ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • fg পাঠ ৫ প্ৰশ্নবোৰ ১-৫
  • পৃথিৱীৰ বাবে ঈশ্বৰৰ উদ্দেশ্য কি?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৃথিৱীৰ বাবে ঈশ্বৰৰ উদ্দেশ্য কি?
  • ঈশ্বৰৰপৰা এটা ভাল খবৰ!
  • মিল থকা বিষয়
  • এই পৃথিবীৰ বাবে ঈশ্বৰৰ উদ্দেৰ্শ্য কি?
    ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
  • আপোনাৰ ভৱিষ্যত সুখী হব পাৰে!
    জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়
ঈশ্বৰৰপৰা এটা ভাল খবৰ!
fg পাঠ ৫ প্ৰশ্নবোৰ ১-৫

পাঠ ৫

পৃথিৱীৰ বাবে ঈশ্বৰৰ উদ্দেশ্য কি?

১. ঈশ্বৰে এই পৃথিৱীখনক সৃষ্টি কৰাৰ উদ্দেশ্য কি?

এদন বাগিছাত আদম আৰু হৱা। পিচলৈ তেওঁলোকক বাগিছাৰ পৰা বাহিৰ কৰা হৈছ

ঈশ্বৰে আদম আৰু হৱাক সৃষ্টি কৰি এই পৃথিৱীখনত থাকিবলৈ দিছিল। পৃথিৱীখন হৈছে আমাৰ ঘৰ। সেইবাবে আমি কʼব পাৰোঁ যে আদম আৰু হৱাক ঈশ্বৰে স্বৰ্গত বাস কৰিবলৈ সৃষ্টি কৰা নাছিল। স্বৰ্গত থাকিবলৈ ঈশ্বৰে স্বৰ্গদূতসকলকহে সৃষ্টি কৰিছিল। (ইয়োব ৩৮:৪, ৭) তাৰ পৰিৱৰ্ত্তে, ঈশ্বৰে প্ৰথম মানুহ আদমক এক সুন্দৰ প্ৰমোদবনত থাকিবলৈ দিছিল। সেই প্ৰমোদবনখনৰ নাম হৈছে এদন। (আদিপুস্তক ২:১৫-১৭) যিহোৱা ঈশ্বৰে আদম আৰু তেওঁৰ সতি-সন্ততিসকলক, এই পৃথিৱীত অনন্ত জীৱন জীয়াই থাকিবলৈ সৃষ্টি কৰিছিল।—গীতমালা ৩৭:২৯; ১১৫:১৬ পঢ়ক।

আৰম্ভণিতে কেৱল এদন বাগিচাখনহে প্ৰমোদবন আছিল। গোটেই পৃথিৱীখন নিজৰ সতি-সন্ততিৰে পূৰ কৰাৰ দায়িত্ব আদম আৰু হৱাৰ আছিল। লাহে লাহে গোটেই পৃথিৱীখন প্ৰমোদবনলৈ ৰূপান্তৰ কৰাৰ দায়িত্ব তেওঁলোকৰ আছিল। (আদিপুস্তক ১:২৮) পৃথিৱীখনক কেতিয়াও ধ্বংস কৰা নহʼব। ই সদায় মানৱজাতিয়ে থকাৰ উপযোগী হৈ থাকিব।—গীতমালা ১০৪:৫ পঢ়ক।

২. আজি পৃথিৱীখনত প্ৰমোদবন কিয় নাই?

আদম আৰু হৱাই ঈশ্বৰৰ বাক্য অমান্য কৰাৰ বাবে তেওঁলোকক এদন বাগিচাৰপৰা বাহিৰ কৰি দিয়া হʼল। তেওঁলোকে প্ৰমোদবনত থকাৰ সুযোগ হেৰুৱালে। প্ৰমোদবনক পুনৰস্থাপন কৰিবলৈ কোনো মানুহে সফল হʼব পৰা নাই। বাইবেলে বৰ্ণনা কৰিছে যে এই পৃথিৱীখনক “দুৰ্জনৰ হাতত শোধাই দিয়া” হʼল।—ইয়োব ৯:২৪.—আদিপুস্তক ৩:২৩, ২৪ পঢ়ক।

নতুন পৃথিৱীত লোকসকলে ঘৰ নিৰ্মাণ কৰিছ

মানৱজাতিৰ বাবে যিহোৱা ঈশ্বৰৰ যি উদ্দেশ্য আছিল, তেওঁ তাক পৰিৱৰ্ত্তন কৰিলে নেকি? নিশ্চয় কৰা নাই! আমি জানো যে তেওঁ হৈছে সৰ্ব্বশক্তিমান ঈশ্বৰ আৰু তেওঁ কেতিয়াও ব্যৰ্থ নহয়। (যিচয়া ৪৫:১৮) অতি সোনকালে ঈশ্বৰে মানৱজাতিৰ বাবে নিজৰ উদ্দেশ্য পূৰ কৰিব।—গীতমালা ৩৭:১১, ৩৪ পঢ়ক।

৩. প্ৰমোদবন কেনেকৈ পুনৰস্থাপন কৰা হʼব?

ঈশ্বৰৰ ৰাজ্যৰ ৰজা হিচাপে যীচুয়ে শাসন কৰাৰ সময়ত প্ৰমোদবন পুনৰস্থাপন কৰা হʼব। আহিবলগীয়া হৰমাগিদোন বা ঈশ্বৰৰ বিচাৰৰ দিনত, যীচুয়ে স্বৰ্গদূতসকলৰ সহায়ত সকলো দুষ্টলোকক বিনাশ কৰিব। ইয়াৰ পাছত যীচুয়ে ১,০০০ বছৰৰ বাবে চয়তানক বন্দী কৰিব। এই বিচাৰৰ দিনত ঈশ্বৰৰ লোকসকল ৰক্ষা পৰিব। কেনেকৈ বাৰু? যীচু খ্ৰীষ্টই তেওঁলোকক পথ-প্ৰৰ্দশন কৰিব আৰু সুৰক্ষা দিব। এই লোকসকলে প্ৰমোদবনত অনন্তকাল জীয়াই থাকিব।—প্ৰকাশিত বাক্য ২০:১-৩; ২১:৩, ৪ পঢ়ক।

৪. দুখ-কষ্টৰ কেতিয়া অন্ত পৰিব?

দুষ্ট লোকসকলক ঈশ্বৰে কেতিয়া বিনাশ কৰিব? এই জগতৰ বিনাশৰ বিষয়ে যীচুয়ে এটা “চিন” দিছে। বৰ্তমান সময়ত ঘটি থকা ঘটনাবোৰে মানৱ জীৱনক বিপদাপন্ন কৰি তুলিছে আৰু ইয়ে প্ৰমাণ কৰে যে আমি “এই জগতৰ” বিনাশৰ একেবাৰে ওচৰত আছোঁ।—মথি ২৪:৩, ৭-১৪, ২১, ২২ পঢ়ক।

যেতিয়া যীচুয়ে স্বৰ্গৰপৰা ১,০০০ বছৰৰ বাবে শাসন কৰিব, তেতিয়া তেওঁ সকলো দুখ-কষ্টৰ অন্ত কৰিব। (যিচয়া ৯:৬, ৭; ১১:৯) এজন ৰজা আৰু মহাপুৰোহিত হিচাপে যীচুয়ে নম্ৰ লোকসকলৰ পাপ ক্ষমা কৰিব। ঈশ্বৰে যীচুৰ সহায়ত বেমাৰ-আজাৰ, বৃদ্ধ অৱস্থা আৰু মৃত্যু নাইকিয়া কৰিব।—যিচয়া ২৫:৮; ৩৩:২৪ পঢ়ক।

৫. হʼবলগীয়া প্ৰমোদবনত কোনে থাকিব?

ৰাজ্যগৃহত লোকসকলে শিকিছ

ৰাজ্যগৃহত আপুনি ঈশ্বৰক ভালপোৱা আৰু তেওঁক কেনেকৈ প্ৰশংসা কৰিব পাৰি, তাৰ বিষয়ে শিকিবলৈ অহা লোকসকলক পাব

ঈশ্বৰৰ আজ্ঞা পালন কৰা লোকসকলে প্ৰমোদবনত থাকিব। (১ যোহন ২:১৭) নম্ৰ লোকসকলক বিচাৰি, তেওঁলোকক ঈশ্বৰৰ গ্ৰহণীয় হোৱাৰ বাবে শিক্ষা দিবলৈ যীচুয়ে শিষ্যসকলক পঠাইছিল। বৰ্তমান সময়ত যিহোৱা ঈশ্বৰে লাখ লাখ লোকক আহিবলগীয়া প্ৰমোদবনত থাকিবলৈ প্ৰস্তুত কৰিছে। (চফনিয়া ২:৩) এজন ভাল পতি-পত্নী বা পিতৃ-মাতৃ কেনেকৈ হʼব পাৰি, তাৰ বিষয়ে যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহত অৰ্থাৎ তেওঁলোকৰ সভাত শিক্ষা দিয়া হয়। পিতৃ-মাতৃ আৰু লʼৰা-ছোৱালীয়ে একেলগে যিহোৱা ঈশ্বৰক উপাসনা কৰে আৰু এক উদ্দেশ্যপূৰ্ণ জীৱন কেনেকৈ লাভ কৰিব পাৰে তাৰ বিষয়ে শিকে।—মীখা ৪:১-৪ পঢ়ক।

ইয়াৰ বিষয়ে অধিক জানিবলৈ, বাইবেলে প্ৰকৃততে কি শিকায়? কিতাপৰ ৩ অধ্যায়ত চাওক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক