ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • hf অংশ ৭ পৃষ্ঠা ২২-২৫
  • আপোনাৰ সন্তানক কেনেকৈ শিক্ষা দিব

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপোনাৰ সন্তানক কেনেকৈ শিক্ষা দিব
  • এক সুখী পৰিয়াল—সম্ভৱনে?
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ১ সন্তানে আপোনাৰ লগত কথা পাতিবলৈ সহজ হওক
  • ২ প্ৰকৃততে সিহঁতে কি কʼব বিচাৰিছে তাক বুজিবলৈ চেষ্টা কৰক
  • ৩ আপোনালোক এক হয় বুলি দেখুৱাওক
  • ৪ পৰিকল্পনা কৰক
  • আধ্যাত্মিকৰূপে এক শক্তিশালী পৰিয়াল গঢ়ি তোলক
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • পিতৃ-মাতৃ আৰু লৰা-ছোৱালীয়ে কেনেকৈ আনন্দত থাকিব পাৰে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • পিতৃ-মাতৃসকল—লʼৰা-ছোৱালীক যিহোৱাক প্ৰেম কৰিবলৈ শিকাওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
এক সুখী পৰিয়াল—সম্ভৱনে?
hf অংশ ৭ পৃষ্ঠা ২২-২৫
পিতৃ আৰু পুত্ৰই একেলগে চাইকেলখন মেৰামতি কৰিছে

ভাগ ৭

আপোনাৰ সন্তানক কেনেকৈ শিক্ষা দিব

“আজি মই তোমাক আজ্ঞা কৰা আটাই বাক্য তোমাৰ হৃদয়ত থাকিব লাগে। আৰু তুমি নিজ সন্তানবিলাকক যত্নেৰে সেইবোৰ শিকাবা।”—দ্বিতীয় বিবৰণ ৬:৬, ৭

যিহোৱা ঈশ্বৰে পৰিয়াল ব্যৱস্থা আৰম্ভ কৰাৰ সময়ত, সন্তানৰ যত্ন লোৱাৰ দায়িত্ব পিতৃ-মাতৃক দিছিল। (কলচীয়া ৩:২০) সেইবাবে, সন্তানে যিহোৱা ঈশ্বৰক প্ৰেম কৰিবলৈ আৰু তেওঁলোকক এজন দায়িত্বশীল ব্যক্তি হিচাপে গঢ়ি তুলিবলৈ পিতৃ-মাতৃৰ দায়িত্ব আছে। (২ তীমথিয় ১:৫; ৩:১৫) নিজৰ লʼৰা বা ছোৱালীৰ মনৰ কথা বুজাৰ কৌশল শিকক। নিঃসন্দেহ, এই ক্ষেত্ৰত আপোনালোকৰ নিজৰ আদৰ্শ অতি গুৰুত্বপূৰ্ণ। যদি আপুনি লʼৰা-ছোৱালীক যিহোৱা ঈশ্বৰৰ বাক্য ভালদৰে শিকাব বিচাৰে, তেনেহʼলে ঈশ্বৰৰ বাক্য প্ৰথমে আপোনালোকৰ নিজৰ হৃদয়ত থাকিব লাগিব।—গীতমালা ৪০:৮.

১ সন্তানে আপোনাৰ লগত কথা পাতিবলৈ সহজ হওক

বাইবেলত কি উল্লেখ আছে: “শুনিবলৈ খৰ, কবলৈ ধীৰ” হওক। (যাকোব ১:১৯) সন্তানে সংকোচ নকৰাকৈ আপোনাৰ লগত কথা পতাটো আপুনি বিচাৰে। লʼৰা-ছোৱালীয়ে কথা পাতিবলৈ বিচৰাৰ সময়ত আপুনি যে তেওঁলোকৰ কথা শুনিব, তাক তেওঁলোকে অনুভৱ কৰা উচিত। আপোনাৰ সন্তানে সহজে মনৰ কথা আপোনাক কʼব পৰাকৈ এক শান্তিপূৰ্ণ পৰিৱেশ গঢ়ি তোলক। (যাকোব ৩:১৮) যদি সন্তানে ভাবে যে আপুনি নিষ্ঠুৰ বা সম্পূৰ্ণ কথা নুশুনাকৈ উত্তৰ দিব, তেনেহʼলে সন্তানে কেতিয়াও আপোনাক মনৰ কথা নকʼব। আপুনি ধৈৰ্য্য ধৰক আৰু সন্তানক যে সঁচাকৈ আপুনি প্ৰেম কৰে, তাক প্ৰকাশ কৰক।—মথি ৩:১৭; ১ কৰিন্থীয়া ৮:১.

আপুনি কি কৰিব পাৰে:

  • সন্তানে কথা পাতিবলৈ বিচৰাৰ সময়ত, আপুনি সময় দিয়ক

  • কেৱল সমস্যাৰ সময়তহে সন্তানৰ লগত কথা পাতিব লাগে এনে নহয়, কিন্তু নিয়মীয়াকৈ সিহঁতৰ লগত কথা-বতৰা হওক

২ প্ৰকৃততে সিহঁতে কি কʼব বিচাৰিছে তাক বুজিবলৈ চেষ্টা কৰক

বাইবেলত কি উল্লেখ আছে: “ঈশ্বৰৰ বাক্যলৈ মনোযোগ কৰা লোকে মঙ্গল পায়।” (হিতোপদেশ ১৬:২০) আপোনাৰ লʼৰা বা ছোৱালীৰ অন্তৰৰ কথা বুজিবলৈ, সিহঁতৰ কথাৰ আঁৰত কি আছে তাক বুজিবলৈ চেষ্টা কৰক। এইটো সঁচা যে লʼৰা-ছোৱালীয়ে, কেতিয়াবা কেতিয়াবা অতিৰঞ্জিত কথা কয়। কিন্তু “যি মানুহে নৌ শুনোতেই উত্তৰ দিয়ে, সেয়ে তাৰ পক্ষে অজ্ঞানতা আৰু অপমান বুলি গণিত হয়।” (হিতোপদেশ ১৮:১৩) গতিকে, সন্তানক বেয়া নাপাব।—হিতোপদেশ ১৯:১১.

ছোৱালীজনীৰ কথাত মাকে হঠাতে প্ৰতিক্ৰিয়া দেখুৱাইছে

আপুনি কি কৰিব পাৰে:

  • লʼৰা বা ছোৱালীয়ে যিয়ে নকওক কিয়, সিহঁতৰ কথাত বাধা নিদিব বা সোনকালে প্ৰতিক্ৰিয়া নেদেখুৱাব

  • আপোনাৰ সন্তানৰ বয়সত আপুনি কেনে অনুভৱ কৰিছিল আৰু সেইসময়ত আপোনাৰ বাবে কি গুৰুত্বপূৰ্ণ আছিল তাক মনত পেলাওক

৩ আপোনালোক এক হয় বুলি দেখুৱাওক

বাইবেলত কি উল্লেখ আছে: “হে মোৰ বোপা, তুমি তোমাৰ পিতৃৰ শিক্ষা শুনা, আৰু তোমাৰ মাতৃৰ ব্যৱস্থা ত্যাগ নকৰিবা।” (হিতোপদেশ ১:৮) যিহোৱা ঈশ্বৰে সন্তানৰ চোৱা-চিতা কৰাৰ দায়িত্ব, পিতৃ আৰু মাতৃ দুয়োজনকে দিছে। আপোনালোকৰ কথা শুনিবলৈ আৰু সন্মান কৰিবলৈ সন্তানক শিক্ষা দিয়া উচিত। (ইফিচীয়া ৬:১-৩) পিতৃ-মাতৃয়ে “একে মন আৰু একে বিবেচনাত” নহʼলে, সন্তানে তাক বুজিব পাৰিব। (১ কৰিন্থীয়া ১:১০) আপোনালোকে যদি কিবা বিষয়ত একমত নহয় তেনেহʼলে সন্তানৰ আগত তাক প্ৰকাশ নকৰিব, নহʼলে সন্তানে আপোনালোকক সন্মান নকৰিব।

পিতৃয়ে নিজৰ পুত্ৰক অকলশৰীয়াকৈ অনুশাসন দিছে আৰু সেই সময়ত মাক আৰু আনজন পুত্ৰই অন্য এক কোঠাত আছে

আপুনি কি কৰিব পাৰে:

  • সন্তানক কেনেকৈ অনুশাসন কৰিব, তাৰ বিষয়ে দুয়োজনে আলোচনা কৰক আৰু একমত হওক

  • সন্তানক শিক্ষা দিয়াৰ ক্ষেত্ৰত, যদি আপোনাৰ আৰু সংগীৰ মতামত বেলেগ বেলেগ হয়, তেনেহʼলে সংগীৰ দৃষ্টিভঙ্গীৰে চাওক

৪ পৰিকল্পনা কৰক

বাইবেলত কি উল্লেখ আছে: “লৰাক তাৰ চলিব লগীয়া পথ অনুসাৰে শিক্ষা” দিয়ক। (হিতোপদেশ ২২:৬) আপোনালোকৰ সন্তানে ভাল শিক্ষা নিজে নিজে আহৰণ কৰিব নোৱাৰে। গতিকে, সিহঁতক প্ৰশিক্ষণ দিবলৈ পৰিকল্পনা কৰক আৰু এই প্ৰশিক্ষণত অনুশাসনো জড়িত হৈ আছে। (গীতমালা ১২৭:৪; হিতোপদেশ ২৯:১৭) অনুশাসনৰ অৰ্থ এয়া নহয় যে কেৱল শাস্তি দিয়া, কিন্তু নিয়মবোৰ কি কাৰণত দিয়া হৈছে, তাক বুজিবলৈ লʼৰা-ছোৱালীক সহায় কৰা। (হিতোপদেশ ২৮:৭) ইয়াৰ উপৰিও যিহোৱা ঈশ্বৰৰ বাক্যক প্ৰেম কৰিবলৈ আৰু তেওঁৰ সিদ্ধান্তবোৰ বুজিবলৈ শিক্ষা দিয়ক। (গীতমালা ১:২) এনে কৰাৰ যোগেদি তেওঁলোকে ভাল-বেয়াৰ নিৰ্ণয় কৰিবলৈ সক্ষম হʼব।—ইব্ৰী ৫:১৪.

আপুনি কি কৰিব পাৰে:

  • যিহোৱা ঈশ্বৰ এজন বাস্তৱ ব্যক্তি হয় আৰু তেওঁক যে ভৰসা কৰিব পাৰি, এই বিষয়ে সন্তানক শিক্ষা দিয়ক

  • ইন্টাৰনেট বা চচিয়েল নেটৱৰ্কত থকা অনৈতিক কাৰ্য্যবোৰ চিনাক্ত কৰিবলৈ আৰু সেইবোৰৰপৰা আঁতৰি থাকিবলৈ শিক্ষা দিয়ক। অসৎ কাৰ্য্য কৰা লোকসকলৰপৰা আঁতৰি থাকিবলৈ সন্তানক শিক্ষা দিয়ক

সৰুৰেপৰা বাপ্তিষ্মা লোৱালৈকে মাক-দেউতাকে লʼৰাজনক প্ৰশিক্ষণ দিছে

“লৰাক তাৰ চলিব লগীয়া পথ অনুসাৰে শিক্ষা দিয়ক”

যিহোৱা ঈশ্বৰে আপোনাৰ প্ৰচেষ্টাক আশীৰ্ব্বাদ কৰিব

সন্তানক যিহোৱা ঈশ্বৰৰ বিষয়ে শিকোৱাৰ দায়িত্ব আপোনালোকৰ ওপৰত আছে। (ইফিচীয়া ৬:৪) ঈশ্বৰে ভালদৰে জানে যে এই দায়িত্ব পূৰ কৰিবলৈ আপোনালোকক কঠোৰ পৰিশ্ৰম কৰিব লাগিব, কিন্তু আপুনি মনত ৰাখিব যে এই পৰিশ্ৰমৰ যোগেদি যিহোৱাৰ প্ৰশংসা হʼব আৰু আপোনালোকেও আনন্দিত হʼব।—হিতোপদেশ ২৩:২৪.

নিজকে সুধক . . .

  • মোৰ সন্তানে যিকোনো কথা মোক সুধিব পাৰে বুলি মই কেনেকৈ নিশ্চিত কৰিব পাৰোঁ?

  • আন অভিভাৱকসকলে নিজৰ লʼৰা-ছোৱালীক যেনেকৈ যত্ন লৈছে, তাৰ পৰা মই কি শিকিব পাৰোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক