ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w৯৯ ১/১৫ পৃষ্ঠা ১০-১৫
  • পবিত্ৰ হাত দাঙি প্ৰাৰ্থনা কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পবিত্ৰ হাত দাঙি প্ৰাৰ্থনা কৰক
  • ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • প্ৰাৰ্থনাত উন্নত চিন্তাধাৰা প্ৰকাশ কৰক
  • শ্ৰদ্ধাৰে ঈশ্বৰৰ কাষ চাপক
  • নম্ৰতাৰে প্ৰাৰ্থনা কৰক
  • হৃদয়ৰ পৰা কৰা প্ৰাৰ্থনা
  • কৃতজ্ঞতা আৰু স্তুতিক স্মৰণ কৰা
  • প্ৰাৰ্থনা কৰিবলৈ কেতিয়াও লাজ অনুভৱ নকৰিব
  • প্ৰাৰ্থনাৰ পৰা সান্ত্বনা লাভ কৰক
  • বিশ্বাসী লোক প্ৰাৰ্থনাত লাগি থাকা
  • প্ৰাৰ্থনাৰ যোগেদি ঈশ্বৰৰ কাষ চাপক
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • প্ৰাৰ্থনা এক উপহাৰ হয়, ইয়াক মূল্যাংকন কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • প্ৰাৰ্থনা—এটা ডাঙৰ সন্মান
    বাইবেলে আমাক কি শিকায়?
  • প্ৰাৰ্থনাৰ দ্বাৰা ঈশ্বৰৰ কাষ চপা
    ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
আৰু চাওক
১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
w৯৯ ১/১৫ পৃষ্ঠা ১০-১৫

পবিত্ৰ হাত দাঙি প্ৰাৰ্থনা কৰক

“এতেকে পুৰুষবিলাকে, ক্ৰোধ আৰু বাদ-বিবাদ নোহোৱাকৈ সকলো ঠাইতে পবিত্ৰ হাত দাঙি প্ৰাৰ্থনা কৰক, এই মোৰ আজ্ঞা।”—১ তীমথিয় ২:৮.

১, ২. (ক) যিহোৱাৰ লোকসকলৰ প্ৰাৰ্থনাত ১ তীমথিয় ২:৮ পদটো কিদৰে অন্তৰ্ভূক্ত হৈ আছে? (খ) এতিয়া কি বিবেচনা কৰা হʼব?

যিহোৱাই লোকসকলৰ পৰা বিচাৰে তেওঁৰ প্ৰতি বিশ্বাসী হওঁক আৰু এজনে আনজনৰ প্ৰতি বিশ্বাসী হওঁক। পাঁচনি পৌলে প্ৰাৰ্থনাৰ সৈতে বিশ্বাসক জড়িত কৰি এইদৰে লিখিছিল: “এতেকে পুৰুষবিলাকে, ক্ৰোধ আৰু বাদ-বিবাদ নোহোৱাকৈ সকলো ঠাইতে পবিত্ৰ হাত দাঙি প্ৰাৰ্থনা কৰক, এই মোৰ আজ্ঞা।” (১ তীমথিয় ২:৮) স্পষ্টৰূপে পৌলে “সকলো ঠাইতে” খ্ৰীষ্টানসকলে একগোট হৈ কৰা ৰাজহুৱা প্ৰাৰ্থনাৰ সম্পৰ্কে উল্লেখ কৰিছিল। মণ্ডলীৰ সভাবিলাকত ঈশ্বৰৰ লোকসকলৰ হৈ কোনে প্ৰাৰ্থনাৰ প্ৰতিনিধিত্ব কৰে? পবিত্ৰ, ধৰ্ম্মীক, নম্ৰ ব্যক্তি যিজনে ঈশ্বৰৰ প্ৰতি থকা সকলো শাস্ত্ৰীয় দায়িত্ববোৰ পূৰ্ণ কৰে তেওঁহে কৰে। (উপদেশক ১২:১৩, ১৪) তেওঁলোকে আধ্যাত্মিক আৰু নৈতিকৰূপে শুদ্ধ আৰু বিনা কোনো সন্দেহে ঈশ্বৰৰ প্ৰতি সমৰ্পিত হোৱা আৱশ্যক।

২ বিশেষকৈ মণ্ডলীৰ প্ৰাচীনসকলে ‘পবিত্ৰ হাত দাঙি প্ৰাৰ্থনা কৰা’ উচিত। যীচু খ্ৰীষ্টৰ দ্বাৰা ঈশ্বৰলৈ তেওঁলোকৰ প্ৰাৰ্থনাই বিশ্বাসক প্ৰকাশ কৰে আৰু তেওঁলোকক ক্ৰোধ, বাদ-বিবাদ নকৰিবলৈ সহায় কৰে। আচলতে, যি ব্যক্তি খ্ৰীষ্টান মণ্ডলীৰ হৈ ৰাজহুৱাভাৱে প্ৰাৰ্থনা কৰে, তেওঁ নিশ্চয়ে ক্ৰোধী, কাৰোবাক অন্যায় কৰা আৰু যিহোৱা আৰু তেওঁৰ সংগঠনৰ প্ৰতি অবিশ্বাসী হোৱা উচিত নহয়। (যাকোব ১:১৯, ২০) যিসকলে ৰাজহুৱাভাৱে প্ৰাৰ্থনা কৰিবলৈ বিশেষ অধিকাৰ পায় তেওঁলোকৰ বাবে বাইবেলে কি সাহায্যৰ নিৰ্দেশন আগবঢ়াইছে? আৰু কিছুমান শাস্ত্ৰীয় তথ্য কি যিবোৰক আমি আমাৰ ব্যক্তিগত আৰু পৰিয়ালৰ প্ৰাৰ্থনাত প্ৰয়োগ কৰিব পাৰোঁ?

প্ৰাৰ্থনাত উন্নত চিন্তাধাৰা প্ৰকাশ কৰক

৩, ৪. (ক) ৰাজহুৱাভাৱে প্ৰাৰ্থনা কৰোঁতে উন্নত চিন্তাধাৰা প্ৰকাশ কৰাতো কিয় লাভজনক? (খ) দীঘলীয়া প্ৰাৰ্থনা কৰাৰ সম্পৰ্কে শাস্ত্ৰই কি নিৰ্দ্দেশিত কৰিছে?

৩ যদি আমাক ৰাজহুৱা প্ৰাৰ্থনা কৰিবলৈ কোৱা হয়, আমি প্ৰাৰ্থনাত নিশ্চয় কিছুমান উন্নত চিন্তাধাৰাক প্ৰকাশ কৰিম। এইধৰণে আমাৰ প্ৰাৰ্থনা দীঘলীয়া আৰু স্থিৰতা বজাই ৰাখি কিছুমান আৱশ্যকীয় বিষয়ক সম্পন্ন কৰিব পাৰোঁ। অৱশ্যে আমাৰ ব্যক্তিগত প্ৰাৰ্থনা উচ্চাৰণ কৰি আৰু দীঘলীয়াকৈ কৰিব পাৰোঁ। যীচুৱে ১২ জন পাঁচনিক নিৰ্বাচন কৰাৰ আগতে গোটেই ৰাতি প্ৰাৰ্থনা কৰি অতিবাহিত কৰিলে। যেতিয়া তেওঁ স্মৰণীয় পৰ্ব্ব আৰম্ভ কৰিছিল, তেতিয়া দ্ৰাক্ষাৰস আৰু পিঠাৰ কাৰণে চমু প্ৰাৰ্থনা কৰিছিল। (লূক ৬:১২-১৬; মাৰ্ক ১৪:২২-২৪) আমি জানো যে যীচুৰ চমু প্ৰাৰ্থনা সম্পূৰ্ণকৈ ঈশ্বৰৰ গ্ৰহণযোগ্য হৈছিল।

৪ ধৰি লওঁক আমি পৰিয়ালত আহাৰ কৰাৰ আগতে প্ৰাৰ্থনা কৰিবলৈ সুযোগ পাইছোঁ। এইধৰণৰ প্ৰাৰ্থনা সৰল আৰু চমুকৈ কৰিব পাৰে—কিন্তু আমি যি কʼম আহৰৰ প্ৰতি ধন্যবাদ প্ৰকাশ কৰা উচিত। আমি খ্ৰীষ্টান সভাৰ আগত বা পাছত ৰাজহুৱাভাৱে প্ৰাৰ্থনা কৰোঁতে বহুত বিষয়ক উল্লেখ কৰি দীঘলীয়াকৈ কৰা উচিত নহয়। যীচুৱে “দীঘল প্ৰাৰ্থনাৰে ছদ্মবেশ” ধৰাৰ কাৰণে অধ্যাপকসকলক নিন্দা কৰিছিল। (লূক ২০:৪৬, ৪৭) ঈশ্বৰীয় ব্যক্তিয়ে কেতিয়াও সেইটো কৰিবলৈ নিবিচাৰিব। কেতিয়াবা ৰাজহুৱাভাৱে অলপ দীঘলীয়া হোৱাটো যথোপযুক্ত হব পাৰে। উদাহৰণস্বৰূপে, এজন প্ৰাচীনে এখন অধিবেশনত সামৰণীৰ প্ৰাৰ্থনা কৰোঁতে তেওঁৰ প্ৰাৰ্থনাত উন্নত চিন্তাধাৰা আৰু বহুতো বিষয়ক প্ৰকাশ কৰা উচিত। তথাপি, এইধৰণৰ প্ৰাৰ্থনা অত্যন্ত দীঘলীয়া হোৱা উচিত নহয়।

শ্ৰদ্ধাৰে ঈশ্বৰৰ কাষ চাপক

৫. (ক) যেতিয়া ৰাজহুৱাভাৱে প্ৰাৰ্থনা কৰোঁ তেতিয়া আমি কি কথা মনত ৰখা উচিত? (খ) কিয় প্ৰাৰ্থনা মহিমাযুক্ত আৰু সন্মানীয় হোৱা আৱশ্যক?

৫ যেতিয়া আমি ৰাজহুৱাভাৱে প্ৰাৰ্থনা কৰোঁ তেতিয়া আমি মনত ৰখা উচিত যে আমি মানৱজাতিক সম্বোধন কৰা নাই। তাৰ পৰিৱৰ্তে আমি পাপী হোৱাৰ বাবে সৰ্ব্বশক্তিমান প্ৰভু যিহোৱাৰ আগত নিৱেদন কৰোঁ। (গীতমালা ৮:৩-৫, ৯; ৭৩:২৮) সেইবাবে আমি আমাৰ কথাৰে যাতে তেওঁক অসন্তুষ্ট নকৰোঁ তাৰবাবে শ্ৰদ্ধাপূৰ্ণ ভয় প্ৰদৰ্শন কৰা উচিত। (হিতোপদেশ ১:৭) গীতমালাৰ লিখকে গাইছে: “কিন্তু মই হলে, তোমাৰ প্ৰচুৰ দয়াতেই তোমাৰ গৃহত সোমাব পাৰোঁ; তোমাৰ পবিত্ৰ ধৰ্ম্মধামৰ ফাললৈ মুকৈ তোমাৰ ভয়ত প্ৰণিপাত কৰিব পাৰোঁ।” (গীতমালা ৫:৭) যদি আমাৰ সেই মনোবৃত্তি থাকে, আমি যিহোৱাৰ সাক্ষীসকলৰ সভাত ৰাজহুৱাভাৱে কৰা প্ৰাৰ্থনাত কেনেকৈ প্ৰকাশ কৰিব পাৰোঁ? যদি আমি কোনো মানৱ ৰজাৰ আগত কথা কৈছোঁ, আমি সন্মানপূৰ্ব্বক আৰু মহিমাৰে কথা কʼম। “চিৰস্থায়ী ৰজা” যিহোৱালৈ কৰা আমাৰ প্ৰাৰ্থনা তাতকৈ অধিক মহিমাযুক্ত আৰু সন্মানীয় হোৱা উচিত নহয়নে? (প্ৰকাশিত বাক্য ১৫:৩) সেইবাবে আমাৰ প্ৰাৰ্থনাত এইধৰণৰ বাক্য কব নালাগে যেনে, “নমষ্কাৰ, যিহোৱা,” “আমি আমাৰ মৰম পঠিয়াইছোঁ,” বা “আপোনাৰ দিন ভালে কুশলে যাওঁক।” শাস্ত্ৰই দেখুৱাইছে যে ঈশ্বৰৰ একমাত্ৰ পুত্ৰ, যীচু খ্ৰীষ্ট, তেওঁ কেতিয়াও স্বৰ্গীয় পিতৃক এইদৰে সম্বোধন কৰা নাছিল।

৬. আমি যেতিয়া ‘অনুগ্ৰহৰ সিংহাসনৰ ওচৰলৈ চাপোঁ’ তেতিয়া আমি কি মনত ৰখা উচিত?

৬ পৌলে কৈছিল: “এতেকে আহাঁ, আমি দয়া লাভ কৰিবলৈ, আৰু সময়ৰ উপযুক্ত উপকাৰৰ অৰ্থে অনুগ্ৰহ পাবলৈ, সাহেৰে অনুগ্ৰহৰ সিংহাসনৰ ওচৰলৈ চাপি যাওঁহঁক।” (ইব্ৰী ৪:১৬) আমি যীচু খ্ৰীষ্টৰ বলিদানত বিশ্বাস কৰি আমাৰ পাপী অৱস্থাৰ বিষয়ে “স্পষ্টকৈ কব পাৰোঁ।” (পাঁচনিৰ কৰ্ম্ম ১০:৪২, ৪৩; ২০:২০, ২১) অৱশ্যে, ‘স্পষ্টকৈ কব পাৰোঁ’ অৰ্থ এইটো নহয় যে আমি যিহোৱাৰ সৈতে অনৰ্গল কথা পাতি থাকিম নতুবা অসন্মানীয় কথা তেওঁক কʼম। আমাৰ ৰাজহুৱা প্ৰাৰ্থনাৰে যিহোৱাক আনন্দিত কৰিবলৈ, আমি নিশ্চয় সঠিক সন্মান আৰু মহিমাৰে কৰা উচিত আৰু ইয়াৰ দ্বাৰা ঘোষণা, ব্যক্তিগত পৰামৰ্শ, বা জনসাধাৰণক ভাষণ দিয়াটো উচিত নহয়।

নম্ৰতাৰে প্ৰাৰ্থনা কৰক

৭. যিহোৱাৰ মন্দিৰ সমৰ্পণ কৰাৰ সময়ত কিদৰে চলোমনে প্ৰাৰ্থনাত নম্ৰতা প্ৰকাশ কৰিছিল?

৭ আমি ৰাজহুৱাভাৱে প্ৰাৰ্থনা কৰোঁ বা ব্যক্তিগতভাৱে প্ৰাৰ্থনা কৰোঁ, শাস্ত্ৰৰ এটা মুখ্য বিষয় মনত ৰখা উচিত যে আমি আমাৰ প্ৰাৰ্থনাত নম্ৰ হোৱা প্ৰয়োজন। (২ বংশাৱলি ৭:১৩, ১৪) যিহোৱালৈ যিৰূচালেম মন্দিৰ সমৰ্পণ কৰোঁতে ৰজা চলোমন তেওঁৰ প্ৰাৰ্থনাত নম্ৰত গুণ প্ৰকাশ কৰিছিল। চলোমনে পৃথিবীৰ ভিতৰত আটাইতকৈ ঐশ্বৰ্য্যশালী মন্দিৰৰ নিৰ্মাণ কাম শেষ কৰিছিল। অৱশ্যে তেওঁ প্ৰাৰ্থনাত কৈছিল: “কিন্তু বাস্তৱিকে ঈশ্বৰে পৃথিবীত বাস কৰিব নে? চোৱা, স্বৰ্গই আৰু স্বৰ্গৰো স্বৰ্গই তোমাক ধাৰণ কৰিব নোৱাৰে।”—১ ৰাজাৱলি ৮:২৭

৮. কি ধৰণে আমি ৰাজহুৱা প্ৰাৰ্থনাত নম্ৰতা প্ৰকাশ কৰিব পাৰোঁ?

৮ চলোমনৰ দৰে, যেতিয়া আনক প্ৰতিনিধিত্ব কৰি প্ৰাৰ্থনা কৰোঁ তেতিয়া আমি নম্ৰ হোৱা উচিত। যদিও আমি কপটীয়াৰূপে প্ৰাৰ্থনা নকৰিম, প্ৰাৰ্থনাত কোৱা কথাৰ সুৰ নম্ৰ কৰিব পাৰোঁ। নম্ৰ প্ৰাৰ্থনা অভিমানী বা নাটকীয় হব নালাগে। সেইবিলাকৰ দ্বাৰা প্ৰাৰ্থনা কৰা ব্যক্তিজনলৈ ধ্যান নিদিব, কিন্তু যাক সম্বোধন কৰিব তাক ধ্যান দিব। (মথি ৬:৫) প্ৰাৰ্থনাত আমি যি কʼম তাৰ দ্বাৰাও আমাৰ নম্ৰতা প্ৰকাশিত হʼব। যদি আমি নম্ৰতাৰে প্ৰাৰ্থনা কৰোঁ, ঈশ্বৰলৈ আমি কোনো বিষয়ে কৰা প্ৰাৰ্থনাৰ সুৰ এনেকৈ নহব, যেনেকৈ আমি তেওঁৰ পৰা কিবা বিচাৰি দাবী কৰিছোঁ। তাৰ পৰিৱৰ্তে, আমি এইদৰে প্ৰাৰ্থনা কৰিম যে যি প্ৰাৰ্থনাই যিহোৱাক তেওঁৰ ইচ্ছাৰ সামঞ্জস্য অনুসৰি কাৰ্য্য কৰিম। গীতমালাৰ লিখকে সঠিক মনোভাৱৰে বৰ্ণনা কৰি কৈছিল: “হে যিহোৱা, বিনয় কৰোঁ, পৰিত্ৰাণ কৰা। হে যিহোৱা, বিনয় কৰোঁ, শুভ কৰা।”—গীতমালা ১১৮:২৫; লূক ১৮:৯-১৪.

হৃদয়ৰ পৰা কৰা প্ৰাৰ্থনা

৯. মথি ৬:৭ পদত যীচুৱে কোৱা কি উত্তম পৰামৰ্শ পোৱা যায়, আৰু ইয়াক কেনেকৈ প্ৰয়োগ কৰিব পাৰি?

৯ যদি আমাৰ ৰাজহুৱা প্ৰাৰ্থনা বা ব্যক্তিগত প্ৰাৰ্থনাৰে যিহোৱাক সন্তুষ্ট কৰিব বিচাৰোঁ, সেই প্ৰাৰ্থনাবোৰ হৃদয়ৰ পৰা কৰা উচিত। এইদৰে আমি প্ৰাৰ্থনাৰ প্ৰণালীক পুনৰবৃতি নকৰিম আৰু নভৱা নিচিন্তাকৈ কোনো কথা নকম। যীচুৱে তেওঁৰ পৰ্ব্বতীয়া উপদেশত এইদৰে কৈছিল: “আৰু প্ৰাৰ্থনা কৰা কালত তুমি পৰজাতিবিলাকৰ নিচিনাকৈ অনৰ্থক পুনৰুক্তি নকৰিবা; কিয়নো তেওঁবিলাকৰ বেচি কথাৰ কাৰণে শুনা যাব বুলি তেওঁবিলাকে ভাবে।” আন শব্দত কবলৈ গলে যীচুৱে কৈছিল: “নিৰৰ্থক কথাক পুনৰুক্তি নকৰিবা; এনেয়ে একেটা কথাকে বাৰে বাৰে কৈ নাথাকিবা।”—মথি ৬:৭.

১০. একেই বিষয়ত এবাৰতকৈ বেছি বাৰ প্ৰাৰ্থনাত উল্লেখ কৰাটো কিয় উপযুক্ত হʼব?

১০ অৱশ্যে, আমি একেটা বিষয়ৰ সম্পৰ্কে বাৰে বাৰে উল্লেখ কৰিব পাৰোঁ। তেনে কৰাটো ভুল নহব কাৰণ যীচুৱে কৈছিল: “খোজা, তেহে তোমালোকক দিয়া হব; টুকৰিওৱা, তেহে তোমালোকলৈ দুৱাৰ মুকলি কৰা হব। (মথি ৭:৭) সম্ভৱতঃ এটা নতুন ৰাজ্য গৃহৰ আৱশ্যকতা আছে কিয়নো যিহোৱাই স্থানীয় প্ৰচাৰ কাৰ্য্যক কৃতকাৰ্য্য কৰে। (যিচয়া ৬০:২২) আমি যেতিয়া ব্যক্তিগত বা ৰাজহুৱাভাৱে যিহোৱাৰ লোকসকলৰ সভাত প্ৰাৰ্থনা কৰোঁ তেতিয়া এই সম্পৰ্কে একেৰাহে উল্লেখ কৰাতোঁ সঠিক হʼব। এইদৰে কৰাৰ অৰ্থ এইটো নহয় যে ‘নিৰৰ্থক কথাৰ পুনৰুক্তি কৰা।’

কৃতজ্ঞতা আৰু স্তুতিক স্মৰণ কৰা

১১. ফিলিপীয়া ৪:৬, ৭ পদটো কিদৰে ব্যক্তিগত বা ৰাজহুৱা প্ৰাৰ্থনাত প্ৰয়োগ কৰিব পাৰি?

১১ বহুতে মাত্ৰ কিবা বিচাৰি প্ৰাৰ্থনা কৰে, কিন্তু যিহোৱাৰ প্ৰতি থকা আমাৰ প্ৰেমে, ব্যক্তিগত আৰু ৰাজহুৱা প্ৰাৰ্থনাত তেওঁক ধন্যবাদ আৰু স্তুতি কৰিবলৈ প্ৰেৰিত কৰিব। পৌলে লিখিছিল: “তোমালোকে একোলৈ চিন্তা নকৰিবা কিন্তু সকলো বিযয়তে তোমালোকৰ যাচ্‌না, ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে ঈশ্বৰৰ আগত জনোৱা হওক। তাতে সকলো বুদ্ধিতকৈ উত্তম যি ঈশ্বৰৰ শান্তি, সেয়ে যীচু খ্ৰীষ্টত তোমালোকৰ হৃদয় আৰু মতিক পহৰা দিব।” (ফিলিপীয়া ৪:৬, ৭) হয়, নিৱেদন আৰু বিনতিৰ উপৰিও, আমি আধ্যাত্মিক আৰু ভৌতিক আশীৰ্ব্বাদৰ বাবে যিহোৱাক প্ৰাৰ্থনাৰ দ্বাৰা ধন্যবাদ দিয়া উচিত। (হিতোপদেশ ১০:২২) গীতমালাৰ লিখকে এইদৰে গাইছিল: “তুমি ঈশ্বৰৰ উদ্দেশে স্তুতিৰূপ বলি উৎসৰ্গ কৰা, সৰ্ব্বোপৰি জনাৰ উদ্দেশে তোমাৰ সঙ্কল্প সিদ্ধ কৰা।” (গীতমালা ৫০:১৪) আৰু দায়ূদৰ প্ৰাৰ্থনাপূৰ্বক গীতত হৃদয়স্পৰ্শী বাক্য অন্তৰ্ভূক্ত আছে: “মই এটি গানেৰে ঈশ্বৰৰ নামৰ প্ৰশংসা কৰিম, ধন্যবাদেৰে তেওঁক গৌৰৱম্বিত কৰিম।” (গীতমালা ৬৯:৩০) আমি আমাৰ ব্যক্তিগত আৰু ৰাজহুৱাভাৱে কৰা প্ৰাৰ্থনাত তেনে কৰা উচিত নহয়নে?

১২. গীতমালা ১০০:৪, ৫ পদটো বৰ্তমান সময়ত কেনেকৈ পূৰ্ণ হৈছে আৰু কি কাৰণে আমি ঈশ্বৰক ধন্যবাদ আৰু স্তুতি কৰিব পাৰোঁ?

১২ ঈশ্বৰৰ সম্পৰ্কে গীতমালাৰ লিখকে গাইছিল: “ধন্যবাদেৰে তেওঁৰ দুৱাৰবোৰত, আৰু প্ৰশংসাৰে তেওঁৰ চোতাল কেইখনত সোমোৱা; তেওঁৰ স্তুতি কৰা, তেওঁৰ ধন্যবাদ কৰা। কিয়নো যিহোৱা মঙ্গলময়, তেওঁৰ দয়া চিৰস্থায়ী; তেওঁৰ বিশ্বস্ততা সৰ্ব্বপুৰুষলৈকে থাকে।” (গীতমালা ১০০:৪, ৫) বৰ্তমান সময়ত সকলো জাতিৰ লোকে যিহোৱাৰ পবিত্ৰ চোতালত প্ৰৱেশ কৰিছে, আৰু সেইকাৰণে আমি যিহোৱাক ধন্যবাদ আৰু স্তুতি দিব পাৰোঁ। আপুনি স্থানীয় ৰাজ্যগৃহৰ বাবে আৰু তেওঁক যিসকলে ভাল পাই তেওঁলোকৰ সৈতে নিয়মীয়কৈ একত্ৰিত হৈ আপোনাৰ প্ৰশংসা প্ৰৰ্দশন কৰি ঈশ্বৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছেনে? যেতিয়া তাত উপস্থিত থাকে, তেতিয়া স্বৰ্গীয় পিতৃলৈ আমাৰ প্ৰেম প্ৰদৰ্শন কৰিবলৈ হৃদয়ৰে উচ্চ সুৰত গীত গাই স্তুতি আৰু ধন্যবাদ দিছেনে?

প্ৰাৰ্থনা কৰিবলৈ কেতিয়াও লাজ অনুভৱ নকৰিব

১৩. যদিও আমি ভুল কৰাৰ কাৰণে অযোগ্য অনুভৱ কৰোঁ কোনটো শাস্ত্ৰীয় উদাহৰণে দেখুৱাইছে যে যিহোৱালৈ আমি মিনতি কৰা উচিত?

১৩ যদিও আমি কৰা ভুলৰ বাবে অযোগ্য অনুভৱ কৰোঁ, আমি ঈশ্বৰলৈ ঘুৰি আন্তৰিকতাৰে নিৱেদন কৰা উচিত। যেতিয়া ইস্ৰায়েলসকলে পৰজাতিৰ ছোৱালীবিলাকক পত্নীৰূপে স্বীকাৰ কৰি পাপ কৰিছিল ইজ্ৰায়ে শোক প্ৰকাশ কৰি আঁঠু পাৰি ঈশ্বৰলৈ তেওঁৰ পবিত্ৰ হাত মেলিছিল, আৰু নম্ৰভাৱে প্ৰাৰ্থনা কৰিছিল: “হে মোৰ ঈশ্বৰ, মোৰ ঈশ্বৰ যি তুমি, তোমালৈ মুখ তুলিবলৈ মই লজ্জিত আৰু বিবৰ্ণ হৈছোঁ; কিয়নো আমাৰ অপৰাধ বাঢ়ি আমাৰ মূৰৰ ওপৰলৈকে উঠিছে, আৰু আমাৰ দোষ বাঢ়ি আকাশ-মণ্ডলত লাগিছে। আমাৰ পূৰ্ব্ব-পুৰুষবিলাকৰ দিনৰে পৰা আজিলৈকে আমি অতি দোষী হৈ আহিছোঁ; . . . আমাৰ ঈশ্বৰ যি তুমি, তুমি আমাৰ অপৰাধৰ যোগ্যত্‌কৈ কম দণ্ড দি, আমাৰ এই অৱশিষ্ট ভাগ ৰাখিলা; এই দেখি, আমাৰ কুক্ৰিয়াবোৰৰ আৰু মহাদোষৰ কাৰণে আমালৈ ঘটা সকলো অমঙ্গলৰ পাছতো, আমি তোমাৰ আজ্ঞাবোৰ পুনৰায় লঙ্ঘন কৰি, ঘিণলগা কাম কৰা এই জাতিবিলাকে সৈতে মিত্ৰতা কৰিম নে? কৰিলে, আমাৰ মাজত অৱশিষ্ট নথকাকৈ, বা পলাবলৈ কোনো নথকাকৈ আমাক সংহাৰ নকৰালৈকে তুমি ক্ৰুদ্ধ হৈ নাথাকিবা নে? হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, তুমি ধৰ্ম্মময়, কিয়নো আজিৰ নিচিনাকৈ, আমি ৰক্ষা পোৱা লোক অৱশিষ্ট আছোঁ; চোৱা আমি দোষী হৈ তোমাৰ সাক্ষাতে পৰি আছোঁ, কিয়নো ইয়াৰ কাৰণে আমি কোনেও তোমাৰ সাক্ষাতে থিয় হব নোৱাৰোঁ।”—ইজ্ৰা ৯:১-১৫; দ্বিতীয় বিবৰণ ৭:৩, ৪.

১৪. ইজ্ৰাৰ দিনত প্ৰদৰ্শন কৰি দেখুৱাৰ দৰে, ঈশ্বৰৰ ক্ষমা পাবলৈ কি কৰা আৱশ্যক?

১৪ ঈশ্বৰৰ ক্ষমা পাবলৈ, আমি নিশ্চয়ে অনুতাপ আৰু “মন-পালটনৰ উপযুক্ত ফলেৰে” অপৰাধ স্বীকাৰ কৰা উচিত। (লূক ৩:৮; ইয়োব ৪২:১-৬; যিচয়া ৬৬:২) ইজ্ৰাৰ দিনত, বিজাতীয় তিৰোতাবিলাকক ত্যাগ কৰাৰ দ্বাৰা মন-পালটন কৰিবলৈ চেষ্টা কৰিছিল। (ইজ্ৰা ১০:৪৪, NW; ২ কৰিন্থীয়া ৭:৮-১৩ লগত তুলনা কৰক।) যদি আমি গম্ভীৰ ভুলৰ কাৰণে ঈশ্বৰৰ পৰা ক্ষমা বিচাৰিছোঁ, তেনেহʼলে আহঁক আমি নম্ৰভাৱে প্ৰাৰ্থনা আৰু মন-পালটনৰ উপযুক্ত ফলেৰে অপৰাধ স্বীকাৰ কৰোঁহঁক। মন-পালটনৰ মনোবৃত্তি আৰু পাপ প্ৰায়চিত কৰাৰ ইচ্ছাই আমাক খ্ৰীষ্টান প্ৰাচীনসকলৰ পৰা আধ্যাত্মিক সহায় লবলৈ পৰিচালিত কৰিব।—যাকোব ৫:১৩-১৫.

প্ৰাৰ্থনাৰ পৰা সান্ত্বনা লাভ কৰক

১৫. হান্নাৰ উদাহৰণে কেনেকৈ দেখুৱাইছে যে আমি প্ৰাৰ্থনা কৰি সান্ত্বনা লাভ কৰিব পাৰোঁ?

১৫ যেতিয়া আমাৰ হৃদয় কোনো কাৰণত দুখী হয়, তেতিয়া আমি প্ৰাৰ্থনা কৰাৰ দ্বাৰা সান্ত্বনা লাভ কৰিব পাৰোঁ। (গীতমালা ৫১:১৭; হিতোপদেশ ১৫:১৩) বিশ্বাসী হান্নায়ে তেনেদৰে কৰিছিল। তাই ইস্ৰায়েলৰ সেই সময়ত বাস কৰিছিল যʼত সকলো পৰিয়ালত বহুত সন্তান জন্ম হৈছিল, কিন্তু তাইৰ কোনো সন্তান নাছিল। তাইৰ স্বামী ইল্‌কানাৰ আন পত্নীৰ পৰা লৰা-ছোৱালী জন্মিছিল, পিনিন্না, যি হান্নাক বাজী বুলি বেজাৰ দিছিল। হান্নাই হৃদয়েৰে প্ৰাৰ্থনা কৰি প্ৰতিজ্ঞা কৰিছিল যদি তাইৰ পুত্ৰ সন্তান জন্ম হয়, ‘সি জীয়াই থাকেমানে যিহোৱাৰ উদ্দেশে তাক দিব।’ প্ৰধান পুৰোহিত এলীৰ বাক্যৰ আৰু প্ৰাৰ্থনাৰ দ্বাৰা সান্ত্বনা লাভ কৰিলে, ‘তাইৰ মুখ আৰু বিবৰ্ণ নহল।’ হান্নাৰ এটা পুত্ৰ সন্তান জন্ম হʼল যাৰ নাম চমূৱেল ৰাখিলে। পাছলৈ, তাই চমূৱেলক যিহোৱাৰ মন্দিৰত সেৱা কৰিবলৈ পঠালে। (১ চমূৱেল ১:৯-২৮) ঈশ্বৰে দেখুৱা দয়াৰ বাবে তাই ধন্যবাদেৰে প্ৰাৰ্থনা কৰিলে। তাই যিহোৱাক মহিমা কৰিলে আৰু কলে যে তেওঁৰ তুল্য কোনো নাই। (১ চমূৱেল ২:১-১০) হান্নাৰ দৰে আমিও প্ৰাৰ্থনাৰ পৰা সান্ত্বনা লাভ কৰিব পাৰোঁ আৰু নিশ্চিত হব পাৰোঁ যে ঈশ্বৰে তেওঁ ইচ্ছা অনুসাৰে কৰা প্ৰাৰ্থনাৰ উত্তৰ দিব। যেতিয়া আমি তেওঁক আমাৰ সম্পূৰ্ণ হৃদয় দিম আমি “বিবৰ্ণ” নহম কিয়নো তেওঁ আমাৰ ভাৰ গুচাই পেলাব বা আমাক সহন কৰিবলৈ শক্তি দিব।—গীতমালা ৫৫:২২.

১৬. যাকোবৰ উদাহৰণৰ দৰে, আমি যেতিয়া ভয়ভীত হওঁ বা ব্যাকুল হওঁ তেতিয়া কিয় প্ৰাৰ্থনা কৰা উচিত?

১৬ যদি পৰিস্থিতি ভয়ানক, হৃদয়ত দুখজনক বা দুশ্চিন্তাগ্ৰস্ত হয়, আহক আমি যিহোৱালৈ প্ৰাৰ্থনাত সান্ত্বনা লাভ কৰিবলৈ সহায় বিচাৰিম। (গীতমালা ৫৫:১-৪) যাকোবে যেতিয়া তেওঁৰ বিচ্ছেদ ঘটা ককাইয়েক এচৌক লগ কৰিবলৈ গৈছিল তেতিয়া তেওঁ ভয়ভীত হৈছিল। যাকোবে এইদৰে প্ৰাৰ্থনা কৰি কৈছিল: “হে মোৰ পিতৃ অব্ৰাহামৰ আৰু মোৰ পিতৃ ইচ্‌হাকৰো ঈশ্বৰ যিহোৱা, তুমি মোক কৈছিলা, যে, তোমাৰ দেশলৈ আৰু তোমাৰ জ্ঞাতিবিলাকৰ ওচৰলৈ উভটি যোৱা মই তোমাৰ মঙ্গল কৰিম। তুমি নিজৰ দাসলৈ যি সকলো দয়া আৰু সত্য ব্যৱহাৰ কৰিলা, মই তাৰ এফেৰিও যোগ্য নহওঁ, কিয়নো মই হাতৰ লাখুটিডালিৰে মাথোন এই যৰ্দ্দন নদী পাৰ হৈ গৈছিলোঁ; কিন্তু এতিয়া মই দুদল হলোঁ। মই মিনতি কৰোঁ, মোৰ ককাই এচৌৰ হাতৰ পৰা মোক ৰক্ষা কৰা; কাৰণ তেওঁ আহি মোক, আৰু মাকে সৈতে লৰাবিলাকক বধ কৰিব বুলি মই তেওঁলৈ ভয় কৰিছোঁ; তুমি কৈছিলা, মই নিশ্চয়ে তোমাৰ মঙ্গল কৰিম; আৰু সাগৰৰ যি বালি বাহুল্যৰ কাৰণে গণিব নোৱাৰি, তাৰ দৰে মই তোমাৰ বংশ বৃদ্ধি কৰিম।’” (আদিপুস্তক ৩২:৯-১২) এচৌই যাকোব আৰু তেওঁৰ অনুচৰবৰ্গক আক্ৰমণ নকৰিলে। এইদৰে যিহোৱাই সেই সময়ত যাকোবক “মঙ্গল” কৰিলে।

১৭. গীতমালা ১১৯:৫২ পদৰ অনুসৰি আমি যেতিয়া শোকাগ্ৰস্ত হওঁ প্ৰাৰ্থনাই আমাক কেনেকৈ সান্ত্বনা দিব পাৰে?

১৭ আমি মিনতি কৰা সময়ত, ঈশ্বৰৰ বাক্যক স্মৰণ কৰি সান্ত্বনা প্ৰাপ্ত কৰিব পাৰোঁ। গীতমালাত সকলোতকৈ দীঘল সুন্দৰ প্ৰাৰ্থনাত যাক গীতৰূপে গোৱা হৈছিল—হয়তো ৰাজকুমাৰ হিষ্কিয়াই এইদৰে গাইছিল: “হে যিহোৱা, মই তোমাৰ পূৰ্ব্বকালৰ শাসন-প্ৰণালীবোৰ সুঁৱৰি, নিজকে নিজে সান্ত্বনা দিলোঁ।” (গীতমালা ১১৯:৫২) যেতিয়া আমি অত্যন্তৰূপে পৰীক্ষিত হওঁ, আমি কৰা নম্ৰ প্ৰাৰ্থনাৰ দ্বাৰা বাইবেলৰ সিদ্ধান্ত বা নিয়ম অনুসাৰে চলি সান্ত্বানাৰ আশ্বাস পাব পাৰোঁ, যিয়ে স্বৰ্গীয় পিতৃক আনন্দিত কৰিব।

বিশ্বাসী লোক প্ৰাৰ্থনাত লাগি থাকা

১৮. ‘প্ৰতিজন সাধুৱে ঈশ্বৰক প্ৰাৰ্থনা কৰিব’ বুলি আমি কিয় কব পাৰোঁ?

১৮ যিসকল বিশ্বাসী লোক, তেওঁলোকে যিহোৱাৰ ইচ্ছাৰ অনুসাৰে ‘প্ৰাৰ্থনাত লাগি থাকে।’ (ৰোমীয়া ১২:১২) গীতমালা ৩২ অধ্যায়তো সম্ভৱতঃ দায়ূদে বৎচেবাৰ সৈতে পাপ কৰাৰ পাছত লিখিছিল, ইয়াত তেওঁৰ মৰ্মদাহী আৰু মনৰ ইচাট-বিচাট অৱস্থাৰ কথা বৰ্ণনা কৰিছে যেতিয়ালৈকে তেওঁ পাপ স্বীকাৰ কৰা নাছিল। আৰু যেতিয়া তেওঁ ঈশ্বৰৰ আগত নিজৰ অপৰাধ স্বীকাৰ কৰিলে তাৰ পাছত তেওঁ শান্তি পাইছিল। তেতিয়া দায়ূদে গাইছিল: “এই নিমিত্তে প্ৰতিজন সাধুৱে [কিয়নো যিহোৱাই হৃদয়েৰে মন-পালটন কৰা লোকক ক্ষমা কৰে] তোমাক পাব পৰা কালত তোমাৰ আগত প্ৰাৰ্থনা কৰক।”—গীতমালা ৩২:৬.

১৯. আমি কিয় পবিত্ৰ হাত দাঙি প্ৰাৰ্থনা কৰা উচিত?

১৯ যদি আমি যিহোৱা ঈশ্বৰৰ সৈতে ভাল সম্বন্ধ ৰাখোঁ, আমি তেওঁৰ দয়াৰ কাৰণে যীচুৰ মুক্তিপণৰ বলিদানৰ ভিক্তিত প্ৰাৰ্থনা কৰিব পাৰোঁ। বিশ্বাসৰ দ্বাৰা আমি তেওঁৰ অনুগ্ৰহৰ সিংহাসনৰ কাষ চাপি স্পষ্ট বাক্যৰে দয়া আৰু সময়ৰ অনুসাৰে সাহায্য লাভ কৰিব পাৰিম। (ইব্ৰী ৪:১৬) কিন্তু ইয়াত প্ৰাৰ্থনা কৰাৰ বহু কাৰণ আছে! সেইকাৰণে আহঁক আমি “নিৰন্তৰে প্ৰাৰ্থনা কৰি” ঈশ্বৰক হৃদয়ৰে মহিমা আৰু স্তুতি কৰোঁহঁক। (১ থিচলনীকীয়া ৫:১৭) আহঁক দিনে-ৰাতিয়ে আমি পবিত্ৰ হাত দাঙি প্ৰাৰ্থনা কৰোঁহঁক।

আপুনি কেনেকৈ উত্তৰ দিব?

◻ ৰাজহুৱাভাৱে কৰা প্ৰাৰ্থনাত উন্নত চিন্তাধাৰা প্ৰকাশ কৰি কি লাভ প্ৰাপ্ত কৰিব পাৰি?

◻ আমি কিয় সন্মান আৰু মৰ্য্যদাশীল হৈ প্ৰাৰ্থনা কৰা উচিত?

◻ আমি যেতিয়া প্ৰাৰ্থনা কৰোঁ কেনেধৰণৰ আত্মা প্ৰকাশ কৰা উচিত?

◻ আমি যেতিয়া প্ৰাৰ্থনা কৰোঁ তেতিয়া কিয় ধন্যবাদ আৰু স্তুতি কৰা উচিত?

◻ বাইবেলে কেনেকৈ দেখুৱাইছে যে আমি প্ৰাৰ্থনাৰ পৰা সান্ত্বনা পাব পাৰোঁ?

[Picture on page 12]

ৰজা চলোমনে যিহোৱাৰ মন্দিৰ সমৰ্পণৰ সময়ত কৰা প্ৰাৰ্থনাত নম্ৰতা প্ৰৰ্দশন কৰিছিল

[Picture on page 13]

হান্নাৰ দৰে, আপুনিও প্ৰাৰ্থনাৰ পৰা সান্ত্বনা লাভ কৰিব পাৰে

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক