ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • hf অংশ ৪ পৃষ্ঠা ১২-১৪
  • টকা-পইচাৰ সঠিক ব্যৱহাৰ কেনেকৈ কৰিব

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • টকা-পইচাৰ সঠিক ব্যৱহাৰ কেনেকৈ কৰিব
  • এক সুখী পৰিয়াল—সম্ভৱনে?
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ১ ভালদৰে পৰিকল্পনা কৰক
  • ২ উদাৰ আৰু বাস্তৱিক হওক
  • আপোনাৰ বাবে কোনটো অধিক গুৰুত্বপূৰ্ণ, টকা-পইচা নে আপোনাৰ জীৱন?
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • আপুনি টকা-পইচাৰ প্ৰতি কেনেকৈ সঠিক দৃষ্টিভঙ্গী বজাই ৰাখিব পাৰে?
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
এক সুখী পৰিয়াল—সম্ভৱনে?
hf অংশ ৪ পৃষ্ঠা ১২-১৪
টকা-পইচা সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ এহাল দম্পতীয়ে ভালদৰে পৰিকল্পনা কৰিছে

ভাগ ৪

টকা-পইচাৰ সঠিক ব্যৱহাৰ কেনেকৈ কৰিব

“মন্ত্ৰণাৰ দ্বাৰাই কল্পনা সিদ্ধ হয়।”—হিতোপদেশ ২০:১৮

পৰিয়ালৰ প্ৰয়োজনীয় বস্তুবোৰ যোগান ধৰিবলৈ টকা-পইচাৰ প্ৰয়োজন। (হিতোপদেশ ৩০:৮) বাইবেলত উল্লেখ কৰিছে যে “ধন” ৰক্ষক হিচাপে কাম কৰে। (উপদেশক ৭:১২) পতি-পত্নী হিচাপে আপোনালোকে হয়তো এজনে-আনজনৰ লগত টকা-পইচাৰ বিষয়ে কথা নাপাতিবও পাৰে, কিন্তু টকা-পইচাৰ বাবে বিবাহিত জীৱনত সমস্যা হʼবলৈ নিদিব। (ইফিচীয়া ৪:৩২) এজনে-আনজনৰ ওপৰত ভৰসা কৰক আৰু টকা-পইচা খৰচ কৰাৰ বিষয়ে মিলিজুলি নিৰ্ণয় লওক।

১ ভালদৰে পৰিকল্পনা কৰক

বাইবেলত কি উল্লেখ আছে: ‘গড়-কাৰেং বান্ধিবলৈ মন কৰিলে, প্ৰথমতে বহি, তাৰ কিমান খৰচ, আৰু তাক এঁটাবলৈ সমৰ্থ আছে নে নাই, ইয়াক গণনা নকৰা তোমালোকৰ মাজত কোন আছে?’ (লূক ১৪:২৮) আপোনালোকে টকা-পইচা কেনেকৈ খৰচ কৰিব, ইয়াৰ বাবে একেলগে বহি আলোচনা কৰাটো উচিত। (আমোচ ৩:৩) কি কিনিব আৰু কিমান খৰচ কৰিব, ইয়াৰ বাবে নিৰ্ণয় লওক। (হিতোপদেশ ৩১:১৬) আপোনাৰ হাতত টকা-পইচা আছে বুলিয়েই যে কিবা কিনিব লাগে এনে নহয়। ধাৰ লোৱাৰপৰা দূৰৈত থাকক। আপোনাৰ সমৰ্থ অনুসৰি খৰচ কৰক।—হিতোপদেশ ২১:৫; ২২:৭.

আপুনি কি কৰিব পাৰে:

  • মাহৰ শেষত যদি আপোনাৰ হাতত অলপ টকা-পইচা থাকে, তেন্তে সেই টকা কি কৰিব তাৰ বিষয়ে দুয়োজনে আলোচনা কৰক

  • মাহৰ শেষত যদি আপোনাৰ টকা-পইচাৰ নাটনি হৈছে, তেনেহʼলে খৰচ কম কৰিবলৈ নিৰ্দিষ্ট পৰিকল্পনা কৰক। উদাহৰণস্বৰূপে, হোটেলত কিনি খোৱাৰ পৰিৱৰ্তে, নিজৰ ঘৰতে ৰান্ধি খাওক

টকা-পইচা সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ এহাল দম্পতীয়ে ভালদৰে পৰিকল্পনা কৰিছে

২ উদাৰ আৰু বাস্তৱিক হওক

বাইবেলত কি উল্লেখ আছে: “কিয়নো অকল প্ৰভুৱে দেখাতে নহয়, মানুহে দেখাতেও যি যি উচিত হয়, তালৈ আমি চিন্তা কৰিছোঁ।” (২ কৰিন্থীয়া ৮:২১) আপোনাৰ উপাৰ্জন আৰু খৰচৰ বিষয়ে সংগীক জনাওক।

আৰ্থিক বিষয়বোৰৰ ওপৰত গভীৰ নিৰ্ণয় লোৱাৰ সময়ত, আপোনাৰ সংগীৰ লগত আলোচনা কৰক। (হিতোপদেশ ১৩:১০) টকা-পইচাৰ বিষয়ত এজনে-আনজনৰ লগত মুকলিভাৱে যোগাযোগ ৰাখিলে, আপোনাৰ বিবাহিত জীৱন শান্তিপূৰ্ণ হʼব। আপুনি উপাৰ্জন কৰা টকা-পইচা কেৱল আপোনাৰ নিজৰ বুলি নাভাবি, পৰিয়ালৰ হয় বুলি ভাবক।—১ তীমথিয় ৫:৮.

টকা-পইচা সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ এহাল দম্পতীয়ে ভালদৰে পৰিকল্পনা কৰিছে

আপুনি কি কৰিব পাৰে:

  • এজনে-আনজনৰ লগত আলোচনা নকৰাকৈ, এক সীমিত পৰিমাণৰ খৰচ-পাতি কৰিবলৈ দুয়োজনে সন্মতি হওক

  • টকা-পইচাৰ বিষয়ে কিবা সমস্যা অহাৰ আগতে সংগীৰ লগত আলোচনা কৰক

টকা-পইচাৰ প্ৰতি আপোনাৰ দৃষ্টিভংগী

নিঃসন্দেহ, টকা-পইচা পৰিয়ালৰ বাবে আৱশ্যক, কিন্তু টকা-পইচাৰ বাবে আপোনাৰ বিবাহিত জীৱনত সমস্যা আহিবলৈ নিদিব। (মথি ৬:২৫-৩৪) জীৱনত আনন্দ উপভোগ কৰিবলৈ ধনী হোৱাৰ প্ৰয়োজন নাই। বাইবেলত উল্লেখ কৰিছে যে: “সকলো লোভৰ পৰা নিজকে ৰাখি, সাৱধানে থাকিবা।” (লূক ১২:১৫) টকা-পইচাই আপোনাৰ বিবাহিত জীৱনক সুখী কৰি তুলিব নোৱাৰে। গতিকে, আপোনাৰ ওচৰত যি আছে, তাকে লৈ সন্তুষ্ট থাকক। যিহোৱা ঈশ্বৰৰ লগত থকা আপোনাৰ সম্পৰ্কক কেতিয়াও হেয়জ্ঞান নকৰিব। যদি আপুনি এইদৰে কৰে, তেনেহʼলে আপোনাৰ পৰিয়াল সুখী হʼব আৰু যিহোৱা ঈশ্বৰে আপোনাক আশীৰ্ব্বাদ কৰিব।—ইব্ৰী ১৩:৫.

নিজকে সুধক . . .

  • আমি এটা পৰিয়াল হিচাপে, ধাৰ লোৱাৰপৰা কেনেকৈ বিৰত থাকিব পাৰোঁ?

  • মই আৰু মোৰ সংগীয়ে কেতিয়া মুকলিভাৱে আৰ্থিক বিষয়বোৰ আলোচনা কৰিছিলোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক