ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • fg পাঠ ১২ প্ৰশ্নবোৰ ১-৫
  • আপুনি ঈশ্বৰৰ লগত কেনেকৈ বন্ধুত্ব গঢ়ি তুলিব পাৰিব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি ঈশ্বৰৰ লগত কেনেকৈ বন্ধুত্ব গঢ়ি তুলিব পাৰিব?
  • ঈশ্বৰৰপৰা এটা ভাল খবৰ!
  • মিল থকা বিষয়
  • প্ৰাৰ্থনাৰ যোগেদি ঈশ্বৰৰ কাষ চাপক
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • প্ৰাৰ্থনা—এটা ডাঙৰ সন্মান
    বাইবেলে আমাক কি শিকায়?
  • প্ৰাৰ্থনাই ঈশ্বৰৰ কাষ চাপিবলৈ আপোনাক সহায় কৰিব
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনে নে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০২১
আৰু চাওক
ঈশ্বৰৰপৰা এটা ভাল খবৰ!
fg পাঠ ১২ প্ৰশ্নবোৰ ১-৫

পাঠ ১২

আপুনি ঈশ্বৰৰ লগত কেনেকৈ বন্ধুত্ব গঢ়ি তুলিব পাৰিব?

১. ঈশ্বৰে সকলো প্ৰাৰ্থনা শুনেনে?

ব্যক্তিজনে ঈশ্বৰলৈ পাৰ্থনা কৰিছ

যিহোৱা ঈশ্বৰে সকলো লোককে প্ৰাৰ্থনাৰ যোগেদি তেওঁৰ লগত বন্ধুত্ব গঢ়ি তোলাটো বিচাৰে। (গীতমালা ৬৫:২) কিন্তু তেওঁ সকলো প্ৰাৰ্থনা নুশুনে বা গ্ৰহণ নকৰে। উদাহৰণস্বৰূপে, যদি এজন স্বামীয়ে নিজৰ পত্নীক অত্যাচাৰ কৰে আৰু ঈশ্বৰলৈ প্ৰাৰ্থনা কৰে, তেনে প্ৰাৰ্থনা ঈশ্বৰে নুশুনে। (১ পিতৰ ৩:৭) ইয়াৰ উপৰিও, প্ৰাচীন সময়ত যেতিয়া ইস্ৰায়েলী লোকসকলে একেৰাহে বেয়া কামবোৰ কৰি গৈ থাকিল, তেতিয়া ঈশ্বৰে তেওঁলোকৰ প্ৰাৰ্থনা শুনা নাছিল। সঁচাকৈ, ঈশ্বৰলৈ প্ৰাৰ্থনা কৰাটো আমাৰ বাবে এক বিশেষ অধিকাৰ। গভীৰ পাপ কৰা ব্যক্তি এজনেও যদি অনুতাপ কৰে, তেনেহʼলে ঈশ্বৰে তেওঁৰ প্ৰাৰ্থনা শুনিব।—যিচয়া ১:১৫; ৫৫:৭ পঢ়ক।

২. আমি কেনেদৰে প্ৰাৰ্থনা কৰা উচিত?

প্ৰাৰ্থনা হৈছে ঈশ্বৰক উপাসনা কৰাৰ এটা ভাগ। সেইবাবে, আমি কেৱল সৃষ্টিকৰ্ত্তা যিহোৱা ঈশ্বৰক প্ৰাৰ্থনা কৰা উচিত। (মথি ৪:১০; ৬:৯) ইয়াৰ উপৰিও, আমি অসিদ্ধ হোৱাৰ বাবে যীচুৰ নামেৰে প্ৰাৰ্থনা কৰিব লাগে, কিয়নো তেওঁ আমাৰ পাপৰ বাবে নিজৰ জীৱন বলিদান কৰিলে। (যোহন ১৪:৬) লিখিত বা মুখস্ত কৰি পুনৰুক্তি কৰা প্ৰাৰ্থনা যিহোৱা ঈশ্বৰে নিবিচাৰে। আমাৰ সকলো অনুভূতি আৰু চিন্তা-ভাৱনা আমি প্ৰাৰ্থনাৰ যোগেদি প্ৰকাশ কৰাটো ঈশ্বৰে বিচাৰে।—মথি ৬:৭; ফিলিপীয়া ৪:৬, ৭ পঢ়ক।

আমি মনে মনে কৰা প্ৰাৰ্থনাও ঈশ্বৰে শুনে। (১ চমূৱেল ১:১২, ১৩) আমি সকলো সময়তে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰাটো তেওঁ বিচাৰে। আমাৰ দৈনন্দিন জীৱনৰ কাৰ্য্যকলাপ আৰম্ভ আৰু সমাপ্ত কৰা সময়ত, খোৱা-বোৱাৰ সময়ত, আনকি কিবা সমস্যাৰ সময়তো সহায় বিচাৰি আমি প্ৰাৰ্থনা কৰিব পাৰোঁ।—গীতমালা ৫৫:২২; মথি ১৫:৩৬ পঢ়ক।

৩. সত্য খ্ৰীষ্টানসকলে কিয় একগোট হয়?

যিহোৱাৰ সাক্ষীসকলৰ সভাত লোকসকলে বাইবেল পঢ়িছ

ঈশ্বৰৰ লগত এক বন্ধুত্ব গঢ়ি তোলাটো ইমান সহজ নহয়। কিয়নো আমি এনে লোকসকলৰ মাজত বাস কৰিছোঁ, যিসকলে ঈশ্বৰৰ আজ্ঞা নামানে আৰু তেওঁৰ প্ৰতিজ্ঞাবোৰৰ ওপৰত বিশ্বাস নকৰে। (২ তীমথিয় ৩:১, ৪; ২ পিতৰ ৩:৩, ১৩) সেইবাবে আমি এজনে-আনজনক উৎসাহিত কৰিবলৈ একগোট হোৱাৰ প্ৰয়োজন।—ইব্ৰী ১০:২৪, ২৫ পঢ়ক।

ঈশ্বৰক ভালপোৱা লোকসকলৰ লগত একগোট হʼলে, আমি ঈশ্বৰৰ লগত বন্ধুত্ব গঢ়ি তুলিব পাৰিম। যিহোৱাৰ সাক্ষীসকলৰ সভাবোৰে এজনে-আনজনৰ বিশ্বাসৰপৰা শিকিবলৈ এক সুযোগ দিয়ে।—ৰোমীয়া ১:১১, ১২ পঢ়ক।

৪. আপুনি ঈশ্বৰৰ লগত কেনেকৈ বন্ধুত্ব গঢ়ি তুলিব পাৰিব?

ব্যক্তিজনে কামৰ অন্তৰালত ঈশ্বৰৰ বাক্য পঢ়িছ

বাইবেলৰপৰা শিকা কথাবোৰ ধ্যান কৰাৰ যোগেদি আপুনি ঈশ্বৰৰ সৈতে বন্ধুত্ব গঢ়ি তুলিব পাৰিব। ঈশ্বৰৰ কাৰ্য্য, উপদেশ আৰু প্ৰতিজ্ঞাবোৰপৰা আপুনি কি শিকিব পাৰে তাৰ বিষয়ে চিন্তা কৰক। প্ৰাৰ্থনা আৰু ধ্যানে আমাক ঈশ্বৰৰ প্ৰেম আৰু প্ৰজ্ঞাৰ বিষয়ে বুজিবলৈ সহায় কৰিব।—যিহোচূৱা ১:৮; গীতমালা ১:১-৩ পঢ়ক।

ঈশ্বৰৰ ওপৰত বিশ্বাস আৰু ভাৰসা কৰিলে আপুনি তেওঁৰ লগত বন্ধুত্ব গঢ়ি তুলিব পাৰিব। বিশ্বাস এটা গছ পুলিৰ লগত তুলনা কৰিব পাৰি। যেনেকৈ এটা গছ পুলিক বাঢ়িবলৈ আপডাল কৰাৰ প্ৰয়োজন, ঠিক সেইদৰে আপোনাৰ বিশ্বাসৰ কাৰণ কি হয় তাৰ বিষয়ে ধ্যান কৰাৰ প্ৰয়োজন।—মথি ৪:৪; ইব্ৰী ১১:১, ৬ পঢ়ক।

৫. আপুনি ঈশ্বৰৰ লগত বন্ধুত্ব কৰিলে আপোনাৰ কি লাভ আছে?

যিহোৱাক ভালপোৱা লোকসকলক তেওঁ যত্ন লয়। তেওঁলোকৰ বিশ্বাস আৰু অনন্ত জীৱনৰ ওপৰত যদি সংকত আহে, তেনেহʼলে যিহোৱাই তেওঁলোকক সুৰক্ষা দিব। (গীতমালা ৯১:১, ২, ৭-১০) আমাৰ শৰীৰ আৰু আনন্দত ব্যাঘাত জন্মোৱা বিষয়বোৰৰপৰা বিৰত থাকিবলৈ যিহোৱা ঈশ্বৰে আমাক সতৰ্ক কৰে। যিহোৱা ঈশ্বৰে আমাক উত্তম জীৱন অতিবাহিত কৰিবলৈ শিক্ষা দিছে।—গীতমালা ৭৩:২৭, ২৮; যাকোব ৪:৪, ৮ পঢ়ক।

বধু কেইজনে আনন্দৰে সময় কটাইছ

ইয়াৰ বিষয়ে অধিক জানিবলৈ, বাইবেলে প্ৰকৃততে কি শিকায়? কিতাপৰ ১৭ অধ্যায়ত চাওক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক