পাঠ ৯২
যীচুৱে মাছমৰীয়াসকলক দেখা দিলে
যীচুৱে পাঁচনিসকলক দেখা দিয়াৰ কিছু সময়ৰ পাছত পিতৰে গালীল সাগৰত মাছ ধৰিবলৈ গʼল। তেওঁৰ লগত থোমা, যাকোব, যোহন আৰু আন পাঁচনিসকলেও গʼল। তেওঁলোকে গোটেই ৰাতি মাছ ধৰিবলৈ চেষ্টা কৰিলে, কিন্তু এজনীও মাছ নাপালে।
পাছদিনা ৰাতিপুৱা তেওঁলোকে সাগৰৰ পাৰত এজন মানুহক থিয় হৈ থকা দেখিলে। সেই মানুহজনে চিঞৰি সুধিলে, ‘তোমালোকে মাছ পালা নে?’ তেওঁলোকে কʼলে, “নাই!” সেই মানুহজনে কʼলে, “নাৱৰ সোঁফালে জাল পেলোৱা।” যেতিয়া তেওঁলোকে এইদৰে কৰিলে, তেতিয়া জালত ইমানেই মাছ লাগিল যে তেওঁলোকে টানিব পৰা নাছিল। সেই সময়তে যোহনৰ অনুভৱ হʼল যে এই মানুহজন যীচু হয়। তেতিয়া তেওঁ কʼলে, “এওঁতো প্ৰভু হয়!” এয়া শুনাৰ লগে লগে পিতৰে পানীত জাপ দিলে আৰু সাঁতুৰি সাঁতুৰি পাৰলৈ গʼল আৰু বাকী শিষ্যসকলে নাৱেৰে গʼল।
তেওঁলোকে পাৰত গৈ পোৱাৰ পাছত দেখে যে ৰুটি আৰু মাছ জুইত সিজি আছে। তেওঁলোকে খাবলৈ তেওঁলোকৰ পৰা কিছুমান মাছ লৈ আহিবলৈ যীচুৱে তেওঁলোকক কʼলে। তাৰ পাছত তেওঁ কʼলে, “আহি খাই লোৱা।”
খোৱা শেষ কৰাৰ পাছত যীচুৱে পিতৰক সুধিলে, ‘তুমি মাছ ধৰাতকৈ বেছি মোক প্ৰেম কৰা নে?’ পিতৰে কʼলে, ‘হয় প্ৰভু, আপুনি জানে যে মই আপোনাক সকলোতকৈ বেছি প্ৰেম কৰোঁ।’ যীচুৱে কʼলে, “মোৰ ভেড়া পোৱালিবিলাকক চৰোৱা।” যীচুৱে আকৌ সুধিলে, পিতৰ “তুমি মোক প্ৰেম কৰা নে?” পিতৰে কʼলে, ‘প্ৰভু, আপুনি জানে যে মই আপোনাক কিমান প্ৰেম কৰোঁ।’ তেতিয়া যীচুৱে কʼলে, “ৰখীয়াৰ দৰে মোৰ সৰু ভেড়াবিলাকৰ চোৱা-চিতা কৰা।” যীচুৱে তৃতীয়বাৰ একে প্ৰশ্ন সুধিলে, তেতিয়া পিতৰ দুখী হৈ পৰিল আৰু কʼলে, ‘প্ৰভু, আপুনি সকলো জানে! আপুনি জানে যে মই আপোনাক বহুত প্ৰেম কৰোঁ।’ যীচুৱে কʼলে, “মোৰ সৰু ভেড়াবিলাকক চৰোৱা।” তাৰ পাছত তেওঁ পিতৰক কʼলে, “মোৰ পিছে পিছে আহি থাকা।”
“যীচুৱে তেওঁলোকক কʼলে, ‘মোৰ পিছে পিছে আহা আৰু তোমালোকে যিদৰে মাছ ধৰা, ঠিক সেইদৰে মই তোমালোকক মানুহ ধৰিবলৈ শিকাম।’ তেওঁলোকে লগে লগে নিজৰ জাল এৰি তেওঁৰ পিছে পিছে গʼল।”—মথি ৪:১৯, ২০