পিতৃ-মাতৃৰ উদাহৰণে সন্তানক কি শিক্ষা দিয়ে?
“প্ৰিয় সন্তানবোৰৰ নিচিনাকৈ, তোমালোকে ঈশ্বৰৰ অনুকাৰী হোৱা; . . . প্ৰেম আচৰণ কৰা।”—ইফিচীয়া ৫:১, ২.
১. যিহোৱাই প্ৰথম মানৱ দম্পতীক কি ধৰণৰ পথ-পদৰ্শন দিছিল?
যিহোৱা হৈছে পৰিয়াল প্ৰতিষ্ঠাৰ উৎস। প্ৰথম মানৱ দম্পতীক পৰিয়ালৰূপে স্থাপন কৰি, তেওঁলোকক প্ৰজনন শক্তি দিয়াৰ বাবে আজিও সকলো পৰিয়ালে তেওঁৰ ওচৰত ঋণী হৈ আছে। (ইফিচীয়া ৩:১৪, ১৫) তেওঁ আদম আৰু হৱাক দায়ীত্বৰ মুল শিক্ষা দিলে আৰু ব্যক্তিগতৰূপে বিস্তাৰিত হোৱা সুযোগক আৰম্ভ কৰিবলৈ অনুমতি দিলে। (আদিপুস্তক ১:২৮-৩০; ২:৬, ১৫-২২) আদম আৰু হৱাই পাপ কৰাৰ পাছত পৰিস্থিতিৰ প্ৰতিকুলে পৰিয়ালৰ অৱস্থা বেছি জটিল হৈ পৰিল। কিন্তু যিহোৱা দয়ালু হোৱাৰ বাবে তেওঁৰ সেৱক সকলক এই পৰিস্থিতিৰ সৈতে সন্মূখীন হবলৈ পথ-পদৰ্শন দেখুৱালে।
২. (ক) যিহোৱাই কাৰ দ্বাৰাই লিখিত আৰু মৌখিক উপদেশ দিছিল? (খ) পিতৃ-মাতৃয়ে নিজকে কি প্ৰশ্ন সুধা আৱশ্যক?
২ আমাৰ মহান শিক্ষক যিহোৱাই তেওঁৰ লিখিত ব্যৱস্থাৰ উপৰিও নানা পথ-পদৰ্শন দিলে, যেনে আমি কি কৰা উচিত আৰু কি কৰা অনুচিত। প্ৰাচীন সময়ত প্ৰত্যেক পৰিয়ালৰ মুখীয়ালক উপদেশ দিবলৈ পুৰোহিত আৰু ভৱিষ্যতবক্তাৰ জৰিয়তে দিয়া তেওঁৰ লিখিত উপদেশৰ সৈতে মৌখিক পৰামৰ্শৰো জড়িত কৰিছিল। বৰ্তমান সময়ত কোনে এইধৰণৰ মৌখিক উপদেশ দিয়ে? তেওঁলোক হৈছে প্ৰাচীন আৰু পিতৃ-মাতৃ। যদি আপুনি এজন পিতৃ বা মাতৃ, আপুনি নিজৰ পৰিয়ালক যিহোৱাৰ মতে শিক্ষা দিছেনে?—হিতোপদেশ ৬:২০-২৩.
৩. কাৰ্য্যকাৰীৰূপে যিহোৱাৰ দিয়া শিক্ষাৰ পৰা পৰিয়ালৰ মূৰব্বীয়ে কি শিকিব পাৰে?
৩ পৰিয়ালত কেনেকৈ এই উপদেশবোৰ দিব পৰা যায়? যিহোৱাই তাৰ বাবে আৰ্হি ৰাখিলে। তেওঁ স্পষ্টকৈ বৰ্ণনা কৰিলে যে কি বেয়া আৰু কি ভাল, আৰু তেওঁ উদাৰভাৱে সেইবোৰক পুনৰ উনুকিয়াই। (যাত্ৰাপুস্তক ২০:৪, ৫; দ্বিতীয় বিবৰণ ৪:২৩, ২৪; ৫:৮, ৯; ৬:১৪, ১৫; যিহোচূৱা ২৪:১৯, ২০) তেওঁ চিন্তা-বিদাৰক প্ৰশ্নৰ ব্যৱহাৰ কৰে। (ইয়োব ৩৮:৪, ৮, ৩১) বাখ্যা আৰু জীৱনত প্ৰকৃততে ঘটা উদাহৰণ ব্যৱহাৰ কৰি, তেওঁ আমাৰ হৃদয় আৰু অনুভূতিক গঢ় দিয়ে। (আদিপুস্তক ১৫:৫; দানিয়েল ৩:১-২৯) পিতৃ-মাতৃ সকলে যেতিয়া সন্তানক প্ৰশিক্ষণ দিয়ে, তেতিয়া তেওঁলোকে নিজেও তাক পালন কৰেনে?
৪. যিহোৱাই যি প্ৰকাৰে তেওঁৰ অনুশাসনমূলক ব্যৱস্থা কৰে তাৰ পৰা আমি কি জানিব পাৰোঁ, আৰু কিয় অনুশাসনৰ আৱশ্যক?
৪ যি সঠিক তাত যিহোৱা সদায় স্থিৰ, কিন্তু তেওঁ অশুদ্ধতাৰ ফলত মানৱৰ সৈতে ঘটা পৰিণামক বুজি পায়। সেই বাবে শাস্তি দিয়াৰ আগতে তেওঁ বাৰে বাবে সতৰ্ক বাণী দিয়ে আৰু পাপী মানৱক সুৱৰাই দিয়ে। (আদিপুস্তক ১৯:১৫, ১৬; যিৰিমিয়া ৭:২৩-২৬) তেওঁ অতিশয়ৰূপে নহয় কিন্তু সঠিকৰূপে অনুশাসনমূলক ব্যৱস্থা কৰে। (গীতমালা ১০৩:১০, ১১; যিচয়া ২৮:২৬-২৯) যদি আমিও সেই একেইদৰে আমাৰ লৰা-ছোৱালীৰ সৈতে আচৰণ কৰিছোঁ, তেতিয়াহʼলে এই ধৰণৰ ব্যৱস্থাই আমি যে যিহোৱাক জানো তাৰ প্ৰমাণ দিব আৰু এইদৰে তেওঁলোকে অতি সহজে তেওঁক জানিব পাৰিব।—যিৰিমিয়া ২২:১৬; ১ যোহন ৪:৮.
৫. যিহোৱাই তেওঁৰ শুনা কাৰ্য্যৰ পৰা পিতৃ-মাতৃসকলে কি শিকিব পাৰে?
৫ এইটো আচৰ্য্যজনক যে যিহোৱা এজন প্ৰেমময় স্বৰ্গীয় পিতৃয়ে আমাৰ কথা শুনে। তেওঁ মাত্ৰ আদেশেই জাৰি নকৰে, কিন্তু তেওঁ আমাক আমাৰ মনৰ কথা তেওঁক কবলৈ উৎসাহিত কৰে। (গীতমালা ৬২:৮) যদি আমি কোৱা মনৰ কথা সঠিক নহয়, স্বৰ্গৰ পৰা তেওঁ ক্ৰোদ্ধ হৈ উত্তৰ নিদিয়ে। তেওঁ তেতিয়াও ধৈৰ্য্যৰে আমাক শিক্ষা দি থাকে। সেইবাবে পাঁচনি পৌলে দিয়া পৰামৰ্শ কিমান উপযুক্ত, তেওঁ কৈছিল: “প্ৰিয় সন্তানবোৰৰ নিচিনাকৈ, তোমালোকে ঈশ্বৰৰ অনুকাৰী হোৱা;” (ইফিচীয়া ৪:৩১-৫:১) পিতৃ-মাতৃসকলে তেওঁলোকৰ লৰা-ছোৱালীক শিক্ষা দান কৰোঁতে যিহোৱাক অনুকৰণ কৰিবলৈ, তেওঁ কিযে উত্তম উদাহৰণ প্ৰস্তুত কৰিলে! এনে উদাহৰণে আমাৰ হৃদয় স্পৰ্শ কৰে আৰু আমাক তেওঁৰ জীৱনৰ পথত চলিবলৈ অভিপ্ৰায় বঢ়ায়।
উদাহৰণতকৈ আৰ্হি ভাল
৬. পিতৃ-মাতৃৰ মনোবৃত্তি আৰু আৰ্হিয়ে তেওঁলোকৰ লৰা-ছোৱালীক কিধৰণে প্ৰভাৱিত কৰিব পাৰে?
৬ মৌখিক শিক্ষাতকৈ, আৰ্হিৰ দ্বাৰা লৰা-ছোৱালীয়ে বেছি প্ৰভাৱিত হয়। পিতৃ-মাতৃ পছন্দ কৰক বা নকৰক কিন্তু তেওঁলোকক লৰা-ছোৱালীয়ে অনুকৰণ কৰে। যেতিয়া তেওঁলোকৰ লৰা-ছোৱালীৰ মুখৰ পৰা এনেধৰণৰ কথা শুনে—পিতৃ-মাতৃ হয়তো আনন্দিত হʼব—বা কেতিয়াবা তেওঁলোকে হতাশ হʼব পাৰে। যেতিয়া পিতৃ-মাতৃৰ মনোবৃত্তিত গভীৰ আধ্যাত্মিকতা প্ৰকাশ পাই, ফলত তেওঁলোকৰ লৰা-ছোৱালীক সঠিকৈ প্ৰভাৱিত হয়।—হিতোপদেশ ২০:৭.
৭. যিপ্তাহে তেওঁৰ জীয়েকৰ কাৰণে কি ধৰণৰ আৰ্হি প্ৰস্তুত কৰিলে?
৭ বাইবেলত উত্তমৰূপে পিতৃ-মাতৃৰ আৰ্হিৰ পৰিণামক বাখ্যা কৰা হৈছে। যিপ্তাহ এজন পিতৃ আছিল যি জনক অম্মোনৰ উপৰত বিজয়ী হবলৈ যিহোৱাই পৰিচালিত কৰিছিল। অম্মোনক দিয়া যিপ্তাহৰ লিখনীৰ পৰা এইটো দেখা গৈছে যে ইস্ৰায়লৰ সৈতে যিহোৱাই কৰা আচৰণৰ সম্পৰ্কে দিয়া বিৱৰণীক তেওঁ নিতৌ পঢ়িছিল। তেওঁ অকপটভাবে ইতিহাসৰ বাক্য উল্লেখ কৰিব পাৰিলে আৰু তেওঁ যিহোৱাৰ প্ৰতি থকা তেওঁৰ দৃঢ় বিশ্বাস প্ৰৰ্দশন কৰিলে। তেওঁৰ আৰ্হিয়ে তেওঁৰ জীয়েকক কুঁৱৰীৰূপে গোটেই জীৱন যিহোৱাক সেৱা কৰিবলৈ আত্মা বলিদান দিবলৈ সহায় কৰিলে।—বিচাৰকৰ্ত্তাবিলাক ১১:১৪-২৭, ৩৪-৪০; যিহোচূৱা ১:৮ পদ তুলনা কৰক।
৮. (ক) চমূৱেলৰ পিতৃ-মাতৃয়ে কি উত্তম মনোবৃত্তি প্ৰকাশ কৰিছিল? (খ) চমূৱেলে কেনেকৈ লাভৱান হʼল?
৮ লৰা কালত চমূৱেলে এক ভাল উদাহৰণ ৰাখিলে আৰু গোটেই জীৱন তেওঁ ঈশ্বৰৰ এজন বিশ্বাসী ভৱিষ্যতবক্তা হৈ থাকিল। আপুনি আপোনাৰ লৰা-ছোৱালীক তেনে কৰাটো বিচাৰিব নে? চমূৱেলৰ পিতৃ ইল্কানা আৰু মাতৃ হান্নাৰ আৰ্হিক বাখ্যা কৰক। যদিও তেওঁলোকৰ ঘৰুৱা অৱস্থা প্ৰতিকূলজনক নাছিল তেতিয়াও তেওঁলোকে উপাসনাৰ বাবে নিতৌ চীলোত গৈছিল, যʼত পবিত্ৰ তম্বু অৱস্থিত আছিল। (১ চমূৱেল ১:৩-৮, ২১) হান্নাই গভীৰ অনুভূতিৰে কৰা প্ৰাৰ্থনাৰ কথা বিবেচনা কৰক। (১ চমূৱেল ১:৯-১৩) তেওঁলোক দুয়োৱে ঈশ্বৰলৈ কৰা প্ৰতিজ্ঞাৰ পূৰ্ণতাৰ গুৰুত্ব বিষয়ে চিন্তা কৰক। (১ চমূৱেল ১:২২-২৮) নিসন্দেহে, তেওঁৰ চাৰিওফালে হৈ থকা বেয়া অৱস্থা অৰ্থাৎ যিহোৱাৰ প্ৰতি নিষ্ঠা নাৰাখা আৰু তেওঁক সন্মান নকৰা লোক থকা স্বত্তেও—পিতৃ-মাতৃৰ ভাল আৰ্হিয়ে চমূৱেলক ভাল গুণসমূহক বিকশিত কৰবলৈ সহায় কৰিলে। কালক্ৰমে যিহোৱাই চমূৱেলক ভৱিষ্যতবক্তাৰূপে কাৰ্য্য কৰিবলৈ দায়ীত্ব দিলে।—১ চমূৱেল ২:১১, ১২; ৩:১-২১.
৯. (ক) কিধৰণৰ ঘৰুৱা জীৱনৰ প্ৰভাৱে তীমথিয়ক উত্তমৰূপে গঢ়ি তুলিছিল? (খ) পাছলৈ তীমথিয় কি প্ৰকাৰৰ ব্যক্তি হৈ পৰিছিল?
৯ তীমথিয় নামৰ এজন ডেকাই পাঁচনী পৌলৰ সহকৰ্ম্মী হৈছিল, আপুনিও নিজ পুত্ৰক তেওঁৰ নিচিনা হোৱাটো বিচাৰেনে? তীমথিৰ পিতৃ এজন সত্যক বিশ্বাস নকৰা ব্যক্তি আছিল, কিন্তু তেওঁৰ মাতৃ আৰু তেওঁৰ আইতাকে আধ্যাত্মিক বিষয়ত ভাল আৰ্হি ৰাখিলে। ইয়াত কোনো সন্দেহ নাই যে উত্তম বুনিয়াদে তীমথিয়ক খ্ৰীষ্টান জীৱন নিৰ্বাহ কৰিবলৈ সহায় কৰিছিল। আমি জানোঁ যে তেওঁৰ মাতৃ উনীকী আৰু আইতাক লোয়ীৰ “অকল্পিত বিশ্বাস” আছিল।” তেওঁলোকে ভাণ্ডমীসকলৰ দৰে খ্ৰীষ্টান জীৱন নিৰ্বাহ কৰা নাছিল; প্ৰকৃততে তেওঁলোকে যি বিশ্বাস কৰিছিল সেইমতে জীৱন নিৰ্বাহ কৰিছিল, আৰু তেওঁলোকে তীমথিয়কো তেনে শিক্ষা দিছিল। তীমথিয় আনৰ নিৰ্ভৰযোগ্য পাত্ৰ আৰু তেওঁলোকৰ হকে যি ভাল তাক বিবেচনা কৰা ব্যক্তি আছিল।—২ তীমথিয় ১:৫; ফিলিপীয়া ২:২০-২২.
১০. (ক) ঘৰখনৰ বাহিৰত কি কি পৰিস্থিতিসমূহে আমাৰ লৰা-ছোৱালীক প্ৰভাৱিত কৰিব পাৰে? (খ) যেতিয়া আমাৰ লৰা-ছোৱালীৰ কথা-বতৰা বা আচাৰ-ব্যৱহাৰত তেনেধৰণৰ প্ৰভাৱ দেখিবলৈ পাওঁ তেতিয়া আমি কেনে প্ৰতিক্ৰিয়া দেখুৱা উচিত?
১০ আমাৰ লৰা-ছোৱালীৰ ওপৰত অকলমাত্ৰ ঘৰৰ ব্যক্তিসকলৰে প্ৰভাৱ নপৰে। তেওঁলোকৰ ওপৰত আন সকলৰো প্ৰভাৱ পৰিব পাৰে যেনে যি লৰা-ছোৱালীৰ সৈতে স্কুলত অহা-যোৱা কৰে, স্কুলৰ শিক্ষক যিসকলে কিশোৰ-কিশোৰিৰ ভাৱধাৰা সলনি কৰিব পাৰে, যিসকল ব্যক্তি সমাজৰ প্ৰচলিত নীতি নিয়ম বা ৰীতি-নীতি ত্যাগ কৰিব নিবিছাৰে, খেলজগতৰ এনে কিছুমান নায়ক যিসকলৰ নাম বিখ্যাত আৰু এনে কিছুমান নেতা আৰু চৰকাৰী অধিকাৰী যি সকলৰ নাম বাতৰি কাকতত দেখিবলৈ পোৱা যায়। লাখ সংখ্যক লৰা-ছোৱালীয়ে যুদ্ধত হোৱা অমানৱিক নিষ্ঠুৰতাৰ ফলত প্ৰভাৱিত হয়। যদি আমাৰ লৰা-ছোৱালীৰ ওপৰত এনে প্ৰভাৱ বিকশিত হোৱা দেখা যায়, ই আমাক আচৰিত কৰেনে? যেতিয়া তেওঁলোকে তেনেধৰণৰ আচৰণ কৰে আমি কিধৰণৰ প্ৰতিক্ৰিয়া দেখুৱাম? অত্যন্ত তিৰস্কাৰ আৰু কঠোৰ কথাৰে এই সমস্যাবোৰক সমাধান কৰিব পাৰিনে? আমাৰ লৰা-ছোৱালীক তৎক্ষণাত কোৱাৰ পৰিৱৰ্ত্তে, আমি নিজকে প্ৰশ্ন কৰাটো উচিত নহবনে যে ‘যিহোৱাৰ পথত এনে কোনো উপায় আছেনে যাৰ দ্বাৰা এই পৰিস্থিতিত আমি সহায় কৰিব পাৰিম?’—ৰোমীয়া ২:৪ পদ তুলনা কৰক।
১১. যেতিয়া পিতৃ-মাতৃয়ে ভুল কৰে, সেইটো তেওঁলোকৰ লৰা-ছোৱালীক কেনেকৈ প্ৰভাৱিত কৰিব পাৰে?
১১ অৱশ্যে, অসিদ্ধ পিতৃ-মাতৃয়ে সকলো সময়তে তেনেধৰণৰ পৰিস্থিতিক উত্তমৰূপে সমাধান কৰিব নোৱাৰে। তেওঁলোকে ভূল কৰিব পাৰে। লৰা-ছোৱালীয়ে যেতিয়া বিবেচনা কৰিব যে পিতৃ-মাতৃৰ প্ৰতি থকা তেওঁলোকৰ সন্মান কম হব? এইটো বিশেষকৈ তেতিয়া হব পাৰে যেতিয়া পিতৃ-মাতৃয়ে নিজৰ ভূলবিলাক লুকুৱাই ৰাখি লৰা-ছোৱালীক কঠোৰতা দেখুৱাব বিচাৰে তেতিয়াহʼলে বেয়া পৰিণাম হʼব পাৰে। কিন্তু যদি পিতৃ-মাতৃ নম্ৰ হয় আৰু মুক্তভাৱে তেওঁলোকৰ ভুল স্বীকাৰ কৰে তেন্তে তাৰ পৰিণাম বেলেগ হʼব পাৰে। এইদৰে কৰি পিতৃ-মাতৃয়ে তেওঁলোকৰ লৰা-ছোৱালীৰ বাবে ভাল আৰ্হি ৰাখিব পাৰে।—যাকোব ৪:৬.
আমাৰ আৰ্হিয়ে কি শিক্ষা দিয়ে
১২, ১৩. (ক)লৰা-ছোৱালীয়ে প্ৰেম সম্পৰ্কে কি শিকা আৱশ্যক, আৰু কেনেকৈ ইয়াক অধিক কাৰ্য্যকাৰীৰূপে শিকাব পৰা যায়? (খ) লৰা-ছোৱালীয়ে কিয় প্ৰেম সম্বন্ধে শিকা দৰকাৰ?
১২ যেতিয়া পিতৃ-মাতৃয়ে ভাল আৰ্হি ৰাখি মৌখিক উপদেশ দিয়ে সেইটো কাৰ্য্যকাৰী হʼব। তাৰে কিছুমানক বিবেচনা কৰক।
১৩ নিস্বাৰ্থ প্ৰেম প্ৰদৰ্শন কৰক: সকলোতকৈ গুৰুত্বপূৰ্ণ শিক্ষা হৈছে এক উত্তম আৰ্হিৰ দ্বাৰা শিকাব পাৰোঁ যে প্ৰেমৰ অৰ্থ কি। “তেৱেঁই [ঈশ্বৰে] প্ৰথমে আমাক প্ৰেম কৰিলে, এই নিমিত্তে আমিও প্ৰেম কৰোঁ।” (১ যোহন ৪:১৯) তেৱেঁই প্ৰেমৰ সুন্দৰ উদাহৰণ ৰাখিলে। বাইবেলত এই মুখ্য প্ৰেম অৰ্থাত আগাপে, সম্পৰ্কে ১০০ তকৈও বেছি বাৰ উল্লেখ কৰা হৈছে। এই গুণৰ দ্বাৰা সকলো প্ৰকৃত খ্ৰীষ্টানক চিনিব পৰা যায়। (যোহন ১৩:৩৫) এই ধৰণৰ প্ৰেম আমি ঈশ্বৰ আৰু যীচু খ্ৰীষ্ট আৰু এজনে আনজনক দেখুৱাব পাৰোঁ—দূৰ্ব্বল মানৱলৈও প্ৰকাশ কৰিব পাৰোঁ। (মথি ৫:৪৪, ৪৫; ১ যোহন ৫:৩) এই প্ৰেম আমি নিজৰ হৃদয় আৰু আমাৰ লৰা-ছোৱালীক সঠিক শিক্ষা দিওঁতে প্ৰকাশ কৰিব লাগে। কাৰ্য্যই বাক্যতকৈ বেছি জোৰে কাম কৰে। পৰিয়ালৰ ভিতৰত লৰা-ছোৱালীয়ে প্ৰেম আৰু তাৰ গুণসমূহক অনুভৱ কৰিব লাগে। ইয়াৰ অৱিহনে লৰা-ছোৱালীৰ শাৰীৰিক, মানসিক আৰু আৱেগিকৰূপে বৃদ্ধি হোৱাত বাধা সৃষ্টি হব পাৰে। স্পষ্টকৈ প্ৰেম প্ৰকাশ হোৱাটো লৰা-ছোৱালীৱে দেখা আৱশ্যক আৰু পৰিয়ালৰ বাহিৰতো আনৰ লগত আচৰণ কৰোঁতে প্ৰকাশ হোৱা আৱশ্যক।—ৰোমীয়া ১২:১০; ১ পিতৰ ৩:৮.
১৪. (ক) লৰা-ছোৱালীক কেনেকৈ কাম কৰিবলৈ শিকাব লাগে যাতে ই পাছলৈ আনন্দ কঢ়িয়াই আনিব? (খ) আপোনাৰ পৰিয়ালত কেনেকৈ ইয়াক কৰিব পাৰি?
১৪ কেনেকৈ কাৰ্য্য কৰিব লাগে তাক শিকক: কাৰ্য্য হৈছে জীৱনৰ এটা অতি আৱশ্যকীয় বুনিয়াদ। ব্যক্তিগত যোগ্যতাৰ অনুভৱ কৰিবলৈ এজন ব্যক্তিয়ে ভাল কাম কেনেকৈ কৰিব লাগে তাক শিকাৰ আৱশ্যক। (উপদেশক ২:২৪; ২ থিচলনীকীয়া ৩:১০) যদি এজন শিশুক এনে এটা কাম কৰিবলৈ কোৱা হয় যি বিষয়ত তাৰ কমমাত্ৰা জ্ঞান আছে আৰু পাছলৈ তেওঁক যদি ধমক দিয়া হয় যে কিয় ভালকৈ নকৰিলে, তেনেহʼলে তেনে কৰিলে শিশুজনে ভৱিষ্যতে উত্তমৰূপে কাৰ্য্য কৰিবলৈ নিৰুৎসাহিত হʼব। কিন্তু যেতিয়া লৰা-ছোৱালীয়ে মাক-দেউতাকৰ সৈতে কাম কৰে তেতিয়া তেওঁলোকৰ পিতৃ-মাতৃয়ে তেওঁলোকক উপযুক্তৰূপে প্ৰশংসা কৰা আৱশ্যক। তেনে কৰিলে পাছলৈ তেওঁলোকে আৰু ভালদৰে কাম কৰিবলৈ শিকিব আৰু ইয়ে পাছলৈ আনন্দ কঢ়িয়াই আনিব। যদি মাক-দেউতাকৰ আৰ্হি দেখুৱাত আগ ৰণুৱা হয়, তেনেহʼলে লৰা-ছোৱালীয়ে অকলমাত্ৰ কেনেকৈ কাম কৰিব লাগে সেইটোৱে নিশিকিব, কিন্তু তাৰ উপৰিও সমস্যাৰ সৈতে কেনেকৈ সন্মূখীন হʼব লাগে আৰু কেনেকৈ বিবেচনা কৰিব লাগে আৰু সিদ্ধান্ত লʼব লাগে তাকো শিকিব। তেনে আৰ্হিয়ে তেওঁলোকক যিহোৱাই যে কাম কৰি আছে, তেওঁৰ উত্তম কাৰ্য্য আৰু যীচুৱে যে তেওঁৰ পিতৃক অনুকৰণ কৰে তাৰ প্ৰতি মূল্যঙ্কান দেখুৱাবলৈ সহায় কৰিব। (আদিপুস্তক ১:৩১; হিতোপদেশ ৮:২৭-৩১; যোহন ৫:১৭) যদি এটা পৰিয়ালে খেতি কৰে বা সৰু ব্যৱসায় চলায়, পৰিয়ালৰ কিছুমান সদস্যও একেলগে কাম কৰিব পাৰে। বা মাকে পুতেকক বা জীয়েকক খাদ্য ৰন্ধা আৰু খোৱা-বোৱাৰ পাছত পৰিষ্কাৰ কৰিবলৈ শিকাব পাৰে। এজন পিতৃয়ে যি জনে চাকৰি কৰে, তেৱেঁ ঘৰত তেওঁৰ সন্তানৰ সৈতে একেলগে কাৰ্য্য কৰিবলৈ যোজনা প্ৰস্তুত কৰিব পাৰে। সেইটো কিমান যে লাভজনক হʼব যেতিয়া মাক-দেউতাকে লৰা-ছোৱালীৰ সৈতে কাম কৰি শেষ কৰাৰ কথায়ে অকল নাভাৱে, কিন্তু আগলৈ লৰা-ছোৱালীয়ে কেনেকৈ নিজৰ ভৰিত থিয় হবলৈ তাৰ বাবে এতিয়াৰ পৰা তৈয়াৰী কৰা সম্পৰ্কে বিবেচনা কৰা!
১৫. কি ধৰণে বিশ্বাসৰ শিক্ষা শিকাব পাৰি? বৰ্ণনা কৰক।
১৫ আপদৰ কালত বিশ্বাসী হৈ থকা: বিশ্বাসো আমাৰ জীৱনত এটা অতি আৱশ্যকীয় দিশ। যেতিয়া বিশ্বাসৰ বিষয়ে পৰিয়াল অধ্যয়নত আলোচনা কৰা হয়, তেতিয়া লৰা-ছোৱালীক ইয়াৰ বিষয়ে শিকাবলৈ বৰ্ণনা কৰক। অধ্যয়নৰ সময়ত তেওঁলোকে এই বিষয়ে শুনিলে যাৰ দ্বাৰা তেওঁলোকৰ হৃদয়ত বিশ্বাস উৎপন্ন হʼব। কিন্তু যেতিয়া তেওঁলোক দেখিব যে বিপদৰ সময়তো তেওঁলোকৰ মাক-দেউতাকে বিশ্বাসত অটল হৈ আছে, তেতিয়া ইয়াৰ দ্বাৰা তেওঁলোকৰ ওপৰত গভীৰভাৱে প্ৰভাৱ পৰিব, আৰু গোটেই জীৱন তেওঁলোকৰ বিশ্বাস অটল হৈ থাকিব। পানামাত থকা এগৰাকী বাইবেল বিদ্যাৰ্থীক তেওঁৰ স্বামীয়ে ধমক দিছিল যে যদি তেওঁ যিহোৱাক উপসনা কৰিবলৈ নেৰে তেনেহʼলে তেওঁক ঘৰৰ পৰা বাহিৰ কৰা হʼব। এতিয়াও সেই মহিলা গৰাকীয়ে তেওঁৰ চাৰিটা সৰু-সৰু সন্তানৰ সৈতে ১৬ কি.মি. খোজেৰে আহে আৰু ৩০ কি.মি. বাট বাচৰে অতিক্ৰম কৰি ওচৰত থকা ৰাজ্যৰ গৃহৰ সভাত একেৰাহে উপস্থিত হয়। তেওঁৰ তেনে আৰ্হিৰ বাবে উৎসাহিত হৈ পৰিয়ালৰ আন ২০ জন সদস্যই সত্যক আকোঁৱালী ললে।
দৈনিক বাইবেল পঢ়াৰ আৰ্হি ৰাখক
১৬. পৰিয়ালক কিয় নিতৌ বাইবেল পঢ়িবলৈ পৰামৰ্শ দিয়া হৈছে?
১৬ যিকোনো পৰিয়ালে সকলোতকৈ লাভজনক নিয়ম স্থাপন কৰিব পাৰে—এনে নিয়ম যাৰ দ্বাৰা পিতৃ-মাতৃয়ে লাভৱান হʼব আৰু লৰা-ছোৱালীয়ে অনুকৰণ কৰিবলৈ আৰ্হি হʼব—সেইটো হৈছে দৈনিক বাইবেল পাঠ কৰা। যদি সম্ভৱ, নিতৌ বাইবেলৰ কিছু অংশ পঢ়ক। কিমান পৰিমাণে পঢ়িব সেইটো আৱশ্যক নহয়। তাৰ ওপৰিও অৰ্থবোধকৰূপে নিতৌ আৰু যেনেকৈ আৱশ্যক তেনেদৰে পঢ়ক। বাইবেল পঢ়াৰ পৰিৱৰ্ত্তে লৰা-ছোৱালীৰ বাবে যদি নিজৰ ভাষাত বাইবেলৰ কাহিনীৰ মোৰ কিতাপ-ৰ অডিও কেছেট উপলব্ধ আছে, তেতিয়াহলে তাৰ অতিৰিক্ত শুনাৰ ব্যৱস্থা কৰিব পাৰে। নিতৌ ঈশ্বৰৰ বাক্য পঢ়াৰ দ্বাৰা আমাৰ ঈশ্বৰৰ ভাৱধাৰক বঢ়াই তুলিবলৈ সহায় হʼব। এইধৰণৰ বাইবেলৰ পাঠ কেৱল ব্যক্তিগতৰূপে পঢ়িব নালাগে কিন্তু পৰিয়ালৰূপে পাঠ কৰিব পাৰে, ইয়ে গোটেই ঘৰখনক যিহোৱাৰ পথত চলিবলৈ সহায় কৰিব। “ঈশ্বৰীয় জীৱনৰ পথ” অধিবেশনত প্ৰদৰ্শন কৰা নাটক পৰিয়ালসমূহ—আপোনালোকে নিজৰ জীৱনত নিতৌ বাইবেল পঢ়ক! ইয়াৰ দ্বাৰা সকলো পৰিয়ালক বাইবেল পঢ়িবলৈ উৎসাহিত কৰা হৈছিল।—গীতমালা ১:১-৩.
১৭. ইফিচীয়া ৬:৪ পদত দিয়া পৰামৰ্শক প্ৰয়োগৰ বাবে মুখ্য শাস্ত্ৰপদসমূহ স্মৰণ কৰিবলৈ পৰিয়ালৰ বাইবেল অধ্যয়নে কেনেকৈ সহায় কৰে?
১৭ পৰিয়ালৰূপে একেলগে বাইবেল পঢ়াৰ ফলত পৰস্পৰ কি একতা ৰাখিব পাৰে এই সম্বন্ধে পাঁচনি পৌলে ইফিচত থকা খ্ৰীষ্টানসকললৈ এখন চিঠিত এইদৰে লিখিছিল: “পিতৃবিলাক, তোমালোকে নিজ নিজ সন্তানবিলাকৰ খং নোতোলাবা; কিন্তু প্ৰভুৰ শিক্ষা আৰু চেতনাত তেওঁবিলাকক প্ৰতিপালন কৰা।” (ইফিচীয়া ৬:৪) ইয়াৰ অৰ্থ কি? “চেতনা” শব্দৰ আক্ষৰিক অৰ্থ হৈছে “মনত সুমুৱাই দিয়া”; সেইবাবে খ্ৰীষ্টান পিতৃসকলক অনুৰোধ কৰি কোৱা হৈছে যিহোৱা ঈশ্বৰৰ ভাৱধাৰা তেওঁলোকৰ সন্তানৰ মনত সুমুৱাই দিয়া—ঈস্বৰৰ ভাৱধাৰা জানিবলৈ সহায় কৰা। লৰা-ছোৱালীক মুখ্য শাস্ত্ৰীয় বচনসমূহ স্মৰণ কৰিবলৈ উৎসাহিত কৰি এই লক্ষ্যত উপনীত হবলৈ সহায়ক হʼব। যিহোৱাৰ ভাৱধাৰাই সন্তানৰ বিবেচনাক পথ-পদৰ্শন কৰিব যাতে পিতৃ-মাতৃ তেওঁলোকৰ সৈতে থাকক বা নাথাকক তেওঁলোকৰ ইচ্ছা আৰু আচৰণত একেৰাহে ঈশ্বৰীয় স্তৰসমূহ প্ৰকাশিত হʼব। এইধৰণৰ চিন্তাধাৰাৰ বাবে বাইবেলে হৈছে ইয়াৰ বুনিয়াদ।—দ্বিতীয় বিবৰণ ৬:৬, ৭.
১৮. যেতিয়া আমি বাইবেল পঢ়ো তেতিয়া এই বৰ্ণনা কৰা প্ৰশ্নসমূহ বুজিবলৈ কি কৰা আৱশ্যক (ক) স্পষ্টকৈ বুজিবলৈ? (খ) ইয়াৰ পৰামৰ্শসমূহৰ পৰা লাভ উঠাবলৈ? (গ) যিহোৱাৰ উদ্দেশ্যৰ বিষয়ে কি কয়? (ঘ) ইয়াত কোৱা লোকসমূহৰ বিচাৰধাৰা আৰু কাৰ্য্যৰ পৰা কেনেকৈ লাভৱান হব পাৰোঁ?
১৮ অৱশ্যে, যদি আমি বাইবেলে আমাৰ জীৱনক প্ৰভাৱিত কৰাটো বিচাৰোঁ, তেতিয়াহʼলে আমি ই কি কয় তাক বুজা আৱশ্যক। ইয়াক কৰিবলৈ বহুতৰ বাবে হয়তো পঢ়া অংশ এবাৰতকৈ বেছি বাৰ পঢ়া আৱশ্যক আছে। ইয়াৰ কিছু বাখ্যাক স্পষ্টৰূপে বুজিবলৈ, আমি হয়তো অভিধান বা শাস্ত্ৰপদসমূহত অন্তদৃষ্টি (ইংৰাজী) নামৰ পুস্তক চোৱা আৱশ্যক। যদি শাস্ত্ৰপদসমূহত পৰামৰ্শ বা আজ্ঞা দিয়া আছে, তেতিয়াহলে ইয়াৰ বাবে সময় লওঁক আৰু পৰিস্থিতিৰ সম্পৰ্কে আলোচনা কৰক যে আমাৰ সময়ত কেনেকৈ ইয়াক প্ৰয়োগ কৰিব পাৰি। আপুনি হয়তো নিজকে সুধিব পাৰে ‘কেনেকৈ ইয়াৰ পৰামৰ্শসমূহ আমাৰ বাবে লাভদায়ক হব পাৰে?’ (যিচয়া ৪৮:১৭, ১৮) যদি শাস্ত্ৰীয় বচনসমূহে যিহোৱাৰ উদ্দেশ্যৰ বিষয়ে কৈছে, তেতিয়াহলে প্ৰশ্ন কৰক ‘ইয়াৰ দ্বাৰা আমাৰ জীৱনত কেনেকৈ প্ৰভাৱিত হব?’ হয়তু আপুনি এনে বৃতান্ত পঢ়িছে যʼত লোকসমূহৰ মনোবৃত্তি আৰু কাৰ্য্যৰ বিষয়ে বৰ্ণনা কৰা আছে। তেওঁলোকৰ জীৱনত কি ধৰণৰ হেঁচা অনুভৱ কৰিছিল? তেওঁলোকে কেনেকৈ ইয়াৰ সৈতে সন্মূখীন হৈছিল? আমি তেওঁলোকৰ উদাহৰণৰ পৰা কেনেকৈ লাভ কৰিব পাৰোঁ? এই বৃতান্তৰ বৰ্ণনাসমূহে আমাৰ জীৱনত কি অৰ্থ ৰাখে তাক আলোচনা কৰিবলৈ সময় দিয়ক।—ৰোমীয়া ১৫:৪; ১ কৰিন্থীয়া ১০:১১.
১৯ আমাৰ মন আৰু হৃদয়ত ঈশ্বৰৰ ভাৱধাৰৰে সাঁচ বহুৱাবলৈ কি যে এক উত্তম পথ! এইদৰে আমি সঁচাকৈ “প্ৰিয় সন্তানবোৰৰ নিচিনাকৈ, তোমালোকে ঈশ্বৰৰ অনুকাৰী” হবলৈ সহায় হʼব। (ইফিচীয়া ৫:১) আৰু আমি এক ভাল আৰ্হি প্ৰস্তুত কৰিব পাৰিম যাক আমাৰ লৰা-ছোৱালীয়ে অনুকৰণ কৰিব পাৰে।
আপুনি স্মৰণ কৰেনে?
◻ যিহোৱাৰ আৰ্হিৰ পৰা মাক-দেউতাকে কেনেকৈ লাভৱান হব পাৰে?
◻ লৰা-ছোৱালীক শিক্ষা দিওঁতে মৌখিক উপদেশৰ সৈতে পিতৃ-মাতৃৰ ভাল আৰ্হিৰ কিয় আৱশ্যক?
◻ পিতৃ-মাতৃ আৰ্হিৰ পৰা কি কি শিক্ষা শিকিব পাৰি?
◻ পৰিয়ালে বাইবেল পঢ়াৰ দ্বাৰা কেনেকৈ সম্পূৰ্ণ লাভ উঠাব পাৰি?
১৯. ঈশ্বৰৰ অনুকাৰী হৈ, আমি আমাৰ লৰা-ছোৱালীক কি দিব পাৰোঁ?
[Pictures on page 10]
বহুতে পৰিয়ালৰূপে নিতৌ বাইবেল পঢ়ি আনন্দ লাভ কৰিছে