পাঠ ১২
আমাৰ ঘোষণা কৰা কাৰ্য্য কেনেকৈ কৰা হয়?
স্পেইন
বেলাৰাছ
হংকং
পেৰু
মৃত্যুৰ আগমুহূৰ্ত্তত যীচুয়ে এইদৰে কৈছিল: “সকলো জাতিলৈ সাক্ষ্য হবলৈ, ৰাজ্যৰ এই শুভবাৰ্ত্তা গোটেই জগততে ঘোষণা কৰা হব; তেতিয়াহে শেষ হব।” (মথি ২৪:১৪) কিন্তু গোটেই পৃথিৱীজুৰি এই ঘোষণা কাৰ্য্য কেনেকৈ কৰা হʼব? যীচু খ্ৰীষ্টই দেখুৱাই যোৱা উদাহৰণৰ দ্বাৰা আমি এই কাৰ্য্য সম্পন্ন কৰিব পাৰিম।—লূক ৮:১.
ঘৰে ঘৰে আমি লোকসকলক সাক্ষাৎ কৰোঁ। যীচু খ্ৰীষ্টই তেওঁৰ শিষ্যসকলক ঘৰে ঘৰে গৈ ঘোষণা কৰা কাৰ্য্য কৰিবলৈ প্ৰশিক্ষণ দিছিল। (মথি ১০:১১-১৩; পাঁচনিৰ কৰ্ম্ম ৫:৪২; ২০:২০) প্ৰথম শতিকাৰ শিষ্যসকলক ঘোষণা কৰিবলৈ কিছুমান বিশেষ ঠাই নিৰ্দ্ধাৰণ কৰি দিয়া হৈছিল। (মথি ১০:৫, ৬; ২ কৰিন্থীয়া ১০:১৩) ঠিক সেইদৰে, বৰ্তমান সময়ত ঘোষণা কৰা কাৰ্য্য ভালদৰে সংগঠিত কৰা হয়। ঘোষণা কৰা কাৰ্য্য সম্পন্ন কৰিবলৈ প্ৰতিটো মণ্ডলীকে কিছুমান ঠাই নিৰ্দ্ধাৰণ কৰি দিয়া হয়। এইদৰে আমি যীচুৰ এই আজ্ঞাক সম্পন্ন কৰিবলৈ সক্ষম হৈছোঁ, ‘জনসাধাৰণৰ আগত ঘোষণা কৰা আৰু সাক্ষ্য দিয়া।’—পাঁচনিৰ কৰ্ম্ম ১০:৪২.
যʼতেই লোকসকলক পোৱা যায়, তাতেই আমি লগ ধৰোঁ। ঘৰে ঘৰে ঘোষণা কৰাৰ উপৰিও যীচুয়ে ৰাস্তা-ঘাটে, সাগৰৰ পাৰত বা নাদৰ কাষত লোকসকলক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে জনাইছিল। (মাৰ্ক ৪:১; যোহন ৪:৫-১৫) ঠিক সেইদৰে, আমিও ৰাস্তা-ঘাটে, বজাৰত, পাৰ্কত বা ফোনৰ যোগেদি লোকসকলক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰোঁ। সুযোগ অনুসৰি আমি আমাৰ ওচৰ-চুবুৰীয়া, সহকৰ্মী, সহপাঠী আৰু সম্পৰ্কীয় লোকসকলক এই খবৰ জনাওঁ। এইদৰে কৰা প্ৰচেষ্টাৰ যোগেদি গোটেই পৃথিৱীজুৰি লাখ লাখ লোকে, ‘পৰিত্ৰাণৰ’ খবৰ শুনিবলৈ সক্ষম হৈছে।—গীতমালা ৯৬:২.
ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা আৰু এই ৰাজ্যই আমাৰ বাবে কি কৰিব, তাৰ বিষয়ে আপোনাৰ পৰিয়াল বা সম্পৰ্কীয় লোকসকলক আপুনি কোৱাৰ বিষয়ে চিন্তা কৰিছেনে? এই খবৰ কেৱল নিজৰ লগতে নাৰাখি, যিমান সোনকালে সম্ভৱ তেওঁলোকক জনাওঁক।
কি শুভবাৰ্ত্তা ঘোষণা কৰা উচিত?
ঘোষণা কৰাৰ বিষয়ে যিহোৱাৰ সাক্ষীসকলে যীচুক কি দৰে অনুকৰণ কৰিছে?