পাঠ ৫৩
যিহোৱাই আনন্দিত হোৱা মনোৰঞ্জন বাছনি কৰক
যিহোৱা হৈছে ‘পৰম-ধন্য ঈশ্বৰ।’ (১ তীমথিয় ১:১১) সেইবাবে, আমিও আনন্দত থকাটো তেওঁ বিচাৰে। কাম কৰাৰ উপৰিও আমি নিজৰ কাৰণে সময় উলিওৱা, আৰাম কৰা, নিজৰ পৰিয়াল আৰু বন্ধুসকলৰ লগত আনন্দ-ফূৰ্তি কৰাটো যিহোৱাই বিচাৰে। আজৰি সময়ত আমি কি কৰিব পাৰোঁ যাতে আমাৰ লগতে যিহোৱাও আনন্দিত হয়? আহক এই বিষয়ে আলোচনা কৰোঁ।
১. মনোৰঞ্জন বাছনি কৰাৰ সময়ত আমি কি কথা মনত ৰখা উচিত?
কিছুমান লোকে আজৰি সময়ত কিতাপ পঢ়ি, ইন্টাৰনেট চলাই, গান শুনি আৰু চিনেমা চাই ভাল পায়। আন কিছুমান লোকে নিজৰ বন্ধুসকলৰ লগত বাহিৰত খোৱা-বোৱা কৰি বা খেল খেলি ভাল পায়। আপুনি আজৰি সময়ত কি কৰি ভাল পায়? আপুনি ভাল পোৱা কামটো ‘প্ৰভুৰ বাবে সন্তোষজনক’ হয় নে নহয়, সেয়া আমি ধ্যান দিয়া উচিত। (ইফিচীয়া ৫:৯) এইদৰে কৰাটো কিয় প্ৰয়োজন? কিয়নো আজি কালি বেছিভাগ মনোৰঞ্জনত এনে বিষয়বোৰ জড়িত থাকে, যিবোৰ যিহোৱাই ঘিণ কৰে। যেনে, মাৰ-পিট, অনৈতিক যৌন সম্পৰ্ক আৰু যাদুবিদ্যা। (গীতমালা ১১:৫ পঢ়ক।) তেনেহʼলে আমি কেনেকৈ ভাবি-চিন্তি ভাল মনোৰঞ্জন বাছনি কৰিব পাৰোঁ?
পাঠ ৪৮-ত আমি শিকিছিলোঁ যে “জ্ঞানীবিলাকৰ লগত আলাপ কৰা, তাতে তুমি জ্ঞানী হবা।” কিন্তু বাইবেলে কয় যে যদি আমি যিহোৱাৰ মানদণ্ড অনুসৰি নচলা লোকসকলৰ লগত বেছি সময় অতিবাহিত কৰোঁ, তেনেহʼলে আমি “ক্লেশ” ভোগ কৰিম। (হিতোপদেশ ১৩:২০) সেইবাবে, আমি যিহোৱাক প্ৰেম কৰা লোকসকলৰ লগত বন্ধুত্ব কৰা উচিত। এই বন্ধুসকলে আমাৰ ওপৰত ভাল প্ৰভাৱ পেলাব পাৰে আৰু আমি ভাল মনোৰঞ্জন বাছনি কৰিব পাৰিম।
২. মনোৰঞ্জনত আমি কিমান সময় দিওঁ, সেয়া আমি কিয় ধ্যান দিয়া উচিত?
মনোৰঞ্জন কৰাটো কোনো ভুল নহয়, কিন্তু মনোৰঞ্জনত আমি কিমান সময় দিছোঁ, সেয়া ধ্যান দিয়া উচিত। যদি আমি মনোৰঞ্জনত বেছি সময় দিওঁ, তেনেহʼলে আমি প্ৰয়োজনীয় কামবোৰ কৰিব নোৱাৰিম। সেইবাবে, ‘সুসময়ক কিনি লʼবলৈ’ বা নিজৰ সময় ভালদৰে ব্যৱহাৰ কৰিবলৈ বাইবেলে আমাক পৰামৰ্শ দিছে।—ইফিচীয়া ৫:১৫, ১৬ পঢ়ক।
গভীৰভাৱে ধ্যান দিয়ক
আপুনি কেনেকৈ ভাবি-চিন্তি মনোৰঞ্জন বাছনি কৰিব পাৰে? আহক এই বিষয়ে আলোচনা কৰোঁ।
৩. বেয়া মনোৰঞ্জনৰপৰা আঁতৰি থাকক
আমি কিয় ভাবি-চিন্তি মনোৰঞ্জন বাছনি কৰা উচিত? ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:
বৰ্তমান সময়ৰ কিছুমান মনোৰঞ্জন কেনেকৈ প্ৰাচীন ৰোমৰ খেল-ধেমালিৰ লগত মিল আছে?
মনোৰঞ্জনৰ বিষয়ে ডেনিয়ে কি শিকিলে?
ৰোমীয়া ১২:৯, ১০ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
ভাল মনোৰঞ্জন বাছনি কৰিবলৈ এই পদে আপোনাক কেনেকৈ সহায় কৰিব পাৰে?
যিহোৱাই কোনবোৰ কাম ঘিণ কৰে, এই বিষয়ে জানিবলৈ হিতোপদেশ ৬:১৬, ১৭ আৰু গালাতীয়া ৫:১৯-২১ পঢ়ক, প্ৰতিটো পদ পঢ়াৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
এই পদত কোৱা কোনবোৰ কাম বৰ্তমান সময়ৰ মনোৰঞ্জনবোৰত দেখিবলৈ পোৱা যায়?
ভাল মনোৰঞ্জন কেনেকৈ বাছনি কৰিব পাৰোঁ?
নিজকে সোধক:
এই মনোৰঞ্জনত এনে কিছুমান বিষয় জড়িত আছেনে, যিবোৰ যিহোৱাই ঘিণ কৰে?
প্ৰয়োজনীয় কামবোৰ কৰিবলৈ মোৰ ওচৰত সময় থাকিবনে?
যিহোৱাক প্ৰেম নকৰা লোকসকলৰ সম্পৰ্কত মই বাৰে বাৰে আহোঁ নেকি?
আমি বিপদৰপৰা আঁতৰি থাকিব বিচাৰোঁ। সেইবাবে, যদি কোনো এটা মনোৰঞ্জন ভাল নহয় বুলি আমি গম পাওঁ, তেনেহʼলে সেই মনোৰঞ্জনৰপৰা আমি আঁতৰি থকা উচিত
৪. নিজৰ সময় ভালদৰে ব্যৱহাৰ কৰক
ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
যদিও ভাইজনে একো বেয়া ভিডিঅʼ বা ছবি চোৱা নাছিল, কিন্তু তেওঁ আজৰি সময়ত যি কৰিছিল, সেয়া তেওঁৰ ওপৰত কি প্ৰভাৱ পেলালে?
ফিলিপীয়া ১:৯, ১০ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
মনোৰঞ্জনত বেছি সময় অতিবাহিত নকৰিবলৈ এই পদে আমাক কেনেকৈ সহায় কৰিব পাৰে?
৫. ভাল মনোৰঞ্জন কৰক
কিছুমান মনোৰঞ্জন যিহোৱাই ভাল নাপায়। কিন্তু যিহোৱাই ভাল পোৱা এনে বহুতো মনোৰঞ্জন আছে, যিবোৰ আমি উপভোগ কৰিব পাৰোঁ। উপদেশক ৮:১৫ আৰু ফিলিপীয়া ৪:৮ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
মনোৰঞ্জনত আপুনি কি কৰি ভাল পায়?
আপুনি এনেধৰণৰ মনোৰঞ্জন বাছনি কৰিব পাৰে, যিবোৰ যিহোৱাই ভাল পায় আৰু সেইবোৰ কৰি আপোনাকো ভাল লাগিব
কিছুমান লোকে কয়: “আজি কালি মনোৰঞ্জনত মাৰ-পিট, অনৈতিক কাম, যাদুবিদ্যাবোৰেই দেখুৱা হয়। মই কেৱল চাওঁহে, এইদৰে কৰা নাই নহয়।”
আপুনি কি উত্তৰ দিব?
আমি কি শিকিলোঁ
যিহোৱাই ভাল পোৱা মনোৰঞ্জন বাছনি কৰা আৰু তাৰপৰা আমি আনন্দ-ফূৰ্তি কৰাটো যিহোৱাই বিচাৰে।
আপুনি কেনেকৈ উত্তৰ দিব?
সত্য খ্ৰীষ্টানসকলে কেনেধৰণৰ মনোৰঞ্জনৰপৰা আঁতৰি থকা উচিত?
আমি মনোৰঞ্জনত কিমান সময় অতিবাহিত কৰোঁ, তাৰ ওপৰত কিয় ধ্যান দিয়া উচিত?
আপুনি কিয় যিহোৱাই আনন্দিত হোৱা মনোৰঞ্জন কৰিব বিচাৰে?
বেছিকৈ জানক
আপুনি কেনেধৰণৰ মনোৰঞ্জন কৰিব, সেয়া কোনে নিৰ্ণয় লোৱা উচিত? আহক চাওঁ।
“আপোনালোকে কিছুমান চিনেমা চাবলৈ, কিতাপ পঢ়িবলৈ অথবা গীত শুনিবলৈ নিষেধ কৰে নেকি?” (ৱেবছাইটত দিয়া লেখ)
যেতিয়া আপুনি আনন্দ-ফূৰ্তি কৰিব বিচাৰে, তেতিয়া আপুনি কি কথাৰ ওপৰত ধ্যান দিয়া উচিত? আহক চাওঁ।
“আপুনি কৰা মনোৰঞ্জন ভালনে?” (প্ৰহৰীদুৰ্গ-হিন্দী, অক্টোবৰ ১৫, ২০১১)
“পক্ষপাতৰ ভাবনা মই মনৰপৰা উলিয়াই পেলালোঁ,” এই জীৱন কাহিনীত এজন ব্যক্তিয়ে ভাল মনোৰঞ্জন কৰা নাছিল। কিন্তু পাছত তেওঁ কিছুমান সাল-সলনি কৰিলে। তেওঁ কিয় এইদৰে কৰিলে? আহক চাওঁ।
এগৰাকী মাতৃয়ে টিভি চাই থকাৰ সময়ত এটা চেনেলত ভুত-প্ৰেতৰ কাহিনী দেখুৱা হৈছিল। তেওঁ সেই বিষয়ে কেনেকৈ সঠিক নিৰ্ণয় লʼব পাৰিলে, আহক চাওঁ।