ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • yc পাঠ ১০ পৃষ্ঠা ২২-২৩
  • যীচু খ্ৰীষ্ট আজ্ঞাকাৰী আছিল

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যীচু খ্ৰীষ্ট আজ্ঞাকাৰী আছিল
  • আপোনাৰ সন্তানক শিক্ষা দিয়ক
  • মিল থকা বিষয়
  • যীচুৰ মানৱীয় পৰিয়ালৰ সদস্যসকলৰ পৰা উপদেশ লাভ কৰক
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আপোনাৰ সন্তানক শিক্ষা দিয়ক
yc পাঠ ১০ পৃষ্ঠা ২২-২৩
যোচফ আৰু মৰিয়মে যীচুক মন্দিৰত বিচাৰি পালে

১০

যীচু খ্ৰীষ্ট আজ্ঞাকাৰী আছিল

সদায় পিতৃ-মাতৃৰ আজ্ঞাকাৰী হৈ থকাটো সহজনে?— কেতিয়াবা কেতিয়াবা ই সহজ নহয়। তুমি জানানে, যীচুৱে যিহোৱা ঈশ্বৰ আৰু নিজ পিতৃ-মাতৃৰ আজ্ঞাকাৰী আছিল?— পিতৃ-মাতৃৰ আজ্ঞা পালন কৰিবলৈ যেতিয়া সহজ নহয়, সেইসময়ত যীচুৰ উদাহৰণে তোমাক তেওঁলোকৰ আজ্ঞাকাৰী হৈ থাকিবলৈ সহায় কৰিব। আহাঁ, আমি যীচুৰ আজ্ঞাকাৰীতাৰ বিষয়ে কিছু কথা শিকোঁ।

পৃথিৱীলৈ অহাৰ আগতে যীচুৱে তেওঁৰ পিতৃ যিহোৱা ঈশ্বৰৰ লগত স্বৰ্গত আছিল। কিন্তু এই পৃথিৱীতো যীচুৰ পিতৃ-মাতৃ আছিল। পিতৃৰ নাম যোচেফ আৰু মাতৃৰ নাম মৰিয়ম আছিল। তুমি জানানে, তেওঁলোক কেনেকৈ যীচুৰ পিতৃ-মাতৃ হʼল?—

যিহোৱা ঈশ্বৰে এক আচৰিত কাৰ্য্যৰ যোগেদি যীচুক মৰিয়মৰ গৰ্ভত আন কেঁচুৱাৰ দৰে বাঢ়িবলৈ দিলে। প্ৰায় ন মাহৰ পাছত যীচুৰ জন্ম হʼল। এইদৰে পৃথিৱীত মৰিয়ম আৰু তাইৰ স্বামী যোচেফ, যীচুৰ পিতৃ-মাতৃ হʼল।

যীচুৱে বাৰ বছৰ বয়সত এনে এটা কামৰ যোগেদি প্ৰমাণ কৰি দেখুৱাইছিল যে তেওঁ পিতৃ যিহোৱা ঈশ্বৰক কিমান ভাল পায়। যীচুৱে তেওঁৰ পৰিয়ালৰ সৈতে যিহোৱাক উপাসনা কৰিবলৈ যিৰূচালেমলৈ গৈছিল। ঘৰলৈ উভতি আহোঁতে, বাটত যোচেফ আৰু মৰিয়মে যীচুক বিচাৰি নাপালে। তুমি জানানে, যীচু তেতিয়া কʼত আছিল?—

যীচুৱে কিয় মন্দিৰত আছিল?

যোচেফ আৰু মৰিয়মে লগে লগে যিৰূচালেমলৈ উভতি গʼল আৰু চাৰিওফালে যীচুক বিচাৰিবলৈ ধৰিলে। যীচুক তেওঁলোকে বিচাৰি নোপোৱাৰ বাবে চিন্তিত হʼল। কিন্তু তিনিদিনৰ পাছত তেওঁলোকে যীচুক মন্দিৰত বিচাৰি পালে। তুমি জানানে, যীচুৱে কিয় মন্দিৰত আছিল?— তেওঁৰ পিতৃ যিহোৱা ঈশ্বৰৰ বিষয়ে বেছিকৈ শিকিবলৈ তাত আছিল। যীচুৱে যিহোৱা ঈশ্বৰক প্ৰেম কৰিছিল আৰু তেওঁক কেনেকৈ সন্তুষ্ট কৰিব পাৰি, তাৰ বিষয়ে শিকিবলৈ বিচাৰিছিল। আনকি ডাঙৰ হোৱাৰ পাছতো তেওঁ নিজ পিতৃ যিহোৱাৰ আজ্ঞাকাৰী হৈ আছিল। কঠিন হোৱাৰ সত্ত্বেও যীচুৱে পিতৃৰ আজ্ঞা পালন কৰিছিল। যিহোৱা ঈশ্বৰৰ আজ্ঞা পালন কৰিবলৈ তেওঁ দুখ-কষ্ট ভুগিবলৈও সাজু আছিল। যীচুৱে যোচেফ আৰু মৰিয়মৰ আজ্ঞাকাৰী হৈ আছিলনে?— বাইবেলত উল্লেখ আছে যে তেওঁ আজ্ঞাকাৰী আছিল।

যীচুৰ উদাহৰণৰপৰা তুমি কি শিকিলা?— কঠিন হোৱাৰ সত্ত্বেও তুমি তোমাৰ পিতৃ-মাতৃৰ আজ্ঞা পালন কৰা উচিত। তুমিও আজ্ঞাকাৰী হʼবানে?—

তোমাৰ বাইবেলৰপৰা পঢ়া

  • লূক ১:৩০-৩৫; ২:৪৫-৫২

  • ইফিচীয়া ৬:১

  • ইব্ৰী ৫:৮

প্ৰশ্ন:

  • পৃথিৱীত যোচেফ আৰু মৰিয়ম কেনেকৈ যীচুৰ পিতৃ-মাতৃ হʼল?

  • যোচেফ আৰু মৰিয়মে, যীচুক যিৰূচালেমৰ কʼত বিচাৰি পালে?

  • যীচুৰ উদাহৰণৰপৰা তুমি কি শিকিলা?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক