ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lfb পাঠ ৩৮ পৃষ্ঠা ৯২-পৃষ্ঠা ৯৩ অনু. ২
  • যিহোৱাই চিমচোনক শক্তিশালী কৰি তুলিলে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাই চিমচোনক শক্তিশালী কৰি তুলিলে
  • বাইবেলৰ পৰা শিকোঁ আহা
  • মিল থকা বিষয়
  • এজন বলৱান পুৰুষ
    বাইবেলৰ কাহিনী
  • চিমচোনৰ দৰে যিহোৱাৰ ওপৰত নিৰ্ভৰ কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
বাইবেলৰ পৰা শিকোঁ আহা
lfb পাঠ ৩৮ পৃষ্ঠা ৯২-পৃষ্ঠা ৯৩ অনু. ২
চিমচোনে দাগোনৰ মন্দিৰৰ স্তম্ভক ঠেলা মাৰি আছে যাৰ কাৰণে বিল্ডিং খহি পৰিছে

পাঠ ৩৮

যিহোৱাই চিমচোনক শক্তিশালী কৰি তুলিলে

বহুতো ইস্ৰায়েলীয়ে আকৌ মূৰ্তিপূজা কৰিবলৈ ধৰিলে। সেই কাৰণে যিহোৱাই তেওঁলোকক পলেষ্টীয়াবিলাককৰ হাতত এৰি দিলে। কিন্তু কিছুমান ইস্ৰায়েলীয়ে যিহোৱাক প্ৰেম কৰিছিল। তাৰে মাজৰ এজন হৈছে মানোহ। তেওঁ বিবাহিত আছিল। কিন্তু তাৰ কোনো লʼৰা-ছোৱালী নাছিল। এদিনাখন যিহোৱাই তেওঁৰ পত্নীৰ ওচৰলৈ এজন স্বৰ্গদূতক পঠিয়ালে। স্বৰ্গদূতজনে তেওঁক কʼলে, ‘তোমাৰ এটা লʼৰা জন্ম হʼব। তেওঁ ইস্ৰায়েলীসকলক পলেষ্টীয়াবিলাকৰ হাতৰ পৰা মুকলি কৰিব। তেওঁ এজন নাচৰীয়া হʼব।’ তোমালোকে জানা নে নাচৰীয়া কোন আছিল? তেওঁলোক যিহোৱাৰ বিশেষ সেৱক আছিল। তেওঁলোকে নিজৰ চুলি কটাটো মানা আছিল।

কিছু সময়ৰ পাছত মানোহৰ এটা লʼৰা জন্ম হʼল। তেওঁ তাৰ নাম চিমচোন ৰাখিলে। চিমচোন যেতিয়া ডাঙৰ হʼল, তেতিয়া যিহোৱাই তেওঁক বহুত শক্তিশালী কৰি তুলিলে। তেওঁ খালি হাতেৰে এটা সিংহক মাৰি পেলালে। এবাৰ তেওঁ ৩০ জন পলেষ্টীয়াক মাৰি পেলালে। পলেষ্টীয়াবিলাকে তেওঁক বেয়া পাইছিল আৰু তেওঁক কেনেকৈ হত্যা কৰিব লাগে, তাৰ বিষয়ে ভাবি আছিল। এদিনাখন ৰাতি চিমচোনে ঘচা চহৰত যেতিয়া শুই আছিল, তেতিয়া তেওঁলোকে চহৰৰ দুৱাৰৰ ওচৰলৈ আহিলে আৰু ৰাতিপুৱা হোৱালৈ বাট চাই থাকিল যাতে চিমচোনক মাৰি পেলাব পাৰে। কিন্তু মাজৰাতিতেই চিমচোন উঠিল আৰু চহৰৰ দুৱাৰ উঘালি দিলে। তাৰ পাছত তেওঁ সেই দুৱাৰ নিজৰ কান্ধত উঠাই খোজকাঢ়ি দূৰত থকা হিব্ৰোণৰ ওচৰৰ এটা ওখ পাহাৰলৈ গʼল।

পাছত পলেষ্টীয়াবিলাকে চিমচোনৰ প্ৰেমিকা দলীলাৰ ওচৰলৈ গৈ তেওঁক কʼলে, ‘আমি চিমচোনক ধৰি জেলত ভৰাব বিচাৰোঁ। সেইবাবে, সি কিয় ইমান শক্তিশালী এয়া যদি তুমি বিচাৰি উলিওৱা, তেনেহʼলে আমি তোমাক বহুতো টকা দিম।’ দলীলাই পইচাৰ লোভত পৰি তেওঁলোকৰ কথা মানি লʼলে। যেতিয়া দলীলাই চিমচোনক তেওঁৰ শক্তিৰ বিষয়ে সুধিলে, তেতিয়া আৰম্ভণিতে চিমচোনে তেওঁক নকʼলে। কিন্তু তেওঁ বাৰে বাৰে সুধি থাকিল। শেষত আমনি পাই চিমচোনে নিজৰ শক্তিৰ বিষয়ে কৈ দিলে। তেওঁ কʼলে, ‘আজিলৈকে মোৰ চুলি কেতিয়াও কটা হোৱা নাই। কিয়নো মই এজন নাচৰীয়া হওঁ। যদি মোৰ চুলি কাটি দিয়া হয়, তেনেহʼলে মোৰ শক্তি শেষ হৈ যাব।’ চিমচোনে নিজৰ শক্তিৰ বিষয়ে কৈ বহুত ডাঙৰ ভুল কৰিলে!

দলীলাই লগে লগে পলেষ্টীয়াবিলাকক কʼলে, ‘মই তেওঁৰ শক্তিৰ বিষয়ে গʼম পালোঁ!’ তেওঁ চিমচোনক নিজৰ কোলাক শুৱালে আৰু কাৰোবাক মাতি তেওঁৰ চুলি কটোৱালে। তাৰ পাছত তেওঁ চিঞৰিলে, ‘চিমচোন, পলেষ্টীয়াবিলাক আহিছে!’ তেতিয়া চিমচোনে সাৰ পালে আৰু তেওঁ গʼম পালে যে তেওঁৰ শক্তি শেষ হৈ গʼল। পলেষ্টীয়াবিলাকে তেওঁক ধৰি লʼলে, তেওঁক অন্ধ কৰিলে আৰু তেওঁক জেলত ভৰাই দিলে।

এদিনাখন হাজাৰ হাজাৰ পলেষ্টীয়াবিলাকে নিজৰ দেৱতা দাগোনৰ মন্দিৰত একগোট হʼল। তেওঁলোকে জোৰ জোৰকৈ চিঞৰিবলৈ ধৰিলে, ‘আমাৰ দেৱতাই চিমচোনক আমাৰ হাতত দিলে, তাক বাহিৰলৈ লৈ আনা যাতে আমি তাক লৈ হাঁহি ঠাট্টা কৰিব পাৰোঁ।’ তেওঁলোকে চিমচোনক বাহিৰলৈ লৈ আনি দুটা স্তম্ভৰ মাজত থিয় কৰালে আৰু তেওঁক লৈ হাঁহি ঠাট্টা কৰিবলৈ ধৰিলে। তেতিয়া চিমচোনে ঈশ্বৰক মাতিলে, ‘হে যিহোৱা, কেৱল শেষবাৰৰ বাবে মোক শক্তি দিয়া।’ তেতিয়ালৈকে চিমচোনৰ চুলি আকৌ বাঢ়ি গৈছিল। তেওঁ সম্পূৰ্ণ জোৰ লগাই মন্দিৰৰ স্তম্ভ দুটাক ঠেলা মাৰিলে। গোটেই বিল্ডিং ভাঙি লোকসকলৰ ওপৰত খহি পৰিল। তাত যিমান লোক আছিল, সকলো মৰি গʼল। চিমচোনো মৰি গʼল।

“যিজনে মোক শক্তি দিয়ে, তেওঁৰ যোগেদিয়েই মই সকলো কৰিবলৈ শক্তি পাওঁ।”—ফিলিপীয়া ৪:১৩

প্ৰশ্ন: চিমচোন কিয় ইমান শক্তিশালী আছিল? যেতিয়া চিমচোনে দলীলাক নিজৰ শক্তিৰ বিষয়ে কʼলে, তেতিয়া কি হʼল?

বিচাৰকৰ্ত্তাবিলাক ১৩:১–১৬:৩১

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক