ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • yc পাঠ ১১ পৃষ্ঠা ২৪-২৫
  • তেওঁলোকে যীচুৰ বিষয়ে লিখিছিল

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • তেওঁলোকে যীচুৰ বিষয়ে লিখিছিল
  • আপোনাৰ সন্তানক শিক্ষা দিয়ক
  • মিল থকা বিষয়
  • বিশ্বাস, আচৰণ আৰু প্ৰেমৰ বিষয়ে উপদেশ
    বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
  • যীচু খ্ৰীষ্ট কোন হয়?
    বাইবেলে আমাক কি শিকায়?
  • পিতৰৰ দৰে হাৰ নামানিব!
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
আপোনাৰ সন্তানক শিক্ষা দিয়ক
yc পাঠ ১১ পৃষ্ঠা ২৪-২৫
যীচুৰ বিষয়ে লিখা লোকসকল হৈছ: মথি, মাৰ্ক, লূক, যোহন, পিতৰ, যাকোব, যিহূদা আৰু পৌল

১১

তেওঁলোকে যীচুৰ বিষয়ে লিখিছিল

ছবিখনত তুমি লোকসকলক দেখিছানে?— তেওঁলোক হৈছে মথি, মাৰ্ক, লূক, যোহন, পিতৰ, যাকোব, যিহূদা আৰু পৌল। যীচুৱে পৃথিৱীত থকাৰ সময়ত তেওঁলোকো জীৱিত আছিল। এই লোকসকলে যীচুৰ বিষয়ে লিখিছিল। আহাঁ, আমি তেওঁলোকৰ বিষয়ে কিছু কথা শিকোঁ।

এই লোকসকলৰ বিষয়ে তুমি কি জানা?

এই লেখকসকলৰ ভিতৰত তিনিজন পাঁচনি আছিল আৰু তেওঁলোকে যীচুৰ লগত ঘোষণা কাৰ্য্য কৰিছিল। তুমি জানানে, সেই তিনিজন কোন আছিল?— তেওঁলোক আছিল মথি, যোহন আৰু পিতৰ। পাঁচনি যোহন আৰু মথিয়ে যীচুক ভালদৰে জানিছিল। তেওঁলোকে যীচুৰ বিষয়ে এখন এখন কিতাপ লিখিছিল। যোহনে লিখা কিতাপকেইখন হৈছে প্ৰকাশিত বাক্য, প্ৰথম যোহন, দ্বিতীয় যোহন আৰু তৃতীয় যোহন। পিতৰে প্ৰথম পিতৰ আৰু দ্বিতীয় পিতৰ নামৰ দুখন কিতাপ লিখিছিল। যিহোৱা ঈশ্বৰে স্বৰ্গৰপৰা যীচুৰ বিষয়ে কোৱা কথাখিনি পিতৰে তেওঁৰ দ্বিতীয় কিতাপখনত উল্লেখ কৰিছে। তেওঁ এইদৰে লিখিছিল: ‘এওঁ মোৰ প্ৰিয় পুত্ৰ, মই তেওঁক ভাল পাওঁ আৰু এওঁতেই মই পৰম সন্তুষ্ট।’

ছবিখনত থকা আন লোকসকলেও নিজৰ নিজৰ কিতাপবোৰত যীচুৰ বিষয়ে আমাক শিক্ষা দিয়ে। তেওঁলোকৰ ভিতৰত এজন হৈছে মাৰ্ক। হয়তো যীচুক বন্দী কৰাৰ সময়ত, তেওঁ তাত উপস্থিত আছিল আৰু সকলো ঘটনা দেখিছিল। আন এজন পাঁচনিৰ নাম হৈছে লূক। তেওঁ এজন চিকিৎসক আছিল আৰু যীচুৰ মৃত্যুৰ পাছত হয়তো তেওঁ শিষ্য হৈছিল।

ছবিখনত থকা আন দুজন বাইবেলৰ লেখক হৈছে যীচুৰ দুজন সৰু ভায়েক। তুমি তেওঁলোকৰ নাম জানানে?— তেওঁলোকৰ নাম হৈছে যাকোব আৰু যিহূদা। প্ৰথমে তেওঁলোকে যীচুৰ ওপৰত বিশ্বাস কৰা নাছিল। তেওঁলোকে যীচুক বলিয়া বুলি ভাবিছিল। পাছলৈ তেওঁলোকে যীচুৰ ওপৰত বিশ্বাস কৰিছিল আৰু তেওঁৰ শিষ্য হৈছিল।

ছবিখনত থকা শেষৰ লেখকজন হৈছে পৌল। যীচুৰ শিষ্য হোৱাৰ আগতে তেওঁ চৌল নামেৰে জনাজাত আছিল। তেওঁ যীচুৰ শিষ্যসকলক ঘৃণা আৰু অত্যাচাৰ কৰিছিল। তুমি জানানে, কিহৰ বাবে পৌলে যীচুৰ শিষ্য হʼল?— এদিনাখন পৌলে দম্মেচক নগৰলৈ যোৱাৰ বাটত, হঠাতে আকাশবাণী শুনিবলৈ পালে। সেই আকাশবাণী আছিল যীচুৰ। তেওঁ পৌলক সুধিলে: ‘মোক বিশ্বাস কৰা লোকসকলক কিয় অত্যাচাৰ কৰিছা?’ এই ঘটনাৰ পাছত পৌলৰ পৰিৱৰ্তন হʼল আৰু তেওঁ যীচুৰ শিষ্য হৈ পৰিল। পৌলে বাইবেলৰ ৰোমীয়াৰপৰা ইব্ৰী কিতাপলৈকে মুঠতে ১৪ খন কিতাপ লিখিছিল।

আমি সকলোৱে প্ৰতিদিনে বাইবেল পঢ়োঁ, নহয়নে বাৰু?— বাইবেল পঢ়াৰ যোগেদি আমি যীচুৰ বিষয়ে বহুতো কথা শিকিব পাৰোঁ। তুমিও যীচুৰ বিষয়ে বেছিকৈ শিকিব বিচাৰানে?—

তোমাৰ বাইবেলৰপৰা পঢ়া

  • ২ পিতৰ ১:১৬-১৮

  • মাৰ্ক ৩:২১; ১৪:৫১

  • যিহূদা ১

  • পাঁচনিৰ কৰ্ম্ম ৯:১-১৮

প্ৰশ্ন:

  • যীচুৰ পাঁচনিসকলৰ ভিতৰত কোনে কোনে তেওঁৰ বিষয়ে লিখিছিল?

  • বাইবেল লেখকসকলৰ ভিতৰত কোন দুজন যীচুৰ ভায়েক আছিল?

  • পৌল কেনেকৈ যীচুৰ শিষ্য হৈছিল?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক