ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • fg পাঠ ৯ প্ৰশ্নবোৰ ১-৫
  • আপোনাৰ পাৰিবাৰিক জীৱন কেনেকৈ সুখী কৰিব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপোনাৰ পাৰিবাৰিক জীৱন কেনেকৈ সুখী কৰিব?
  • ঈশ্বৰৰপৰা এটা ভাল খবৰ!
  • মিল থকা বিষয়
  • আপোনাৰ পাৰিবাৰিক জীৱন কেনেকৈ সুখী কৰিব?
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • স্বামী-স্ত্ৰীয়ে কেনেকৈ আনন্দত থাকিব পাৰে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
ঈশ্বৰৰপৰা এটা ভাল খবৰ!
fg পাঠ ৯ প্ৰশ্নবোৰ ১-৫

পাঠ ৯

আপোনাৰ পাৰিবাৰিক জীৱন কেনেকৈ সুখী কৰিব?

১. পাৰিবাৰিক আনন্দৰ বাবে এহাল দম্পতীক কিয় বিবাহিত হোৱা উচিত?

এহাল দপতীয়ে ৰেজিষ্টাৰ বিবাহ কৰিছ

ভাল খবৰৰ উৎস হৈছে যিহোৱা ঈশ্বৰ আৰু সকলো পৰিয়ালে আনন্দত থকাটো তেওঁ বিচাৰে। (১ তীমথিয় ১:১১) যিহোৱা ঈশ্বৰেই হৈছে বিবাহৰ উদ্ভাৱক। পাৰিবাৰিক আনন্দ আৰু লʼৰা-ছোৱালীবিলাকৰ জীৱন সুৰক্ষাৰ বাবে বিবাহ আইনগতভাৱে হোৱা উচিত। ঈশ্বৰৰ আজ্ঞা পালন কৰিব বিচৰা লোকসকলে স্থানীয় নিয়ম অনুসৰি ৰেজিষ্টাৰ বিবাহ কৰা উচিত।—লূক ২:১, ৪, ৫ পঢ়ক।

বিবাহৰ বিষয়ে ঈশ্বৰৰ দৃষ্টিভংগী কি? এজন পুৰুষ আৰু তিৰোতাৰ মাজত হোৱা বিবাহ ঈশ্বৰে স্থায়ী হোৱাটো বিচাৰে। স্বামী আৰু স্ত্ৰীয়ে এজনে-আনজৰ প্ৰতি বিশ্বাসী হোৱাটো ঈশ্বৰে বিচাৰে। (ইব্ৰী ১৩:৪) বিবাহ বিচ্ছেদ যিহোৱা ঈশ্বৰে ঘৃণা কৰে। (মলাখী ২:১৬) স্বামী বা স্ত্ৰীক বিবাহ বিচ্ছেদ আৰু পুনৰ বিবাহ কৰিবলৈ ঈশ্বৰে অনুমতি দিয়াৰ একমাত্ৰ কাৰণ হৈছে ব্যভিচাৰ।—মথি ১৯:৩-৬, ৯ পঢ়ক।

২. স্বামী আৰু স্ত্ৰীয়ে এজনে-আনজনৰ প্ৰতি কেনেদৰে ব্যৱহাৰ কৰা উচিত?

আনন্দৰে থকা এহাল দপতী

যিহোৱা ঈশ্বৰে আদম আৰু হৱাক এজনে-আনজনৰ সহকাৰী হিচাপে সৃষ্টি কৰিছিল। (আদিপুস্তক ২:১৮) পৰিয়ালৰ মুৰব্বী হিচাপে স্বামীয়ে দৈনন্দিন প্ৰয়োজনীয়বোৰ যোগান ধৰিবলৈ আৰু পৰিয়ালক ঈশ্বৰৰ বিষয়ে শিক্ষা দিয়াত মুখ্য ভূমিকা লোৱা উচিত। নিজৰ পত্নীৰ প্ৰতি স্বামীৰ নিস্বাৰ্থ প্ৰেম থাকিব লাগে। তেওঁলোকে এজনে-আনজনক প্ৰেম আৰু সন্মান দেখুৱা উচিত। অসিদ্ধ হোৱাৰ বাবে স্বামী-স্ত্ৰীয়ে এজনে-আনজনৰ ভুল-ত্ৰুটিবোৰ ক্ষমা কৰিবলৈ শিকাৰ যোগেদি, তেওঁলোকে বিবাহিত জীৱন সুখী কৰি তুলিব পাৰিব।—ইফিচীয়া ৪:৩১, ৩২; ৫:২২-২৫, ৩৩; ১ পিতৰ ৩:৭ পঢ়ক।

৩. বৈবাহিক জীৱনত সমস্যা হʼলে, আপুনি আপোনাৰ স্বামী বা স্ত্ৰীক এৰি দিয়া উচিত নেকি?

যদি আপোনাৰ বৈবাহিক জীৱনত কিবা সমস্যাই দেখা দিছে, তেনেহʼলে আপোনালোক দুয়োজনে এজনে-আনজনৰ প্ৰতি প্ৰেম দেখুৱাবলৈ শিকা উচিত। (১ কৰিন্থীয়া ১৩:৪, ৫) বিবাহিত জীৱনত সৰু-সুৰা সমস্যাবোৰৰ বাবে এজনে-আনজনক এৰি যোৱাটো ঈশ্বৰৰ বাক্যই আজ্ঞা নিদিয়ে।—মাৰ্ক ১০:৯ পঢ়ক।

৪. লʼৰা-ছোৱালীবিলাক, তোমালোকৰপৰা ঈশ্বৰে কি বিচাৰে?

মা-দেউতাকে ঘৰত নিজৰ সন্তানসকলক সহায় কৰিছ

তোমালোকে আনন্দত থকাটো যিহোৱা ঈশ্বৰে বিচাৰে। যৌৱনকালত তোমালোকে কেনেকৈ আনন্দ লাভ কৰিব পাৰিবা, তাৰ বিষয়ে ঈশ্বৰে উত্তম উপদেশ দিছে। তোমালোকে পিতৃ-মাতৃৰ প্ৰজ্ঞা আৰু অনুভৱৰপৰা শিকা উচিত। (কলচীয়া ৩:২০) যিহোৱা আৰু তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টৰ বাবে কাৰ্য্য কৰি তোমালোকে আনন্দ কৰাটোও তেওঁ বিচাৰে।—উপদেশক ১১:৯–১২:১; মথি ১৯:১৩-১৫; ২১:১৫  ১৬ পঢ়ক।

৫. পিতৃ-মাতৃসকল, আপোনালোকে সন্তানৰ সুখ আৰু শান্তিৰ বাবে কি কৰা উচিত?

দেউতাকে নিজৰ সন্তানৰ লগত কথা পাতিছ

নিজৰ সন্তানৰ বাবে খাদ্য, বস্তু আৰু বাসস্থান আদিৰ ব্যৱস্থা কৰিবলৈ আপোনালোকে কঠিন পৰিশ্ৰম কৰা উচিত। (১ তীমথিয় ৫:৮) কিন্তু সন্তানৰ প্ৰকৃত আনন্দৰ বাবে আপোনালোকে তেওঁলোকক ঈশ্বৰৰ বিষয়ে শিকিবলৈ আৰু তেওঁক ভাল পাবলৈ শিক্ষা দিয়া উচিত। (ইফিচীয়া ৬:৪) ঈশ্বৰৰ প্ৰতি আপোনালোকৰ প্ৰেমে, লʼৰা-ছোৱালীবিলাকৰ বাবে এক উদাহৰণ হʼব আৰু তেওঁলোকৰ হৃদয়ত গভীৰ প্ৰভাৱ পৰিব। যেতিয়া আপোনালোকৰ উপদেশবোৰ ঈশ্বৰৰ বাক্যৰ আধাৰত হʼব, তেতিয়া ই লʼৰা-ছোৱালীৰ বিচাৰধাৰাবোৰ সঠিকভাৱে গঢ় দিবলৈ সহায় কৰিব।—দ্বিতীয় বিবৰণ ৬:৪-৭; হিতোপদেশ ২২:৬ পঢ়ক।

লʼৰা-ছোৱালীবিলাকক উৎসাহ দিয়া আৰু তেওঁলোকে কৰা কাৰ্য্যবোৰৰ বাবে মূল্যাঙ্কণ কৰাৰ যোগেদি আপোনালোকে তেওঁলোকৰ মনত আনন্দ দিব পাৰিব। মাজে-সময়ে সুধৰণি আৰু অনুশাসনৰ প্ৰয়োজন। এইদৰে কৰিলে আপোনালোকে তেওঁলোকক বেয়া অভ্যাসবোৰৰপৰা সুৰক্ষা দিব পাৰিব। (হিতোপদেশ ২২:১৫) কিন্তু মনত ৰখা উচিত যে অনুশাসন দিওঁতে কঠোৰ বা নিষ্ঠুৰ হোৱা উচিত নহয়।—কলচীয়া ৩:২১ পঢ়ক।

পিতৃ-মাতৃ আৰু লʼৰা-ছোৱালীৰ বাবে যিহোৱাৰ সাক্ষীসকলে কেইবাখনো কিতাপ প্ৰকাশ কৰি উলিয়াইছে। এই কিতাপবোৰ বাইবেলৰ আধাৰত।—গীতমালা ১৯:৭, ১১ পঢ়ক।

ইয়াৰ বিষয়ে অধিক জানিবলৈ, বাইবেলে প্ৰকৃততে কি শিকায়? কিতাপৰ ১৪ অধ্যায়ত চাওক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক