ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • bm অংশ ১৫ পৃষ্ঠা ১৮
  • বন্দী অৱস্থাত থকা এজন ভৱিষ্যতবক্তাৰ দৰ্শন

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বন্দী অৱস্থাত থকা এজন ভৱিষ্যতবক্তাৰ দৰ্শন
  • বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
bm অংশ ১৫ পৃষ্ঠা ১৮
ৰজা নবূখদ্‌নেচৰে সপোনত দেখা মূৰ্ত্তি

অধ্যায় ১৫

বন্দী অৱস্থাত থকা এজন ভৱিষ্যতবক্তাৰ দৰ্শন

দানিয়েল ভৱিষ্যতবক্তাই ঈশ্বৰৰ ৰাজ্য আৰু মচীহৰ আগমনৰ বিষয়ে ভৱিষ্যতবাণী কৰে। বাবিলৰ ধ্বংস হয়

দানিয়েল এক নিষ্ঠাৱান যুৱক আছিল। বাবিলীয়াসকলে যিৰূচালেমক ধ্বংস কৰাৰ আগতে, দানিয়েলক বাবিললৈ বন্দী কৰি লৈ যোৱা হʼল। বাবিলীয়াসকলে যিহূদা নগৰখনকো জয় কৰিছিল আৰু তাৰ কিছুমান লোকক বন্দী কৰি বাবিললৈ লৈ গৈছিল। বন্দী অৱস্থাত দানিয়েল আৰু কেইজনমান যিহূদীক কিছু পৰিমাণে স্বতন্ত্ৰতা দিয়া হৈছিল। দানিয়েলে নিজৰ জীৱনৰ বেছিভাগ সময় বাবিলত কটাইছিল। সেই সময়ছোৱাত যিহোৱা ঈশ্বৰে তেওঁক আশীৰ্ব্বাদ কৰিছিল, আনকি তেওঁক এবাৰ সিংহৰ গাঁতৰপৰাও ৰক্ষা কৰিছিল। ইয়াৰ উপৰিও যিহোৱাই তেওঁক ভৱিষ্যতৰ বিষয়ে এক দৰ্শন দিছিল। দানিয়েলে কৰা ভৱিষ্যতবাণীবোৰৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ ভৱিষ্যতবাণী হৈছে, অভিষিক্ত জনা অৰ্থাৎ মচীহ আৰু তেওঁৰ শাসনৰ বিষয়ে বৰ্ণনা।

দানিয়েলক মচীহৰ আগমনৰ বিষয়ে জনোৱা হৈছিল। ঈশ্বৰৰ লোকসকলে কেতিয়া মচীহৰ আগমনৰ আশা কৰিব পাৰে, তাৰ বিষয়ে দানিয়েলক ঈশ্বৰে জনাইছিল। সেইয়া আছিল যিৰূচালেমৰ পুনৰস্থাপন আৰু পুনৰ নিৰ্ম্মাণৰ আজ্ঞা দিয়াৰ সময়ৰপৰা আৰম্ভ কৰি ৬৯ সপ্তাহৰ অন্তত। ইয়াত উল্লেখ কৰা “সপ্তাহ” সাত দিনীয়া সপ্তাহ নহয়, কিন্তু সাত বছৰৰ সপ্তাহে মাত্ৰ। গতিকে ৬৯ সপ্তাহৰ অৰ্থ হৈছে ৬৯ পূৰণ ৭, অৰ্থাৎ ৪৮৩ বছৰ। যিৰূচালেমক পুনৰস্থাপন আৰু পুনৰ নিৰ্ম্মাণৰ আজ্ঞা খ্ৰীষ্টপূৰ্ব ৪৫৫-ত দিয়া হৈছিল। এই বছৰৰ অৰ্থাৎ ৪৫৫-ৰ পৰা যদি আমি ৪৮৩ বছৰ গণনা কৰোঁ তেনেহʼলে ২৯ খ্ৰীষ্টাব্দ হয়। এই ব্ৰচাৰখনৰ পৰৱৰ্তী অধ্যায়ত আমি শিকিবলৈ পাম যে ২৯ খ্ৰীষ্টাব্দত কি ঘটিছিল। দানিয়েলে ইয়াকো দৰ্শন পাইছিল যে পাপ মোচনৰ বাবে মচীহক “উচ্ছন্ন কৰা” হʼব।—দানিয়েল ৯:২৪-২৬.

মচীহক স্বৰ্গত ৰজা হিচাবে নিযুক্ত কৰা হʼব। দানিয়েলে স্বৰ্গৰ এক অদ্ভুত দৰ্শন পায়। দানিয়েলে সেই দৰ্শনত মচীহক ‘মানুহৰ পুত্ৰৰ নিচিনা এজনক’ যিহোৱাৰ সিংহাসনৰ ওচৰত উপস্থিত হোৱা দেখিলে। যিহোৱা ঈশ্বৰে তেওঁক “ৰাজশাসন, মহিমা, আৰু ৰাজ্যভাৰ” দিলে। এই ৰাজ্যখন চিৰস্থায়ী হʼব। এই স্বৰ্গীয় ৰাজ্যৰ বিষয়ে দানিয়েলে আৰু এক ৰোমাঞ্চকৰ তথ্য শিকিবলৈ পায়। এই ৰজাজনে অকলে ৰাজত্ব নকৰিব। তেওঁৰ লগত আন লোকসকলেও শাসন কৰিব আৰু তেওঁলোকক “সৰ্ব্বোপৰিজনাৰ পবিত্ৰ প্ৰজাবিলাক” বুলি কোৱা হৈছে।—দানিয়েল ৭:১৩, ১৪, ২৭.

এই ৰাজ্যই পৃথিৱীৰ চৰকাৰবোৰক ধ্বংস কৰিব। বাবিলৰ ৰজা নবূখদ্‌নেচৰে এক আশ্চৰ্য্যজনক সপোন দেখা পাইছিল। সেই সপোনৰ ফলিতা ৰজাক বুজাবলৈ ঈশ্বৰে দানিয়েলক ক্ষমতা দিলে। সপোনত ৰজাই এটা বৃহৎ মূৰ্ত্তি দেখিছিল। মূৰ্ত্তিটোৰ মূৰ শুদ্ধ সোণৰ, বুকু আৰু বাহু ৰূপৰ, পেট আৰু কৰঙন পিতলৰ, ভৰি লোহাৰ আৰু ভৰিৰ পতা কিছু লোহা আৰু কিছু মাটিৰ আছিল। এটা শিল বিনাহাতে কাটি উলিওৱা হʼল, আৰু সেই শিলে মূৰ্ত্তিটোৰ ভৰিৰ লোহা আৰু মাটিৰ পতা দুখনত খুন্দা মাৰি তাক গুড়ি কৰিলে। দানিয়েলে বৰ্ণনা কৰিছিল যে মূৰ্ত্তিটোৰ বিভিন্ন অংশই একাদিক্ৰমে অহা বিশ্বশক্তিবোৰক চিত্ৰিত কৰে। সোণৰ মূৰক চিত্ৰিত কৰা বাবিল সাম্ৰাজ্যৰপৰা আৰম্ভ কৰি বেলেগ বেলেগ বিশ্বশক্তি আহিবলগীয়া আছিল। দানিয়েলে দৰ্শনত দেখিলে যে শেষৰ বিশ্বশক্তিয়ে শাসন কৰি থকা সময়ছোৱাত, ঈশ্বৰৰ ৰাজ্যই পৃথিৱীৰ সকলো চৰকাৰবোৰক সম্পূৰ্ণৰূপে ধ্বংস কৰিব। অৱশেষত, ঈশ্বৰৰ ৰাজ্যই চিৰকাললৈকে শাসন কৰিব।—দানিয়েল ২ অধ্যায়।

দানিয়েলে বৃদ্ধ অৱস্থাত বাবিল মহানগৰৰ ধ্বংস হোৱা দেখিছিল। ভৱিষ্যতবক্তাই আগতে ভৱিষ্যতবাণী কৰাৰ দৰে, কোৰচ ৰজাই বাবিলৰ ওপৰত জয়লাভ কৰে। তাৰ অলপ পাছতে ইস্ৰায়েলীসকলক বন্দী অৱস্থাৰপৰা মুক্ত কৰি নিজ দেশলৈ যোৱাৰ অনুমতি দিলে আৰু সেইয়া আছিল ভৱিষ্যতবাণীৰ অনুসৰি ৭০ বছৰ পূৰ হোৱাৰ সঠিক সময়। দেশাধ্যক্ষ, পুৰোহিত আৰু ভৱিষ্যতবক্তাসকলৰ অধীনত ইস্ৰায়েলীসকলে যিৰূচালেমক পুনৰ নিৰ্ম্মাণ কৰি যিহোৱাৰ উপাসনা গৃহক পুনৰস্থাপন কৰে। কিন্তু ৪৮৩ বছৰ শেষ হোৱাত কি হʼবলগীয়া আছিল?

—এই অংশ দানিয়েল কিতাপৰ আধাৰত।

  • মচীহ আৰু ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে দানিয়েলে কি জানিব পাৰিলে?

  • ঈশ্বৰৰ ৰাজ্যই এই পৃথিৱীৰ চৰকাৰবোৰক কি কৰিব?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক