ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • th অধ্যয়ন ১৮ পৃষ্ঠা ২১
  • শ্ৰোতাসকলে যাতে শিক্ষা লাভ কৰিব পাৰে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • শ্ৰোতাসকলে যাতে শিক্ষা লাভ কৰিব পাৰে
  • পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • মিল থকা বিষয়
  • উৎসাহ
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • হৃদয় স্পৰ্শ কৰাৰ প্ৰচেষ্টা
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • তথ্যবোৰ ব্যৱহাৰ কৰাৰ লাভ স্পষ্ট কৰা
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • শাস্ত্ৰপদ কেনেকৈ প্ৰয়োগ কৰিব পাৰি, তাক বৰ্ণনা কৰক
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
আৰু চাওক
পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
th অধ্যয়ন ১৮ পৃষ্ঠা ২১

অধ্যায় ১৮

শ্ৰোতাসকলে যাতে শিক্ষা লাভ কৰিব পাৰে

শাস্ত্ৰপদ

১ কৰিন্থীয়া ৯:১৯-২৩

সাৰাংশ: বিষয়টো এনেধৰণে প্ৰস্তুত কৰক যাতে শ্ৰোতাসকলে গভীৰভাৱে চিন্তা কৰিবলৈ উৎসাহিত হয়। তেওঁলোকে কোনো প্ৰয়োজনীয় কথা শিকিছে বুলি অনুভৱ কৰা উচিত।

ইয়াক কেনেকৈ কৰিব:

  • শ্ৰোতাসকলে ইতিমধ্যে বিষয়টোৰ ওপৰত কি জানে, তাৰ বিষয়ে চিন্তা কৰক। আগতে শুনা কথাবোৰ পুনৰ কোৱাৰ পৰিৱৰ্তে, বিষয়টো এক নতুন দৃষ্টিভংগীৰে চাবলৈ শ্ৰোতাসকলক সহায় কৰক।

    ব্যৱহাৰিক পৰামৰ্শ

    পৰিচিত বিষয়বোৰ খৰকৈ বৰ্ণনা কৰক। কিন্তু কিবা নতুন বিষয় থাকিলে, লাহে লাহে বৰ্ণনা কৰক।

  • অনুসন্ধান আৰু ধ্যান কৰক। যদি সম্ভৱ হয়, তেনেহʼলে পৰিচিত নোহোৱা বিষয় অথবা শেহতীয়া ঘটনা বৰ্ণনা কৰি মূল বিষয়টো তুলি ধৰক। আপোনাৰ বিষয়বস্তু আৰু আপুনি আগবঢ়াব বিচৰা তথ্যবোৰ ইটো-সিটোৰ লগত জড়িত আছে নে নাই, তাৰ বিষয়ে গভীৰভাৱে ধ্যান কৰক।

    ব্যৱহাৰিক পৰামৰ্শ

    বিষয়বস্তুটো চালি-জাৰি চোৱাৰ সময়ত এই প্ৰশ্নবোৰ নিজকে সুধি, নিজৰ চিন্তা কৰাৰ শক্তি জাগ্ৰত কৰিব পাৰে: ‘কি, কিয়, কেতিয়া, কʼত, কোন আৰু কেনেকৈ।’ ভাষণৰ সময়ছোৱাত এনেধৰণৰ কিছুমান প্ৰশ্ন উত্থাপন কৰি আৰু তাৰ উত্তৰ দি আপোনাৰ শিক্ষা সজীৱ কৰি তুলিব পাৰে।

  • আপোনাৰ বাৰ্ত্তাৰ উপকাৰিতা বৰ্ণনা কৰক। শাস্ত্ৰ আধাৰিত বিষয়বোৰে শ্ৰোতাসকলক দৈনন্দিন জীৱনত কেনেকৈ সহায় কৰিব পাৰে, তাৰ বিষয়ে বৰ্ণনা কৰক। শ্ৰোতাসকলৰ লগত জড়িত থকা কোনো নিৰ্দিষ্ট পৰিস্থিতি, তেওঁলোকৰ দৃষ্টিভংগী আৰু প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক