ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • bm অংশ ১৩ পৃষ্ঠা ১৬
  • ভাল ৰজা আৰু বেয়া ৰজা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ভাল ৰজা আৰু বেয়া ৰজা
  • বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
  • মিল থকা বিষয়
  • আনক যিহোৱাৰ দৃষ্টিভঙ্গীৰে চাবলৈ চেষ্টা কৰক
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • যিহোৱাই যোনাৰ লগত ধৈৰ্যেৰে ব্যৱহাৰ কৰিলে
    বাইবেলৰ পৰা শিকোঁ আহা
  • যোনা আৰু এটা ডাঙৰ মাছ
    বাইবেলৰ কাহিনী
বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
bm অংশ ১৩ পৃষ্ঠা ১৬
ইসায়েলৰ এজন যুবা ৰজা

অধ্যায় ১৩

ভাল ৰজা আৰু বেয়া ৰজা

ইস্ৰায়েল দুটা ভাগত বিভক্ত হʼল। সময় অতিবাহিত হোৱাৰ লগে লগে বহুতো ৰজাই ইস্ৰায়েলীসকলৰ ওপৰত শাসন কৰিলে, কিন্তু ইয়াৰ বেছিভাগেই ঈশ্বৰৰ প্ৰতি বিশ্বাসী নাছিল। বাবিলীয়াসকলৰ দ্বাৰা যিৰূচালেম ধ্বংস হʼল

চলোমনে সত্য উপাসনা ত্যাগ কৰাৰ লগে লগে ইস্ৰায়েল বিভক্ত হʼল আৰু ইয়াৰ বিষয়ে যিহোৱাই আগতেই ভৱিষ্যতবাণী কৰিছিল। চলোমনৰ ঠাইত তেওঁৰ পুত্ৰ ৰহবিয়াম ৰজা হʼল, কিন্তু তেওঁ এজন নিষ্ঠুৰ শাসক আছিল। পৰিণামস্বৰূপে, ইস্ৰায়েলৰ দহ ফৈদে বিদ্ৰোহ কৰি ইস্ৰায়েলৰ উত্তৰ ৰাজ্য স্থাপন কৰিলে। বাকী থকা দুই ফৈদে যিৰূচালেমত দায়ূদৰ সিংহাসনত বহা ৰজাসকলৰ প্ৰতি বিশ্বাসী হৈ থাকিল আৰু তেওঁলোকে দক্ষিণফালত যিহূদা ৰাজ্য স্থাপন কৰিলে।

দুয়োখন ৰাজ্যৰ মাজত কিন্তু স্থিৰতা নাছিল আৰু তেওঁলোকৰ মাজত বহুতো সমস্যা আছিল। ইয়াৰ প্ৰকৃত কাৰণ কি বাৰু? দুয়ো ৰাজ্যৰ বেছিভাগ ৰজাই অবিশ্বাসী আৰু ঈশ্বৰৰ আজ্ঞা নামানিছিল। উত্তৰত থকা ৰাজ্য, ইস্ৰায়েলৰ অৱস্থা যিহূদাতকৈও বেয়া আছিল। কিয়নো ইয়াৰ ৰজাবিলাকে আৰম্ভণিৰ পৰাই মিছা উপাসনাক সমৰ্থন কৰিছিল। সেই সময়ত ইস্ৰায়েলত এলিয়া আৰু ইলীচা ভৱিষ্যতবক্তাই বহুতো আচৰিত কৰ্ম্ম কৰিছিল। তেওঁলোকে আনকি মৃত লোকসকলকো জীৱিত কৰি তুলিছিল, কিন্তু তেতিয়াও ইস্ৰায়েলে তেওঁলোকৰ ঘৃণনীয় কামবোৰ ত্যাগ নকৰিলে। শেষত যিহোৱা ঈশ্বৰে অৰামীয়াসকলৰ দ্বাৰা উত্তৰত থকা ৰাজ্য, ইস্ৰায়েলক ধ্বংস কৰিবলৈ অনুমতি দিলে।

ইস্ৰায়েলৰ ধ্বংসৰ পাছত, দক্ষিণৰ যিহূদা ৰাজ্য মাত্ৰ অলপ সময়ৰ বাবেহে টিকি আছিল, কিন্তু এই ৰাজ্যও ঈশ্বৰৰপৰা শাস্তি ভোগ কৰিবলগীয়া হয়। যিহূদা ৰাজ্যৰ মাত্ৰ কেইজনমান ৰজাহে ঈশ্বৰৰ ভৱিষ্যতবক্তাসকলৰ সাৱধানবাণীলৈ ধ্যান দিছিল আৰু তেওঁলোকে লোকসকলক যিহোৱাৰ নিৰ্দ্দেশনা অনুসৰি চলিবলৈ সহায় কৰিছিল। উদাহৰণস্বৰূপে, ৰজা যোচিয়ালৈ লক্ষ্য কৰক। তেওঁ যিহূদা ৰাজ্যক মিছা উপাসনাৰপৰা মুক্ত কৰিবলৈ ধৰিলে আৰু যিহোৱাৰ উপাসনা গৃহ পুনৰস্থাপন কৰিলে। যেতিয়া মোচিয়ে লিখা ঈশ্বৰৰ নিয়মৰ মূল লিখনিখন ৰজা যোচিয়াই আৱিষ্কাৰ কৰিলে, তেওঁ সত্য উপাসনাৰ পুনৰস্থাপন কৰা অভিযানক প্ৰবল কৰি তুলিলে।

কিন্তু দুখৰ বিষয় যে যোচিয়াৰ উত্তৰাধিকাৰীসকলে তেওঁৰ দৰে কৰিব নোৱাৰিলে। ইয়াৰ বাবে বাবিলৰ দ্বাৰা, যিহূদা তথা যিৰূচালেম আৰু ইয়াৰ উপাসনা গৃহক ধ্বংস কৰিবলৈ যিহোৱাই অনুমতি দিলে। এই আক্ৰমণত ৰক্ষা পোৱা লোকসকলক বাবিলীয়াসকলে নিজৰ দেশলৈ বন্দী কৰি লৈ গʼল। ঈশ্বৰে ভৱিষ্যতবাণী কৰিছিল যে বন্দী কৰা লোকসকলে ৭০ বছৰ বাবিলত থাকিব। ভৱিষ্যতবাণীৰ অনুসৰি, বন্দী লোকসকলক নিজৰ দেশলৈ আহিবলৈ আদেশ নিদিয়ালৈকে, যিহূদা দেশ নিৰ্জন হৈ থাকিব।

কিন্তু মন কৰিবলগীয়া কথা যে প্ৰতিজ্ঞা কৰা মচীহ বা উদ্ধাৰকৰ্ত্তা নহালৈকে দায়ূদৰ বংশৰ কোনো ৰজাই আৰু শাসন নকৰিব। যিৰূচালেমৰপৰা শাসন কৰা দায়ূদৰ বংশৰ ৰজাসকলে এটা কথাই প্ৰমাণ কৰিলে যে কোনো অসিদ্ধ লোকে শাসন কৰাৰ যোগ্য নহয়। মাত্ৰ মচীহেই হৈছে, শাসন কৰাৰ যোগ্য। মচীহৰ বিষয়ে যিহোৱাই এইদৰে উল্লেখ কৰিছে: “যাকোবৰ বংশৰ ওপৰত তেওঁ সৰ্ব্বদায় ৰাজত্ব কৰিব; তেওঁৰ ৰাজ্যৰ অন্ত কেতিয়াও নহব।”—লূক ১:৩৩.

—এই অংশ ১ ৰাজাৱলি; ২ ৰাজাৱলি; ২ বংশাৱলি ১০ পৰা ৩৬ অধ্যায়; যিৰিমিয়া ২৫:৮-১১ পদৰ আধাৰত।

  • ইস্ৰায়েল কিয় বিভক্ত হৈছিল, আৰু এই দুই ৰাজ্যৰ কি হʼল?

  • দায়ূদৰ বংশৰপৰা হোৱা ৰজাসকলৰ কি হৈছিল আৰু কিয়?

  • যোনাৰ কাহিনীৰপৰা যিহোৱাৰ বিষয়ে আমি কি শিকিব পাৰোঁ? (বক্সত চাওক।)

যোনা

ইস্ৰায়েলৰ সীমা বিভক্ত হোৱাৰ সময়ছোৱাত, যিহোৱাই যোনা নামৰ ভৱিষ্যতবক্তা এজনক এক গুৰুত্বপূৰ্ণ দায়িত্ব দিছিল। হিংসাৰে পূৰ হৈ থকা নীনবি নামৰ নগৰখনত এক সতৰ্কবাণী ঘোষণা কৰিবলৈ যিহোৱা ঈশ্বৰে যোনাক কৈছিল। কিন্তু যোনাই নীনবিলৈ যোৱাৰ পৰিৱৰ্তে, বিপৰীত দিশলৈ গৈ থকা এখন জাহাজত উঠিল। যোনাই এনে কৰাৰ বাবে যিহোৱাই এক আচৰিত কাৰ্য্য কৰিলে। যোনাক গিলিবলৈ ঈশ্বৰে এটা ডাঙৰ মাছ পঠিয়ালে। মাছৰ পেটত যোনাই যিহোৱালৈ ক্ষমা বিচাৰি প্ৰাৰ্থনা কৰিলে। ঈশ্বৰে যোনাৰ এই প্ৰাৰ্থনা শুনিলে আৰু মাছটোৱে যোনাক শুকান মাটিত উকুলিয়াই দিলে। তাৰ পাছত, যোনাই যিহোৱাৰ আজ্ঞা অনুসৰি, নীনবিলৈ গৈ সতৰ্কবাণী ঘোষণা কৰিলে।

যিহোৱা ঈশ্বৰে আজ্ঞা পালনৰ বিষয়ে এই শিক্ষা দিয়াৰ পাছত, যোনাই আৰু এক সমস্যাৰ সন্মুখীন হʼল। ঈশ্বৰৰ আজ্ঞা অনুসৰি যোনাই নীনবিৰ লোকসকলক সতৰ্কবাণী ঘোষণা কৰিলে। কিন্তু যিহোৱা ঈশ্বৰে যেতিয়া অনুতাপ কৰা নীনবিৰ লোকসকলক ধ্বংস কৰাৰ পৰিৱৰ্তে সহানুভূতি দেখুৱালে, তেতিয়া যোনাই অতিশয় ক্ৰোধিত হʼল। যিহোৱাই, যোনাক সহানুভূতি দেখুৱাৰ বিষয়ে শিক্ষা দিবলৈ কেনেকৈ আন এক আচৰিত কাৰ্য্য কৰিলে, তাৰ বিষয়ে জানিবলৈ বাইবেলত লিপিবদ্ধ যোনা নামৰ কিতাপখন পঢ়ক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক