পাঠ ২৭
তেওঁলোকে যিহোৱাৰ বিৰুদ্ধে হʼল
ইস্ৰায়েলীসকল অৰণ্যত থকা কিছু সময়ৰ পাছত কোৰহ, দাথন, অবীৰাম আৰু ২৫০ জন লোকে মোচিৰ বিৰুদ্ধে হʼল। তেওঁলোকে মোচিক কʼলে, ‘বহুত হʼল! কোনে তোমাক আমাৰ নেতৃত্ব লʼবলৈ আৰু হাৰোণক মহা-পুৰোহিত হিচাপে বাছনি কৰিছে? যিহোৱা কেৱল হাৰোণ আৰু তোমাৰ লগতেই নাই, আমাৰ লগতো আছে।’ এই কথা যিহোৱাক ভাল নালাগিল। যিহোৱাৰ দৃষ্টিত এয়া এনে আছিল যেন তেওঁলোকে তেওঁৰ বিৰুদ্ধে কাম কৰিছে।
মোচিয়ে কোৰহ আৰু তেওঁৰ লগৰবিলাকক কʼলে, ‘কাইলৈ পবিত্ৰ তম্বুৰ ওচৰলৈ আহিবা। নিজৰ লগত আঙঠা-ধৰাত ধূপ দি আনিবা। যিহোৱাই দেখুৱাই দিব যে তেওঁ কাক বাছনি কৰিছে।’
পাছ দিনাখন কোৰহ আৰু তেওঁৰ ২৫০ জন মানুহে মোচিক লগ কৰিবলৈ পবিত্ৰ তম্বুৰ ওচৰলৈ আহিলে। তেওঁলোকে তাত ধূপ জ্বলালে যেন তেওঁলোক পুৰোহিত হয়। যিহোৱাই মোচি আৰু হাৰোণক কʼলে, ‘তোমালোকে কোৰহ আৰু তেওঁৰ মানুহবিলাকৰ ওচৰৰ পৰা দূৰলৈ গুচি যোৱা।’
কোৰহ পবিত্ৰ তম্বুৰ ওচৰলৈ গʼল, যʼত মোচি আছিল। কিন্তু দাথন, অবীৰাম আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলে তালৈ যাবলৈ মানা কৰিলে। যিহোৱাই ইস্ৰায়েলীসকলক কʼলে যে তেওঁলোকে কোৰহ, দাথন আৰু অবীৰামৰ তম্বুৰ পৰা দূৰলৈ গুচি যায়। ইস্ৰায়েলীসকল লগে লগে দূৰলৈ গুচি গʼল। দাথন, অবীৰাম আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলে নিজৰ নিজৰ তম্বুৰ বাহিৰত থিয় হৈ আছিল। কিন্তু হঠাতে মাটি ফাটিল আৰু তেওঁলোক সকলোকে গিলি পেলালে। পবিত্ৰ তম্বুৰ ওচৰত জুই পৰিল আৰু কোৰহ আৰু তেওঁৰ ২৫০ জন লোক জুইত জ্বলি শেষ হৈ গʼল।
যিহোৱাই মোচিক কʼলে, ‘প্ৰতিটো গোষ্ঠীৰ প্ৰধান ব্যক্তিৰ পৰা এডালকৈ লাঠি লোৱা আৰু তাত তেওঁলোকৰ নাম লিখা। কিন্তু লেবী গোষ্ঠীৰ লাঠিডালত হাৰোণৰ নাম লিখা আৰু সেই লাঠিবোৰ পবিত্ৰ তম্বুৰ ভিতৰত ৰাখা। মই যিজন ব্যক্তিক বাছনি কৰিম, তাৰ লাঠিডালত ফুল ফুলা থাকিব।’
পাছ দিনাখন মোচিয়ে লাঠিবোৰ লৈ বাহিৰলৈ আহিলে আৰু প্ৰধান মানুহবিলাকক দেখুৱালে। হাৰোণৰ লাঠিডালত ফুল ফুলি আছিল আৰু পকা বাদাম লাগি আছিল। এইদৰে যিহোৱাই হাৰোণক মহা-পুৰোহিত হিচাপে বাছনি কৰিছে বুলি দেখুৱালে।
“যিসকলে তোমালোকৰ মাজত নেতৃত্ব লয়, তেওঁলোকৰ আজ্ঞা পালন কৰা আৰু তেওঁলোকৰ অধীনত থাকা।”—ইব্ৰী ১৩:১৭