পাঠ ৪৩
ৰজা দায়ূদৰ পাপ
চৌলৰ মৃত্যুৰ পাছত দায়ূদ ৰজা হʼল। সেই সময়ত তেওঁৰ বয়স ৩০ বছৰ আছিল। ৰজা হোৱাৰ কিছু সময়ৰ পাছত এদিনাখন ৰাতি তেওঁ ৰাজভৱনৰ চাদৰ পৰা এজনী ধুনীয়া তিৰোতাক দেখিলে। যেতিয়া তেওঁ তিৰোতাজনীৰ বিষয়ে সুধিলে, তেতিয়া তেওঁ গʼম পালে যে তেওঁৰ নাম বৎ-চেবা হয় আৰু তেওঁ ঊৰিয়া নামৰ এজন সৈনিকৰ পত্নী হয়। দায়ূদে নিজৰ ৰাজভৱনলৈ বৎ-চেবাক মাতিলে আৰু তেওঁৰ লগত শাৰীৰিক সম্পৰ্ক ৰাখিলে আৰু বৎ-চেবা গৰ্ভৱতী হʼল। দায়ূদে নিজৰ পাপ লুকোৱাবলৈ চেষ্টা কৰিছিল। সেইবাবে, ঊৰিয়াক যুদ্ধত সকলোতকৈ আগত থিয় কৰাবলৈ আৰু বাকী সৈনিকসকলক পিছফালে আঁতৰি যাবলৈ দায়ূদে নিজৰ সেনাপতিক কʼলে। যুদ্ধত ঊৰিয়াৰ মৃত্যু হʼল। ইয়াৰ পাছত দায়ূদে বৎ-চেবাক বিয়া কৰিলে।
যিহোৱাই এই সকলো চাই আছিল। তেওঁ কি কৰিলে? তেওঁ ভৱিষ্যবক্তা নাথনক দায়ূদৰ ওচৰলৈ পঠিয়ালে। নাথনে দায়ূদক কʼলে, ‘এজন ধনী ব্যক্তিৰ ওচৰত বহুতো ভেড়া আছিল, কিন্তু এজন দুখীয়া ব্যক্তিৰ ওচৰত কেৱল এটা সৰু ভেড়া পোৱালি আছিল, যাক তেওঁ বহুত প্ৰেম কৰিছিল। ধনী ব্যক্তিজনে সেই দুখীয়াৰ ভেড়াটো লৈ লʼলে।’ এই কথা শুনি দায়ূদৰ বহুত খং উঠিল। তেওঁ কʼলে, ‘সেই ধনী ব্যক্তিজনক মাৰি পেলোৱা উচিত!’ নাথনে তেওঁক কʼলে, ‘তুমিয়েই সেই ধনী ব্যক্তিজন!’ তেতিয়া দায়ূদ বহুত দুখীত হʼল আৰু তেওঁ নাথনক কʼলে, ‘মই যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ।’ দায়ূদে পাপ কৰাৰ কাৰণে তেওঁ আৰু তেওঁৰ পৰিয়ালৰ ওপৰত বহুতো সমস্যা আহিল। যিহোৱাই তেওঁক শাস্তি দিলে, কিন্তু তেওঁক হত্যা নকৰিলে কিয়নো তেওঁ সদাচাৰ আৰু নম্ৰ ব্যক্তি আছিল।
দায়ূদে যিহোৱাৰ কাৰণে এটা মন্দিৰ বনাব বিচাৰিছিল। কিন্তু যিহোৱাই দায়ূদৰ লʼৰা চলোমনক মন্দিৰ বনাবলৈ বাছনি কৰিলে। দায়ূদে কʼলে, ‘যিহোৱাৰ মন্দিৰ বহুত ধুনীয়া হোৱা উচিত। চলোমন এতিয়া সৰু হৈ আছে। সেইবাবে, মই তেওঁক সহায় কৰিম। মই সকলো তৈয়াৰী কৰিম।’ সেই মন্দিৰ বনাবলৈ তেওঁ নিজৰ বহুতো টকা-পইচা দান কৰিলে। তেওঁ দক্ষতা থকা কাম কৰা মানুহ বিচাৰিলে। তেওঁ সোণ-ৰূপ গোটালে, লগতে তূৰ আৰু চীদোন নামৰ ঠাইৰ পৰা দেবদাৰু কাঠ অনোৱালে। তেওঁৰ মৃত্যুৰ আগে আগে চলোমনক মন্দিৰৰ নক্সা দিলে। তেওঁ চলোমনক কʼলে, ‘তোমাৰ কাৰণে এই সকলো লিখিবলৈ যিহোৱাই মোক কৈছে। যিহোৱাই তোমাক সহায় কৰিব। সেইবাবে, তুমি ভয় নকৰিবা, সাহসী হোৱা আৰু কামত লাগি যোৱা।’
“যি মানুহে নিজৰ অপৰাধ ঢাকে, তাৰ কল্যাণ নহʼব; কিন্তু যি কোনোৱে তাক স্বীকাৰ কৰি ত্যাগ কৰে, তেওঁ কৃপা পাব।”—হিতোপদেশ ২৮:১৩