ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w৯৯ ৯/১ পৃষ্ঠা ১৯-২৪
  • নিজৰ জীৱনত সফলতা প্ৰাপ্ত কৰক!

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নিজৰ জীৱনত সফলতা প্ৰাপ্ত কৰক!
  • ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • কিয় আমাক ঈশ্বৰৰ ব্যৱস্থাৰ প্ৰয়োজন আছে
  • ‘নিজৰ দিনক গণনা কৰা’
  • কুকৰ্ম্মীসকলক হিংসা নকৰিব
  • বন্ধুসকলক সাৱধানে বাচঁনি কৰক!
  • বাইবেল পাঠ কৰাৰ পৰা পোৱা লাভসমূহ
  • ঈশ্বৰৰ পথত চলিলে সফলতা লাভ কৰিব
  • যুৱক-যুৱতীসকলে যিহোৱাৰ মন আনন্দিত কৰে
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • যুৱক-যুৱতীসকল, আপোনালোকে ভৱিষ্যতৰ বাবে নিৰ্ভৰযুক্ত আধাৰ গঢ়ি তুলিছেনে?
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • আপুনি ‘যিহোৱাৰ ব্যৱস্থাত আনন্দিত’ হয়নে?
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • বাইবেল পাঠ কৰাৰ যোগেদি লাভৱান আৰু আনন্দিত হ’ব পাৰি
    ২০০০ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
w৯৯ ৯/১ পৃষ্ঠা ১৯-২৪

নিজৰ জীৱনত সফলতা প্ৰাপ্ত কৰক!

“যি মানুহে দুষ্টবোৰৰ আলচত নচলে, . . . সেই মানুহেই ধন্য . . . সেই মানুহে কৰা সকলো কৰ্ম্ম সাম্ফল হয়।”—গীতমালা ১:১-৩.

১. (ক) জগতত বৰ্তমান সময়ত বহুতো যুৱক-যুৱতীসকলৰ বাবে সফলতাৰ অৰ্থ কি? (খ) কিন্তু এজন সফলতা ব্যক্তিৰ বিষয়ে বাইবেলে কেনেকৈ বৰ্ণনা কৰিছে?

সফলতা,—আপোনাৰ বাবে এই শব্দটোৰ অৰ্থ কি? এজন যুৱকে এইদৰে কয়: “মোৰ প্ৰধান লক্ষ্য হৈছে এজন সফলতাপ্ৰাপ্ত ব্যৱসায়ী হোৱা।” এগৰাকী যুৱতীয়ে কʼলে: “মোৰ সপোন হৈছে, মোৰ এটা সুখী পৰিয়াল হওঁক।” কিন্তু আন এগৰাকী যুৱতীয়ে কৈছে: “মোৰ মাত্ৰ এইটোৱে সপোন যে মোৰ ওচৰত নিজৰ সুন্দৰ ঘৰ, গাড়ী হওঁক . . . মই মাত্ৰ নিজৰ বাবে জীয়াই থাকিব বিচাৰো।” কিন্তু অজস্ৰ সম্পত্তিৰ মালিক হোৱা, সুখী পৰিয়াল হোৱা বা ব্যৱসায়ত সফলতা লাভ কৰাটোৱে প্ৰকৃততে পোৱা সফলতা বুলি কব নোৱাৰি। আমি গীতমালা ১:১-৩ পদত পঢ়ো: “যি মানুহে দুষ্টবোৰৰ আলচত নচলে, . . . যিহোৱাৰ ব্যৱস্থাত সন্তুষ্ট হয়, . . . সেই মানুহেই ধন্য। . . . সেই মানুহে কৰা সকলো কৰ্ম্ম সাম্ফল হয়।”

২. প্ৰকৃত সফলতা কেনেকৈ পোৱা যায় আৰু ইয়াক প্ৰাপ্ত কৰিবলৈ একমাত্ৰ পদ্ধতি কি?

২ বাইবেলত আমাক সেই বিষয়ে জ্ঞান দিছে যিটো কোনো মানুহে দিব নোৱাৰে আৰু সেইটো হৈছে প্ৰকৃত সফলতা! কিন্তু ইয়াত আৰ্থিক দিশত হোৱা লাভৰ বিষয়ে কোৱা নাই। বাইবেলে সাৱধানবাণী দিছে: “ধন-লোভেই সকলো মন্দৰ মূল।” (১ তীমথিয় ৬:৯) প্ৰকৃত সফলতা ঈশ্বৰক সন্তোষ্ট কৰাৰ দ্বাৰাই লাভ কৰিব পৰা যায়—যʼত সন্মিলিত আছে যিহোৱাৰ ব্যৱস্থাক পালন কৰা। ইয়ে একমাত্ৰ প্ৰকৃত সন্তুষ্টি আৰু আনন্দ দিব পাৰে! যিহোৱাৰ ব্যৱস্থা আৰু তেওঁৰ আজ্ঞা পালন কৰাটো বহুতৰ বাবে হয়তো বিৰক্তজনক হব পাৰে। কিন্তু যীচুৱে কৈছিল: “আত্মাত দৰিদ্ৰবিলাকৰ ধন্য; কিয়নো স্বৰ্গৰাজ্য তেওঁলোকৰ।” (মথি ৫:৩) আপুনি ইয়াৰ বিষয়ে চিন্তা কৰক বা নকৰক, কিন্তু আমাক এইদৰে সৃষ্টি কৰা হʼল যে আমাৰ সকলোতে আধ্যাত্মিকৰ আৱশ্যকতা আছে। সেইবাবে আমাৰ হৃদয়ত ঈশ্বৰক জানিবলৈ আৰু তেওঁৰ উদ্দেশ্যক বুজিবলৈ গভীৰ হেঁপাহ হয়। সেইবাবে আপোনাক প্ৰকৃত আনন্দ কেৱল তেতিয়াহে পাব যেতিয়া আপুনি নিজৰ এই আধ্যাত্মিক হেঁপাহক পূৰণ কৰিব আৰু “যিহোৱাৰ ব্যৱস্থাক” পালন কৰিব।

কিয় আমাক ঈশ্বৰৰ ব্যৱস্থাৰ প্ৰয়োজন আছে

৩. যিহোৱাৰ ব্যৱস্থাৰ পথত নিজকে অধীন কৰিলে আমি কিয় আনন্দ লাভ কৰিব পাৰোঁ?

৩ ভৱিষ্যতবক্তা যিৰিমিয়াই লিখিলে: “হে যিহোৱা, মই জানো যে, মানুহৰ গতি নিজ অধিকাৰত নাথাকে; নিজ খোজ স্থিৰ কৰিবলৈ খোজ চলাওঁতা জনৰ শক্তি নাই।” (যিৰিমিয়া ১০:২৩) ডেকা আৰু বৃদ্ধ সকলো মানৱজাতিৰ ক্ষেত্ৰত এইটো সত্য। নিজৰ খোজ স্থিৰ কৰিবলৈ মাত্ৰ আমাৰ ওচৰত বুদ্ধি, অনুভৱ আৰু জ্ঞানৰ অভাৱ নহয় কিন্তু এইদৰে কৰাটো আমাৰ ওচৰত অধিকাৰো নাই। প্ৰকাশিত বাক্য ৪:১১ পদত বাইবেলে কৈছে: “হে যিহোৱা, আমাৰ ঈশ্বৰ, তুমিয়েই প্ৰশংসা, সমাদৰ আৰু পৰাক্ৰম পোৱাৰ যোগ্য; কিয়নো তুমিয়েই সকলোকে স্ৰজিলা; তোমাৰ ইচ্ছাৰ কাৰণেই সেই সকলো হʼল; সকলো সৃষ্ট হʼল।” আমাৰ সৃষ্টিকৰ্ত্তা হিচাবে, যিহোৱা “জীৱনৰ ভুমুক।” (গীতমালা ৩৬:৯) তেওঁৰ বাহিৰে কোনেও আমাক এইটো কব নোৱাৰে যে আমি কেনেকৈ জীৱন-যাপন কৰা উচিত। সেইবাবে আমাৰ লাভৰ বাবে ব্যৱস্থা স্থাপন কৰিলে, আমাৰ পৰা আনন্দ কাঢ়ি লবলৈ নহয়। (যিচয়া ৪৮:১৭) যদি আমি ঈশ্বৰৰ ব্যৱস্থাক আওকাণ কৰোঁ তেনেহʼলে আমি কেতিয়াও জীৱনত উন্নতি কৰিব নোৱাৰো।

৪. কিছুমান যুৱক-যুৱতীয়ে কিয় নিজৰ জীৱন ধ্বংস কৰিছে?

৪ উদাহৰণস্বৰূপে, আপুনি কেতিয়াবা আচৰিত হৈছেনে যে কিয় বহুতো যুৱক-যুৱতীয়ে ড্ৰাগচ্‌, ব্যভিচাৰ আৰু জগতত হোৱা অন্য কুকৰ্ম্মৰ দ্বাৰা নিজৰ জীৱন ধ্বংস কৰিছে? গীতমালা ৩৬:১, ২ পদে বৰ্ণনা কৰিছে: “দুষ্টৰ হৃদয়ৰ ভিতৰত অধৰ্ম্ম-বাণী আছে, তাৰ চকুৰ আগত ঈশ্বৰ-ভয় নাই। কিয়নো, মোৰ অধৰ্ম্ম ওলাই ঘৃণিত নহব, এই বুলি সি নিজৰ দৃষ্টিত নিজকে প্ৰশংসা কৰে।” কিয়নো কিছুমান যুৱক-যুৱতীয়ে হৃদয়ত “ঈশ্বৰ-ভয়” আৰু তেওঁৰ প্ৰতি শ্ৰদ্ধা নাই সেইবাবে তেওঁলোকে এইটো ভাবি নিজকে মূৰ্খ বুলি প্ৰকাশ কৰে যে তেওঁলোকে যিমানে বেয়া কাৰ্য্য নকৰক কিয় তেওঁলোকক বিচাৰ কৰোঁতা কোনো নাই। কিন্তু এইটো সত্য যে তেওঁলোকে আজি নহলে কাইলৈ এই বাস্তৱিকতাৰ সন্মূখীন হবলৈ পৰে: “কিয়নো মানুহে যিহকে বয়, তাকেহে দাব। কাৰণ যি জনে নিজৰ মাংসৰ উদ্দেশে বয়, তাকেহে দাব।”—গালাতীয়া ৬:৭, ৮.

‘নিজৰ দিনক গণনা কৰা’

৫, ৬. (ক) যুৱক-যুৱতীসকলে কিয় ‘নিজৰ আয়ুসৰ কাল গণনা’ কৰা আৱশ্যক আৰু এইদৰে কৰা অৰ্থ কি? (খ) নিজৰ “সৃষ্টিকৰ্ত্তাক সোঁৱৰা” অৰ্থ কি?

৫ তেনেহʼলে, নিজৰ জীৱনত সফলতা লাভ কৰিবলৈ আৰু ‘অনন্ত জীৱনৰূপ শস্য দাবলৈ’ আপুনি কি কৰা আৱশ্যক? মোচিয়ে লিখিলে: “আমাৰ আয়ুসৰ পৰিমাণ তিনি কুৰি দহ বছৰ, বল থকাৰ নিমিত্তে চাৰি কুৰি বছৰ হব পাৰে; . . . কিয়নো সেইবোৰ বেগাই ঢ়ুকাই যায়, আৰু আমি উড়ি যাওঁ।” (গীতমালা ৯০:১০) কিন্তু আপুনি হয়তো মৃত্যু বিষয়ে বহু কমহে চিন্তা কৰিব পাৰে। সেইবাবে বহুতো যুৱক-যুৱতীয়ে এইবোৰ কাৰ্য্য কৰি ভাবে যে তেওঁলোকক কোনেও নষ্ট কৰিব নোৱাৰে। কিন্তু মোচিয়ে বেদনাদায়ক বাস্তৱতাৰ বিষয়ে কৈছিল যে আমাৰ জীৱনৰ আয়ুস বহু কম। ইয়াত কোনো গেৰান্টী নাই যে আমি ৭০ বা ৮০ বছৰ জীয়াই থাকিম। “সকলোলৈকে সময় আৰু আকস্মিতে” মৃত্যু আহিব পাৰে, যিসকল ডেকা আৰু স্বাস্থ্যকৰ, তেওঁলোকলৈও মৃত্যু বৰণ কৰে। (উপদেশক ৯:১১, NW) তেনেহʼলে এতিয়া আপোনাৰ বহুমূলীয়া জীৱনক কেনেকৈ ব্যৱহাৰ কৰিব? মোচিয়ে প্ৰাৰ্থনা কৰিলে: “আমি জ্ঞানৰ অন্তঃকৰণ লাভ কৰিব পৰাকৈ, আমাৰ আয়ুসৰ কাল গণনা কৰিবলৈ শিক্ষা দিয়া।”—গীতমালা ৯০:১২.

৬ নিজ আয়ুসৰ কাল গণনা কৰা অৰ্থ কি? ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি নিতৌ চিন্তা কৰে, আপুনি আৰু কিমান দিন জীয়াই থাকিব। মোচিয়ে যিহোৱালৈ এই প্ৰাৰ্থনা কৰি কৈছিল যে তেওঁ নিজৰ লোকসকলক সেই অন্তঃকৰণ দিয়ে যাতে তেওঁলোকে এইদৰে নিজৰ জীৱন নিৰ্বাহ কৰা যাৰ দ্বাৰা যিহোৱালৈ মহিমা আনে। কি আপুনিও নিজৰ আয়ুসৰ কাল গণনা কৰিছেনে অৰ্থাৎ প্ৰত্যেক দিনক বহুমূল্যৰূপে বুজি যিহোৱাৰ স্তুতি কৰিবলৈ ব্যৱহাৰ কৰিছেনে? বাইবেলে যুৱক-যুৱতীসকলক এই উপদেশ দি উৎসাহিত কৰিছে: “এই হেতুকে তোমাৰ মনৰ পৰা বেজাৰ দূৰ কৰা, আৰু গাৰ পৰা দুখ গুচুউৱা; কিয়নো যৌৱন আৰু ডেকা কাল ভাপস্বৰূপ। তুমি যৌৱন-কালত তোমাৰ সৃষ্টিকৰ্ত্তাক সোঁৱৰা।” (উপদেশক ১১:১০-১২:৭) নিজৰ সৃষ্টিকৰ্ত্তাক সোঁৱৰাৰ অৰ্থ মাত্ৰ তেওঁৰ অস্তিত্বক স্মৰণ কৰাটোৱে যথেষ্ঠ নহয়। কিয়নো যীচুৰ মৃত্যু হোৱাৰ আগতে যেতিয়া এজন কুকৰ্ম্মীয়ে তেওঁক মিনতি কৰি কৈছিল যে “আপুনি আপোনাৰ ৰাজ্যলৈ আহিলে, মোকে সুৱঁৰিব,” সেইসময়ত তেওঁৰ এইটো অভিপ্ৰায় নাছিল যে তেওঁক মাত্ৰ স্মৰণ কৰা। তেওঁ বিচাৰিছিল যে যীচুৱে তেওঁৰ বাবে যাতে কাৰ্য্য কৰে, তেওঁক যাতে পুনৰুত্থান কৰে! (লূক ২৩:৪২; আদিপুস্তক ৪০:১৪, ২৩; ইয়োব ১৪:১৩ সৈতে তুলনা কৰক।) সেইদৰে, যিহোৱাক সোঁৱৰা অৰ্থ মাত্ৰ তেওঁক স্মৰণ কৰাটোৱে নহয় কিন্তু তেওঁৰ বাবে কাৰ্য্য কৰাও আৱশ্যক, এইটো এনেধৰণৰ কাৰ্য্য কৰা যাৰ দ্বাৰা তেওঁৰ মন আনন্দিত হʼব। তেনেহʼলে আপোনাৰ ক্ষেত্ৰতো এইটো কব পাৰিনে যে আপুনিও যিহোৱাক সোঁৱৰে?

কুকৰ্ম্মীসকলক হিংসা নকৰিব

৭. কিছুমান যুৱক-যুৱতীয়ে কিয় সৃষ্টিকৰ্ত্তাক পাহৰি যায়? এটা উদাহৰণ দিয়ক।

৭ সাক্ষীসকলৰ ভিতৰতো বহুতো যুৱক-যুৱতীয়ে নিজ সৃষ্টিকৰ্ত্তা যিহোৱাক পাহৰি যায় কিয়নো তেওঁলোকে অনুভৱ কৰে যে তেওঁলোকৰ জীৱনত কোনো স্বাধীনতা নাই আৰু তেওঁলোকে মাত্ৰ ব্যৱস্থা-নিয়মৰ মাজত আৱদ্ধ। স্পেইনৰ এজন ভায়ে, যেতিয়া তেওঁৰ শিশু আছিল তেওঁ কেনে অনুভৱ কৰিছিল তাৰ বিষয়ে এইদৰে কৈছিল: “মই এই জগতৰ প্ৰতি আকৰ্ষিত হবলৈ ধৰিলো কিয়নো মই ভাবিছিলো যে সত্যত স্থিৰ থকাটো মোৰ বাবে কঠিন, ইয়াত বহুতো কঠিন নিয়ম আছে। সদায় সভাত যোৱা, মনোযোগ দিয়া, বাইবেল সাহিত্যবোৰ পঢ়া, টাই বন্ধা, এইবোৰ কৰি মই কেতিয়াও আনন্দ পোৱা নাছিলোঁ।” কি আপুনিও কেতিয়াবা এনে অনুভৱ কৰেনে যে যিহোৱাক সেৱা কৰাৰ বাবে আপুনি আনলোকৰ দৰে জীৱনত আনন্দিত হʼব নোৱাৰে? হয়তো আপুনি আচৰিত হব যে বাইবেলৰ লেখকেও সেইদৰে অনুভৱ কৰিছিল। আহঁক আমি বাইবেলৰ পৰা গীতমালা ৭৩ অধ্যায়টো পঢ়ো।

৮. আচফৰ কিয় অহঙ্কাৰী লোকলৈ “অসূয়া জন্মিছিল”?

৮ আহঁক এই গীতমালাৰ কিছুমান পদত ভালদৰে মনোযোগ দিওঁ। ২ আৰু ৩ পদত কৈছে: “কিন্তু মোৰ ভৰি হলে প্ৰায় লৰিছিল; মোৰ খোজ প্ৰায়ে পিছলি গৈছিল। কিয়নো, মই যেতিয়া দুষ্টবোৰৰ মঙ্গল দেখিছিলোঁ, তেতিয়া অহঙ্কাৰী লোকলৈ মোৰ অসূয়া জন্মিছিল।” এই লিখনিৰ পৰা জনা যায় যে এই গীত আচফে লিখিছিল। আচফ, ৰজা দায়ূদৰ সময়ত এজন লেবী আৰু সঙ্গীতকাৰ আছিল। (১ বংশাৱলি ২৫:১, ২; ২ বংশাৱলি ২৯:৩০) তেওঁ ঈশ্বৰৰ মন্দিৰত সেৱা কৰিবলৈ মহান আৰ্শীব্বাদ লাভ কৰিছিল, কিন্তু তথাপি তেওঁ দুষ্ট আৰু অহঙ্কাৰী লোকৰ প্ৰতি “অসূয়া জন্মিছিল।” সিবিলাকক দেখি আচফে ভাবিছিল যে তেওঁলোকে শান্তি আৰু নিৰ্ভয়ে জীৱন-যাপন কৰিছে। যেতিয়া “সিহঁতৰ মনৰ কল্পনা উপচি” পৰে, তেতিয়া তেওঁলোকে সকলো কুকাৰ্য্যত সফলতা লাভ কৰিছিল। (পদ ৫, ৭) তেওঁলোকে অভিমানী আৰু “দুষ্টতাৰে উপদ্ৰৱৰ কথা পাতে; সিহঁতে গৰ্ব্ব-কথা কয়।” (পদ ৮) “সিহঁতৰ মুখে স্বৰ্গ ঢ়ুকি পায়, আৰু সিহঁতৰ জিবাই পৃথিবী ভ্ৰমণ কৰে,” আৰু স্বৰ্গত থকা ঈশ্বৰ আৰু পৃথিৱীত থকা মানুহ, কোনো ব্যক্তিকে তেওঁলোকে মান্যতা নিদিয়ে।—পদ ৯.

৯. আচফৰ দৰে বৰ্তমান সময়ত কিছুমান খ্ৰীষ্টান যুৱক-যুৱতীয়ে হয়তো কি অনুভৱ কৰিব পাৰে?

৯ হয়তো আপোনাৰ স্কুলৰ বন্ধুও সেই একেই ধৰণৰ হব পাৰে। তেওঁলোকে হয়তো নিলাজভাৱে নিজৰ যৌন অভিৰুচিৰ বিষয়ে সকলোৰ আগত কয় আৰু হয়তো আপুনি তেওঁলোকে পাৰ্টীত ৰং-তামাচা কৰা, ফিতাহি মাৰি মদ পান কৰা আৰু ড্ৰাগচ্‌ লোৱাৰ বিষয়ে কোৱা শুনিছে। যেতিয়া আপুনি নিজকে দৃষ্টি কৰে যে আপুনি এজন খ্ৰীষ্টানৰূপে যি সত্য পথত চলি আছে সেই পথ বহু ঠেক, যিহেতু এই লোকবিলাকে জগতৰ ৰঙ্গৰসত আনন্দিত হৈছে হয়তো এই লোকবিলাকৰ প্ৰতি আপোনাৰ ‘অসূয়া জন্মিব’ পাৰে। (মথি ৭:১৩, ১৪) আচফৰ মনত ইমানে অসূয়া জন্মিল যে তেওঁ কৈ উঠিল: “বাস্তৱিক মই বৃথাই অন্তঃকৰণ পৰিষ্কাৰ কৰিলোঁ, আৰু হাত ধুই নিজ নিৰ্দ্দোষিতা প্ৰকাশ কৰিলোঁ; কিয়নো মই ওৰে দিনটো প্ৰহাৰিত হলোঁ। প্ৰতি ৰাতিপুৱা শাস্তি পালোঁ।” (পদ ১৩, ১৪) হয়, তেওঁ ভাৱিব ধৰিলে যে ঈশ্বৰক সেৱা কৰা আৰু সত্যৰ পথত চলি থকাটো কি লাভ।

১০, ১১. (ক) কিহে আচফৰ মন পৰিৱৰ্তন কৰিলে? (খ) কেনেকৈ কুকৰ্ম্মীবিলাক “পিছল ঠাইত” থিয় হৈ আছে? উদাহৰণ দিয়ক।

১০ আনন্দৰ বিষয় এই যে, বহু সময় লৈকে আচফে বেজাৰত মন মাৰি নাথাকিল। তেওঁ অতি সোনকালে অনুভৱ কৰিলে যে দুষ্টলোকবিলাকৰ আনন্দ দৰাচলতে এটা ভ্ৰম আৰু সেইটো মাত্ৰ অলপ সময়ৰ বাবেহে! তেওঁ কৈ উঠিল: “সঁচাকে তুমি সিহঁতক পিছল ঠাইত থৈছা; তুমি সিহঁতক বিনাশলৈ পেলাই দিছা। সিহঁত নিমিষতে কেনে উচ্ছন্ন হয়! সিহঁত নানা ভয়ানক আপদত একেবাৰে বিনষ্ট হয়।” (পদ ১৮, ১৯) এইধৰণৰ আনন্দ কৰা আপোনাৰ লগৰীয়াসকলেও “পিছল ঠাইত” থিয় হৈ আছে। আজি নহয় কালিলৈ, তেওঁলোকে নিজৰ নিলাজ আচৰণ আৰু কুকৰ্ম্মৰ বাবে ফল পাব, হয়তো কিছুমান ছোৱালী গৰ্ভৱতী হব পাৰে, বা অবৈধ যৌন সমন্ধৰ বাবে হোৱা বেয়া বেমাৰ হব পাৰে, হয়তো তেওঁলোকে জেলতো যাব পাৰে বা মৃত্যুও ভোগীব পাৰে! তাতকৈও নিম্নতৰ কাৰ্য্য হৈছে তেওঁলোকে তেনে কাৰ্য্য কৰি সৃষ্টিকৰ্ত্তাৰ পৰা বহু দূৰ আতঁৰি যায়।—যাকোব ৪:৪.

১১ স্পেইনৰ এগৰাকী যুৱা খ্ৰীষ্টান ভনীয়ে এই সত্যতাক বুজি পালে। তাই দুতৰপীয়া জীৱন-যাপন কৰিছিল আৰু তাই বেয়া কাৰ্য্য কৰা ডেকাবোৰৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল। সময়ে বাগৰাৰ লগে-লগে, তাই তেওঁলোকৰ মাজৰে এজনক প্ৰেম কৰিব ধৰিলে—যিজনে মাদক দ্ৰব্যত আসক্ত আছিল। যিহেতু তাই নিজে মাদক দ্ৰব্য সেৱন নকৰিছিল কিন্তু সেই লৰাজনৰ বাবে এইবোৰ কিনিছিল। তাই এইটো স্বীকাৰ কৰিছে যে “যেতিয়া তেওঁ ড্ৰাগচ্‌ৰ ইনঞ্জেকচন লৈছিল মই তেওঁক সহায় কৰিছিলো।” কিন্তু অতি সোনকালে তাই অনুভৱ কৰে যে তাই যি পথত গৈছে তাৰ পৰিণাম বেয়া আৰু সেই পথ ত্যাগ কৰি সত্যৰ পথলৈ উলটি আহিল। কিন্তু যেতিয়া তাইৰ মদক দ্ৰব্য সেৱন কৰা প্ৰেমীকজনৰ এইডছ ৰোগত আক্ৰন্ত হৈ মৃত্যু হোৱাৰ বাতৰি শুনিলে তাইৰ মনত বহু আঘাত পালে। হয়, এইটো ঠিক তেনেদৰে ঘটিল যিদৰে গীতমালাৰ লিখকে কৈছিল, নিলাজ আচৰণ কৰা লোকসকলে “পিছল ঠাইত” থিয় হৈ আছে। কিছুমান হয়তো এনেধৰণৰ জীৱনৰ প্ৰণালীৰ বাবে হঠাতে মৃত্যু বৰণ কৰিব লগীয়া হয়। যদিও অন্যৰ সৈতে তেনেদৰে হোৱা নাই যিসকলে তেওঁলোকৰ কুকৰ্ম্মত লাগি আছে তেনেহʼলে অতি সোনকালে তাৰ প্ৰতিফল পাব যেতিয়া “প্ৰভু যীচু তেওঁৰ পৰাক্ৰম-সাধক দুতবিলাকে সৈতে জ্বলন্ত অগ্নিত স্বৰ্গৰ পৰা প্ৰকাশিত হৈ, ঈশ্বৰক নজনাবোৰৰ আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ শুভবাৰ্ত্তা নমনাবোৰৰ প্ৰতিকাৰ সাধিব।”—২ থিচলনীকীয়া ১:৬.

১২. জাপানৰ এজন যুৱকে কেনেকৈ জানিব পাৰিলে যে দুষ্টতাক অসূয়া কৰাটো মুৰ্খামী কাৰ্য্য?

১২ তেনেহʼলে, সেই লোকসকলৰ বাবে অসূয়া কৰাটো কিমান মূৰ্খতা যিসকলে “ঈশ্বৰক নাজানে”! দৰাচলতে, তেওঁলোকেহে আমাৰ প্ৰতি অসূয়া হোৱা উচিত কিয়নো আমি যিহোৱাক জানো আৰু তেওঁ আমাৰ বাবে চিৰকালে জীয়াই থাকিবলৈ আশা দিছে। জাপানৰ এজন ভায়ে এইদৰে অনুভৱ কৰিলে। তেওঁ এজন যুৱক হোৱাৰ বাবে তেৱোঁ “স্বাধীন হবলৈ বিচাৰিছিল।” তেওঁ এইদৰে কয়: “প্ৰথমে মই ভাৱিছিলো যে মই জীৱনত আনন্দ লাভ কৰিব পৰা নাই। কিন্তু মই জানিব পাৰিলোঁ যে যদি মই আজি সত্যত নোহোৱা হʼলে মোৰ জীৱনে কি হলেহেঁতেন। মই মাত্ৰ ৭০ বা ৮০ বছৰ জীয়াই থাকি মৃত্যু বৰণ কৰিব লগীয়া হলহেঁতেন আৰু মোৰ কোনো আশা নাথাকিলেহেঁতেন। কিন্তু মাত্ৰ যিহোৱাই চিৰকালৰ জীৱন দিবলৈ প্ৰতিজ্ঞা কৰিছে! তেতিয়া মই বুজি পাবলৈ সহায় হʼল যে মোৰ ওচৰত যি সত্য আছে সেয়া কিমান মুল্যৱান।” ঠিক সেইদৰে, এইটোও সচাঁ যে দুষ্টতাৰে ভৰি থকা এই জগতত যিহোৱালৈ বিশ্বাসী হৈ থকাটো সহজ নহয়। তেনেহʼলে জগতৰ লোকসকলৰ পৰা অহা হেচাঁবোৰক প্ৰতিৰোধ কৰিবলৈ আপুনি কি কৰিব পাৰে?

বন্ধুসকলক সাৱধানে বাচঁনি কৰক!

১৩, ১৪. আমি বন্ধুত্ব কৰিবলৈ কিয় সাৱধানে বাচঁনি কৰা উচিত?

১৩ আহঁক আকৌ আমি গীতমালা ১:১-৩ পদত কোৱা সফল ব্যক্তিৰ বিষয়ে পঢ়ো: “যি মানুহে দুষ্টবোৰৰ আলচত নচলে, পাপীবোৰৰ পথত থিয় নহয়, আৰু নিন্দকবোৰৰ আসনত নবহে, কিন্তু যিহোৱাৰ ব্যৱস্থাত সন্তুষ্ট হয়, আৰু দিনে-ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে, সেই মানুহেই ধন্য। সেই মানুহ বতৰত ফল দিয়া, পাত জঁয় নপৰা বোৱঁতী পানীৰ দাঁতিত ৰোৱা গছৰ নিচিনা; সেই মানুহে কৰা সকলো কৰ্ম্ম সাম্ফল হয়।”

১৪ মন কৰিবলগীয়া বিষয় হৈছে বন্ধু-বান্ধৱে আপোনাৰ জীৱনত এক বৃহত ভূমিকা আদায় কৰে। হিতোপদেশ ১৩:২০ পদত কৈছে: “তুমি জ্ঞানীবিলাকৰ লগত আলাপ কৰা, তাতে তুমি জ্ঞানী হবা; কিন্তু অজ্ঞানবোৰৰ লগৰীয়াই ক্লেশ পাব।” কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে যিসকল যিহোৱাৰ সাক্ষী নহয় আপুনি সেই যুৱক-যুৱতীৰ সৈতে কঠোৰ আচৰণ কৰিব বা ভাল ব্যৱহাৰ নকৰিব। বাইবেলে আমাক অনুৰোধ কৰিছে যে আমি নিজৰ ওচৰ-চুবুৰীয়াৰ সৈতে প্ৰেম কৰোঁ আৰু “সকলো মানুহে সৈতে মিলেৰে” থাকোঁ। (ৰোমীয়া ১২:১৮; মথি ২২:৩৯) কিন্তু, যদি আপুনি বাইবেল সিদ্ধান্তক পালন নকৰা সঙ্গীসকলৰ সৈতে বন্ধুত্ব কৰে তেনেহʼলে আপুনিও ‘তেওঁলোকৰ উপদেশত চলিবলৈ’ ধৰিব।

বাইবেল পাঠ কৰাৰ পৰা পোৱা লাভসমূহ

১৫. যুৱক-যুৱতীসকলে বাইবেল পঢ়াৰ হাবিয়াহ কেনেকৈ উৎপন্ন কৰিব পাৰে?

১৫ গীতমালাৰ লেখকে এইটো লক্ষ্য কৰিলে যে এজন সফল ব্যক্তি যিহোৱাৰ ব্যৱস্থাৰ পৰা সন্তুষ্ট হয় আৰু “দিনে-ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে।” (গীতমালা ১:১, ২) এইটো সচাঁ যে বাইবেল পঢ়াটো সকলো সময়তে সহজ নহয় আৰু “কোনো কোনো বুজিবলৈ টান কথা আছে।” (২ পিতৰ ৩:১৬) কিন্তু বাইবেল পঢ়াটো এক গতানুগতিক কৰা কাম বুলি ভৱাটো উচিত নহয়। ঈশ্বৰৰ বাক্যৰ বাবে “মিহলি নোহোৱা আত্মিক গাখীৰলৈ হাবিয়াহ” উৎপন্ন কৰক। (১ পিতৰ ২:২) প্ৰত্যেক দিনা অলপকৈ হলেও পঢ়িবলৈ চেষ্টা কৰক। যদি তাৰ কিছুমান কথা বুজিবলৈ কঠিন হয় তেনেহʼলে সংস্থাই প্ৰকাশ কৰা কিতাপবোৰত অনুসন্ধান কৰক। তাৰ পাছত যিটো ভাগ আপুনি পঢ়িলে তাক আকৌ বিবেচনা কৰক। (গীতমালা ৭৭:১১, ১২) যদি আপুনি পঢ়াত মনোযোগ দিব পৰা নাই তেনেহʼলে জোৰকৈ পঢ়ক আৰু “দিনে-ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান” কৰিবলৈ চেষ্টা কৰক। কিছু সময়ৰ পাছত, আপুনি বাইবেল পঢ়ি ভাল পাব। ব্ৰাজিলৰ এজনী যুৱা ভনীয়ে এইদৰে কয়: “প্ৰথমে যিহোৱা মোৰ বাবে বহু দূৰত আছিল। কিন্তু এতিয়া কিছু মাহৰ পৰা অধিক মনোযোগ দি ব্যক্তিগত অধ্যয়ন কৰিছো আৰু বাইবেল পঢ়িছো। এতিয়া মই অনুভৱ কৰিব পাৰিছোঁ যে যিহোৱাৰ সৈতে মোৰ সমন্ধ আগতকৈ অধিক শক্তিশালী হৈছে। তেওঁ মোৰ এজন প্ৰকৃত বন্ধু হৈ পৰিছে।”

১৬. আমি কেনেকৈ সভাবোৰৰ পৰা বহুতো কথা শিকিব পাৰোঁ?

১৬ ঈশ্বৰৰ সেৱাত আগবাঢ়ি যাবলৈ, মণ্ডলীৰ সভাবোৰত উপস্থিত হোৱা অতি আৱশ্যক। যদি আপুনি সভাবোৰত ‘মনোযোগেৰে শুনে,’ তেনেহʼলে আপুনি বহু কথা শিকিব পাৰিব। (লূক ৮:১৮) কেতিয়াবা আপোনাৰ এনে হৈছেনে যে সভাবোৰ কোনো ৰস লগা নহয়? আপুনি নিজকে সুধিব পাৰে ‘সভাবোৰক ৰসাল কৰিবলৈ মই কি কৰিব পাৰোঁ? মই মনোযোগ দি শুনোনে? মই সভাবোৰৰ বাবে তৈয়াৰী কৰোনে? মই মন্তব্য দিওঁনে?’ বাইবেলে আমাক কৈছে যে “প্ৰেমত আৰু সৎকৰ্ম্মত উত্তেজিত হবলৈ . . . পৰস্পৰে উদগাওঁহঁক।” (ইব্ৰী ১০:২৪, ২৫) এনেদৰে কৰিবলৈ আপুনি সভাবোৰত ভাগ লোৱা উচিত! নিঃসন্দেহ, ভাগ লবলৈ আপুনি আগৰে পৰা তৈয়াৰী কৰিব লাগিব। এজনী যুবা ভনীয়ে এইদৰে স্বীকাৰ কৰে: “যদি আগৰে পৰা আপুনি তৈয়াৰী কৰে তেনেহʼলে সভাবোৰত ভাগ লবলৈ সচাঁকৈ সহজ হৈ পৰে।”

ঈশ্বৰৰ পথত চলিলে সফলতা লাভ কৰিব

১৭. মনোযোগেৰে বাইবেল পঢ়া ব্যক্তি কেনেকৈ “বোৱঁতী পানীৰ দাঁতিত বাইচী গছ বঢ়াৰ নিচিনা” সৈতে তুলনা কৰিব পাৰি?

১৭ গীতমালা লেখকে সফলতা হোৱা সেই ব্যক্তিজনৰ বিষয়ে কৈছে, “বোৱঁতী পানীৰ দাঁতিত বাইচী গছ বঢ়াৰ নিচিনাকৈ তৃণৰ মাজত সিবিলাক গজি বাঢ়িব।” সেই বোৱঁতী পানী খাৱৈ বা খেতিৰ পানী যোগানৰ বাবে খান্দা খাল, যাৰ দ্বাৰা পথাৰত থকা গছ-গছনিয়ে পানী পায়। (যিচয়া ৪৪:৪) মনোযোগ দি সদায় বাইবেল পঢ়া অৰ্থ হৈছে যেনিবা আপুনি সদায় বৈ থকা পানীৰ-সোঁতৰ পৰা শক্তি আৰু জিৰণি পাই আছে। (যিৰিমিয়া ১৭:৮) আপুনি পৰীক্ষা আৰু বাধাবোৰত জয়ী হবলৈ সদায় শক্তি সদায় পায় থাকিব। যেতিয়া আপুনি যিহোৱাৰ ভাৱ-ধাৰাক শিকিব তেতিয়া আপুনি এনে বুদ্ধি পাব যাৰ দ্বাৰা আপুনি সঠিক সিধান্ত লবলৈ সহজ হব।

১৮. যিহোৱাৰ সেৱাত এজন ডেকা ব্যক্তিয়ে কেনেকৈ সফলতা লাভ কৰিব পাৰে?

১৮ সময়ে গতি কৰাৰ লগে-লগে কেতিয়াবা, যিহোৱাক সেৱা কৰাটো কঠিন হব পাৰে। কিন্তু এইটো কেতিয়াও নাভাৱিব যে আপোনাৰ বাবে এইটো এটা কঠিন কাৰ্য্য। (দ্বিতীয় বিবৰণ ৩০:১১) যদি যিহোৱাৰ মনক আনন্দিত কৰাটো আপোনাৰ জীৱন উদ্দেশ্য, তেনেহʼলে বাইবেলে প্ৰতিজ্ঞা কৰিছে যে আপুনি ‘সকলোতে সফল লাভ কৰিব।’ (হিতোপদেশ ২৭:১১) আৰু মনত ৰাখক যে আপুনি অকলশৰীয়া নহয়। আপোনাৰ সৈতে যিহোৱা ঈশ্বৰ আৰু যীচু খ্ৰীষ্ট আছে। (মথি ২৮:২০; ইব্ৰী ১৩:৫) তেওঁলোকে জানে যে আপোনাৰ ওপৰত কি কি হেচাঁ আহিব পাৰে আৰু তেওঁলোকে আপোনাক কেতিয়াও অকলশৰীয়াকৈ নেৰিব। (গীতমালা ৫৫:২২) আপোনাৰ সৈতে গোটেই বিশ্বৰ ভাই-ভনীসকলো আছে আৰু যদি আপোনাৰ পিতৃ-মাতৃও সত্যত আছে তেওঁলোকো আপোনাৰ লগত আছে। (১ পিতৰ ২:১৭) এনেবোৰ সহায়ৰ সৈতে, আৰু আপুনি দৃঢ় আৰু প্ৰচেষ্টাৰে মাত্ৰ এতিয়াই নহয় কিন্তু চিৰকালে আপুনি নিজৰ জীৱনত সফলতা লাভ কৰিব পাৰিব!

পুনৰ আলোচনাৰ বাবে প্ৰশ্নসমূহ

◻ প্ৰকৃত সফলতা কি?

◻ যিহোৱাই কিয় আমাৰ পথ-প্ৰদৰ্শন কৰা আৱশ্যক?

◻ কেনেকৈ যুৱক-যুৱতীসকলে ‘নিজৰ আয়ুসৰ কাল গননা কৰিব পাৰে’?

◻ দুষ্ট লোকৰ প্ৰতি অসূয়া কৰাটো কিয় মূৰ্খামীৰ কাৰ্য্য?

◻ কেনেকৈ, সদায় বাইবেল পাঠ কৰা আৰু নিয়মীয়াকৈ সভাবোৰত উপস্থিত হোৱাৰ দ্বাৰা যুৱক-যুৱতীসকলে সফল জীৱনৰ আনন্দ লাভ কৰিব পাৰে?

[Picture on page 20]

বহুতো যুৱক-যুৱতীয়ে “ঈশ্বৰ-ভয়” আৰু তেওঁৰ প্ৰতি শ্ৰদ্ধা নকৰে সেইবাবে তেওঁলোকে কুকৰ্ম্ম কৰে

[Picture on page 22]

যুৱক-যুৱতীসকলে প্ৰায়ে পাহৰি যায় যে তেওঁলোকৰ কাৰ্য্যৰ পৰিণামৰ বাবে তেওঁলোকে ভুগিব লাগিব

[Picture on page 23]

বাইবেল পঢ়িবলৈ হাবিয়াহ উৎপন্ন কৰক

[Picture on page 23]

যদি আপুনি সভাবোৰত ভাগ লয় তেনেহʼলে আপুনি বহুত আনন্দিত হʼব

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক