ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lff পাঠ ৩০ ভাগ ১-৬
  • আপোনাৰ পৰিয়াল আৰু বন্ধুসকলক আকৌ জীয়াই তোলা হʼব!

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপোনাৰ পৰিয়াল আৰু বন্ধুসকলক আকৌ জীয়াই তোলা হʼব!
  • দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • গভীৰভাৱে ধ্যান কৰক
  • আমি কি শিকিলোঁ
  • বেছিকৈ জানক
  • মৃত লোকসকলক পুনৰ জীৱিত কৰা হ’ব!
    বাইবেলে আমাক কি শিকায়?
  • মৃত্যুৰ টোপনিত থকা আপোনাৰ আপোন লোকসকলৰ বাবে আশা
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • “তোমাৰ ভায়েৰা পুনৰায় উঠিব”!
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • আমাৰ আপোনজনাৰ মৃত্যুত কি হয়?
    জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়
দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
lff পাঠ ৩০ ভাগ ১-৬
পাঠ ৩০. এজন লʼৰা পুনৰ জীৱিত হʼল আৰু তেওঁৰ পৰিয়ালৰ লোকসকলে আনন্দেৰে তেওঁক লগ কৰিছে।

পাঠ ৩০

আপোনাৰ পৰিয়াল আৰু বন্ধুসকলক আকৌ জীয়াই তোলা হʼব!

ছপা সংস্কৰণ
ছপা সংস্কৰণ
ছপা সংস্কৰণ

মৃত্যুৰ কাৰণে আমি আমাৰ আপোনজনাক হেৰুৱাবলগীয়া হয় আৰু ইয়ে আমাক বহুত দুখ দিয়ে। সেইবাবে, বাইবেলত মৃত্যুক এক শত্ৰু বুলি কোৱা হৈছে। (১ কৰিন্থীয়া ১৫:২৬) পাঠ ২৭-ত আমি শিকিছিলোঁ যে যিহোৱাই এই শত্ৰুক শেষ কৰিব। কিন্তু যিসকলৰ মৃত্যু হʼল, তেওঁলোকৰ কি হʼব? যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে তেওঁ লাখ লাখ লোকক আকৌ জীয়াই তুলিব, যাতে তেওঁলোকে আনন্দেৰে সদায় জীয়াই থাকিব পাৰে। এই পাঠত আমি যিহোৱাৰ এই প্ৰতিজ্ঞাৰ বিষয়ে বেছিকৈ জানিম। কিন্তু প্ৰশ্ন হৈছে যে মৃত লোকসকলক আকৌ জীয়াই তোলাটো সম্ভৱনে? তেওঁলোকক কʼত জীয়াই তোলা হʼব, স্বৰ্গত নে পৃথিৱীত? আহক চাওঁ।

১. মৃত্যু হোৱা আমাৰ পৰিয়ালৰ লোক আৰু বন্ধুসকলৰ বিষয়ে যিহোৱাই কেনে অনুভৱ কৰে?

যিহোৱাই মৃত লোকসকলক আকৌ জীয়াই তুলিবলৈ হাবিয়াহ কৰিছে। ঈশ্বৰৰ এজন বিশ্বাসী সেৱক ইয়োবৰ সম্পূৰ্ণ ভৰসা আছিল যে মৃত্যুৰ পাছতো যিহোৱাই তেওঁক মনত ৰাখিব। সেইবাবে, তেওঁ ঈশ্বৰক এইদৰে কৈছিল, “তুমি মাতিবা, আৰু মই [কবৰৰপৰা] উত্তৰ দিম।”—ইয়োব ১৪:১৩-১৫ পঢ়ক।

২. মৃত লোকসকলক আকৌ জীয়াই তোলাটো সম্ভৱনে?

যীচুৱে পৃথিৱীত থকাৰ সময়ত যিহোৱাই তেওঁক মৃত লোকসকলক জীয়াই তোলাৰ শক্তি দিছিল। তেওঁ ১২ বছৰীয়া এজনী ছোৱালী আৰু এগৰাকী বিধৱাৰ সন্তানক জীয়াই তুলিছিল। (মাৰ্ক ৫:৪১, ৪২; লূক ৭:১২-১৫) যীচুৰ ঘনিষ্ঠ বন্ধু লাজাৰৰ মৃত্যু হোৱা চাৰিদিন হৈ গৈছিল। তথাপিও যীচুৱে তেওঁক জীয়াই তুলিলে। যীচুৱে লাজাৰৰ কবৰৰ ওচৰলৈ গৈ যিহোৱালৈ প্ৰাৰ্থনা কৰাৰ পাছত এইদৰে কʼলে, “লাজাৰ, বাহিৰলৈ আহাঁ,” “তাতে সেই মৃতজন” বাহিৰলৈ আহিল। লাজাৰ জীৱিত হʼল। (যোহন ১১:৪৩, ৪৪) কল্পনা কৰক, লাজাৰক দেখি তেওঁৰ পৰিয়াল আৰু বন্ধুসকল কিমান আনন্দিত হʼল।

৩. মৃত্যু হোৱা আপোনাৰ পৰিয়ালৰ লোক আৰু বন্ধুসকলক আপুনি পুনৰ লগ পাবনে?

বাইবেলত প্ৰতিজ্ঞা কৰা হৈছে যে ‘লোকসকলৰ পুনৰুত্থান হʼব।’ (পাঁচনিৰ কৰ্ম্ম ২৪:১৫) যীচুৱে যিসকলক আকৌ জীয়াই তুলিছিল, তেওঁলোকে মৃত্যুৰ পাছত স্বৰ্গলৈ যোৱা নাছিল। (যোহন ৩:১৩) আমি এইদৰে কিয় কʼব পাৰোঁ? কিয়নো যেতিয়া যীচুৱে তেওঁলোকক এই পৃথিৱীত জীয়াই তুলিছিল, তেতিয়া তেওঁলোক দুখিত নহয়, কিন্তু আনন্দিত হৈছিল। অতি সোনকালে যীচুৱে লাখ লাখ লোকক এই পৃথিৱীত জীয়াই তুলিব আৰু তেওঁলোকে এখন সুন্দৰ বাগিচাত সদায় জীয়াই থাকিব পাৰিব। যীচুৱে কৈছিল, ‘মৈদামত [কবৰত] থকা সকলোৱে পুনৰুত্থানলৈ’ ওলাব। ইয়াৰ অৰ্থ হৈছে, যিহোৱাই এই লোকসকলক আকৌ জীয়াই তুলিব। মৃত লোকসকলক মানুহে পাহৰি গʼলেও, যিহোৱাই কেতিয়াও পাহৰি নাযায়।—যোহন ৫:২৮, ২৯.

গভীৰভাৱে ধ্যান কৰক

বাইবেলখন চালি-জাৰি চালে আপোনাৰ বিশ্বাস বাঢ়িব যে মৃত লোকসকলক আকৌ জীয়াই তোলাটো সম্ভৱ আৰু ভৱিষ্যতে এইদৰে নিশ্চয় হʼব। আপুনি এয়াও জানিব পাৰিব যে ইয়াৰপৰা আপুনি কেনেকৈ আশা আৰু শান্ত্বনা লাভ কৰিব পাৰে।

যীচুৱে লাজাৰক পুনৰ জীৱিত কৰিলে আৰু লোকসকলে আচৰিত হৈ চাইছে।

৪. যীচুৱে প্ৰমাণ কৰি দেখুৱালে যে তেওঁ মৃত লোকসকলক জীয়াই তুলিব পাৰে

যেতিয়া যীচুৰ বন্ধু লাজাৰৰ মৃত্যু হʼল, তেতিয়া তেওঁ কি কৰিলে। এই বিষয়ে জানিবলৈ যোহন ১১:১৪, ৩৮-৪৪ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • লাজাৰৰ সঁচাকৈ মৃত্যু হৈছিল নে? আমি কেনেকৈ জানিব পাৰোঁ?—পদ ৩৯ চাওক।

  • যদি মৃত্যুৰ পাছত লাজাৰ স্বৰ্গলৈ গৈছিল, তেনেহʼলে যীচুৱে তেওঁক পুনৰ পৃথিৱীত জীয়াই তুলিলেহেঁতেন নে?

ভিডিঅʼখন চাওক।

ভিডিঅʼ: যীচুৱে লাজাৰক জীয়াই তুলিলে (১:১৬)

৫. বহুতোলোকক জীয়াই তোলা হʼব!

গীতমালা ৩৭:২৯ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • লাখ লাখ লোকক কʼত জীয়াই তোলা হʼব?

যীচুৱে যিহোৱাৰ সেৱকসকলৰ উপৰিও আৰু বহুতোলোকক জীয়াই তুলিব। পাঁচনিৰ কৰ্ম্ম ২৪:১৫ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • আপুনি কাক পুনৰ লগ পাব বিচাৰে?

এজন পিতৃয়ে নিজৰ লʼৰাক টোপনিৰপৰা জগাইছে।

খন্তেকৰ বাবে চিন্তা কৰক, যিদৰে এজন পিতৃয়ে নিজৰ পুত্ৰক টোপনিৰপৰা সহজে জগাব পাৰে, ঠিক সেইদৰে যীচুৱেও মৃত লোকসকলক সহজে জীয়াই তুলিব পাৰে

৬. মৃত লোকসকলক জীয়াই তোলা হʼব বুলি জানি আমি শান্ত্বনা আৰু আশা লাভ কৰোঁ

যায়ীৰ ছোৱালীজনীৰ ঘটনাৰপৰা নিৰাশাত থকা বহুতোলোকে শান্ত্বনা আৰু আশা লাভ কৰিলে। এই ঘটনাৰ বিষয়ে জানিবলৈ লূক ৮:৪০-৪২, ৪৯-৫৬ পঢ়ক।

যায়ীৰ ছোৱালীজনীক জীয়াই তোলাৰ আগতে যীচুৱে তেওঁক এইদৰে কৈছিল, “ভয় নকৰিবা; বিশ্বাস মাথোন কৰা।” (পদ ৫০ চাওক।) মৃত লোকসকলক জীয়াই তোলা হʼব, এই আশাই আপোনাক তলত দিয়া পৰিস্থিতিত কেনেকৈ সহায় কৰিব পাৰে:

  • যেতিয়া আপোনাৰ পৰিয়ালৰ লোক বা বন্ধুৰ মৃত্যু হয়?

  • যেতিয়া আপোনাৰ জীৱন বিপদত পৰে?

ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

ভিডিঅʼ: আশা যিয়ে আমাক সাহস দিয়ে (৩:২১)

ছবি: ‘আশা যিয়ে আমাক সাহস দিয়ে’ ভিডিঅʼখনৰ দৃশ্য: ১. ফিলিচিটিৰ মৃত্যুৰ পিছদিনাখন তাইৰ মা, বেৰনিকা মণ্ডলীৰ সভালৈ গৈছে আৰু তাত এগৰাকী ভনীয়ে তাইক শান্ত্বনা দিছে। ২. বেৰনিকা আৰু তাইৰ ছোৱালীজনীয়ে বাইবেলৰপৰা এগৰাকী তিৰোতাক শান্ত্বনা দিছে।
  • যিহোৱাই আমাৰ পৰিয়ালৰ লোক আৰু বন্ধুসকলক আকৌ জীয়াই তুলিব। এই আশাৰপৰা ফিলিচিটিৰ মা-দেউতাই কেনেকৈ শান্ত্বনা লাভ কৰিলে?

কিছুমান লোকে কয়: “মৃত্যুৰ পাছত মানুহ স্বৰ্গলৈ যায়।”

  • আপুনি কি ভাবে?

  • মৃত্যু হোৱা বেছিভাগ লোকক এই পৃথিৱীতে জীয়াই তোলা হʼব বুলি বুজাবলৈ আপুনি তেওঁক কোনটো পদ দেখুৱাব?

আমি কি শিকিলোঁ

যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে তেওঁ লাখ লাখ লোকক আকৌ জীয়াই তুলিব। যিহোৱাই তেওঁলোকক আকৌ জীয়াই তুলিবলৈ হাবিয়াহ কৰিছে আৰু তেওঁলোকক জীয়াই তুলিবলৈ যিহোৱাই যীচুক শক্তি দিছে।

আপুনি কেনেকৈ উত্তৰ দিব?

  • যিহোৱা আৰু যীচুৱে মৃত লোকসকলক জীয়াই তোলাৰ বিষয়ে কেনে অনুভৱ কৰে?

  • লাখ লাখ লোকক কʼত জীয়াই তোলা হʼব, স্বৰ্গত নে পৃথিৱীত? আপুনি এইদৰে কিয় ভাবে?

  • আপুনি আপোনাৰ পৰিয়ালৰ লোক আৰু বন্ধুসকলক পুনৰ লগ পাব বুলি কিয় ভৰসা কৰে?

লক্ষ্য

বেছিকৈ জানক

এনে কিছুমান পৰামৰ্শৰ বিষয়ে জানক, যিবোৰে মৃত্যুত হেৰুৱা পৰিয়ালৰ লোক আৰু বন্ধুসকলৰ দুখ সহন কৰিবলৈ আপোনাক সহায় কৰিব।

“মৃত্যুৰ দুখ কেনেকৈ সহন কৰিব পাৰি?” (সচেতন থাকক! নং ৩ ২০১৮)

বাইবেলৰ পৰামৰ্শ সেই লোকসকলক সঁচাকৈ সহায় কৰিব পাৰেনে, যিসকলে নিজৰ পৰিয়ালৰ লোক আৰু বন্ধুক মৃত্যুত হেৰুৱাইছে?

যেতিয়া আমি নিজৰ আপোনজনাক মৃত্যুত হেৰুৱাওঁ (৫:০৬)

যেতিয়া কাৰোবাৰ মৃত্যু হয়, তেতিয়া লʼৰা-ছোৱালীয়ে সেই দুখ সহন কৰিবলৈ কি কৰিব পাৰে?

মুক্তিপণ (২:০৭)

স্বৰ্গত জীয়াই থাকিবলৈ কাৰোবাক জীয়াই তোলা (বা পুনৰুত্থান কৰা) হʼবনে? আনহাতে কোন লোকসকলক আকৌ জীয়াই তোলা নহʼব?

“পুনৰুত্থানৰ অৰ্থ কি?” (ৱেবছাইটত দিয়া লেখ)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক