ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • CO-pgm17 পৃষ্ঠা ৭-৮
  • অধিৱেশনত উপস্থিত হোৱা লোকসকলৰ বাবে সূচনা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অধিৱেশনত উপস্থিত হোৱা লোকসকলৰ বাবে সূচনা
  • ২০১৭ আঞ্চলিক অধিৱেশনৰ কাৰ্য্যক্ৰম
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • বিশেষ সভাবোৰ
  • অধিৱেশনত উপস্থিত হোৱা লোকসকলৰ বাবে সূচনা
  • অধিৱেশনত উপস্থিত হোৱা লোকসকলৰ বাবে সূচনা
    ২০১৮ আঞ্চলিক অধিৱেশনৰ কাৰ্য্যক্ৰম
  • অধিৱেশনত উপস্থিত হোৱা লোকসকলৰ বাবে সূচনা
    ২০১৯ যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশন
  • অধিৱেশনত উপস্থিত হোৱা লোকসকলৰ বাবে সূচনা
    ২০২০ যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশন
  • অধিৱেশনত উপস্থিত হোৱা লোকসকলৰ বাবে সূচনা
    ২০২৪ অধিৱেশনৰ কাৰ্য্যক্ৰম
আৰু চাওক
২০১৭ আঞ্চলিক অধিৱেশনৰ কাৰ্য্যক্ৰম
CO-pgm17 পৃষ্ঠা ৭-৮

অধিৱেশনত উপস্থিত হোৱা লোকসকলৰ বাবে সূচনা

বিশেষ সভাবোৰ

বেথেল সেৱা বেথেল সেৱাৰ বাবে বাপ্তিষ্মা লোৱা আগ্ৰহী ভাই-ভনীসকল, যাৰ বয়স ৩৫ বা তাতকৈ কম, তেওঁলোকে শনিবাৰে আবেলি হʼবলগীয়া বেথেল সেৱাৰ বাবে সভাত উপস্থিত হʼব পাৰে। এই সভাৰ সময় আৰু স্থান ঘোষণা কৰা হʼব।

ৰাজ্য প্ৰচাৰকসকলৰ স্কুল ৰাজ্য প্ৰচাৰকসকলৰ স্কুলৰ বাবে আগ্ৰহী অগ্ৰগামীসকল, যাৰ বয়স ২৩-ৰপৰা ৬৫-ৰ ভিতৰত আৰু যিয়ে নিজৰ ঘোষণা কাৰ্য্য বৃদ্ধি কৰিবলৈ ইচ্ছা কৰে, তেওঁলোকক দেওবাৰে আবেলি হʼবলগীয়া সভাৰ বাবে নিমন্ত্ৰণ জনোৱা হৈছে। এই সভাৰ সময় আৰু স্থান ঘোষণা কৰা হʼব।

অধিৱেশনত উপস্থিত হোৱা লোকসকলৰ বাবে সূচনা

এটেʼন্‌ডেন্টসকল আপোনাৰ সহায়ৰ বাবে এটেʼন্‌ডেন্টসকলৰ ব্যৱস্থা কৰা হৈছে। গাড়ী ৰখা স্থান, অধিৱেশন গৃহত ওলোৱা-সোমোৱা, আসন সংৰক্ষণ আৰু অন্যান্য বিষয়ৰ বাবে এটেʼন্‌ডেন্টসকলে দিয়া নিৰ্দেশনাবোৰ অনুগ্ৰহ কৰি পালন কৰক।

দান-বৰঙণি অধিৱেশনৰ কাৰ্য্যক্ৰমৰপৰা আনন্দ লাভ কৰিবলৈ আৰু যিহোৱা ঈশ্বৰৰ লগত সম্পৰ্ক দৃঢ় কৰিবলৈ বিভিন্ন ধৰণৰ ব্যৱস্থা কৰা হয়। শ্ৰোতাসকলে ভালদৰে ​বহিবলৈ, শুনিবলৈ, ভিডিঅ’ দেখুৱাবলৈ সা-সৰঞ্জাম আৰু অন্যান্য সেৱাৰ ব্যৱস্থা কৰিবলৈ যথেষ্ট পৰিমাণৰ খৰচ কৰা হয়। আপোনালোকৰ স্ব-ইচ্ছাৰে দিয়া দান-বৰঙণিয়ে এই অধিৱেশনৰ খৰচ-পাতি আৰু লগতে গোটেই বিশ্বজুৰি হৈ থকা ঘোষণা কাৰ্য্যত সহায় আগবঢ়াব। আপোনাৰ সুবিধাৰ বাবে অধিৱেশন গৃহৰ বিভিন্ন ঠাইত দান-পাত্ৰ ৰখা হৈছে। আপোনালোকে আগবঢ়োৱা দান-বৰঙণিৰ মূল্যাংকন কৰা হয়। বিশ্বজুৰি হৈ থকা ঘোষণা কাৰ্য্যত আগবঢ়োৱা সহায়ৰ বাবে প্ৰশাসন গোষ্ঠীয়ে আপোনালোকক ​ধন্যবাদ জনাইছে।

প্ৰাথমিক চিকিৎসা অনুগ্ৰহ কৰি মনত ৰাখিব যে এই ব্যৱস্থা কেৱল আপাতকালীন সময়ৰ বাবে হয়।

হেৰোৱা আৰু পোৱা সকলো গৰাকীহীন বস্তু হেৰোৱা আৰু পোৱা বিভাগত জমা কৰা উচিত। যদি আপোনাৰ কিবা বস্তু হেৰাইছে, তেনেহʼলে এই বিভাগক সোধ-পোছ কৰিব পাৰে। যদি পিতৃ-মাতৃৰপৰা হেৰাই যোৱা কোনো সন্তানক আপুনি পায়, তেনেহʼলে সেই সন্তানক হেৰোৱা আৰু পোৱা বিভাগক গতাই দিয়া উচিত। কিন্তু মনত ৰাখিব যে এই বিভাগৰ দায়িত্ব শিশুসকলক চোৱা-চিতা কৰা নহয়। অনুগ্ৰহ কৰি আপোনালোকে নিজৰ সন্তানৰ চোৱা-চিতা নিজেই কৰক আৰু সিহঁতক লগতে ৰাখক।

আসন ব্যৱস্থা অনুগ্ৰহ কৰি আনৰ বাবে চিন্তা কৰিব। মনত ৰাখিব যে কেৱল আপোনাৰ সৈতে একেখন গাড়ীতে যাত্ৰা কৰা, নিজৰ পৰিয়ালৰ সদস্য বা বৰ্তমান সময়ত অধ্যয়ন কৰি থকা বাইবেল বিদ্যাৰ্থীৰ বাবে আসন সংৰক্ষণ কৰিব পাৰে। অনুগ্ৰহ কৰি খালী আসনবোৰত একো বস্তু নাৰাখিব।

স্বেচ্ছাসেৱক যদি আপুনি অধিৱেশনৰ কোনো কামত সহায়-সহযোগিতা আগবঢ়াব বিচাৰে, তেনেহʼলে তথ্য আৰু স্বেচ্ছাসেৱক বিভাগত আপোনাৰ নাম দিব পাৰে।

যিহোৱাৰ সাক্ষীসকলৰ প্ৰশাসন গোষ্ঠীৰ দ্বাৰা ব্যৱস্থা কৰা হয়

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক