ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • fg পাঠ ৮ প্ৰশ্নবোৰ ১-৫
  • ঈশ্বৰে দুখ-কষ্ট আৰু বেয়া কাৰ্য্যবোৰ হʼবলৈ কিয় অনুমতি দিছে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰে দুখ-কষ্ট আৰু বেয়া কাৰ্য্যবোৰ হʼবলৈ কিয় অনুমতি দিছে?
  • ঈশ্বৰৰপৰা এটা ভাল খবৰ!
  • মিল থকা বিষয়
  • পৃথিৱীত ইমান দুখ-কষ্ট কিয় হৈছে?
    বাইবেলে আমাক কি শিকায়?
  • পৃথিৱীত ইমান দুষ্টতা আৰু দুখ-কষ্ট কিয় হৈ আছে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • ঈশ্বৰে দুখ-কষ্টক কিয় অনুমতি দিছে?
    জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়
  • পৃথিৱীৰ বাবে ঈশ্বৰৰ উদ্দেশ্য কি?
    বাইবেলে প্ৰকৃততে কি শিকায়?
আৰু চাওক
ঈশ্বৰৰপৰা এটা ভাল খবৰ!
fg পাঠ ৮ প্ৰশ্নবোৰ ১-৫

পাঠ ৮

ঈশ্বৰে দুখ-কষ্ট আৰু বেয়া কাৰ্য্যবোৰ হʼবলৈ কিয় অনুমতি দিছে?

১. বেয়া কাৰ্য্যবোৰ কেনেকৈ আৰম্ভ হʼল?

১. আদমে ঈশ্বৰে নিষেধ কৰা ফলটালৈ চাইছ; ২. বিভিন্ন শাসকসকল; ৩. যুদ্ধৰ দৃশ্য

মানৱজাতিৰ সমস্যাবোৰ যে তেওঁলোকে সমাধান কৰিব নোৱাৰে, তাৰ প্ৰমাণ কৰিবলৈ যিহোৱা ঈশ্বৰে মানুহক শাসন কৰিবলৈ যথেষ্ট সময় দিছে

চয়তানে প্ৰথম বাৰৰ বাবে মিছা কথা কোৱা সময়ৰপৰা এই পৃথিৱীত বেয়া কাৰ্য্যবোৰ আৰম্ভ হʼল। আৰম্ভণিতে, চয়তান এটা ভাল স্বৰ্গদূত আছিল, কিন্তু ‘সি সত্যত নাথাকিল।’ (যোহন ৮:৪৪) যি উপাসনা কেৱল যিহোৱা ঈশ্বৰেহে পোৱাৰ যোগ্য, সেই উপাসনা চয়তানে নিজে পোৱাৰ অভিলাষ কৰিছিল। চয়তানে প্ৰথম তিৰোতা হৱাক ঈশ্বৰৰ বিৰুদ্ধে কাৰ্য্য কৰিবলৈ প্ৰলোভিত কৰিছিল আৰু হৱাই চয়তানৰ কথাত পতিয়ন গৈছিল। আদমেও হৱাৰ দৰে ঈশ্বৰৰ আজ্ঞা উলংঘন কৰিছিল। গতিকে, আদমৰ ভুলৰ বাবে সকলো মানুহে দুখ-কষ্ট আৰু মৃত্যুৰ সন্মুখীন হৈছে।—আদিপুস্তক ৩:১-৬, ১৯ পঢ়ক।

যেতিয়া চয়তানে হৱাক ঈশ্বৰৰ আজ্ঞা উলংঘন কৰিবলৈ ফুচলাইছিল, তেতিয়া প্ৰকৃততে সি ঈশ্বৰৰ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ আৰম্ভ কৰিছিল। ঈশ্বৰক নিজৰ শাসক হিচাপে স্বীকাৰ নকৰি, বেছিভাগ লোকে চয়তানৰ পক্ষ লৈছে। ইয়াৰ দ্বাৰা চয়তান এই “জগতৰ অধিপতি” হৈ পৰিল।—যোহন ১৪:৩০; ১ যোহন ৫:১৯ পঢ়ক।

২. ঈশ্বৰৰ সৃষ্টিত খুঁত আছিল নেকি?

ঈশ্বৰৰ সকলো সৃষ্টিয়েই সিদ্ধ, ইয়াত কোনো খুঁত নাই। স্বৰ্গদূত আৰু মানুহক ঈশ্বৰে তেওঁৰ আজ্ঞা পালন কৰিব পৰা সামৰ্থৰে সৃষ্টি কৰিছিল। (দ্বিতীয় বিবৰণ ৩২:৪, ৫) ভাল আৰু বেয়াৰ নিৰ্ণয় কৰিবপৰা স্বতন্ত্ৰৰ ইচ্ছা দি আমাক ঈশ্বৰে সৃষ্টি কৰিছে। সেই স্বাধীনতাই আমাক ঈশ্বৰৰ প্ৰতি আমাৰ প্ৰেম দেখুৱাবলৈ সুযোগ দিয়ে।—যাকোব ১:১৩-১৫; ১ যোহন ৫:৩ পঢ়ক।

৩. ঈশ্বৰে কিয় দুখ-কষ্টবোৰৰ অনুমতি দিছে?

যিহোৱা ঈশ্বৰে তেওঁৰ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰা চয়তানক এক সীমিত সময়ৰ বাবে অনুমিত দিছে। কিন্তু ইয়াৰ কাৰণ কি বাৰু? ইয়াৰ কাৰণ হৈছে যে ঈশ্বৰৰ অবিহনে শাসন কৰিলে মানুহৰ কোনো উপকাৰ নহয়। (উপদেশক ৭:২৯; ৮:৯) প্ৰায় ৬,০০০ বছৰ ধৰি মানৱে কৰা শাসনে ইয়াকে প্ৰমাণ কৰিছে। মানৱ শাসনে যুদ্ধ, অপৰাধ, অন্যায় আৰু বেমাৰ-আজাৰ আদি দূৰ কৰিবলৈ ব্যৰ্থ হৈছে।—যিৰিমিয়া ১০:২৩; ৰোমীয়া ৯:১৭ পঢ়ক।

মানৱ শাসনৰ পৰিৱৰ্ত্তে ঈশ্বৰৰ শাসনৰ অধীনত থাকিলে উপকাৰ হʼব। (যিচয়া ৪৮:১৭, ১৮) অতি সোনকালে যিহোৱা ঈশ্বৰে সকলো মানৱ চৰকাৰক ধ্বংস কৰিব। কেৱল ঈশ্বৰৰ ব্যৱস্থাবোৰ পালন কৰা লোকসকলেহে এই পৃথিৱীত থাকিবলৈ সুযোগ পাব।—যিচয়া ১১:৯.–দানিয়েল ২:৪৪ পঢ়ক।

৪. ঈশ্বৰে ধৰ্য্য দেখুৱাৰ বাবে আমাৰ কি সুযোগ আছে?

চয়তানে দাবী কৰিছে যে নিজৰ স্বাৰ্থৰ বাবেহে মানুহে যিহোৱা ঈশ্বৰক উপাসনা কৰে। চয়তানৰ এই দাবীক আপুনি মিছা বুলি প্ৰমাণ কৰিব পাৰিবনে? নিশ্চয় পাৰিব! আমি ঈশ্বৰৰ শাসনক ভাল পাওঁ নে মানৱৰ শাসনক ভাল পাওঁ, ইয়াৰ প্ৰমাণ কৰিবলৈ আমাক ঈশ্বৰৰ ধৰ্য্যই সুযোগ দিছে। আমি কি ধৰণে জীৱন-যাপন কৰোঁ তাৰেই ইয়াৰ প্ৰমাণ দিব।—ইয়োব ১:৮-১২; হিতোপদেশ ২৭:১১ পঢ়ক।

৫. আমি ঈশ্বৰক কেনেকৈ আমাৰ শাসক হিচাপে গ্ৰহণ কৰিব পাৰোঁ?

লোকসকলে বাইবেলৰ অধ্যয়ন কৰিছ

আমি ঈশ্বৰৰ শাসনক সমৰ্থন কৰোঁ নে নকৰোঁ, ইয়াক আমি লোৱা নিৰ্ণয়বোৰে প্ৰমাণ কৰিব

বাইবেলত উল্লেখ থকা বিষয়বোৰ শিকা আৰু সেই অনুসাৰে সত্য উপাসনা কৰাৰ দ্বাৰা, আমি ঈশ্বৰক আমাৰ শাসক হিচাপে গ্ৰহণ কৰিব পাৰোঁ। (যোহন ৪:২৩) আমিও যীচুৰ দৰে ৰাজনীতি আৰু যুদ্ধত ভাগ নোলোৱাৰ যোগেদি, চয়তানৰ শাসনক সমৰ্থন কৰাৰপৰা বিৰত থাকিব পাৰোঁ।—যোহন ১৭:১৪ পঢ়ক।

অনৈতিক আৰু বেয়া কাৰ্য্যবোৰ কৰিবলৈ চয়তানে উদগনি দিয়ে। এই কাৰ্য্যবোৰ কৰাৰপৰা বিৰত থাকিলে, আমাৰ বন্ধু-বান্ধৱ বা পৰিয়ালৰ লোকসকলে ভাল নাপাব বা নিন্দা কৰিব পাৰে। (১ পিতৰ ৪:৩, ৪) গতিকে, আমি নিজেই নিৰ্ণয় লʼব লাগিব। ঈশ্বৰক ভালপোৱা লোকসকলৰ লগত আমি সঙ্গতি কৰিমনে? আমি ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰিমনে? যিকোনো চাপৰ সন্মুখীন হৈয়ো যেতিয়া আমি ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰিম, তেতিয়া আমি চয়তানে কৰা দাবী মিছা বুলি প্ৰমাণ কৰিবলৈ সক্ষম হʼম।—১ কৰিন্থীয়া ৬:৯, ১০; ১৫:৩৩ পঢ়ক।

মানৱজাতিৰ বাবে থকা ঈশ্বৰৰ প্ৰেমে এক নিশ্চিত আশা দিছে যে দুখ-কষ্ট আৰু বেয়া কাৰ্য্যবোৰ তেওঁ এই পৃথিৱীৰপৰা নাইকিয়া কৰিব। যিসকল লোকে ঈশ্বৰৰ শাসনৰ ওপৰত বিশ্বাস কৰে আৰু সেই বিশ্বাসৰ অনুসাৰে জীৱন-যাপন কৰিব, তেওঁলোকে এই পৃথিৱীত অনন্ত জীৱন জীয়াই থাকিব।—যোহন ৩:১৬ পঢ়ক।

ইয়াৰ বিষয়ে অধিক জানিবলৈ, বাইবেলে প্ৰকৃততে কি শিকায়? কিতাপৰ ১১ অধ্যায়ত চাওক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক