাকৈ বিবাহ বিচ্ছেদ কৰিলে তাক যিহোৱা ঈশ্বৰে ঘৃণা কৰে।—মলাখী ২:১৫, ১৬.

বিবাহ বিচ্ছেদৰ বাবে শাস্ত্ৰীয় আধাৰ কি? যিহোৱা ঈশ্বৰে ব্যভিচাৰ আৰু বিবাহ বন্ধনৰ বাহিৰে যৌন সম্বন্ধক ঘৃণা কৰে। (আদিপুস্তক ৩৯:৯; ২ চমূৱেল ১১:২৬, ২৭; গীতমালা ৫১:৪) ঈশ্বৰৰ দৃষ্টিত ব্যভিচাৰ ইমানেই ঘৃণনীয় কাৰ্য্য হয় যে কেৱল ইয়াৰ বাবেহে তেওঁ বিবাহ বিচ্ছেদৰ অনুমতি দিছে। (ব্যভিচাৰত কি কি জড়িত আছে, তাৰ বিষয়ে অধিক জানিবলৈ ৯ অধ্যায়ৰ ৭ অনুচ্ছেদত চাওক।) যিহোৱা ঈশ্বৰে নিৰ্দোষী সংগীক এই বিষয়ে নিৰ্ণয় লʼবলৈ অধিকাৰ দিছে যে তেওঁ বা তাই ব্যভিচাৰ কৰা সংগীজনৰ লগত বসবাস কৰিব নে বিবাহ বিচ্ছেদ কৰিব। (মথি ১৯:৯) সেইবাবে, যদি নিৰ্দোষী সংগীয়ে নিজৰ স্বামী বা পত্নীক বিবাহ বিচ্ছেদ কৰিবলৈ নিৰ্ণয় লয়, তেনেহʼলে তেওঁ যিহোৱা ঈশ্বৰে ঘৃণা কৰা কোনো কাৰ্য্য কৰা নাই। কিন্তু সত্য খ্ৰীষ্টান মণ্ডলীয়ে কোনো লোককে বিবাহ বিচ্ছেদ কৰাৰ বাবে উৎসাহিত নকৰে। কিছুমান পৰিস্থিতিত নিৰ্দোষী সংগীয়ে, দোষী স্বামী বা স্ত্ৰীৰ লগত থাকিবলৈ নিৰ্ণয় লʼব পাৰে, বিশেষকৈ দোষী সংগীয়ে যদি হৃদয়ৰপৰা অনুতাপ কৰে। কিন্তু, যিসকল লোকৰ ওচৰত বিবাহ বিচ্ছেদ কৰাৰ বাবে শাস্ত্ৰীয় আধাৰ আছে, তেওঁলোকে মনত ৰখা উচিত যে তেওঁলোকে নিজে যি নিৰ্ণয় লʼব তাৰ পৰিণামো সন্মুখীন হʼব লাগিব।—গালাতীয়া ৬:৫.

কিছুমান চৰম পৰিস্থিতিত, কিছুমান খ্ৰীষ্টানে নিজৰ স্বামী বা স্ত্ৰীৰপৰা পৃথকে থকা বা বিবাহ বিচ্ছেদ কৰাৰ বাবে নিৰ্ণয় লৈছে, যদিও সংগীয়ে ব্যভিচাৰ কৰা নাই। এনে ক্ষেত্ৰত, পৃথকে থকা সংগীসকলৰ বিষয়ে বাইবেলে এইদৰে বৰ্ণনা কৰিছে যে তেওঁলোকে “বিয়া নোহোৱাকৈ থাকক, নাইবা স্বামীয়ে সৈতে মিল হওক।” (১ কৰিন্থীয়া ৭:১১) এনে খ্ৰীষ্টানসকলে আন কাৰোবাক বিয়া কৰাৰ বাবে স্বতন্ত্ৰ নহয়। (মথি ৫:৩২) আহক আমি এতিয়া এনে কিছুমান পৰিস্থিতিৰ বিষয়ে আলোচনা কৰোঁ, যিবোৰৰ বাবে কিছুমান খ্ৰীষ্টানে নিজৰ সংগীৰপৰা পৃথকে থকা উচিত বুলি ভাবে।

পৰিয়ালৰ ভৰণ-পোষণৰ বাবে যত্ন নলয়। স্বামীয়ে পৰিয়ালৰ প্ৰয়োজনীয় বস্তুবোৰ যোগান ধৰাৰ ক্ষমতা থকাৰ সত্বেও, তেওঁ এনে কৰা নাই। সেইবাবে পৰিয়ালত হয়তো জীৱনৰ প্ৰয়োজনীয় বস্তুবোৰৰ অভাৱ হৈছে। বাইবেলে বৰ্ণনা কৰিছে: “কোনোৱে যদি . . . নিজৰ ঘৰৰ পৰিয়ালৰ নিমিত্তে চিন্তা নকৰে, তেন্তে তেওঁ বিশ্বাস অস্বীকাৰ কৰিলে, আৰু অবিশ্বাস কৰা লোকতকৈয়ো অধম।” (১ তীমথিয় ৫:৮) যদি এনে এজন পুৰুষে নিজকে পৰিৱৰ্তন নকৰে, তেনেহʼলে পত্নীয়ে নিজৰ আৰু লʼৰা-ছোৱালীৰ ভালৰ বাবে আইনগতভাৱে পৃথকে থকাৰ বাবে নিৰ্ণয় লʼব পাৰে। যদি কোনো এজন স্বামীৰ ওপৰত তেওঁ পৰিয়ালৰ ভৰণ-পোষণ কৰিবলৈ অস্বীকাৰ কৰা বুলি অভিযোগ আহে, তেনেহʼলে খ্ৰীষ্টান প্ৰাচীনসকলে ইয়াৰ বিষয়ে ভালদৰে চালি-জাৰি চোৱা উচিত। নিজৰ পৰিয়ালৰ ভৰণ-পোষণ কৰিবলৈ অস্বীকাৰ কৰা কোনো ব্যক্তিক মণ্ডলীৰপৰা বহিষ্কাৰ কৰা যাব পাৰে।

শাৰীৰিকভাৱে নিৰ্যাতন কৰা। এজন সংগীয়ে নিজৰ স্বামী বা স্ত্ৰীৰ ওপৰত শাৰীৰিকভাৱে নিৰ্যাতন চলায়, যাৰ বাবে হয়তো সংগীৰ স্বাস্থ্য আৰু জীৱন বিপদত পৰিব পাৰে। তেনে পৰিস্থিতিত, নিৰ্যাতন কৰা সংগীজন যদি খ্ৰীষ্টান হয়, তেনেহʼলে মণ্ডলীৰ প্ৰাচীনসকলে অভিযোগবোৰৰ ওপৰত ভালদৰে পৰীক্ষা কৰা উচিত। যদি এজন ব্যক্তিয়ে অতিপাত খং আৰু হিংস্ৰ আচৰণ কৰি থাকে, তেনেহʼলে তেওঁক মণ্ডলীৰপৰা বহিষ্কাৰ কৰা যাব পাৰে।—গালাতীয়া ৫:১৯-২১.

ঈশ্বৰক উপাসনা কৰিবলৈ অসম্ভৱ হৈ পৰে। এজন সংগীয়ে হয়তো নিজৰ স্বামী বা স্ত্ৰীক সত্য উপাসনা কৰাত বাধা দিবলৈ বা যিহোৱা ঈশ্বৰৰ কোনো আজ্ঞা উলংঘন কৰিবলৈ হেঁচা দিব পাৰে। এনে পৰিস্থিতিত সহন কৰি থকা সংগীয়ে হয়তো নিৰ্ণয় কৰিবলগীয়া হʼব পাৰে যে তেওঁ মানুহতকৈ “ঈশ্বৰৰ আজ্ঞা মানি” আইনগতভাৱে নিজৰ সংগীৰপৰা পৃথক হোৱা উচিত নে অনুচিত।—পাঁচনিৰ কৰ্ম্ম ৫:২৯.

এনে যিকোনো বিষয়ত, যেতিয়া পৰিস্থিতি ভাল নহয়, তেতিয়া নিৰ্দোষী সংগীক পৃথকে থাকিবলৈ বা তেওঁৰ লগত একেলগে থাকিবলৈ হেঁচা দিয়া উচিত নহয়। আধ্যাত্মিকভাৱে পৰিপক্ক খ্ৰীষ্টান বা প্ৰাচীনসকলে হয়তো সহায় আৰু বাইবেলৰপৰা পৰামৰ্শ দিব পাৰে, কিন্তু স্বামী-স্ত্ৰীৰ মাজত কি ঘটিছে, তাৰ বিষয়ে তেওঁলোকৰ সম্পূৰ্ণ জ্ঞান নাথাকিবও পাৰে। কেৱল যিহোৱা ঈশ্বৰেহে সেইবোৰৰ বিষয়ে সম্পূৰ্ণ জানে। যদি এজন সংগীয়ে নিজৰ স্বামী বা স্ত্ৰীৰপৰা পৃথকে থাকিবলৈ ঘৰুৱা বিষয়বোৰ সজাই-পৰাই অতিৰঞ্জিতভাৱে তুলি ধৰে, তেনেহʼলে তেওঁ ঈশ্বৰ আৰু বিবাহৰ ব্যৱস্থাক অসন্মান কৰা হʼব। মনত ৰখা উচিত যে সত্যতা লুকুৱাবলৈ এজন ব্যক্তিয়ে যিমানেই চেষ্টা নকৰক কিয়, যিহোৱা ঈশ্বৰৰ দৃষ্টিত কোনো কথা লুকাই নাথাকে। সঁচা কথা কʼবলৈ গʼলে “যি জনাৰ আগত আমি হিচাব দিব লগা হওঁ, তেওঁৰ চকুৰ আগত সকলোৱেই উদং আৰু মুকলি।” (ইব্ৰী ৪:১৩) কিন্তু, যদি বহু সময়লৈকে এজন খ্ৰীষ্টানে এক বেয়া পৰিস্থিতিৰ মাজেৰে জীৱন অতিবাহিত কৰিছে আৰু তেওঁ পৃথকে থকাৰ বাবে নিৰ্ণয় লয়, তেনেহʼলে আনে তেওঁৰ বিষয়ে সমালোচনা নকৰক। অৱশেষত “আমাৰ প্ৰতিজনে ঈশ্বৰৰ আগত নিজৰ বিষয়ে হিচাব দিব।”—ৰোমীয়া ১৪:১০-১২.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক