পাঠ ০৬
জীৱনৰ আৰম্ভণি কেনেকৈ হʼল?
বাইবেলত এইদৰে উল্লেখ আছে যে ঈশ্বৰে গছ-গছনি, জীৱ-জন্তু আৰু মানুহক ‘জীৱন’ দিছে। (গীতমালা ৩৬:৯) আপুনিও এইদৰে বিশ্বাস কৰেনে? কিছুমান লোকে ভাবে যে কোনো ঈশ্বৰ নাই আৰু সকলো বস্তু নিজে নিজেই সৃষ্টি হৈছে। যদি ঈশ্বৰ আছে আৰু তেওঁ সকলো বস্তু সৃষ্টি কৰিছে, তেনেহʼলে সেইবোৰ সৃষ্টি কৰাৰ তেওঁৰ নিশ্চয় কিবা উদ্দেশ্য আছে।a বাইবেলত জীৱনৰ আৰম্ভণিৰ বিষয়ে কি কোৱা হৈছে আৰু ইয়াত লিখা কথাবোৰ কিয় সঠিক হয়, তাৰ বিষয়ে এই পাঠত আলোচনা কৰা হৈছে।
১. বিশ্বব্ৰহ্মাণ্ডৰ আৰম্ভণি কেনেকৈ হʼল?
বাইবেলত এইদৰে উল্লেখ আছে, “আদিতে ঈশ্বৰে আকাশ-মণ্ডল আৰু পৃথিবী সৃষ্টি কৰিলে।” (আদিপুস্তক ১:১) বহুতো বৈজ্ঞানিকে বিশ্বাস কৰে যে বিশ্বব্ৰহ্মাণ্ডক সৃষ্টি কৰা হৈছে। কিন্তু ঈশ্বৰে ইয়াক কেনেকৈ সৃষ্টি কৰিলে? ঈশ্বৰে নিজৰ সক্ৰিয় শক্তিৰ যোগেদি বিশ্বব্ৰহ্মাণ্ডৰ তৰা, গ্ৰহ, নক্ষত্ৰ সৃষ্টি কৰিছে।—আদিপুস্তক ১:২.
২. ঈশ্বৰে পৃথিৱীখন কিয় সৃষ্টি কৰিলে?
যিহোৱা ঈশ্বৰে পৃথিৱীখন “অনৰ্থকৰূপে সৃষ্টি নকৰি বাসস্থানৰ নিমিত্তেহে তাক নিৰ্ম্মাণ কৰিলে।” (যিচয়া ৪৫:১৮) ঈশ্বৰে পৃথিৱীখন এইদৰে সৃষ্টি কৰিছে, যাতে আমি সদায় আনন্দেৰে জীয়াই থাকিব পাৰোঁ। (যিচয়া ৪০:২৮; ৪২:৫ পঢ়ক।) বৈজ্ঞানিকসকলে বিশ্বাস কৰে যে কেৱল পৃথিৱীখনতে মানুহ জীয়াই থাকিব পাৰে।
৩. মানুহ আৰু জীৱ-জন্তুৰ মাজত কি পাৰ্থক্য আছে?
পৃথিৱীখন সৃষ্টি কৰাৰ পাছত যিহোৱা ঈশ্বৰে গছ-গছনি আৰু জীৱ-জন্তু সৃষ্টি কৰিলে। তাৰ পাছত তেওঁ “নিজৰ প্ৰতিমূৰ্ত্তিৰে মানুহ সৃষ্টি কৰিলে।” (আদিপুস্তক ১:২৭ পঢ়ক।) আমাক ঈশ্বৰৰ প্ৰতিমূৰ্ত্তিৰে সৃষ্টি কৰাৰ অৰ্থ কি? ইয়াৰ অৰ্থ হৈছে, ঈশ্বৰৰ যি গুণ আছে, সেয়া আমাৰো আছে। সেইবাবে, আমি এজনে-আনজনক প্ৰেম কৰোঁ আৰু ভাল-বেয়া বিচাৰ কৰিব পাৰোঁ। ঈশ্বৰে আমাক এইদৰে সৃষ্টি কৰিছে, যাতে আমি বেলেগ বেলেগ ভাষা শিকিব পাৰোঁ, সুন্দৰ পৰিৱেশৰ আনন্দ লʼব পাৰোঁ আৰু গান শুনিব পাৰোঁ। কেৱল মানুহে ঈশ্বৰৰ লগত বন্ধুত্ব কৰিব পাৰে, সেইবাবে আমি জীৱ-জন্তুতকৈ বেলেগ।
গভীৰভাৱে ধ্যান কৰক
ঈশ্বৰে সকলো সৃষ্টি কৰিছে বুলি আমি কিয় বিশ্বাস কৰিব পাৰোঁ? বাইবেলত সৃষ্টিৰ বিষয়ে যি লিখা আছে, সেয়া আমি বিশ্বাস কৰিব পাৰোঁনে? মানুহৰ গুণবোৰ চাই আমি ঈশ্বৰৰ বিষয়ে কি শিকিব পাৰোঁ? আহক এই বিষয়ে আলোচনা কৰোঁ।
৪. সকলো সৃষ্টি কৰা হৈছে
যেতিয়া মানুহে প্ৰকৃতিৰ নকল কৰি কিবা বনায়, তেতিয়া সেই বনাওঁতাজনৰ প্ৰশংসা হয়। কিন্তু প্ৰকৃতি বনোৱাৰ বাবে কাক প্ৰশংসা কৰা উচিত? ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
মানুহে কেনেকৈ প্ৰকৃতিৰ নকল কৰিছে?
ঘৰ নিজে নিজে নিৰ্মাণ নহয়, নিশ্চয় কোনো এজন বনাওঁতা আছে, তেনেহʼলে প্ৰকৃতিত পোৱা বস্তুবোৰ কোনে সৃষ্টি কৰিলে? ইব্ৰী ৩:৪ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:
প্ৰকৃতিৰ কোনটো বস্তু আপোনাক বহুত ভাল লাগে?
বিশ্বব্ৰহ্মাণ্ড আৰু ইয়াৰ সকলো বস্তু কোনোবাই সৃষ্টি কৰিছে বুলি আপুনি বিশ্বাস কৰেনে? আপুনি এইদৰে কিয় বিশ্বাস কৰে?
আপুনি জানেনে?
jw.org ৱেবছাইটত “জীৱনৰ আৰম্ভণিৰ বিষয়ে মন্তব্য” আৰু “ইয়াক সৃষ্টি কৰা হৈছিল নেকি?” ভাগত এই বিষয়ে আপুনি বহুতো লেখ আৰু ভিডিঅʼ চাব পাৰে।
“কাৰণ প্ৰত্যেক ঘৰ কোনো জনৰ দ্বাৰাই স্থাপন কৰা হয়, কিন্তু যি জনাই সকলোকে স্থাপন কৰিলে, তেওঁ ঈশ্বৰ”
৫. সৃষ্টিৰ বিষয়ে বাইবেলত যি লিখা আছে, তাৰ ওপৰত ভৰসা কৰিব পাৰি
বাইবেলৰ প্ৰথম কিতাপ আদিপুস্তক ১ অধ্যায়ত পৃথিৱী আৰু সকলো জীৱ-জন্তু কেনেকৈ সৃষ্টি কৰা হৈছিল, তাৰ বিষয়ে উল্লেখ আছে। সঁচাকৈ এইদৰে হৈছিলনে অথবা এয়া কেৱল এক কাহিনী? ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:
বাইবেলত লিখা আছে যে যিহোৱাই পৃথিৱী, জীৱ-জন্তু আৰু মানুহক ছদিনত সৃষ্টি কৰিছিল। কিন্তু প্ৰতিটো দিন ২৪ ঘণ্টীয়া আছিল নে?
বাইবেলত সৃষ্টিৰ বিষয়ে যি লিখা আছে, সেয়া সঠিক হয় বুলি আপুনি বিশ্বাস কৰেনে? আপুনি এইদৰে কিয় বিশ্বাস কৰে?
আদিপুস্তক ১:১ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
বৈজ্ঞানিকসকলৰ মতে বিশ্বব্ৰহ্মাণ্ডৰ আৰম্ভণি হৈছিল। তেওঁলোকৰ এই কথা বাইবেলৰ লগত কেনেকৈ মিল আছে?
কিছুমান লোকে বিশ্বাস কৰে যে বিৱৰ্তন বা বিকাশবাদৰ যোগেদি ঈশ্বৰে এই সকলো বস্তু বনালে। আদিপুস্তক ১:২১, ২৫, ২৭ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:
বাইবেলে এইদৰে শিকায় নে যে ঈশ্বৰে প্ৰথমতে এটা সৰু কোষ সৃষ্টি কৰিছিল আৰু তাৰপৰা নিজে নিজে মাছ, জীৱ-জন্তু আৰু মানুহৰ বিকাশ হৈছিল? অথবা ঈশ্বৰে “বিধে বিধে” গছ-গছনি আৰু জীৱ-জন্তুৰ সৃষ্টি কৰিছিল?b
৬. ঈশ্বৰৰ সৃষ্টিত মানুহ সম্পূৰ্ণ পৃথক
মানুহ আৰু জীৱ-জন্তুক ঈশ্বৰে সৃষ্টি কৰিছে। কিন্তু মানুহ জীৱ-জন্তুতকৈ একেবাৰে বেলেগ। আদিপুস্তক ১:২৬ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
বাইবেলে উল্লেখ কৰিছে যে ঈশ্বৰে নিজৰ প্ৰতিমূৰ্ত্তি অৰ্থাৎ প্ৰতিছবিৰে আমাক সৃষ্টি কৰিছে। যদি আমাৰ মাজত প্ৰেম আৰু দয়াৰ গুণ আছে, তেনেহʼলে ঈশ্বৰৰ কি কি গুণ আছে?
কিছুমান লোকে কয়: “বাইবেলত সৃষ্টিৰ বিষয়ে যিবোৰ উল্লেখ আছে, সেইবোৰ কেৱল কাহিনী হয়।”
আপুনি কি ভাবে? আপুনি এইদৰে কিয় ভাবে?
আমি কি শিকিলোঁ
যিহোৱা ঈশ্বৰে বিশ্বব্ৰহ্মাণ্ড, পৃথিৱী আৰু ইয়াৰ সকলো প্ৰাণীক সৃষ্টি কৰিলে।
আপুনি কেনেকৈ উত্তৰ দিব?
বিশ্বব্ৰহ্মাণ্ডৰ আৰম্ভণিৰ বিষয়ে বাইবেলে কি কয়?
ঈশ্বৰে প্ৰথমতে এটা সৰু কোষ সৃষ্টি কৰিছিল আৰু তাৰপৰা সকলো জীৱৰ বিকাশ হৈছিল নেকি? অথবা ঈশ্বৰে সকলো সৃষ্টি কৰিছে?
মানুহ আন জীৱ-জন্তুতকৈ কেনেকৈ পৃথক?
বেছিকৈ জানক
প্ৰকৃতিত পোৱা বস্তুবোৰৰ গঠনৰ ওপৰত ধ্যান দিয়ক।
যিহোৱা ঈশ্বৰে সকলো বস্তু সৃষ্টি কৰিছে বুলি এজন পিতৃয়ে নিজৰ সন্তানক কেনেকৈ শিকায়, তাৰ বিষয়ে চাওক।
মন কৰক যে বিৱৰ্তনৰ শিক্ষা আৰু বাইবেলৰ শিক্ষা দুয়োটাই সঠিক হʼব পাৰেনে?
“ঈশ্বৰে বিৱৰ্তনৰ যোগেদি সকলো জীৱ-জন্তু বনালেনে?” (ৱেবছাইটত দিয়া লেখ)
জীৱ-জন্তুৰ হাড়ৰ পৰীক্ষাৰপৰা আৰু বৈজ্ঞানিকসকলৰ গৱেষণাৰপৰা কি প্ৰমাণ হʼল, তাৰ বিষয়ে জানক। কোনোবাই আমাক সৃষ্টি কৰিলে নে সকলো বস্তু নিজে নিজে সৃষ্টি হʼল?
জীৱনৰ আৰম্ভণি—পাঁচটা প্ৰশ্ন, উত্তৰ জনাৰ প্ৰয়োজন (ব্ৰচাৰ-হিন্দী)
b বাইবেলত উল্লেখ কৰা “বিধে বিধে” শব্দৰপৰা বুজিব পাৰি যে ইয়াত বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু জড়িত আছে।