ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০০ ১২/১ পৃষ্ঠা ৮-১২
  • যিহোৱাই ক্লান্ত হোৱা লোকক শক্তি দান কৰে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাই ক্লান্ত হোৱা লোকক শক্তি দান কৰে
  • ২০০০ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • আমাক অধিক শক্তিৰ প্ৰয়োজন
  • ‘যিহোৱা আমাৰ পৰাক্ৰম’
  • আমাক শক্তিশালী কৰিবলৈ ব্যৱস্থা কৰা আধ্যাত্মিক প্ৰবন্ধসমূহ
  • মণ্ডলীয়ে আমাক শক্তিশালী কৰিব পাৰে
  • একেৰাহে প্ৰচাৰ কাৰ্য্য কৰি থকাৰ যোগেদিও আধ্যাত্মিকৰূপে শক্তিশালী হʼব পাৰি
  • যিহোৱাৰ শক্তিৰে প্ৰচাৰ কাৰ্য্য সম্পন্ন কৰক
  • যিহোৱাই আপোনাক শক্তি দিব
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • পৰস্পৰে ইজনে সিজনৰ বিশ্বাস দৃঢ় কৰক
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • ‘যিহোৱাই তোমালোকক বলৱন্ত কৰিব’
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
২০০০ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০০ ১২/১ পৃষ্ঠা ৮-১২

যিহোৱাই ক্লান্ত হোৱা লোকক শক্তি দান কৰে

“[যিহোৱাই] ক্লান্ত হোৱা লোকক শক্তি দান কৰে, আৰু বল নোহোৱা লোকক অধিক বল দান কৰে।”—যিচয়া ৪০:২৯.

১. সৃষ্টি কৰা বস্তুসমূহে ঈশ্বৰৰ শক্তিৰ বিষয়ে কেনে চিত্ৰ দাঙি ধৰিছে তাক বৰ্ণনা কৰক।

যিহোৱাৰ সৃষ্টিয়ে তেওঁৰ অসীম শক্তিৰ পৰিচয় দিয়ে। এই বিষয়ে এক ক্ষুদ্ৰ অনু আৰু বিশাল আকাৰৰ সূৰ্য্যৰ সম্পৰ্কে বিবেচনা কৰক। চাবলৈ গʼলে এটা ক্ষুদ্ৰ অনুত অধিক মাত্ৰাত শক্তি সঞ্চিত থাকে আৰু পৃথিৱীত থকা সকলো বস্তু এই ক্ষুদ্ৰ ক্ষুদ্ৰ অনুৰ দ্বাৰাই গঠিত, যেনে—আমি পান কৰা পানীৰ এক সৰু টোপালত কোটি কোটি সংখ্যক অনু থাকে আৰু আমাৰ ভূমণ্ডলত জীৱিত্ব থকা সকলোবোৰ প্ৰাণীৰ প্ৰাণ সূৰ্য্যৰ দ্বাৰা উৎপন্ন হোৱা এটমিক শক্তিৰ ওপৰত নিৰ্ভৰশীল। কিন্তু পৃথিৱীত থকা সকলো প্ৰাণীক জীৱিত্ব ৰাখিবলৈ সৌৰশক্তিয়ে কেনেকৈ সহায় কৰে? সূৰ্য্যই উৎপন্ন কৰা বৃহৎ পৰিণামৰ শক্তিৰ তুলনাত আমাৰ পৃথিৱীয়ে মাত্ৰ এক ক্ষুদ্ৰতকৈ ক্ষুদ্ৰ অংশৰ শক্তিহে গ্ৰহণ কৰে। ফ্ৰেদ হইল্‌ নামৰ গণিত বিশেষজ্ঞই এচট্ৰনʼমি নামৰ কিতাপখনত এইদৰে কৈছে “পৃথিৱীয়ে সূৰ্য্যৰ পৰা গ্ৰহণ কৰা ক্ষুদ্ৰ পৰিমাণৰ শক্তি আৰু আমাৰ এই পৃথিৱীত থকা উদ্যোগবোৰত ব্যৱহাৰ হোৱা সকলোবোৰ শক্তিৰ তুলনাত সূৰ্য্যৰ শক্তি ১০০, ০০০ গুণতকৈও অধিক।”

২. যিচয়া ৪০:২৬ পদত যিহোৱাৰ শক্তিৰ বিষয়ে কি কোৱা হৈছে?

২ এতেকে এটা ক্ষুদ্ৰ এটম বা বিশাল বিশ্বখনেই হওঁক, ইয়াৰ বিষয়ে বিবেচনা কৰিলে আমি যিহোৱাৰ অসাধাৰণ শক্তিৰ পৰিচয় পাওঁ। অৱশ্যে ইয়াত আচৰিত হোৱাৰ কোনো কাৰণ নাই, কিয়নো যিহোৱাই নিজে কৈছে: “তোমাৰ চকু ওপৰলৈ তুলি দৃষ্টি কৰা, কোনে সৌবোৰ সৃষ্টি কৰিলে? যি জনাই সংখ্যা অনুসাৰে সেইবোৰৰ বাহিনীবিলাকক উলিয়াই আনে, যি জনাই সেইবোৰক নাম ধৰি ধৰি মাতে, সেই জনাৰ অধিক সমৰ্থ আৰু বহু পৰাক্ৰমৰ কাৰণে সেইবোৰৰ এটিও অনুপস্থিত নাথাকে।” (যিচয়া ৪০:২৬) সচাঁকৈ যিহোৱা হৈছে এজন ‘বহু পৰাক্ৰমী’ আৰু ‘অধিক সমৰ্থবান’ ঈশ্বৰ। সেইবাবে তেওঁ নিজৰ শক্তিক গোটেই বিশ্ব-ব্ৰহ্মাণ্ডক নিৰ্ম্মাণ কৰিবলৈ ব্যৱহাৰ কৰিলে।

আমাক অধিক শক্তিৰ প্ৰয়োজন

৩, ৪. (ক)কি কি কাৰ্য্যই আমাক ক্লান্ত কৰিব পাৰে? (খ) আমি কেনে ধৰণৰ প্ৰশ্নক বিবেচনা কৰাটো উত্তম হʼব?

৩ ঈশ্বৰৰ শক্তিৰ তুলনাত মানুহৰ শক্তি একেবাৰে নগণ্য। গতিকে মানুহে সকলো কাৰ্য্য কৰোঁতে ক্লান্ত হৈ পৰে, যেনে—টোপনি যোৱা, টোপনিৰ পৰা সাৰ পোৱা, স্কুল বা চাকৰিলৈ যোৱা আৰু তাৰ পৰা ঘৰলৈ উভতি অহা। আনকি আমি অৰ্থাৎ যিহোৱাৰ সাক্ষীসকলেও আন আন পৰিস্থিতিসমূহত আৰু ঈশ্বৰৰ সেৱাত অধিক পৰিশ্ৰম কৰিব লগীয়া হোৱাৰ বাবে ভাগৰি পৰোঁ। (মাৰ্ক ৬:৩০, ৩১; লূক ১৩:২৪; ১ তীমথিয় ৪:৮) ইয়াৰ ওপৰিও এনে বহুতো কাৰণ আছে যিয়ে আমাৰ শক্তিক হ্ৰাস কৰে।

৪ এতেকে অকল এই জগতৰ আন ধৰ্ম্মৰ লোকসকলৰ ওপৰতে মাথোন সমস্যা আহে এনে নহয়, কিন্তু সত্য খ্ৰীষ্টানসকলৰ ওপৰতো বিভিন্ন সমস্যা আহে। (ইয়োব ১৪:১) যেনে—বেমাৰ আৰু আৰ্থিক সমস্যাৰ বাবে নিৰাশ হৈ শাৰিৰীক বা মানসিকভাবে দুৰ্ব্বল হোৱা। ইয়াৰ ওপৰিও, তেওঁলোকে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ বাবে বিভিন্ন অত্যাচাৰৰো সন্মূখীন হʼবলগীয়া হয়। (২ তীমথিয় ৩:১২; ১ পিতৰ ৩:১৪) সেইবাবে সত্য খ্ৰীষ্টানসকলে অধিক ক্লান্ত হয় আৰু যিহোৱাৰ সেৱাত ধীৰ হৈ পৰে। তদুপৰি চয়তানেও আমাৰ বিশ্বাসক দুৰ্ব্বল কৰিবলৈ সকলো প্ৰকাৰৰ পদ্ধতি প্ৰয়োগ কৰে। তেনেহʼলে ক্লান্ত নোহোৱাকৈ উৎসাহেৰে একেৰাহে যিহোৱাৰ সেৱা কৰিবলৈ কোনে আমাক শক্তি প্ৰদান কৰিব?

৫. যিহোৱাক সেৱা কৰিবলৈ আমাক কিয় তেওঁৰ শক্তিৰ অতি আৱশ্যক?

৫ একমাত্ৰ যিহোৱাইহে আমাক আধ্যাত্মিকৰূপে শক্তিশালী কৰিব পাৰে। কিয়নো তেওঁ হৈছে গোটেই বিশ্বৰ সৃষ্টিকৰ্ত্তা আৰু সৰ্বশক্তিমান ঈশ্বৰ। এই বিষয়ে পাঁচনি পৌলে কৈছিল যে আমি অসিদ্ধ মানৱ হোৱাৰ বাবে যিহোৱাক সেৱা কৰিবলৈ আমাক ঈশ্বৰৰ শক্তিৰ অধিক আৱশ্যক। বাইবেলত পাঁচনী পৌলে কোৱা কথাক এইদৰে বৰ্ণনা কৰিছে: “কিন্তু শক্তিৰ বাহুল্যতা যেন আমাৰ পৰা নহৈ ঈশ্বৰৰ হয়, এই কাৰণে মাটিৰ পাত্ৰ যি আমি, আমাত সেই দীপ্তিৰূপ ধন আছে।” (২ কৰিন্থীয়া ৪:৭) অভিষিক্ত খ্ৰীষ্টানসকলেও “মিলনৰ পৰিচৰ্য্যা” সম্পূৰ্ণ কৰিবলৈ, পৃথিৱীত অনন্ত জীৱনৰ আশা থকা বৰ লোক সমূহৰ সহায় লৈছে। (২ কৰিন্থীয়া ৫:১৮; যোহন ১০:১৬; প্ৰকাশিত বাক্য ৭:৯) এতেকে আমি সকলোৱে অসিদ্ধ মানৱ হোৱাৰ বাবে যিহোৱাৰ সেৱাত অহা বাধাবোৰত সন্মূখীন হʼবলৈ আমাৰ কোনো সমৰ্থ নাই। সেইবাবে, যিহোৱাই আমাক এই বাধাবোৰত সফলতাৰে সন্মূখীন হʼবলৈ তেওঁৰ পবিত্ৰ আত্মাৰ সহায় আগবঢ়াই যাতে আমি অসিদ্ধ হোৱা স্বত্ত্বেও অধিকৰূপে তেওঁৰ মহিমা কৰিব পাৰোঁ। ইয়াৰ ওপৰিও আমি বাইবেলত দিয়া আশ্বাসৰ বিষয়ে শুনি আনন্দিত হওঁ, কিয়নো বাইবেলত ঈশ্বৰৰ বিষয়ে এইদৰে কৈছে যে “যিহোৱাই ধাৰ্ম্মিকবিলাকক ধৰি ৰাখে।”—গীতমালা ৩৭:১৭.

‘যিহোৱা আমাৰ পৰাক্ৰম’

৬. যিহোৱাই যে আমাৰ শক্তিৰ একমাত্ৰ উৎস বুলি বাইবেলে আমাক কেনে আশ্বাস দিছে?

৬ আমাৰ স্বৰ্গীয় পিতৃ যিহোৱাৰ ওচৰত “অধিক সমৰ্থ” আছে আৰু তেওঁ আমাক সহজে বলবান কৰিব পাৰে। ইয়াৰ ওপৰিও, বাইবেলে তেওঁৰ বিষয়ে এইদৰে কৈছে: “[যিহোৱাই] ক্লান্ত হোৱা লোকক শক্তি দান কৰে, আৰু বল নোহোৱা লোকক অধিক বল দান কৰে। ডেকাবিলাকেও শ্ৰান্ত হৈ ভাগৰ পায়, আৰু যুবাবিলাকে উজুটি খাই একেবাৰে পৰি যায়। কিন্তু যিবিলাকে যিহোৱালৈ অপেক্ষা কৰে, তেওঁবিলাকে নতুন নতুন বল পাব, তেওঁবিলাকে কুৰৰ পক্ষীৰ দৰে ডেউকাৰে ওপৰলৈ উৰিব, তেওঁবিলাকে লৰ মাৰি শ্ৰান্ত নহব, তেওঁবিলাকে গমন কৰি ভাগৰ নাপাব।” (যিচয়া ৪০:২৯-৩১) খ্ৰীষ্টান লাক্ষণিক দৌৰত দৌৰি আমাৰ অৱস্থা কেতিয়াবা এনে এজন খেলুৱৈৰ দৰে হয়, যিজনে অধিক ক্লান্ত হোৱাৰ বাবে এখোজো আগবাঢ়িব নোৱাৰে। কিন্তু এনে অৱস্থাত আমি নিৰাশ হোৱাটো উচিত নহয় কিয়নো আমি জীৱনৰ দৌৰত একেবাৰে শেষ সীমাত উপনীত হৈছোঁহি। (২ বংশাৱলি ২৯:১১) গতিকে আমাৰ প্ৰধান শত্ৰু চয়তানে কেতিয়াও এইটো নিবিচাৰে যে আমি সেই দৌৰত সফলতা লাভ কৰোঁ। সেইবাবে সি “গুজৰি থকা সিংহৰ দৰে” এই আশাত ঘূৰি ফুৰিছে যে কেনেকৈ আমাক এই জীৱনৰ দৌৰৰ পৰা আঁতৰোৱাত সফল হয়। (১ পিতৰ ৫:৮) এতেকে আমি মনত ৰখা উচিত যে কেৱল ‘যিহোৱাই হৈছে আমাৰ বল আৰু ঢালস্বৰূপ,’ সেয়েহে তেওঁ “ক্লান্ত হোৱা লোকক শক্তি দান” কৰিবলৈ প্ৰৱন্ধ কৰিছে।—গীতমালা ২৮:৭.

৭, ৮. আমি কেনেদৰে কʼব পাৰোঁ যে যিহোৱাই দায়ূদ, হবক্কুক আৰু পাঁচনি পৌলক তেওঁৰ নিজ শক্তি প্ৰদান কৰিছিল?

৭ ঈশ্বৰ যিহোৱাই ৰজা দায়ূদক সমস্যাবোৰত সফলতাৰে সন্মূখীন হʼবলৈ শক্তি প্ৰদান কৰিছিল। সেইকাৰণে ৰজা দায়ূদে সম্পূৰ্ণ বিশ্বাসেৰে এইদৰে লিখিলে: “ঈশ্বৰৰ দ্বাৰাইহে আমি বীৰ-কাৰ্য্য কৰিম; কিয়নো তেৱেঁই আমাৰ শত্ৰুবোৰক গচকিব।” (গীতমালা ৬০:১২) ইয়াৰ ওপৰিও যিহোৱা ঈশ্বৰে হবক্কুকক ভৱিষ্যতবক্তাৰূপে কাৰ্য্যভাৰ সম্পূৰ্ণ কৰিবলৈ নিজৰ শক্তি দিছিল। সেয়েহে হবক্কুক ৩:১৯ পদত কোৱা হৈছে: “প্ৰভু যিহোৱায়েই মোৰ শক্তি; তেওঁ মোৰ ভৰি হৰিণীৰ ঠেং যেন কৰিছে, মোৰ ওখ ঠাইবোৰেদি মোক গমন কৰাব।” ঠিক সেইদৰে পাঁচনি পৌলেও যিহোৱাৰ পৰা শক্তি পাইছিল, যিহেতু তেওঁ লিখিছিল: “মোক শক্তি দিয়া জনাত থাকি, মই সকলো বিষয়ত বলৱান হৈছোঁ।”—ফিলিপীয়া ৪:১৩.

৮ গতিকে, যিহোৱাই দায়ূদ, হবক্কুক আৰু পৌলৰ দৰে আমাকো তেওঁৰ শক্তি প্ৰদান কৰিব বুলি আমি সম্পূৰ্ণ বিশ্বাস ৰখা উচিত। তেওঁ আমাক এই শক্তি কেনেকৈ প্ৰদান কৰিব আৰু ইয়াৰ বাবে তেওঁ কি কি ব্যৱস্থা কৰিছে তাকে বিবেচনা কৰোঁহঁক।

আমাক শক্তিশালী কৰিবলৈ ব্যৱস্থা কৰা আধ্যাত্মিক প্ৰবন্ধসমূহ

৯. বাইবেল আৰু ঈশ্বৰৰ পাৰ্থিৱ সংগঠনৰ দ্বাৰা প্ৰকাশিত হোৱা সাহিত্যবোৰৰ যোগেদি কেনেকৈ আমি আধ্যাত্মিকৰূপে শক্তিশালী হʼব পাৰিম?

৯ ঈশ্বৰে তেওঁৰ পাৰ্থীৱ সংগঠনৰ দ্বাৰা বহুতো বাইবেল আধাৰিত সাহিত্য প্ৰকাশ কৰিছে, যিবোৰক মনোযোগেৰে অধ্যয়ন কৰিলে আমি আধ্যাত্মিকৰূপে শক্তিশালী হʼব পাৰিম। এইবাবে গীতমালাৰ লেখকে এইদৰে লিখিলে: “যি মানুহে . . . যিহোৱাৰ ব্যৱস্থাত সন্তুষ্ট হয়, আৰু দিনে-ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে, সেই মানুহেই ধন্য। সেই মানুহ বতৰত ফল দিয়া, পাত জঁয় নপৰা বোৱঁতী পানীৰ দাঁতিত ৰোৱা গছৰ নিচিনা; সেই মানুহে কৰা সকলো কৰ্ম্ম সাম্ফল হয়।” (গীতমালা ১:১-৩) এতেকে যেনেকৈ আমি জীয়াই থাকিবলৈ আহাৰ গ্ৰহণ কৰিবলগীয়া হয়, তেনেদৰে আধ্যাত্মিকৰূপে জীয়াই থাকিবলৈ যিহোৱাই প্ৰৱন্ধ কৰা আধ্যাত্মিক আহাৰ গ্ৰহণ কৰা উচিত। গতিকে ঈশ্বৰে প্ৰৱন্ধ কৰা সাহিত্যবোৰক মনোযোগেৰে অধ্যয়ন কৰা আৰু তাৰ পৰামৰ্শবোৰৰ ওপৰত ধ্যান কৰাটো অতি আৱশ্যক।

১০. আমি কোনটো সময়ত বাইবেল অধ্যয়ন আৰু ধ্যান কৰিব পাৰোঁ?

১০ “ঈশ্বৰৰ গভীৰ কথাকো” অনুসন্ধান কৰাৰ যোগেদি আমি লাভবান হʼব পাৰোঁ। (১ কৰিন্থীয়া ২:১০) কিন্তু আমি অনুসন্ধান কৰিবলৈ কেনেকৈ সময় ওলিয়াব পাৰোঁ? উদাহৰণস্বৰূপে অব্ৰাহামৰ পুত্ৰ ইচ্‌হাকে “সন্ধ্যা বেলিকা কিবা কথা বিবেচনা কৰিবলৈ পথাৰলৈ গৈছিল।” (আদিপুস্তক ২৪:৬৩-৬৭) দায়ূদে ‘ৰাতিৰ প্ৰহৰে প্ৰহৰে ঈশ্বৰৰ ধ্যান কৰিছিল।’ (গীতমালা ৬৩:৫) ঠিক একেইদৰে আমিও ৰাতিপুৱা, গধূলি, ৰাতি বা যিকোনো সময়ত বাইবেল অধ্যয়ন কৰিবলৈ সময় ওলিয়াব পাৰোঁ। অধ্যয়ন কৰা বা বিবেচনা কৰাৰ আগতে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰা আৱশ্যক, তেহে ঈশ্বৰে আমাক অধিক শক্তি দিব।

১১. নিতৌ প্ৰাৰ্থনা কৰাৰ প্ৰতি আমি কিয় বেছি গুৰুত্ব দিয়া উচিত?

১১ ঈশ্বৰলৈ কৰা নিতৌ প্ৰাৰ্থনাই আমাক শক্তিশালী কৰি তুলে। গতিকে আঁহক আমি ‘প্ৰাৰ্থনাত লাগি থাকোঁ।’ (ৰোমীয়া ১২:১২) আমি কোনো সমস্যাৰ সৈতে সন্মূখীন হোৱাৰ সময়ত যিহোৱালৈ প্ৰাৰ্থনা কৰি বুদ্ধি আৰু শক্তি বিচাৰিব পাৰোঁ। (যাকোব ১:৫-৮) কেতিয়াবা আমাক বিশেষ এক কঠিন সমস্যাৰ সৈতে যুঁজিবলৈ প্ৰাৰ্থনা কৰিব লগা হয় যাতে তেওঁৰ শক্তি আৰু বুদ্ধিৰ দ্বাৰা সেই সমস্যাক সমাধান কৰিব পাৰোঁ, আৰু যেতিয়া আমি যিহোৱাৰ উদ্দেশ্যক পূৰ্ণ হোৱা বা সেই সমস্যাৰ সমাধান হোৱা দেখোঁ সেই সময়ত আমি তেওঁক ধন্যবাদ জনাবলৈ পাহৰি যোৱাটো উচিত নহয়। (ফিলিপীয়া ৪:৬, ৭) যদি আমি সদায় প্ৰাৰ্থনাৰ যোগেদি ঈশ্বৰৰ কাষ চাপো তেনেহʼলে তেওঁ আমাক কেতিয়াও ত্যাগ নকৰিব। সেয়েহে ৰজা দায়ূদে কৈছিল: “চোৱা, ঈশ্বৰ মোৰ সহায়কৰ্ত্তা।”—গীতমালা ৫৪:৪.

১২. আমি ঈশ্বৰৰ পৰা কিয় পবিত্ৰ আত্মা বিচৰা আৱশ্যক?

১২ পবিত্ৰ-আত্মা বা সক্ৰিয় শক্তিৰ দ্বাৰা আমাৰ স্বৰ্গীয় পিতৃ যিহোৱাই আমাক শক্তিশালী কৰে। সেইবাবে পৌলে এইদৰে লিখিছিল: “স্বৰ্গত আৰু পৃথিবীত থকা প্ৰত্যেক বংশই যি পিতৃৰ নাম পাইছে, সেই পিতৃৰ আগত মই আঠু লৈ এই প্ৰাৰ্থনা কৰোঁ, তেওঁ নিজ প্ৰতাপৰূপ ধনৰ দৰে নিজ আত্মাৰ দ্বাৰাই আন্তৰিক পুৰুষৰ সম্বন্ধে তোমালোকক শক্তিৰে শক্তিমন্ত হবলৈ দিয়ক।” (ইফিচীয়া ৩:১৪-১৬) আমি পবিত্ৰ আত্মাৰ বাবে প্ৰাৰ্থনা কৰা উচিত আৰু পূৰ্ণ ভৰসা ৰখা আৱশ্যক যে যিহোৱাই আমাক শক্তি দিব। এই সম্পৰ্কে যীচুৱে যুক্তি দৰ্শাই এইদৰে কৈছিল: যদি সন্তানে মাছ খুজে, এজন মৰমীয়াল পিতৃয়ে সাপ দিবনে? কেতিয়াও নিদিয়ে। আগলৈ তেওঁ এইদৰে উপদেশ দি কয়: “এতেকে তোমালোকে দুৰ্জন হৈয়ো নিজ নিজ সন্তানবিলাকক যদি ভাল বস্তু দিব জানা, তেন্তে তাতকৈয়ো তোমালোকৰ স্বৰ্গত থকা পিতৃয়ে, তেওঁত খোজাবিলাকক পবিত্ৰ আত্মা নিদিব নে?” (লূক ১১:১১-১৩) গতিকে আঁহক আমি পূৰ্ণ বিশ্বাসেৰে প্ৰাৰ্থনা কৰোঁহঁক আৰু সদায় মনত ৰখা উচিত যে যিহোৱাই তেওঁৰ বিশ্বাসী সেৱকসকলক নিজৰ আত্মা দি “শক্তিমন্ত” কৰিব।

মণ্ডলীয়ে আমাক শক্তিশালী কৰিব পাৰে

১৩. আমি সভাবোৰৰ প্ৰতি কেনে দৃষ্টিভঙ্গী ৰখা উচিত?

১৩ যিহোৱাই আমাক মণ্ডলীৰ সভাবোৰৰ যোগেদিও শক্তিশালী কৰে। যীচুৱে কৈছিল: “যি ঠাইত দুই বা তিনি জন মোৰ নামেৰে গোট খোৱা হয় সেই ঠাইতে ময়ো তেওঁলোকৰ মাজত থাকোঁ।” (মথি ১৮:২০) যীচুৱে এই কথাষাৰ কোৱাৰ সময়ত এনে আৱশ্যকীয় বিষয়বোৰৰ সমন্ধে আলোচনা কৰিছিল যিবোৰ বিষয়ে মণ্ডলীৰ পৰিচালকসকলে গুৰুত্ব দিয়া উচিত। (মথি ১৮:১৫-১৯) যিহেতু আজিও যীচুৰ সেই বাক্যশাৰী প্ৰয়োগ হয়, সেইবাবে সভা, সন্মিলন আৰু অধিৱেশনৰ আৰম্ভণি আৰু শেষত প্ৰাৰ্থনা কৰি যীচুৰ নামেৰে আমেন কৰা হয়। (যোহন ১৪:১৪) গতিকে, আমি ইয়াত উপস্থিত হোৱাটো আমাৰ বাবে এক বিশেষ অধিকাৰ। কিয়নো এইবোৰত যীচু উপস্থিত থাকে। সেইবাবে আঁহক আমি সভাবোৰত উপস্থিত হৈ সম্পূৰ্ণৰূপে লাভবান হওঁহঁক, কিয়নো ইয়ে আমাক আধ্যাত্মিকৰূপে শক্তিশালী আৰু ভাল কাৰ্য্যৰ বাবে উৎসাহিত কৰিব পাৰে।—ইব্ৰী ১০:২৪, ২৫.

১৪. প্ৰাচীন আৰু ট্ৰেভেলিং ওভাৰচিয়াৰসকলে কিদৰে মণ্ডলীলৈ সহায় আগবঢ়ায়?

১৪ আমাৰ প্ৰাচীনসকলেও আমাক আধ্যাত্মিকৰূপে সহায় আগবঢ়াই আৰু উৎসাহিত কৰে। (১ পিতৰ ৫:২, ৩) পৌলৰ দৰে বৰ্তমান সময়ত ট্ৰেভেলিং ওভাৰচিয়াৰসকলেও মণ্ডলীবোৰত সহায় আগবঢ়াই আৰু উৎসাহিত কৰে। পৌলে নিজৰ ভাই-ভনীসকলৰ সৈতে লগ কৰিবলৈ বাঞ্চা কৰিছিল যাতে তেওঁলোক এজনে আনজনক উৎসাহিত কৰিব পাৰে। (পাঁচনিৰ কৰ্ম্ম ১৪:১৯-২২; ৰোমীয়া ১:১১, ১২) গতিকে স্থানীয় প্ৰাচীন আৰু ট্ৰেভেলিং ওভাৰচিয়াৰসকলে সহায় আগবঢ়োৱা বাবে আমি তেওঁলোকক আন্তৰিকতাৰে প্ৰশংসা কৰা আৱশ্যক।

১৫. মণ্ডলীৰ ভাই-ভনীসকলে কেনেকৈ “শান্তিজনক” সহায়ক হʼব পাৰে?

১৫ আমাৰ মণ্ডলীৰ ভাই-ভনীসকলেও আমাৰ বাবে “শান্তিজনক” সহায়ক হʼব পাৰে। (কলচীয়া ৪:১০, ১১) তেওঁলোকে ক্লেশৰ সময়ত ‘বন্ধু’ হৈ আমাক সহায় কৰিব পাৰে। (হিতোপদেশ ১৭:১৭) এই সংক্ৰান্তত চাক্‌চেনহাউচেন নামৰ যাতনা শিবিৰত বন্দী হৈ থকা ভাইসকলৰ আৰ্হিৰ পৰা আমি বহু কিছু শিকিব পাৰোঁ। ১৯৪৫ চনত আমেৰিকা আৰু ৰাচিয়াৰ সৈনিকসকলে যেতিয়া জাৰ্মানৰ ফালে আগবাঢ়ি অহাৰ সময়ত হিটলাৰৰ নাজী চৰকাৰে সেই যাতনা শিবিৰত থকা বন্দীসকলক সাগৰৰ ফালে লৈ গৈ তেওঁলোক হত্যা কৰিবলৈ ষড়যন্ত্ৰ ৰচিলে। শিবিৰৰ পৰা সাগৰলৈ যোৱা পথৰ দূৰত্ব আছিল ২০০ কিলোমিটাৰ। গতিকে ইমান দূৰত্ব অতিক্ৰম কৰা পথত ১০, ০০০ জনতকৈ অধিক বন্দীয়ে মৃত্যুক সাৱটি লʼব লগীয়া হৈছিল। কিন্তু তেওঁলোকৰ মাজত থকা আমাৰ ২২০ জন ভাইৰ এজনৰো মৃত্যু হোৱা নাছিল। কিয়নো তেওঁলোকে ইজনে সিজনক সহায় কৰিছিল আৰু ইয়াৰ উপৰিও বলিষ্ঠ ভাইসকলে দুৰ্ব্বল ভাইসকলক সৰু সৰু ঠেলাত বহুৱাই কঢ়িয়াই লৈ গৈছিল। সংস্থাই প্ৰকাশ কৰা যিহোৱা সাক্ষীসকলৰ বাৰ্ষিক পুস্তক আৰু যিহোৱাৰ সাক্ষী—ঈশ্বৰৰ ৰাজ্যৰ ঘোষণাকাৰী নামৰ কিতাপত এনে বহুতো অনুভৱ দিয়া আছে, যাৰ পৰা এইটো জানিব পাৰি যে যিহোৱাই নিজৰ লোকসকলক শক্তি দিয়ে।—গালাতীয়া ৬:৯. a

একেৰাহে প্ৰচাৰ কাৰ্য্য কৰি থকাৰ যোগেদিও আধ্যাত্মিকৰূপে শক্তিশালী হʼব পাৰি

১৬. নিয়মিতৰূপে প্ৰচাৰ কাৰ্য্যত ভাগ লোৱাৰ যোগেদি কেনেকৈ আমি আধ্যাত্মিকৰূপে শক্তিশালী হʼব পাৰিম?

১৬ প্ৰচাৰ কাৰ্য্যত সদায় ভাগ লোৱাৰ যোগেদিও আমি আধ্যাত্মিকৰূপে দৃঢ় হʼব পাৰোঁ। কিয়নো এই কাৰ্য্যত একেৰাহে লাগি থাকিলে আমি আমাৰ সম্পূৰ্ণ ধ্যান ঈশ্বৰৰ ৰাজ্য আৰু অনন্ত জীৱনৰ আশীৰ্ব্বাদৰ ওপৰত কেন্দ্ৰিত কৰিব পাৰিম। (যিহূদা ২০, ২১) গতিকে প্ৰচাৰ কাৰ্য্যত এই বিষয়বোৰক বাৰে-বাৰে পুনৰুক্তি কৰিলে আমাৰ বিশ্বাস দৃঢ় হয় আৰু তেতিয়া আমিও ভৱিষ্যতবক্তা মীখাৰ দৰে কʼব পাৰিম: “আমি হলে যুগে যুগে চিৰকাললৈকে আমাৰ ঈশ্বৰ যিহোৱাৰ নামেৰেহে চলিম।”—মীখা ৪:৫.

১৭. গৃহ বাইবেল অধ্যয়নৰ বাবে কি পৰামৰ্শ আগবঢ়োৱা হৈছে?

১৭ ইয়াৰ ওপৰিও আমি প্ৰচাৰ কাৰ্য্যত ব্যৱহাৰ কৰা শাস্ত্ৰীয় পদবোৰৰ দ্বাৰা যিহোৱাৰ সৈতে এক অটুট সম্বন্ধ গঢ়ি তুলিব পাৰোঁ। উদাহৰণস্বৰূপে, যেতিয়া কোনো এজন ব্যক্তিৰ সৈতে জ্ঞান কিতাপৰ পৰা বাইবেল অধ্যয়ন কৰাৰ সময়ত কিতাপখনত উল্লেখ কৰা শাস্ত্ৰীয় পদবোৰ পঢ়িলে উত্তম হʼব। কিয়নো এইদৰে কৰিলে সেই বিদ্যাৰ্থীজনে অধিক লাভবান হʼব আৰু বাইবেলৰ প্ৰতি থকা আমাৰ বুজ শক্তিও অধিক বৃদ্ধি হʼব। যদি কোনো বিদ্যাৰ্থীয়ে এবাৰতে বাইবেলত উল্লেখ কৰা দৃষ্টান্ত বা আন বিষয়বোৰৰ সম্পৰ্কে বুজাত কঠিন হয়, তেন্তে পৰৱৰ্তী অধ্যায়লৈ খৰ-খেদাকৈ আগবঢ়াৰ পৰিৱৰ্ত্তে লাহে লাহে আগবাঢ়িলে লাভজনক হʼব। গতিকে আমি ভালদৰে তৈয়াৰী কৰি আনক ঈশ্বৰৰ কাষ চাপিবলৈ সহায় কৰাৰ দ্বাৰা আমি আনন্দিত নহওঁনে বাৰু!

১৮. জ্ঞান কিতাপখন কেনেকৈ কাৰ্য্যকাৰীৰূপে ব্যৱহাৰ কৰিব পাৰি, এই বিষয়ে বৰ্ণনা কৰিক।

১৮ প্ৰত্যেক বছৰে, জ্ঞান কিতাপখনক কাৰ্য্যকাৰীৰূপে ব্যৱহাৰ কৰাৰ বাবে হাজাৰ-হাজাৰ লোকে বাপ্তিষ্মা লৈ যিহোৱাৰ সেৱা কৰিবলৈ আগবাঢ়ি আহিছে। তেওঁলোকৰ মাজত এনে ব্যক্তিসকলো সন্মিলিত আছে যিসকলে কাহানিও বাইবেল পঢ়া নাছিল বা বাইবেলৰ বিষয়ে কোনো জ্ঞান নাছিল। উদাহৰণস্বৰূপে, শ্ৰীলঙ্কাত থকা এজন হিন্দু ব্যক্তিৰ বিষয়ে বিবেচনা কৰক। তেওঁ লʼৰালিকালত, এগৰাকী যিহোৱাৰ সাক্ষী ভনীয়ে আন ব্যক্তিৰ সৈতে পৰমদেশৰ বিষয়ে কৰা আলোচনাক মন দি শুনিছিল। কিছু বছৰৰ পাছত ব্যক্তিজনে পুনৰ সেই ভনী গৰাকীক সাক্ষাৎ কৰে আৰু সেই বিষয়ে অধিক জানিবলৈ ইচ্ছা প্ৰকাশ কৰে। ইয়াৰ কিছু দিনৰ পাছত ভনীগৰাকীৰ স্বামীয়ে সেই ব্যক্তিজনৰ সৈতে বাইবেল অধ্যয়ন আৰম্ভ কৰে। সেই ডেকা ব্যক্তিজন অধিক আগ্ৰহী আছিল, সেইবাবে নিতৌ বাইবেল অধ্যয়নৰ বাবে তেওঁৰ ওচৰলৈ গৈছিল। সেই আগ্ৰহী ব্যক্তিজনে অতি কম সময়ৰ ভিতৰতে জ্ঞান কিতাপখনৰ অধ্যয়ন শেষ কৰে আৰু তেওঁ নিজৰ ধৰ্ম্মৰ ৰীতি-নিয়মবোৰ ত্যাগ কৰি সভাবোৰত উপস্থিত হʼব ধৰিলে। এতেকে তেওঁ কৰা এনে পৰিৱৰ্ত্তনৰ বাবে আধ্যাত্মিকতাত উন্নতি কৰি এজন ৰাজ্যৰ প্ৰচাৰক হৈছিল। কিন্তু মন কৰিবলগীয়া বিষয় এইটো যে, তেওঁ বাপ্তিষ্মা লোৱাৰ আগৰে পৰাই নিজৰ বন্ধুকো নিজৰ বিশ্বাসৰ বিষয়ে কৈ তেওঁৰ সৈতে গৃহ বাইবেল অধ্যয়ন আৰম্ভ কৰিছিল।

১৯. যদি আমি ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিওঁ, তেনেহʼল আমি কি ভৰসা কৰিব পাৰোঁ?

১৯ ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিয়াৰ যোগেদি আমি অধিক আনন্দিত হওঁ। (মথি ৬:৩৩) যিহেতু আমি যদিও পৰীক্ষাৰ সন্মূখীন হওঁ, কিন্তু আমি শুভবাৰ্ত্তাৰ প্ৰচাৰ কাৰ্য্যত আনন্দ আৰু উৎসাহেৰে একেৰাহে লাগি থাকিব পাৰোঁ। (তীত ২:১৪) সেয়েহে আমাৰ বহুতো ভাই-ভনীয়ে পূৰ্ণ-সময়ৰ অগ্ৰগামী সেৱকৰূপে কাৰ্য্য কৰি আছে আৰু কিছুমানে এনে স্থানলৈ গৈও শুভবাৰ্ত্তা প্ৰচাৰ কৰে, সাধাৰণতে যি স্থানবিলাকত সহজে যোৱাতো সম্ভৱ নহয়। এতেকে আনন্দেৰে শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যত ভাগ লৈ তেওঁত ভৰসা ৰখা আৱশ্যক যে যিহোৱাই আমি কৰা এনে কাৰ্য্যক কেতিয়াও পাহৰি নাযায়।—ইব্ৰী ৬:১০-১২.

যিহোৱাৰ শক্তিৰে প্ৰচাৰ কাৰ্য্য সম্পন্ন কৰক

২০. আমি কেনেকৈ দেখুৱাম যে আমি যিহোৱাৰ শক্তিৰ বাবে অপেক্ষা কৰোঁ?

২০ তেনেহʼলে আঁহক আমাৰ কাৰ্য্যৰে প্ৰমাণ কৰি দেখুৱাওঁ যে আমি যিহোৱাত ভৰসা ৰাখোঁ আৰু এই কাৰ্য্যত বলবান হʼবলৈ একমাত্ৰ তেওঁলৈহে অপেক্ষা কৰোঁ। ইয়াৰ বাবে যিহোৱাই তেওঁৰ ‘বিশ্বাসী দাসৰ’ দ্বাৰা আধ্যাত্মিক ব্যৱস্থা কৰিছে। (মথি ২৪:৪৫) সেই আধ্যাত্মিক প্ৰৱন্ধবোৰ হৈছে, বাইবেল আৰু সংস্থাই প্ৰকাশ কৰা সাহিত্যসমূহৰ অধ্যয়ন, প্ৰাচীনসকলে দিয়া পৰামৰ্শক পালন কৰা, আন্তৰিকতাৰে যিহোৱালৈ প্ৰাৰ্থনা কৰা আৰু নিয়মীয়াকৈ শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যত ভাগ লোৱা। এতেকে এই প্ৰৱন্ধবোৰে যিহোৱাৰ সৈতে ঘনিষ্ঠ সম্বন্ধ বজাই ৰখিবলৈ আৰু তেওঁৰ পবিত্ৰ সেৱাক অধিক কাৰ্য্যকাৰী কৰি তুলিবলৈ অধিক শক্তিশালী কৰিব।

২১. পাঁচনি পিতৰ আৰু পৌলে কেনেকৈ প্ৰকাশ কৰি দেখুৱালে যে তেওঁলোককো ঈশ্বৰৰ শক্তিৰ আৱশ্যক?

২১ আমি সকলোৱে হৈছোঁ অসিদ্ধ মানৱ, সেয়েহে আমি নিজৰ সামৰ্থৰে কোনো কাৰ্য্য কৰিব নোৱাৰোঁ। কিন্তু যদি আমি যিহোৱাই ব্যৱস্থা কৰা আধ্যাত্মিক প্ৰৱন্ধত ভৰসা ৰাখোঁ, তেনেহʼলে তেওঁৰ কাৰ্য্য কৰিবলৈ যিহোৱাই নিশ্চয় আমাক শক্তি দিব। এনেধৰণৰ সহায়ৰ বিষয়ে বিবেচনা কৰি পাঁচনি পৌলে এইদৰে লিখিছিল: “কোনোৱে যদি কথা কয়, তেওঁ ঈশ্বৰৰ বচন-সমূহৰ দৰে কওক; কোনোৱে যদি সেৱা-শুশ্ৰূষা কৰে, তেন্তে ঈশ্বৰে দিয়া শক্তিৰ দৰে কৰক।” (১ পিতৰ ৪:১১) গতিকে পৌলে ঈশ্বৰে দিয়া শক্তি ওপৰত ভৰসা কৰি এইদৰে কৈছিল: “খ্ৰীষ্টৰ নিমিত্তে মই দুৰ্ব্বলতা, অপমান, দৰিদ্ৰতা, তাড়ানা, সঙ্কট, এইবোৰত সন্তুষ্ট হওঁ; কিয়নো যেতিয়া মই দুৰ্ব্বল, তেতিয়াই বলৱান।” (২ কৰিন্থীয়া ১২:১০) গতিকে আমিও সেই একেদৰে ভৰসা ৰাখি সাৰ্ব্বভৌম প্ৰভু যিহোৱাৰ মহিমা কৰা আৱশ্যক, যিজনে ক্লান্ত হোৱা লোকক শক্তি দান কৰে।—যিচয়া ১২:২.

[ফুটনোট]

a ৱাচ্‌টাৱাৰ বাইবেল এন্ড ট্ৰেক্ট চোচাইটিৰ দ্বাৰা প্ৰকাশিত।

আপুনি কেনেকৈ উত্তৰ দিব?

•যিহোৱাৰ সেৱকসকলক কিয় তেওঁৰ শক্তিৰ আৱশ্যক?

•কোনটো বাইবেল পদে দেখুৱাইছে যে ঈশ্বৰে নিজৰ সেৱকসকলক শক্তি প্ৰদান কৰে?

•আমাক আধ্যাত্মিকত দৃঢ় কৰিবলৈ যিহোৱাই কি কি ব্যৱস্থা কৰিছে?

•আমি কেনেকৈ প্ৰকাশ কৰিব পাৰোঁ যে আমি ঈশ্বৰৰ শক্তিৰ ওপৰত নিৰ্ভৰশীল?

[১০ পৃষ্ঠাৰ ছবি]

যেতিয়া আমি আনক বাইবেলৰ বিষয়ে কওঁ, তেতিয়া যিহোৱাৰ সৈতে থকা আমাৰ সমন্ধ অধিক শক্তিশালী হয়

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক