পাঠ ৬৭
যিৰূচালেমৰ দেৱাল
আহা, কিছু বছৰৰ আগতে ঘটা ঘটনাবোৰৰ বিষয়ে মন কৰোঁ। নহিমিয়া নামৰ এজন ইস্ৰায়েলী, ৰজা অৰ্তক্ষত্ৰৰ সেৱক আছিল আৰু পাৰস্যৰ চহৰ চূচনত থাকিছিল। এদিন তেওঁৰ ভাই যিহূদাৰ পৰা আহি তেওঁক এই বেয়া খবৰ দিলে, ‘যি লোকসকলে যিৰূচালেমলৈ উভতি গৈছিল, তেওঁলোকে সুৰক্ষিত নাই। বাবিলৰ লোকসকলে যি দেৱাল আৰু দুৱাৰ ভাঙি দিছিল, এতিয়ালৈকে সেয়া বনোৱা হোৱা নাই।’ এই কথা শুনি নহিমিয়া নিৰাশ হৈ গʼল। তেওঁ তাত গৈ তেওঁলোকক সহায় কৰিব বিচাৰিছিল। সেইবাবে, তেওঁ যিহোৱালৈ প্ৰাৰ্থনা কৰিলে যে ঈশ্বৰে যেন এনে কিবা কৰে যাতে ৰজাই তেওঁক যাবলৈ দিয়ে।
তাৰ পাছত ৰজাই নহিমিয়াক বহুত দুখত থকা দেখিলে। ৰজাই নহিমিয়াক কʼলে, ‘মই তোমাক কেতিয়াও ইমান দুখত থকা দেখা নাই, কি হʼল?’ নহিমিয়াই কʼলে, ‘মোৰ চহৰ যিৰূচালেম এতিয়াও ভাঙি পৰি আছে। সেইবাবে, মই দুখত আছোঁ।’ ৰজাই সুধিলে, ‘মই তোমাক কিবা সহায় কৰিব পাৰোঁ নে?’ তেতিয়া নহিমিয়াই লগে লগে প্ৰাৰ্থনা কৰিলে আৰু ৰজাক অনুৰোধ কৰিলে, ‘মোক যিৰূচালেমলৈ যাবলৈ দিয়ক যাতে মই তাৰ দেৱালবোৰ আকৌ বনাব পাৰোঁ।’ ৰজা অৰ্তক্ষত্ৰই তেওঁ যাব পাৰে বুলি কʼলে আৰু তেওঁৰ কাৰণে সকলো ব্যৱস্থা কৰিলে যাতে তেওঁ সেই দীঘলীয়া যাত্ৰা সুৰক্ষিতভাৱে পাৰ কৰিব পাৰে। ৰজাই নহিমিয়াক যিহূদাৰ ৰাজ্যপালো বনালে আৰু চহৰৰ দুৱাৰ বনাবলৈ কাঠবোৰ দিলে।
নহিমিয়া যেতিয়া যিৰূচালেম গৈ পালে, তেতিয়া তেওঁ দেৱালবোৰৰ পৰীক্ষা কৰিলে। তাৰ পাছত তেওঁ পুৰোহিত আৰু অধিকাৰীসকলক একগোট কৰিলে আৰু কʼলে, ‘ইয়াৰ অৱস্থা বহুত বেয়া। আমি এতিয়াই কামত লাগি যাব লাগিব।’ তেতিয়া লোকসকলে মান্তি হʼল আৰু দেৱাল বনাবলৈ আৰম্ভ কৰি দিলে।
কিন্তু ইস্ৰায়েলীসকলৰ কিছুমান শত্ৰুৱে তেওঁলোকক ঠাট্টা কৰি এইদৰে কʼবলৈ ধৰিলে, ‘তোমালোকে যিবোৰ দেৱাল বনাইছা, সেইবোৰ ইমানেই দুৰ্বল যে তাৰ ওপৰত যদি এটা শিয়াল উঠে, তেনেহʼলে সেয়া ভাঙি যাব।’ দেৱাল বনোৱা লোকসকলে তেওঁলোকৰ কথাৰ ওপৰত ধ্যান নিদিলে আৰু তেওঁলোকে নিজৰ কামত লাগি থাকিল। লাহে লাহে দেৱালবোৰ ওখ আৰু মজবুত হৈ গৈ থাকিল।
শত্ৰুসকলে নিৰ্ণয় লʼলে যে তেওঁলোকে বেলেগ বেলেগ দিশৰ পৰা আহি হঠাতে যিৰূচালেমত আক্ৰমণ কৰিব। এই কথা যেতিয়া যিহূদীসকলে গʼম পালে, তেতিয়া তেওঁলোকে ভয় খালে। কিন্তু নহিমিয়াই তেওঁলোকক কʼলে, ‘ভয় নকৰিবা, যিহোৱা আমাৰ লগত আছে।’ তেওঁ কাম কৰা লোকসকলক সুৰক্ষা দিবলৈ পহৰা দিয়ালে। সেইবাবে, শত্ৰুসকলে একো কৰিব নোৱাৰিলে।
কেৱল ৫২ দিনৰ ভিতৰত দেৱাল আৰু দুৱাৰ বনি তৈয়াৰ হৈ গʼল। ইয়াৰ উদ্ঘাটন কৰিবলৈ নহিমিয়াই সকলো লেবীক যিৰূচালেমলৈ লৈ আহিলে। তেওঁ তেওঁলোকক গায়কসকলৰ দুটা ভাগত ভাগ কৰিলে। তেওঁলোকে ভুমুক-দুৱাৰৰ পৰা চিৰিত উঠি দেৱালৰ ওপৰত গʼল। এটা দল এফালে আৰু আনটো দল আনফালে। এটা দলৰ লগত ইজ্ৰা আছিল আৰু আৰু আনটো দলৰ লগত নহিমিয়া আছিল। তেওঁলোকে তূৰী, তাল আৰু বীণা বজাই যিহোৱাৰ প্ৰশংসাত গীত গাই দেৱালৰ ওপৰত খোজকাঢ়ি যাবলৈ ধৰিলে। তাৰ পাছত মন্দিৰত দুটা দলে লগ কৰিলে। ইয়াৰ পাছত সকলো পুৰুষ, তিৰোতা আৰু লʼৰা-ছোৱালীয়ে যিহোৱাৰ কাৰণে বলিদান আগবঢ়ালে আৰু আনন্দ কৰিলে। তেওঁলোকে ইমানেই আনন্দ কৰিলে যে তেওঁলোকৰ মাত দূৰলৈকে শুনিবলৈ পোৱা গৈছিল।
“তোমাৰ বিৰুদ্ধে গঢ়া কোনো অস্ত্ৰ সাৰ্থক [সফল] নহʼব।”—যিচয়া ৫৪:১৭