পাঠ ৩১
যিহোচূৱা আৰু গিবিয়োনী লোক
যিৰিহো ধ্বংস হোৱাৰ বিষয়ে কনানৰ আন জাতিবোৰে শুনিবলৈ পালে। সেইবাবে, তেওঁলোকৰ ৰজাবিলাকে ইস্ৰায়েলীসকলৰ লগত যুদ্ধ কৰিবলৈ নিৰ্ণয় লʼলে। কিন্তু গিবিয়োনী লোকসকলে আন কিবা কৰিবলৈ নিৰ্ণয় লʼলে। তেওঁলোকে ফটা-চিটা পুৰণি কাপোৰ পিন্ধি যিহোচূৱাৰ ওচৰলৈ আহিলে আৰু তেওঁক কʼলে, ‘আমি বহুত দূৰ দেশৰ পৰা আহিছোঁ, আমি যিহোৱাৰ বিষয়ে শুনিছোঁ। যিহোৱাই মিচৰ আৰু মোৱাবত আপোনালোকৰ কাৰণে যি যি কৰিলে, সেয়াও আমি শুনিছোঁ। আপোনালোকে যেন আমাৰ লগত যুদ্ধ নকৰে, তাৰ কাৰণে আমাৰ লগত প্ৰতিজ্ঞা কৰক। তেতিয়া আমি আপোনালোকৰ সেৱক হৈ যাম।’
যিহোচূৱাই তেওঁলোকৰ কথা সঁচা বুলি ভাবিলে আৰু তেওঁলোকৰ লগত যুদ্ধ নকৰিব বুলি প্ৰতিজ্ঞা কৰিলে। কিন্তু তিনি দিনৰ পাছত যিহোচূৱাই গʼম পালে যে তেওঁলোক কোনো দূৰ দেশৰ পৰা নহয়, কিন্তু কনান দেশৰেই হয়। সেইবাবে, যিহোচূৱাই তেওঁলোকক সুধিলে, ‘তোমালোকে আমাক কিয় মিছা কথা কʼলা?’ তেওঁলোকে যিহোচূৱাক কʼলে, ‘আমি বহুত ভয় খাইছিলোঁ! আমি জানিছিলোঁ যে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ ফালৰ পৰা যুদ্ধ কৰি আছে। দয়া কৰি আমাক এৰি দিয়ক। আমাৰ জীৱন নলʼব।’ তেতিয়া যিহোচূৱাই তেওঁলোকৰ লগত যি প্ৰতিজ্ঞা কৰিছিল, সেই প্ৰতিজ্ঞা পূৰ কৰিলে আৰু তেওঁলোকক এৰি দিলে।
কিছু সময়ৰ পাছত কনান দেশৰ পাঁচজন ৰজাই নিজৰ সৈনিকসকলৰ লগত গিবিয়োনীয়াবিলাকক আক্ৰমণ কৰিবলৈ ওলাই আহিল। তেতিয়া যিহোচূৱা আৰু তেওঁৰ সৈনিকসকলে গিবিয়োনীয়াবিলাকক বচাবলৈ গোটেই ৰাতিটো খোজকাঢ়ি গʼল। পাছ দিনা ৰাতিপুৱাতেই কনানীয়া আৰু ইস্ৰায়েলীসকলৰ মাজত যুদ্ধ আৰম্ভ হʼল। কনানীয়াবিলাকে যʼতেই পলাই গৈছিল, তাতেই যিহোৱাই তেওঁলোকৰ ওপৰত শিল বৰষুণ পেলালে। তাৰ পাছত যিহোচূৱাই যিহোৱাক কʼলে যে সূৰ্য যেন গোটেই দিন একেটা ঠাইতে ৰৈ থাকে। ইয়াৰ আগতে কেতিয়াও সূৰ্য গোটেই দিন একেটা ঠাইতে ৰৈ থকা নাছিল। তেনেহʼলে যিহোচূৱাই যিহোৱাক এইদৰে কৰিবলৈ কিয় কʼলে? কিয়নো যিহোৱাৰ ওপৰত যিহোচূৱাৰ ভৰসা আছিল। গোটেই দিন বেলি মাৰ নগʼল। ইস্ৰায়েলীসকল কনানীয়া ৰজা আৰু তেওঁলোকৰ সেনাবিলাকৰ পৰা নিজিকালৈকে সূৰ্য একেটা ঠাইতে ৰৈ থাকিল।
“তোমালোকৰ ‘হয়’ মানে ‘হয়’ হওক আৰু ‘নহয়’ মানে ‘নহয়’ হওক, কাৰণ তোমালোকে যি কৰিম বুলি কোৱা, কিন্তু নকৰা, তেনেহʼলে তোমালোকে চয়তানৰ দৰে কাম কৰিছা।”—মথি ৫:৩৭