পাঠ ৪২
সাহসী আৰু বিশ্বাসী যোনাথন
ৰজা চৌলৰ ডাঙৰ লʼৰা যোনাথন এজন সাহসী সৈনিক আছিল। দায়ূদে কৈছিল যে যোনাথন ঈগলৰ দৰে বেগী আৰু সিংহতকৈও শক্তিশালী হয়। এদিনাখন যোনাথনে পাহাৰৰ ওপৰত কিছুমান পলেষ্টীয়া সৈনিকক দেখা পালে। তেওঁ নিজৰ অস্ত্ৰ কঢ়িয়াই নিয়া সৈনিকজনক কʼলে, ‘আমি তেওঁলোকক তেতিয়াহে আক্ৰমণ কৰিম, যেতিয়া যিহোৱাই আমাক এটা চিন দিব। যদি সিহঁতে আমাক ওপৰলৈ মাতে, তেনেহʼলে আমি সিহঁতক আক্ৰমণ কৰিব লাগিব বুলি এয়া এক চিন হʼব।’ তেতিয়া পলেষ্টীয়া সৈনিকসকলে চিঞৰি কʼলে, ‘ওপৰলৈ আহি আমাৰ লগত যুদ্ধ কৰ।’ তেতিয়া দুয়োজনে পাহাৰৰ ওপৰলৈ গʼল আৰু ২০ জন পলেষ্টীয়া সৈনিকক মাৰি পেলালে।
যোনাথন চৌলৰ ডাঙৰ লʼৰা হোৱাৰ বাবে ইস্ৰায়েলৰ পাছৰ ৰজা হʼব লাগিছিল। কিন্তু যোনাথনে জানিছিল যে যিহোৱাই দায়ূদক পাছৰ ৰজা হিচাপে বাছনি কৰিছে। তথাপি তেওঁ ঈৰ্ষা নকৰিলে। যোনাথন আৰু দায়ূদ ভাল বন্ধু হৈ পৰিল। তেওঁলোকে প্ৰতিজ্ঞা কৰিলে যে তেওঁলোকে এজনে-আনজনৰ লগ নেৰিব আৰু এজনে-আনজনক বচাব। যোনাথনে নিজৰ বন্ধুত্বৰ চিন হিচাপে দায়ূদক নিজৰ কাপোৰ, নিজৰ তৰোৱাল, ধনু আৰু পেটী দিলে।
দায়ূদে যেতিয়া চৌলৰ পৰা পলাই ফুৰিছিল, তেতিয়া যোনাথনে তেওঁৰ ওচৰলৈ আহি কʼলে, ‘ভয় নকৰিবা, সাহসী হোৱা। যিহোৱাই তোমাকেই ৰজা হিচাপে বাছনি কৰিছে। এই কথা মোৰ দেউতাও জানে।’ তুমিও যোনাথনৰ দৰে ভাল বন্ধু পোৱাটো বিচাৰা নে?
যোনাথনে বহুবাৰ নিজৰ বন্ধুক সহায় কৰিবলৈ নিজৰ জীৱন বিপদত পেলালে। তেওঁ জানিছিল যে ৰজা চৌলে দায়ূদক হত্যা কৰিব বিচাৰিছে। সেইবাবে, তেওঁ নিজৰ দেউতাকক কʼলে, ‘দায়ূদে একো ভুল কৰা নাই। সেইবাবে, তেওঁক হত্যা কৰাটো পাপ হʼব।’ চৌলে যোনাথনৰ ওপৰত বহুত খং কৰিলে। কিছু বছৰৰ পাছত চৌল আৰু যোনাথন দুয়োজনৰে একেখন যুদ্ধত মৃত্যু হʼল।
যোনাথনৰ মৃত্যুৰ পাছত দায়ূদে তেওঁৰ লʼৰা মফীবোচতক বিচাৰি উলিয়ালে। যেতিয়া দায়ূদে মফীবোচতক লগ পালে, তেতিয়া তেওঁক কʼলে, ‘তোমাৰ দেউতা মোৰ ভাল বন্ধু আছিল। সেইবাবে, মই তোমাৰ সদায় যত্ন লʼম। তুমি মোৰ ভৱনত থাকিবা আৰু মোৰ মেজৰ পৰা খোৱা-বোৱা কৰিবা।’ দায়ূদে নিজৰ বন্ধু যোনাথনক কেতিয়াও নাপাহৰিলে।
“মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ, তেনেকৈ তোমালোকেও এজনে-আনজনক প্ৰেম কৰা। নিজৰ বন্ধুসকলৰ কাৰণে নিজৰ জীৱন দিয়াতকৈ শ্ৰেষ্ঠ প্ৰেম আৰু হʼব পাৰে নে?”—যোহন ১৫:১২, ১৩