ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • yc পাঠ ৯ পৃষ্ঠা ২০-২১
  • যিৰিমিয়াই যিহোৱাৰ বিষয়ে কʼবলৈ বন্ধ নকৰিলে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিৰিমিয়াই যিহোৱাৰ বিষয়ে কʼবলৈ বন্ধ নকৰিলে
  • আপোনাৰ সন্তানক শিক্ষা দিয়ক
  • মিল থকা বিষয়
  • যিৰিমিয়াৰ দৰে সাহিয়াল হোৱা
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • এজন সাহিয়াল পুৰুষ
    বাইবেলৰ কাহিনী
আপোনাৰ সন্তানক শিক্ষা দিয়ক
yc পাঠ ৯ পৃষ্ঠা ২০-২১

৯

যিৰিমিয়াই যিহোৱাৰ বিষয়ে কʼবলৈ বন্ধ নকৰিলে

যিৰিমিয়াক খঙাল লোকসকলে আগুৰি ধৰিছ

যিৰিমিয়াৰ ওপৰত লোকসকলে কিয় খং কৰিছিল?

যিৰিমিয়াক নাদৰ নিচিনা এটা দ গাঁতৰপৰা উলিয়াই আনিছিল

যিহোৱা ঈশ্বৰে যিৰিমিয়াক উদ্ধাৰৰ বাবে ব্যৱস্থা কৰিছিল

যিহোৱা ঈশ্বৰৰ বিষয়ে কোৱাৰ বাবে লোকসকলে কেতিয়াবা কেতিয়াবা আমাক ঠাট্টা বা খং কৰিব পাৰে। ইয়াৰ বাবে হয়তো আমি যিহোৱা ঈশ্বৰৰ বিষয়ে আনক কʼবলৈ বন্ধ কৰিব পাৰোঁ। তুমিও কেতিয়াবা এইদৰে অনুভৱ কৰিছা নেকি?— বাইবেলত এনে এজন ডেকা লʼৰাৰ বিষয়ে উল্লেখ আছে, যিয়ে যিহোৱা ঈশ্বৰক ভাল পাইছিল, কিন্তু তেওঁৰ বিষয়ে আনক কʼবলৈ বন্ধ কৰিব বিচাৰিছিল। তেওঁৰ নাম হৈছে যিৰিমিয়া। আহাঁ, আমি এতিয়া যিৰিমিয়াৰ বিষয়ে কিছু কথা শিকোঁ।

যেতিয়া যিৰিমিয়াই ডেকা আছিল, তেতিয়া তেওঁক যিহোৱা ঈশ্বৰে এটা আজ্ঞা দিছিল। সেই আজ্ঞা হৈছে লোকসকলে কৰি থকা বেয়া কামবোৰ বন্ধ কৰিবলৈ তেওঁলোকক সতৰ্ক কৰা। এই কাম যিৰিমিয়াৰ বাবে বৰ কঠিন আছিল আৰু সেইবাবে তেওঁ ভয় খাইছিল। যিৰিমিয়াই যিহোৱা ঈশ্বৰক এইদৰে কৈছিল: ‘মই কথা কʼব নাজানোঁ। কিয়নো মই লʼৰা মানুহ।’ কিন্তু যিহোৱাই উত্তৰ দিছিল: ‘ভয় নকৰিবা। মই তোমাক সহায় কৰিম।’

যিৰিমিয়াই ঈশ্বৰৰ বাক্য অনুসৰি লোকসকলক সতৰ্ক কৰিবলৈ আৰম্ভ কৰিলে। তেওঁ কৈছিল যে যদি লোকসকলে বেয়া কামবোৰ কৰিবলৈ বন্ধ নকৰে, তেনেহʼলে তেওঁলোকক শাস্তি দিয়া হʼব। তুমি কি ভাবা, যিৰিমিয়াৰ কথা লোকসকলে শুনিছিলনে?— তেওঁলোকে শুনা নাছিল। তেওঁলোকে যিৰিমিয়াক ঠাট্টা আৰু খং কৰিছিল। আনকি কিছুমানলোকে তেওঁক হত্যা কৰিবলৈ বিচাৰিছিল। যিৰিমিয়াই কেনে অনুভৱ কৰিছিল বুলি তুমি ভাবা?— তেওঁ ভয় খাইছিল আৰু কৈছিল: ‘মই আৰু যিহোৱা ঈশ্বৰৰ বিষয়ে কʼব নিবিচাৰোঁ।’ কিন্তু সঁচাকৈ তেওঁ ঈশ্বৰৰ বিষয়ে কʼবলৈ বন্ধ কৰিছিলনে?— নকৰিলে। যিৰিমিয়াই যিহোৱা ঈশ্বৰক ভাল পোৱাৰ বাবে তেওঁৰ বিষয়ে কʼবলৈ বন্ধ কৰা নাছিল। যিৰিমিয়াই ঈশ্বৰৰ কাম কৰি থকাৰ বাবে ঈশ্বৰে তেওঁক সুৰক্ষিত ৰাখিছিল।

উদাহৰণস্বৰূপে, এবাৰ কিছুমান দুষ্টলোকে যিৰিমিয়াক নাদৰ নিচিনা এটা দ গাঁতত পেলাই দিছিল আৰু তাত বোকা আছিল। গাঁতত তেওঁক খাবলৈ আহাৰ বা পানী একোৱেই দিয়া হোৱা নাছিল। যিৰিমিয়াই তাতে মৰি থকাটো দুষ্টলোকসকলে বিচাৰিছিল। কিন্তু যিহোৱা ঈশ্বৰৰ সহায়ত তেওঁৰ প্ৰাণ ৰক্ষা পৰিল।

যিৰিমিয়াৰ উদাহৰণৰপৰা তুমি কি শিকিলা?— কেতিয়াবা কেতিয়াবা ভয় লগাৰ সত্ত্বেও যিৰিমিয়াই যিহোৱা ঈশ্বৰৰ বিষয়ে আনক কʼবলৈ বন্ধ কৰা নাছিল। তুমিও যিহোৱা ঈশ্বৰৰ বিষয়ে আনক কোৱাৰ বাবে লোকসকলে তোমাক ঠাট্টা আৰু খং কৰিব পাৰে। ইয়াৰ বাবে তোমাৰ লাজ বা ভয় লাগিব পাৰে। কিন্তু ঈশ্বৰৰ বিষয়ে আনক কʼবলৈ তুমি কেতিয়াও বন্ধ নকৰিবা। যিহোৱা ঈশ্বৰে যিৰিমিয়াক সহায় কৰাৰ দৰে তোমাকো সহায় কৰিব।

তোমাৰ বাইবেলৰপৰা পঢ়া

  • যিৰিমিয়া ১:৪-৮; ২০:৭-৯; ২৬:৮-১৯, ২৪; ৩৮:৬-১৩

প্ৰশ্ন:

  • যিহোৱা ঈশ্বৰে যিৰিমিয়াক কি কৰিবলৈ কৈছিল?

  • যিৰিমিয়াই যিহোৱা ঈশ্বৰৰ বিষয়ে আনক জনাবলৈ কিয় বন্ধ কৰিব বিচাৰিছিল?

  • যিহোৱা ঈশ্বৰে যিৰিমিয়াক কেনেকৈ সহায় কৰিছিল?

  • যিৰিমিয়াৰ উদাহৰণৰপৰা তুমি কি শিকিলা?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক