অপেক্ষা কেনেকৈ কৰিব লাগে তাক আপুনি জানেনে?
আপুনি জানেনে যে প্ৰত্যেক বছৰে অপেক্ষা কৰি লোকসকলে কিমান সময় ব্যয় কৰে? লোকসকলে দোকান বা পেট্ৰল পাম্প, ৰেষ্টোৰেন্ট, ডাক্টৰক দেখা কৰাৰ সময়ত, বাচ বা ট্ৰেইনৰ বাবে অধিক সময়লৈকে অপেক্ষা কৰি বহু সময় ব্যয় কৰে। কোনো কাৰ্য্য সম্পন্ন নোহোৱালৈকে লোকসকলে নিজৰ জীৱনত বহু সময় অপেক্ষাৰ বাবে ব্যয় কৰে। এক তথ্যৰ অনুসৰি, এবছৰত মাত্ৰ যান-বাহনৰ দ্বাৰা পথৰোধত জাৰ্মানীৰ লোকসকলে ৪৭০ কোটি ঘন্টা ব্যয় কৰে। কিছুমান ব্যক্তিয়ে গণনা কৰি পাইছে যে এই সময় প্ৰায় ৭, ০০০ জন ব্যক্তিৰ জীৱন কালৰ সমান।
কেতিয়াবা অপেক্ষা নিৰাশজনক হৈ পৰে। বৰ্তমান সময়ত দেখা গৈছে যে সকলো কাৰ্য্য কৰিবলৈ কেতিয়াও যথেষ্ঠ সময় নাথাকে আৰু আমি যি কাৰ্য্য কৰা উচিত তাৰ বিষয়ে চিন্তা কৰিবলৈ গʼলে অপেক্ষা কৰাটো আমাৰ বাবে সচাঁকৈ পীড়াদায়ক হৈ পৰে। আলেকজেণ্ডাৰ ৰʼজ নামৰ এজন লেখকে এইদৰে কৈছিল: “জীৱনৰ আধাভাগ কাল অপেক্ষাৰ বাবে ব্যয় হয়।”
বেঞ্জামিন ফ্ৰেঙ্কলিন নামৰ এজন আমেৰিকাৰ ৰাজনীতিজ্ঞই ২৫০ বছৰৰ আগতে কৈছিল যে অপেক্ষা কৰাটো লাভজনকো হʼব পাৰে। তেওঁ এইদৰেও কৈছিল: “সময়ে হৈছে ধন।” সেইবাবে ব্যৱসায়ীসকলে কাম চলি থকাৰ সময়ত অদৰকাৰীৰূপে সময় ব্যয় কৰাৰ পৰা আতঁৰি থাকিব বিচাৰে। তেওঁলোকে জানে যে যদি কম সময়ৰ ভিতৰত বহুত ভাল উৎপাদন কৰিব পাৰি তেনেহʼলে অধিক লাভ আছে। কিছুমান দেশত ব্যৱসায়ীবিলাকে গ্ৰাহকসকলৰ বাবে কম সময়ৰ ভিতৰত বস্তু উপলব্ধ কৰাটো বিচাৰে, যেনে—ফাষ্ট ফুড, গাড়ীত বহিয়ে বেঙ্কৰ সৈতে টকা-পইচাৰ লেনদেন কৰা ইত্যাদি—কিয়নো তেনেধৰণৰ ব্যৱসায় কৰোঁতাসকলে জানে যে ইয়াৰ দ্বাৰাই গ্ৰাহকসকলক সুখী কৰাৰ ওপৰিও অদৰকাৰী সময় ব্যয় কৰাৰ পৰা ৰেহাই পাব পাৰি।
আমাৰ জীৱনৰ কালছোৱাত বহু সময় অদৰকাৰীৰূপে ব্যয় হয়
উন্নৈশ শতিকাৰ ৰাল্ফ ৱʼলড্ ইমাৰচন নামৰ এজন আমেৰিকাৰ কবিয়ে এইদৰে দুখ প্ৰকাশ কৰিছিল: “মানুহে জীৱনৰ অধিক সময় অপেক্ষাৰ বাবে ব্যয় কৰিবলগীয়া হয়!” অলপতে লাঞ্চ মাৰৌ নামৰ এজন লেখকে অপেক্ষা কৰি শাৰীৰিক অস্বস্তিতা আৰু আমনি লগা সমন্ধে দুখ প্ৰকাশ কৰে। তথাপি তেওঁ কয় যে “অপেক্ষা হৈছে গুপ্ত যাতনা।” ইয়াৰ অৰ্থ কি? ইয়াৰ অৰ্থ হৈছে “প্ৰত্যেক চেকেণ্ড, প্ৰত্যেক মিনিটত আমাৰ জীৱন শেষ হৈ গৈছে, যি সময় আমি আকৌ কেতিয়াও ঘুৰাই নাপাওঁ।” সচাঁকৈ ই এটা দুখৰ বিষয় কিন্তু ই সত্য।
নিঃসন্দেহ, যদি আমাৰ জীৱন চুটি নোহোৱা হʼলে, অপেক্ষা বিষয়ে বিবেচনা কৰাটো কোনো কাৰণ নাথাকিলেহেঁতেন। কিন্তু আমাৰ জীৱন একেবাৰে চুটি। মানুহৰ জীৱনৰ বিষয়ে আজিৰ পৰা হাজাৰ বছৰৰ আগতেই, বাইবেলৰ গীতমালাৰ লিখকে এইদৰে মন্তব্য দিছিল: “আমাৰ আয়ুসৰ পৰিমাণ তিনি কুৰি দহ বছৰ, বল থকাৰ নিমিত্তে চাৰি কুৰি বছৰ হব পাৰে; তথাপি সেইবোৰৰ গৰ্ব্বৰ বস্তুবোৰ কেৱল পৰিশ্ৰমজনক আৰু অসাৰ; কিয়নো সেইবোৰ বেগাই ঢ়ুকাই যায়, আৰু আমি উড়ি যাওঁ।” (গীতমালা ৯০:১০) আমি যʼতেই নাথাকো বা যিয়েই নকৰো কিয় আমাৰ জীৱন অৰ্থাৎ আমি জন্ম লোৱা দিনাৰ পৰাই আমাৰ আগত থকা দিন, ঘন্টা, মিনিট এই সকলোবোৰ হৈছে সীমিত। তথাপি কোনো ঘটনা বা লোকৰ বাবে অপেক্ষা কৰিবলৈ আমাক জোৰ কৰা হয় আৰু এই পৰিস্থিতিক আমি অগ্ৰাহ্য কৰিব নোৱাৰো।
অপেক্ষা কেনেকৈ কৰিব পাৰি তাক শিকক
আমাৰ কিছুমানে হয়তো দেখিছে যে এনে বহুতো গাড়ী চালকে অন্য গাড়ীক অতিক্ৰম কৰি আগবাঢ়ি যাবলৈ সদায়ে চেষ্টা কৰে। এনে ক্ষেত্ৰত দেখা যায় যে যদিও তেনে চালকসকলৰ কোনো আৱশ্যকীয় কাম বা নিযুক্তি নাথাকে তথাপিও তেওঁ আন চালকক আগত যাবলৈ অনুমতি নিদিয়ে। ইয়াৰ দ্বাৰা এইটো প্ৰমাণিত হৈছে যে তেওঁলোকে অধৈৰ্য্যশীল হোৱাৰ বাবে অপেক্ষা কৰিবলৈ নিশিকিলে। অপেক্ষা কৰিবলৈ শিকাটো আৱশ্যকনে? হয়, অপেক্ষা কেনেকৈ কৰিব পাৰি তাকো শিকাৰ আৱশ্যক। কিয়নো জন্মৰ পৰাই কোনেও ইয়াক শিকি নাহে। যেতিয়া শিশুৰ ভোক লাগে বা অসুবিধা অনুভৱ কৰে তেতিয়া তেওঁলোকে বিচাৰে যে বিনা কোনো পলমে কোনোবাই যাতে তেওঁলোকৰ প্ৰতি ধ্যান দিয়ে। কিন্তু যেতিয়া তেওঁলোকে ডাঙৰ হয় তেতিয়াহে বুজি পায় যে যিটো তেওঁলোকে বিচাৰিছে তাৰ বাবে অপেক্ষা কৰিব লাগিব। যিহেতু অপেক্ষা কৰাটো হৈছে জীৱনৰ এটা অনিবাৰ্য্য ভাগ। সেইবাবে যেতিয়া আৱশ্যক হয় তেতিয়া কেনেকৈ ধৈৰ্য্যশীল হৈ অপেক্ষা কৰিব পাৰি তাক যদি আমি শিকোঁ তেতিয়াহে আমি নিজকে এজন পৰিপক্ক ব্যক্তিৰূপে প্ৰকাশ কৰিব পাৰিম।
বাস্তৱতে, কেতিয়াবা এনে কিছুমান জৰুৰী পৰিস্থিতি আহি পৰে যাৰবাবে অধৈৰ্য্য হোৱাটো স্বাভাৱিক। উদাহৰণস্বৰূপে, এজন স্বামীয়ে নিজৰ পত্নীক চিকিৎসালয়ত লৈ যাবলৈ খৰ-খেদা কৰিছে, কিয়নো তেওঁলোকৰ শিশুৰ জন্ম হবৰ সময় হʼল আৰু তেনে ক্ষেত্ৰত যদি পলম হয় স্বাভাৱিকতে সেই ব্যক্তিজন অধৈৰ্য্যশীল হʼব। ঠিক একেইদৰে প্ৰাচীন সময়তো লোটে পলম কৰি থকাত স্বৰ্গদূতে তেওঁক চদোম এৰি যাবলৈ জোৰ কৰে কিয়নো অপেক্ষা কৰিবলৈ অলপো সময় নাছিল। কিয়নো ধ্বংস একেবাৰে ওচৰত আছিল আৰু তেওঁৰ পৰিয়ালৰ জীৱন বিপদগ্ৰস্ত হৈ আছিল। (আদিপুস্তক ১৯:১৫, ১৬) যিহেতু, যদিও কিছুমান ক্ষেত্ৰত জীৱন বিপদগ্ৰস্ত অৱস্থাত নাথাকে তথাপিও পৰিস্থিতিয়ে লোকসকলক অপেক্ষা কৰিবলৈ বাধ্য কৰায়। তেনে ক্ষেত্ৰত যদিও কিছুমানৰ বাবে অপেক্ষা কৰাটো আমনিদায়ক বা অনিচ্ছাকৃত কাৰ্য্য হʼব পাৰে কিন্তু তথাপি প্ৰত্যেকে যদি ধৈৰ্য্যশীল হʼবলৈ শিকে তেনেহʼলে কিমান যে উত্তম হʼব। ইয়াৰ ওপৰিও প্ৰত্যেকে যদি সময়ক সদ ব্যৱহাৰ কৰিবলৈ শিকে তেন্তে ইয়ে তেওঁক সহজে ধৈৰ্য্যশীল হʼবলৈ সহায় কৰিব আৰু তেওঁলৈ বহুতো লাভজনক পথ পদৰ্শন কৰিব। ৫ পৃষ্ঠাত থকা বক্সত অপেক্ষা মাত্ৰ ধৈৰ্য্যশীলেই নহয় কিন্তু লাভৱানো কৰে তাৰ বিষয়ে কিছুমান পৰামৰ্শ আগবঢ়োৱা হৈছে।
অধৈৰ্য্যশীলে এজন ব্যক্তিক অধিক অহঙ্কাৰী কৰি তোলে যাৰ অৰ্থ হৈছে আনে যদি তেওঁক অপেক্ষা কৰিবলৈ কয় তেওঁ কেতিয়াও তাৰ বাবে বাট চাব নোৱাৰে কিয়নো সেই ব্যক্তিয়ে নিজকে আনতকৈ অধিক গুৰুত্বপূৰ্ণ বুলি ভাবে। তেনে মনোবৃত্তি থকা ব্যক্তিয়ে বাইবেলৰ এই বাক্যক বিবেচনা কৰা উচিত: “অহঙ্কাৰী মনৰ লোকতকৈ ধীৰ মনৰ লোক ভাল।” (উপদেশক ৭:৮) অভিমান আৰু অহঙ্কাৰ হৈছে ব্যক্তিত্বৰ এক গম্ভীৰ খুঁত আৰু বাইবেলৰ প্ৰবচনে এইদৰে কৈছে: “অহঙ্কাৰী মনৰ প্ৰত্যেক লোক যিহোৱাৰ ঘিণলগীয়া।” (হিতোপদেশ ১৬:৫) সেইবাবে ধৈৰ্য্য ধৰিবলৈ বা অপেক্ষা কৰিবলৈ শিকাৰ বাবে আমি নিজকে আৰু আমাৰ চাৰিওফালে থকা লোকসকলৰ সৈতে আমাৰ সমন্ধক গভীৰভাৱে পৰীক্ষা কৰা।
যিজনে ধৈৰ্য্যশীল হয় তেওঁ লাভৱান হʼব
যেতিয়া আমাক কোনো আশা দিয়া হয় যে যাৰ বাবে আমি অপেক্ষা কৰি আছোঁ, যদিও ইয়াৰ পলম হয় তথাপি ই সচাঁকৈ পূৰ্ণ হʼব। এয়ে আমাৰ বাবে অপেক্ষা কৰিবলৈ সহজ কৰি তোলে। এই সমন্ধে, বাইবেলত পোৱা যিহোৱাৰ মহান প্ৰতিজ্ঞাবোৰ পূৰ্ণ হোৱালৈকে অপেক্ষা কৰি ঈশ্বৰৰ সত্য উপাসকসকলৰ বিষয়ে বিবেচনা কৰাটো উত্তম হʼব। উদাহৰণস্বৰূপে ঈশ্বৰ প্ৰেৰিত বচন গীতমালাত আমাক কোৱা হৈছে যে: “ধাৰ্ম্মিকবিলাক পৃথিবীৰ অধিকাৰী হব, আৰু তাত সৰ্ব্বতিকাললৈকে বাস কৰিব।” এই প্ৰতিজ্ঞাৰ বিষয়ক পুনৰ উল্লেখ কৰি পাঁচনি যোহনেও কৈছিল: “যি জনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, তেওঁ চিৰকাললৈকে থাকে।” (গীতমালা ৩৭:২৯; ১ যোহন ২:১৭) আচলতে, যদি আমি চিৰকালৰ বাবে জীয়াই থকাহʼলে অপেক্ষা কৰাটো কঠিন কাৰ্য্য নহʼলহেঁতেন। কিন্তু বৰ্তমান আমাৰ জীৱনৰ কাল একেবাৰে কম। তেনেহʼলে অনন্ত জীৱনৰ কথা বিবেচনা কৰাটো এক বাস্তৱিক বিষয় হʼবনে?
এই প্ৰশ্নৰ উত্তৰ জনাৰ আগতে, আহঁক আমি ঈশ্বৰে সৃষ্টি কৰা প্ৰথম পিতৃ-মাতৃৰ বাবে ৰখা চিৰকালৰ জীৱনৰ বিষয়ে বিবেচনা কৰোঁ। তেওঁলোকে পাপ কৰাৰ পিছত নিজৰ আৰু তেওঁলোকৰ সন্তান-সন্ততিৰ বাবেও সেই চিৰকালৰ জীৱন হেৰুৱালে, যʼত আমিও সন্মিলিত আছোঁ। যিহেতু, তেওঁলোকে পাপ কৰাৰ পিছত কোনো পলম নকৰাকৈ যিহোৱা ঈশ্বৰে নিজৰ উদ্দেশ্যৰ বিষয়ে ঘোষণা কৰিলে। কিয়নো তেওঁলোকৰ অৱজ্ঞাকাৰীতাৰ পৰিণামস্বৰূপে সকলোলৈ পাপ আৰু মৃত্যু বিয়পি পৰিল। সেই কাৰণে যিহোৱা ঈশ্বৰে এটা “বংশৰ” বিষয়ে প্ৰতিজ্ঞা কৰিলে আৰু সেই বংশ আছিল যীচু খ্ৰীষ্ট।—আদিপুস্তক ৩:১৫; ৰোমীয়া ৫:১৮.
তেওঁৰ সেই প্ৰতিজ্ঞাৰ পূৰ্ণতাৰ দ্বাৰা লাভৱান হʼবলৈ আমি ব্যক্তিগতৰূপে নিজে সিদ্ধান্ত লব লাগিব। সেইদৰে কৰিবলৈ হʼলে আমি ধৈৰ্য্যশীল হোৱা উচিত। এনেধৰণৰ ধৈৰ্য্য ধৰাৰ বাবে শিকিবলৈ বাইবেলে আমাক এজন খেতিয়কৰ উদাহৰণৰ ওপৰত ধ্যান দিবলৈ উৎসাহিত কৰিছে। উদাহৰণস্বৰূপে, এজন ব্যক্তিয়ে পথাৰত শস্য সিঁচিছে, কিন্তু ইয়াৰ ফল পাবলৈ শস্যবোৰক সুৰক্ষা দি, ইয়াক দোৱাৰ সময়ৰ লৈকে ধৈৰ্য্য ধৰিব লাগিব। তেতিয়াহে তেওঁ ধৈৰ্য্যৰ ফল পাব অৰ্থাৎ তেওঁ যি শস্য সিঁচিছিল তাৰ পৰিশ্ৰমৰ ফল পাব। (যাকোব ৫:৭) পাঁচনি পৌলে ধৈৰ্য্যৰ বিষয়ে অন্য এটা উদাহৰণ উল্লেখ কৰিছে। তেওঁ আমাক বিশ্বাসী পুৰুষ আৰু স্ত্ৰীৰসকলৰ বিষয়ে সোৱঁৰাই দিয়ে। সেই বিশ্বাসী লোক সকলে ঈশ্বৰৰ উদ্দেশ্যক পূৰ্ণ হোৱাৰ বাবে আশাৰে বাট চাইছিল, কিন্তু তেওঁলোকে ঈশ্বৰৰ মনোনীত সময়লৈকে অপেক্ষা কৰিছিল। ঠিক সেইদৰে পাচঁনি পৌলেও তেনে আৰ্হিক অনুকৰণ কৰিবলৈ আমাক উৎসাহিত কৰি এইদৰে কৈছিল যে, “যি মানুহ বিশ্বাস আৰু চিৰসহিষ্ণুতাৰ দ্বাৰাই প্ৰতিজ্ঞাবোৰৰ উত্তৰাধিকাৰী হল।”—ইব্ৰী ৬:১১, ১২.
অপেক্ষা হৈছে জীৱনৰ এনে এক অপৰিহাৰ্য্য কাৰ্য্য যাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ই এক বেদনাৰ উৎস। কিয়নো যিসকলে ঈশ্বৰৰ প্ৰতিজ্ঞাৰ পূৰ্ণতাৰ বাবে অপেক্ষা কৰে, তেওঁলোকৰ বাবে সেয়া হৈছে আনন্দৰ উৎস। তেওঁলোকে ঈশ্বৰৰ সৈতে এক ঘনিষ্ট সম্বন্ধ গঢ়ি তুলিবলৈ আৰু বিশ্বাসক কাৰ্য্যৰ দ্বাৰা প্ৰকাশ কৰিবলৈ অপেক্ষিত কৰা সময়ক সদ ব্যৱহাৰ কৰে। ইয়াৰ ওপৰিও প্ৰাৰ্থনা, বাইবেল অধ্যয়ন আৰু ধ্যান কৰাৰ যোগেদি তেওঁলোকে এক দৃঢ় বিশ্বাস উন্নত কৰে যে ঈশ্বৰে যিবোৰ প্ৰতিজ্ঞা কৰিছে সেই সকলোবোৰ নিজৰ নিযুক্তি সময়ত পূৰ্ণ কৰিব।
[৫ পৃষ্ঠাৰ বক্স/ছবিসমূহ]
অপেক্ষাই আমাক আনন্দিত কৰে!
আগৰে পৰা আচঁনি তৈয়াৰ কৰক। যদি আপুনি জানে যে আপোনাক অপেক্ষা কৰিব লাগিব সেই সময়ক পঢ়া, লিখা, চুৱেটাৰ গোঁঠা, কুৰ্চাৰ কাম বা অন্য উপযুক্ত কাৰ্য্যবোৰত নিজকে ব্যস্ত ৰাখক।
বাইবেল বা বাইবেল আধাৰিত কিতাপসমূহৰ পৰা আপুনি যি পঢ়ে বা অধ্যয়ন কৰে সেই বিষয়বিলাকৰ ওপৰত বিবেচনা কৰি সময়ক ব্যৱহাৰ কৰক।
আপোনাৰ ঘৰত থকা টেলিফোনৰ ওচৰত কিছুমান কিতাপ ৰাখক। যেতিয়া টেলিফোনৰ বাবে পাচঁ বা দহ মিনিট অপেক্ষা কৰিবলগীয়া হয় সেইসময়ত আপুনি ভালেমান পৃষ্ঠা পঢ়িব পাৰে।
যেতিয়া গ্ৰুপৰ সৈতে অপেক্ষা কৰিবলগীয়া হয়, তেনেহʼলে যদি উপযুক্ত হয়, সেই সুযোগক গ্ৰহণ কৰি অন্য লোকৰ সৈতে উন্নতিসাধক বিষয়বোৰৰ সমন্ধে আলোচনা কৰিব পাৰে।
আকস্মিক অপেক্ষাৰ সময়ত ব্যৱহাৰ কৰিবলৈ নিজৰ গাড়ীত আপুনি নোটপেদ বা যিকোনো পঢ়া কিতাপ ৰাখিব পাৰে।
নিজৰ চকু বন্ধ কৰি আৰাম কৰিব পাৰে বা প্ৰাৰ্থনা কৰিব পাৰে।
পৰিকল্পিত আচঁনি আৰু ভাল মনোবৃত্তিয়ে অপেক্ষা কৰা সময়খিনি আনন্দদায়ক কৰি তোলে।